--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱসৰ ঠিক এদিন আগতে অৰ্থাৎ ৭ তাৰিখে ভাৰতে ফ্ৰণ্টলাইন যুঁজাৰু গোটৰ কমাণ্ড কৰা প্ৰথমগৰাকী মহিলা বায়ু সেনা বিষয়া লাভ কৰে।ভাৰতীয় বায়ু সেনাৰ জ্যেষ্ঠ বিষয়াসকলৰ মতে এয়া এক অতি বিৰল উদাহৰণ, য’ত এখন দেশৰ বায়ু সেনাই এগৰাকী মহিলা বিষয়াক ফ্ৰণ্টলাইন যুঁজাৰু গোটৰ কমাণ্ড প্ৰদান কৰিছে।

ভাৰতীয় বায়ুসেনাই প্ৰকাশ কৰা তথ্য অনুযায়ী গ্ৰুপ কেপ্টেইন শ্বালিজা ধামীক পশ্চিম খণ্ডত এটা মিছাইল স্কোয়াড্ৰনৰ কমাণ্ড অধিগ্ৰহণ কৰিবলৈ নিৰ্বাচিত কৰা হৈছে।গ্ৰুপ কেপ্টেইন ধামীক ২০০৩ চনত হেলিকপ্টাৰ পাইলট হিচাপে দায়িত্ব দিয়া হৈছিল আৰু তেওঁৰ ২,৮০০ ঘণ্টাতকৈও অধিক উৰণৰ অভিজ্ঞতা আছে। লগতে তেওঁ এগৰাকী যোগ্য উৰণ প্ৰশিক্ষক, তেওঁ পশ্চিম খণ্ডৰ এটা হেলিকপ্টাৰ গোটৰ ফ্লাইট কমাণ্ডাৰ হিচাপে ইতিমধ্যে কাৰ্যনিৰ্বাহ কৰিছে।

 এয়াৰ অফিচাৰ কমাণ্ডিং-ইন-চীফে তেওঁক দুবাৰ পদোন্নতি দিয়াৰ পাছত, বিষয়াজনক বৰ্তমান ফ্ৰণ্টলাইন কমাণ্ড মুখ্য কাৰ্যালয়ৰ অপাৰেচন শাখাত নিযুক্তি দিয়া হৈছে। তাৎপৰ্যপূৰ্ণ কথা এইটোৱেই যে তেওঁৰ বাবে এয়া একমাত্ৰ মাইলৰ খুঁটি নহয়। ইয়াৰ আগতে গ্ৰুপ কেপ্টেইন ধামী আছিল প্ৰথম মহিলা বিষয়া যাক এটা অপাৰেচন ইউনিটৰ ফ্লাইট কমাণ্ডাৰ হিচাপে নিযুক্ত কৰা হৈছিল। উল্লেখযোগ্য যে ভাৰতীয় সেনাই মহিলা বিষয়া বৰ্তমান সেনাবাহিনীত বৃদ্ধি কৰিছে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
যুদ্ধক্ষেত্ৰত পৰিণত মুজিবুৰৰ গৃহ চহৰ গোপালগঞ্জ ;১৪জনক গ্ৰেপ্তাৰ, ২২ ঘণ্টীয়া সান্ধ্য আইন জাৰি
নাটোৰ ভাবুকিৰ মাজতে ৰাছিয়া-ভাৰত-চীনৰ ত্রিদেশীয় জোঁট পুনৰুজ্জীৱিতকৰণৰ প্ৰচেষ্টা
আমেৰিকাৰ অধিকাংশ প্রাপ্তবয়স্ক লোকক উপকৃত কৰা নাই ট্রাম্পৰ নীতিয়ে
ATMৰ পৰা পইছা উলিওৱাৰ সময়ত আপুনি কৰে নেকি এইকেইটা কাম ? যদি কৰে পৰিব আপোনাৰ ভয়ংকৰ বিপদ
বিমান উৰণৰ পূৰ্বে পায়লটে ব্যৱহাৰ কৰিব নোৱাৰে এইকেইটা বস্তু ; জানো আহক কি এই বিশেষ বস্তু...
দিল্লীৰ ২০খন বিদ্যালয়ত বোমাৰ ভাবুকি, তৎপৰতাৰে আৰক্ষী আৰু অগ্নিনিৰ্বাপক বাহিনী উপস্থিত
ইংলেণ্ডত শুভমন গিলৰ অভিলেখৰ জোৱাৰ; এইবাৰ ভংগ কৰিলে কোহলীৰ ৰেকৰ্ড
অমৰনাথ গুহাত পাৰযোৰৰ ৰহস্য আঁৰৰ বিষয়ে জানো আহক..
আলফা(স্বাঃ)ৰ শিবিৰত ভাৰতীয় সেনাৰ আক্ৰমণ ; নয়ন অসমৰ মৃত্যু, ১৯গৰাকী কেডাৰ আহত
স্বদেশলৈ উভতিল পেৰাচাইক্লিষ্ট ৰাকেশ বণিক
শিৱাজীয়ে নিৰ্মাণ কৰা ১২টা দুর্গই লাভ কৰিলে 'বিশ্ব ঐতিহ্য'ৰ স্বীকৃতি
হেমপ্রভা চুতীয়াৰ হাতত পুনৰ প্ৰাণ পাই উঠিব ষষ্ঠখন ধর্মগ্রন্থই
কেন্দ্ৰৰ বঞ্চনাত বন্ধ হ'ল টোকোলাই চাহ গৱেষণা কেন্দ্ৰৰ দুটাকৈ গুৰুত্বপূৰ্ণ বিভাগ
নাছাৰ দুই সহস্রাধিক কৰ্মচাৰীক চাটাই কৰিব ট্রাম্পে