--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱসৰ ঠিক এদিন আগতে অৰ্থাৎ ৭ তাৰিখে ভাৰতে ফ্ৰণ্টলাইন যুঁজাৰু গোটৰ কমাণ্ড কৰা প্ৰথমগৰাকী মহিলা বায়ু সেনা বিষয়া লাভ কৰে।ভাৰতীয় বায়ু সেনাৰ জ্যেষ্ঠ বিষয়াসকলৰ মতে এয়া এক অতি বিৰল উদাহৰণ, য’ত এখন দেশৰ বায়ু সেনাই এগৰাকী মহিলা বিষয়াক ফ্ৰণ্টলাইন যুঁজাৰু গোটৰ কমাণ্ড প্ৰদান কৰিছে।

ভাৰতীয় বায়ুসেনাই প্ৰকাশ কৰা তথ্য অনুযায়ী গ্ৰুপ কেপ্টেইন শ্বালিজা ধামীক পশ্চিম খণ্ডত এটা মিছাইল স্কোয়াড্ৰনৰ কমাণ্ড অধিগ্ৰহণ কৰিবলৈ নিৰ্বাচিত কৰা হৈছে।গ্ৰুপ কেপ্টেইন ধামীক ২০০৩ চনত হেলিকপ্টাৰ পাইলট হিচাপে দায়িত্ব দিয়া হৈছিল আৰু তেওঁৰ ২,৮০০ ঘণ্টাতকৈও অধিক উৰণৰ অভিজ্ঞতা আছে। লগতে তেওঁ এগৰাকী যোগ্য উৰণ প্ৰশিক্ষক, তেওঁ পশ্চিম খণ্ডৰ এটা হেলিকপ্টাৰ গোটৰ ফ্লাইট কমাণ্ডাৰ হিচাপে ইতিমধ্যে কাৰ্যনিৰ্বাহ কৰিছে।

 এয়াৰ অফিচাৰ কমাণ্ডিং-ইন-চীফে তেওঁক দুবাৰ পদোন্নতি দিয়াৰ পাছত, বিষয়াজনক বৰ্তমান ফ্ৰণ্টলাইন কমাণ্ড মুখ্য কাৰ্যালয়ৰ অপাৰেচন শাখাত নিযুক্তি দিয়া হৈছে। তাৎপৰ্যপূৰ্ণ কথা এইটোৱেই যে তেওঁৰ বাবে এয়া একমাত্ৰ মাইলৰ খুঁটি নহয়। ইয়াৰ আগতে গ্ৰুপ কেপ্টেইন ধামী আছিল প্ৰথম মহিলা বিষয়া যাক এটা অপাৰেচন ইউনিটৰ ফ্লাইট কমাণ্ডাৰ হিচাপে নিযুক্ত কৰা হৈছিল। উল্লেখযোগ্য যে ভাৰতীয় সেনাই মহিলা বিষয়া বৰ্তমান সেনাবাহিনীত বৃদ্ধি কৰিছে৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক