--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ চন্দ্ৰত অভিযান সফলতাৰে সম্পন্ন কৰা দেশৰ সংখ্যা এতিয়া চাৰি খন হৈছে। শেহতীয়াকৈ জাপানো সেই তালিকাত সংযোগ হ’বলৈ অগ্ৰসৰ হৈছে। ভাৰতৰ চন্দ্ৰযান-৩ৰ সফলতাৰ পিছত কাইলৈ  (সোমবাৰ) জাপানৰ মহাকাশ সংস্থাই  চন্দ্ৰপৃষ্ঠত লেণ্ডাৰ আৰু এক্স-ৰে অভিযান আৰম্ভ কৰিব। জাপানীজ এৰোস্পেচ এক্সপ্লোৰেচন এজেন্সিৰ (জেএএক্সএ) স্লিম (স্মাৰ্ট লেণ্ডাৰ ফৰ ইনভেস্টিং মুন)ৰ নেতৃত্বত দেশ খনে এই অভিযান চলাব।

 চন্দ্ৰৰ বহু অজানা তথ্য লাভ কৰাৰ বাবেই জাপানে এই অভিযান চলাব বুলি জানিব পৰা গৈছে।  যাপানৰ এই অভিযানৰ উদ্দেশ্য হৈছে ভৱিষ্যতে চন্দ্ৰৰ অনুসন্ধানৰ বাবে প্ৰয়োজনীয় পিনপইণ্ট লেণ্ডিং প্ৰযুক্তি ব্যৱহাৰ কৰা। যদি জাপানৰ এই প্ৰচেষ্টা  সফল হয় তেন্তে জাপান ৰাছিয়া, আমেৰিকা যুক্তৰাষ্ট্ৰ, চীন আৰু ভাৰতৰ পিছত চন্দ্ৰত সফলতাৰে অৱতৰণ কৰা   পঞ্চম খন দেশ হ'ব।   এই অভিযানে এক্স-ৰে ইমেজিং আৰু স্পেক্ট্ৰোস্কোপী মিছন (এক্সআৰআইএছএম)ক চন্দ্ৰত স্থাপন কৰিব । এই প্ৰযিক্তিয়ে বিজ্ঞানীসকলক তৰা আৰু ছায়াপথৰ প্লাজমা পৰ্যবেক্ষণ কৰাত সহায় কৰিব। উল্লেখ্য জাপানে  শনিবাৰে চন্দ্ৰলৈ যান প্ৰেৰণ কৰাৰ কথা আছিল যদিও শেষমুহূৰ্তত সেয়া  পিছুৱাই দিয়া হৈছিল ।  

সোমবাৰে জাপানৰ জেএএক্স-এ তানেগাছিমা মহাকাশ কেন্দ্ৰৰ ইয়োশিনোবু উৎক্ষেপণ কমপ্লেক্সৰ পৰা জেএএক্সএৰ এইচ২-এ ৰকেটত চন্দ্ৰলৈ উৎক্ষেপণ কৰিব। জাপানীভাষাত "মুন স্নাইপাৰ" বুলিও জনাজাত স্লিম উৎক্ষেপণৰ ৩ ৰ পৰা ৪ মাহ পিছত চন্দ্ৰৰ কক্ষপথত উপস্থিত হোৱাৰ সম্ভাৱনা আছে। যদি সকলো ঠিকে চলি থাকে তেন্তে   যান খনে  চন্দ্ৰপৃষ্ঠত   অৱতৰণ কৰিবলৈ সক্ষম হ’ব।উল্লেখ্য ভাৰতে চন্দ্ৰ অভিযানৰ বাবে চন্দ্ৰযান-৩ প্ৰেৰণ কৰাৰ সময়তে ৰাছিয়ায়ো লুনা-২৫ যান প্ৰেৰণ কৰিছিল। কিন্তু উচ্চগতিৰ বাবেই ৰাছিয়াৰ যান খনে চন্দ্ৰপৃষ্ঠত দুৰ্ঘটনাগ্ৰস্ত হৈ ধ্বংসপ্ৰাপ্ত হৈছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
এছিয়া কাপ আজিৰ পৰা ৮ দলৰ যুঁজ, ইউ এ ইত ভাৰতৰ উদ্যোগত আয়োজন
RSSৰ ২৭জন কৰ্মীৰ বিৰুদ্ধে গোচৰ, কেৰালাৰ মন্দিৰত পুষ্পসজ্জিত কার্পেটত 'অপাৰেশ্যন সিন্দূৰ'ৰ চিহ্ন
বাংলাদেশত দুর্গা পূজাত অস্থিৰতা সৃষ্টিৰ ষড়যন্ত্র চলিছে
আপোনাৰ WhatsApp তো আহিছে নেকি 'M PARIVAHAN' নামৰ মোবাইল App?  ১ মিনিটতে আপোনাৰ বেংক একাউণ্ট হ'ব পাৰে খালী
শিৱসাগৰত ড্ৰাগছ সৰবৰাহকাৰীক আটক! ৬৬গ্ৰাম ড্ৰাগছ জব্দ
পঞ্জাবত বানত ১৩ হাজাৰ কোটি টকাৰ ক্ষতি
খাদ্য খোৱাৰ পাছত পাণ চোবাই খালে লাভ কৰিব বহুত উপকাৰ
প্ৰেম বিবাহৰ ৭৭ দিনৰ পাছত সুখী নৱবিবাহিত দম্পতীৰ ৰহস্যজনক আত্মহনন! দুয়োটা পৰিয়ালত তীব্ৰ মানসিক আঘাত
নিজ দলৰ নেতাক সমালোচনা কৰাৰ পৰিণতি;  কে কবিতাক BRSৰ পৰা বহিষ্কাৰ
ওমৰ খালিদ, শ্বার্জিল ইমামৰ জামিন নামাঞ্জুৰ
দীপক মিট্টাল ইউ এ ইত ভাৰতৰ পৰৱৰ্তী ৰাষ্ট্ৰদূত
আগষ্টত ২০০০ কোটি UPI লেনদেন
ভয়ংকৰ আৰ্থিক সংকট! লীজত দিব টোকোলাইৰ ঐতিহাসিক ভৱন
৭ ছেপ্টেম্বৰত হ’ব চন্দ্ৰগ্ৰহণ! জ্যোতিষৰ মতে গৰ্ভৱতী মহিলাই কৰিব নালাগে এই ৪টা ভুল