--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে সদ্য সমাপ্ত টি-২০ শৃংখলাত ২-১ ব্যৱধানত জয়ৰ পাছত কাইলৈৰ পৰা ভ্ৰমণকাৰী দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে দ্বিপাক্ষিক টি-২০ শৃংখলাত অৱতীৰ্ণ হ’ব ভাৰতীয় ক্ৰিকেট দল। কাইলৈ কেৰালাৰ তিৰুৱন্তপুৰমত অনুষ্ঠিত হ’বলগীয়া মেচখনৰ পূৰ্বে আঘাত আৰু শাৰীৰিক অসুস্থতাই চিন্তাত পেলাইছে ভাৰতীয় ক্ৰিকেট দলক। ফলস্বৰূপে শৃংখলাটোৰ বাবে পূৰ্বে ঘোষিত দলটোত কেইবাটাও সাল-সলনি ঘটাবলৈ বাধ্য হৈছে ভাৰতীয় দল নিৰ্বাচকে। 

আঘাতৰ বাবে তিনিখনীয়া মেচৰ শৃংখলাটোৰ পৰা বাহিৰ হ’বলগীয়া হৈছে উদীয়মান বেটাৰ দীপক হুডা। শেহতীয়াকৈ ভাৰতৰ হৈ টি-২০ ফৰ্মেটত উন্নত প্ৰদৰ্শন দাঙি ধৰি নিৰ্বাচকৰ আস্থা জয় কৰা মিডল অৰ্ডাৰ বেটাৰগৰাকী পিঠিৰ আঘাতত ভুগিছে বুলি জানিব পৰা গৈছে। এনে অৱস্থাত আগন্তুক টি-২০ বিশ্বকাপৰ পূৰ্বে কোনো গুৰুতৰ আঘাতৰ সম্ভাৱনাৰ আশংকাত দীপক হুডাক দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে শৃংখলাৰ পৰা বাদ দিয়া হৈছে। 

ইফালে দলৰ অভিজ্ঞ পেচাৰ মহম্মদ ছামি শেহতীয়াকৈ ক’ভিদত আক্ৰান্ত হোৱাৰ পাছত বৰ্তমান পৰ্যন্ত সম্পূৰ্ণ আৰোগ্য নোহোৱাৰ বাবে শৃংখলাটোৰ পৰা বাহিৰ হ’বলগীয়া হৈছে। বিচিচিআইৰ এক সূত্ৰই প্ৰকাশ কৰা মতে ছামিক সম্পূৰ্ণৰূপে সুস্থ হ’বলৈ কিছু সময়ৰ প্ৰয়োজন হ’ব। আনহাতে হুডা আৰু ছামিৰ উপৰিও তাৰকা অলৰাউণ্ডাৰ হাৰ্দিক পাণ্ডিয়াকো শৃংখলাটোত বিশ্ৰাম দিয়াৰ সিদ্ধান্ত লৈছে বিচিচিআই- এ।

এনে পৰিস্থিতিত বিচিচিআই- এ শৃংখলাটোৰ বাবে মিডল অৰ্ডাৰ বেটাৰ শ্ৰেয়স আয়াৰ, স্পীন বলিং অলৰাউণ্ডাৰ শ্বাহবাজ আহমেদ আৰু পেচাৰ উমেশ যাদৱক দলত অন্তৰ্ভুক্ত কৰিছে। উল্লেখ্য যে সদ্য সমাপ্ত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে শৃংখলাৰ আগে আগে ছামি ক’ভিদত আক্ৰান্ত হোৱাত যাদৱক দলত স্থান দিয়া হৈছিল। সেয়েহে এই শৃংখলাৰ বাবেও যাদৱকে বিচিচিআই- এ দলত স্থান দিয়ে।

উল্লেখ্য যে এই শৃংখলাত অভিজ্ঞ পেচাৰ ভুৱনেশ্বৰ কুমাৰক বিশ্ৰাম দিয়া হৈছিল। আনহাতে অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে শৃংখলাত জিৰণি দিয়া যুৱ পেচাৰ অৰ্শদ্বীপ সিঙক দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে শৃংখলাৰ বাবে দলত অন্তৰ্ভুক্ত কৰা হৈছিল। তিনিখনীয়া মেচৰ শৃংখলাটো ২৮ ছেপ্টেম্বৰৰ পৰা তিৰুৱন্তপুৰমত আৰম্ভ হ’ব। এই শৃংখলাৰ পাছতে ভ্ৰমণকাৰী দলটোৰ বিৰুদ্ধে তিনিখনীয়া মেচৰ এদিনীয়া শৃংখলাতো অৱতীৰ্ণ হ’ব ভাৰতীয় দল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক