ডিজিটেল ডেস্কঃ ৰঙৰ উৎসৱ নামেৰে পৰিচিত হোলী উৎসৱ ফাগুন মাহৰ পূৰ্ণিমাৰ দিনা পালন কৰা হয়। ফাকুৱাক হোলী, দৌলোৎসৱ, ফল্গুৎসৱ, ফাগুৱা, ফাঁকু, মদনোৎসৱ আদি বিভিন্ন নামেৰে জনা যায়। সমগ্ৰ ভাৰতবৰ্ষতে হিন্দুসকলৰ এই প্ৰাচীনতম উৎসৱ পালন কৰা হয়। এই উৎসৱ প্ৰাচীন মদন পূজাৰ এক আনুষংগিক উৎসৱ। হিন্দুসকলৰ আৰাধ্য দেৱতা শ্ৰীকৃষ্ণ বা বিষ্ণুৰ উদ্দেশ্য কৰি এই উৎসৱ পালন কৰা হয়। ধৰ্মীয় আৰু লৌকিক পৰম্পৰাৰে পালন কৰা হোলী উৎসৱৰ সৃষ্টিৰ সৈতে বহুতো পৌৰাণিক আখ্যান জড়িত হৈ আছে।
হোলীৰ ইতিহাস
হিৰণ্যকশিপু আছিল প্ৰাচীন ভাৰতৰ এজন ৰজা। তেওঁ অসুৰ আছিল। ভগৱান বিষ্ণুৱে হত্যা কৰা ভায়েকৰ মৃত্যুৰ প্ৰতিশোধ ল’ব বিচাৰিছিল হিৰণ্যকশিপু। গতিকে নিজকে শক্তিশালী কৰিবলৈ তেওঁ বছৰ বছৰ ধৰি তপস্যা কৰিলে। অৱশেষত তেওঁ বৰদান পালে। কিন্তু ইয়াৰ বাবেই হিৰণ্যকশিপুৱে নিজকে ভগৱান বুলি গণ্য কৰিবলৈ ধৰিলে আৰু তেওঁ অত্যাচাৰী হৈ উঠিল। হিৰণ্যকশিপুৰ প্ৰহ্লাদ নামৰ এজন পুত্ৰ আছিল আৰু তেওঁ ভগৱান বিষ্ণুৰ উগ্ৰ ভক্ত আছিল। হিৰণ্যকশিপুৱে প্ৰহ্লাদক বাৰে-বাৰে বিষ্ণুক পূজা কৰাত বাধা আৰোপ কৰিছিল। প্ৰহ্লাদে কেতিয়াও পিতৃৰ আজ্ঞা পালন নকৰি বিষ্ণু ভগৱানক পূজা কৰি থাকিল। এই কথাত খং উঠি হিৰণ্যকশিপুৱে পুত্ৰক হত্যা কৰাৰ সিদ্ধান্ত ল’লে। হিৰণ্যকশিপুৰ ভগ্নীৰ নাম হোলিকা। হোলিকাই বৰদান পাইছিল যে তেওঁক কেতিয়াও জুয়ে নোপোৰে।
তেওঁ ভনীয়েক হোলিকাক প্ৰহ্লাদক কোলাত লৈ জুইত বহিবলৈ নিৰ্দেশ দিলে। সেই সময়ত প্ৰহ্লাদে ভগৱান বিষ্ণুৰ নাম জপ কৰি থাকিল তেওঁৰ প্ৰাণৰক্ষা পৰিলে। ইফালে বিশেষ আশীৰ্বাদ থকা স্বত্বেও হোলিকা জ্বলি ছাই হৈ গ’ল। হোলিকাৰ এই দহন অশুভ শক্তিৰ ধ্বংসৰ প্ৰতীক বুলি মনা হয়। হোলিকাই মৃত্যুক্ষণত নিজৰ ভুল বুজিব পাৰি প্ৰহ্লাদৰ ওচৰত ক্ষমা প্ৰাৰ্থনা কৰে। প্ৰহ্লাদে বৰ দিলে যে মৃত্যুৰ পিছত বছৰত অন্ততঃ এদিন মানুহে হোলিকাক স্মৰণ কৰিব। এই হোলিকাৰ পৰাই হোলী শব্দৰ সৃষ্টি হৈছে বুলিব পাৰি। সেয়ে বিভিন্ন ঠাইত ফাকুৱাৰ আগদিনা অপশক্তি হোলিকাক দাহ কৰা হয়।
ৰং কেনেকৈ হোলীৰ অংগ হৈ পৰিল?
এই কাহিনী ভগৱান বিষ্ণুৰ অৱতাৰ ভগৱান শ্ৰীকৃষ্ণৰ সময়ৰ পৰাই আৰম্ভ হৈছে। বিশ্বাস কৰা হয় যে ভগৱান শ্ৰীকৃষ্ণই প্ৰথমে ৰঙেৰে হোলী উদযাপন কৰিছিল, সেয়েহে হোলী ৰঙৰ উৎসৱ হিচাপে জনপ্ৰিয় হৈ পৰিছিল। বৃন্দাবন আৰু গকুলত বন্ধু-বান্ধৱীৰ সৈতে হোলী উদযাপন কৰিছিল শ্ৰীকৃষ্ণই। অসমত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে নগাঁৱৰ বৰদোৱা ধামত অৰ্থাৎ পাতেকীবাৰীত এই ফল্গু উৎসৱৰ পাতনি মেলিছিল। শংকৰদেৱৰ একৈশ বছৰ বয়সত বৰদোৱা ধামত জসাতখলপীয়া বৈকুণ্ঠৰ পট কৰি লৈ বলোৰাম আতৈক ফাকুগুড়ি আনিবলৈ মৰুৱাপুৰলৈ পঠাই দহদিনৰ অন্তত সাতটা কড়িৰ বিনিময়ত সাত কলহ প্ৰাকৃতিক ফাকুগুড়ি আনিছিল।