--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ চন্দ্ৰত অভিযান সফলতাৰে সম্পন্ন কৰা দেশৰ সংখ্যা এতিয়া চাৰি খন হৈছে। শেহতীয়াকৈ জাপানো সেই তালিকাত সংযোগ হ’বলৈ অগ্ৰসৰ হৈছে। ভাৰতৰ চন্দ্ৰযান-৩ৰ সফলতাৰ পিছত কাইলৈ  (সোমবাৰ) জাপানৰ মহাকাশ সংস্থাই  চন্দ্ৰপৃষ্ঠত লেণ্ডাৰ আৰু এক্স-ৰে অভিযান আৰম্ভ কৰিব। জাপানীজ এৰোস্পেচ এক্সপ্লোৰেচন এজেন্সিৰ (জেএএক্সএ) স্লিম (স্মাৰ্ট লেণ্ডাৰ ফৰ ইনভেস্টিং মুন)ৰ নেতৃত্বত দেশ খনে এই অভিযান চলাব।

 চন্দ্ৰৰ বহু অজানা তথ্য লাভ কৰাৰ বাবেই জাপানে এই অভিযান চলাব বুলি জানিব পৰা গৈছে।  যাপানৰ এই অভিযানৰ উদ্দেশ্য হৈছে ভৱিষ্যতে চন্দ্ৰৰ অনুসন্ধানৰ বাবে প্ৰয়োজনীয় পিনপইণ্ট লেণ্ডিং প্ৰযুক্তি ব্যৱহাৰ কৰা। যদি জাপানৰ এই প্ৰচেষ্টা  সফল হয় তেন্তে জাপান ৰাছিয়া, আমেৰিকা যুক্তৰাষ্ট্ৰ, চীন আৰু ভাৰতৰ পিছত চন্দ্ৰত সফলতাৰে অৱতৰণ কৰা   পঞ্চম খন দেশ হ'ব।   এই অভিযানে এক্স-ৰে ইমেজিং আৰু স্পেক্ট্ৰোস্কোপী মিছন (এক্সআৰআইএছএম)ক চন্দ্ৰত স্থাপন কৰিব । এই প্ৰযিক্তিয়ে বিজ্ঞানীসকলক তৰা আৰু ছায়াপথৰ প্লাজমা পৰ্যবেক্ষণ কৰাত সহায় কৰিব। উল্লেখ্য জাপানে  শনিবাৰে চন্দ্ৰলৈ যান প্ৰেৰণ কৰাৰ কথা আছিল যদিও শেষমুহূৰ্তত সেয়া  পিছুৱাই দিয়া হৈছিল ।  

সোমবাৰে জাপানৰ জেএএক্স-এ তানেগাছিমা মহাকাশ কেন্দ্ৰৰ ইয়োশিনোবু উৎক্ষেপণ কমপ্লেক্সৰ পৰা জেএএক্সএৰ এইচ২-এ ৰকেটত চন্দ্ৰলৈ উৎক্ষেপণ কৰিব। জাপানীভাষাত "মুন স্নাইপাৰ" বুলিও জনাজাত স্লিম উৎক্ষেপণৰ ৩ ৰ পৰা ৪ মাহ পিছত চন্দ্ৰৰ কক্ষপথত উপস্থিত হোৱাৰ সম্ভাৱনা আছে। যদি সকলো ঠিকে চলি থাকে তেন্তে   যান খনে  চন্দ্ৰপৃষ্ঠত   অৱতৰণ কৰিবলৈ সক্ষম হ’ব।উল্লেখ্য ভাৰতে চন্দ্ৰ অভিযানৰ বাবে চন্দ্ৰযান-৩ প্ৰেৰণ কৰাৰ সময়তে ৰাছিয়ায়ো লুনা-২৫ যান প্ৰেৰণ কৰিছিল। কিন্তু উচ্চগতিৰ বাবেই ৰাছিয়াৰ যান খনে চন্দ্ৰপৃষ্ঠত দুৰ্ঘটনাগ্ৰস্ত হৈ ধ্বংসপ্ৰাপ্ত হৈছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ