--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে সদ্য সমাপ্ত টি-২০ শৃংখলাত ২-১ ব্যৱধানত জয়ৰ পাছত কাইলৈৰ পৰা ভ্ৰমণকাৰী দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে দ্বিপাক্ষিক টি-২০ শৃংখলাত অৱতীৰ্ণ হ’ব ভাৰতীয় ক্ৰিকেট দল। কাইলৈ কেৰালাৰ তিৰুৱন্তপুৰমত অনুষ্ঠিত হ’বলগীয়া মেচখনৰ পূৰ্বে আঘাত আৰু শাৰীৰিক অসুস্থতাই চিন্তাত পেলাইছে ভাৰতীয় ক্ৰিকেট দলক। ফলস্বৰূপে শৃংখলাটোৰ বাবে পূৰ্বে ঘোষিত দলটোত কেইবাটাও সাল-সলনি ঘটাবলৈ বাধ্য হৈছে ভাৰতীয় দল নিৰ্বাচকে। 

আঘাতৰ বাবে তিনিখনীয়া মেচৰ শৃংখলাটোৰ পৰা বাহিৰ হ’বলগীয়া হৈছে উদীয়মান বেটাৰ দীপক হুডা। শেহতীয়াকৈ ভাৰতৰ হৈ টি-২০ ফৰ্মেটত উন্নত প্ৰদৰ্শন দাঙি ধৰি নিৰ্বাচকৰ আস্থা জয় কৰা মিডল অৰ্ডাৰ বেটাৰগৰাকী পিঠিৰ আঘাতত ভুগিছে বুলি জানিব পৰা গৈছে। এনে অৱস্থাত আগন্তুক টি-২০ বিশ্বকাপৰ পূৰ্বে কোনো গুৰুতৰ আঘাতৰ সম্ভাৱনাৰ আশংকাত দীপক হুডাক দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে শৃংখলাৰ পৰা বাদ দিয়া হৈছে। 

ইফালে দলৰ অভিজ্ঞ পেচাৰ মহম্মদ ছামি শেহতীয়াকৈ ক’ভিদত আক্ৰান্ত হোৱাৰ পাছত বৰ্তমান পৰ্যন্ত সম্পূৰ্ণ আৰোগ্য নোহোৱাৰ বাবে শৃংখলাটোৰ পৰা বাহিৰ হ’বলগীয়া হৈছে। বিচিচিআইৰ এক সূত্ৰই প্ৰকাশ কৰা মতে ছামিক সম্পূৰ্ণৰূপে সুস্থ হ’বলৈ কিছু সময়ৰ প্ৰয়োজন হ’ব। আনহাতে হুডা আৰু ছামিৰ উপৰিও তাৰকা অলৰাউণ্ডাৰ হাৰ্দিক পাণ্ডিয়াকো শৃংখলাটোত বিশ্ৰাম দিয়াৰ সিদ্ধান্ত লৈছে বিচিচিআই- এ।

এনে পৰিস্থিতিত বিচিচিআই- এ শৃংখলাটোৰ বাবে মিডল অৰ্ডাৰ বেটাৰ শ্ৰেয়স আয়াৰ, স্পীন বলিং অলৰাউণ্ডাৰ শ্বাহবাজ আহমেদ আৰু পেচাৰ উমেশ যাদৱক দলত অন্তৰ্ভুক্ত কৰিছে। উল্লেখ্য যে সদ্য সমাপ্ত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে শৃংখলাৰ আগে আগে ছামি ক’ভিদত আক্ৰান্ত হোৱাত যাদৱক দলত স্থান দিয়া হৈছিল। সেয়েহে এই শৃংখলাৰ বাবেও যাদৱকে বিচিচিআই- এ দলত স্থান দিয়ে।

উল্লেখ্য যে এই শৃংখলাত অভিজ্ঞ পেচাৰ ভুৱনেশ্বৰ কুমাৰক বিশ্ৰাম দিয়া হৈছিল। আনহাতে অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে শৃংখলাত জিৰণি দিয়া যুৱ পেচাৰ অৰ্শদ্বীপ সিঙক দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে শৃংখলাৰ বাবে দলত অন্তৰ্ভুক্ত কৰা হৈছিল। তিনিখনীয়া মেচৰ শৃংখলাটো ২৮ ছেপ্টেম্বৰৰ পৰা তিৰুৱন্তপুৰমত আৰম্ভ হ’ব। এই শৃংখলাৰ পাছতে ভ্ৰমণকাৰী দলটোৰ বিৰুদ্ধে তিনিখনীয়া মেচৰ এদিনীয়া শৃংখলাতো অৱতীৰ্ণ হ’ব ভাৰতীয় দল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু