--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তেওঁৰ অষ্ট্ৰেলিয়া ভ্ৰমণ সামৰি দেশত ভৰি থোৱাৰ সময়তে দেশৰ পাঁচ খন ৰাজ্যৰ শিক্ষাৰ্থীৰ বাবে আহিছে  এক দুঃসংবাদ। অষ্ট্ৰেলিয়াই শেহতীয়াকৈ ঘোষণা কৰিছে যে ভাৰতৰ পাঁচ খন ৰাজ্যৰ ছাত্ৰ-ছাত্ৰীক অষ্ট্ৰেলিয়াৰ বিশ্ববিদ্যালয়ত নাম ভৰ্তি কৰিবলৈ দিয়া নহ’ব। 

 অষ্ট্ৰেলিয়াই ভাৰতৰ পাঁচ খন  খন ৰাজ্য - পঞ্জাৱ, হাৰিয়ানা, উত্তৰাখণ্ড,  উত্তৰ প্ৰদেশ আৰু জম্মু-কাশ্মীৰৰ শিক্ষাৰ্থীসকলক দেশ খনৰ যিকোনো বিশ্ববিদ্যালয়ত নামভৰ্তি কৰিবলৈ দিবলৈ  অস্বীকাৰ কৰিছে। অষ্ট্ৰেলিয়াৰ তৰফৰ পৰা কোৱা হৈছে যে ভাৰতৰ এই পাঁচ খন ৰাজ্যৰ শিক্ষাৰ্থীয়ে ষ্টুডেণ্ট ভিছালৈ অষ্টেৰিয়ালৈ আহে যদিও তেওঁলোকৰ প্ৰধান উদ্দেশ্য পিছে দেশ খনত চাকৰি কৰাহে। 

সেয়ে সেই ৰাজ্য কেইখনৰ শিক্ষাৰ্থীক দেশ খনৰ কোনো বিশ্ববিদ্যালয়তে নামভৰ্তি কৰিবলৈ দিয়া নহ’ব বুলি সংবাদমাধ্যমৰ বাতৰিত প্ৰকাশ পাইছে। প্ৰধানমন্ত্ৰীয়ে চিডনীত ভাৰত-অষ্ট্ৰিয়াই সকলো দিশতে সহযোগিতাৰে আগবাঢ়িব বুলি কৰি অহা মন্তব্যৰ পিছতে অষ্ট্ৰেলিয়া চৰকাৰৰ এনে সিদ্ধান্তই এতিয়া ভাৰতত বিৰূপ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।

 চিডনীত প্ৰধানমন্ত্ৰী মোদীয়ে কৈছিল  যে ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত  সুন্দৰ দ্বিপাক্ষিক সম্পৰ্কৰ আঁৰত বিদেশী ভাৰতীয়সকলৰ ভূমিকা যথেষ্ট। তেওঁলোকে দুয়োখন দেশৰ মাজত দলং হিচাপে কাম কৰে। মোদীয়ে কৈছিল যে দুয়োখন দেশৰ বাৰ্ষিক সন্মিলন, অৰ্থনৈতিক সহযোগিতা আৰু বাণিজ্য চুক্তি, ব্যাপক কৌশলগত অংশীদাৰিত্ব.আদি বিষয়বোৰ অতি গুৰুত্বপূৰ্ণ হিচাবে বিবেচিত হৈছে। 









FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস