--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : ভাৰতৰ সাংসদৰ বিৰুদ্ধে মন্তব্য কৰি শলঠেকত পৰিছে এগৰাকী প্ৰধানমন্ত্ৰী৷ ভাৰতৰ লোকসভাৰ সাংসদ ধৰ্ষণকাৰী, হত্যাৰ গোচৰত অভিযুক্ত বুলি মন্তব্য কৰাৰ পাছতেই দেশখনৰ প্ৰধানমন্ত্ৰীৰ মন্তব্যত আপত্তি দৰ্শাইছে ভাৰতে৷ ছিংগাপুৰৰ প্ৰধানমন্ত্ৰীয়ে ভাৰতৰ সাংসদ সম্পৰ্কত কৰিছিল বিৰূপ মন্তব্য৷ ভাৰতীয় আইন প্ৰণেতাসকলৰ বিষয়ে ছিংগাপুৰৰ প্ৰধানমন্ত্ৰী লী ছিয়েন লুঙে কৰা মন্তব্যত এতিয়া জাঙুৰ খাই উঠিছে ভাৰত৷ গণতন্ত্ৰ সন্দৰ্ভত মন্তব্য কৰি লুঙে কৈছিল, ভাৰতৰ লোকসভাৰ প্ৰায় আধা আইন প্ৰণেতাৰ বিৰুদ্ধে অপৰাধমূলক অভিযোগ বিচাৰাধীন হৈ আছে আৰু নেহৰুৰ ভাৰতৰ পৰা দেশৰ গণতান্ত্ৰিক ৰাজনীতি ক্ৰমশ: নিম্নমুখী হৈ পৰিছে৷ ছিংগাপুৰৰ প্ৰধানমন্ত্ৰীয়ে কৰা মন্তব্যক লৈ বৃহস্পতিবাৰে বৈদেশিক পৰিক্ৰমা মন্ত্ৰণালয়ে ভাৰতৰ ছিংগাপুৰৰ উচ্চায়ুক্ত চাইমন ৱাঙক চমন জাৰি কৰে৷ তেওঁলোকে কয়, ছিংগাপুৰৰ প্ৰধানমন্ত্ৰীয়ে কৰা মন্তব্য অপ্ৰয়োজনীয় আছিল। আমি বিষয়টো ছিংগাপুৰৰ পক্ষৰ সৈতে আলোচনা কৰি আছোঁ৷ ছিংগাপুৰৰ প্ৰধানমন্ত্ৰীয়ে তেওঁৰ ভাষণত গণতান্ত্ৰিক ব্যৱস্থাত সততাৰে আইন প্ৰণেতাসকলৰ প্ৰয়োজনীয়তাৰ কথা উল্লেখ কৰি লীয়ে বিগত বৰ্ষত দুবাৰকৈ সদনত মিছা কোৱাৰ বাবে বিশেষাধিকাৰৰ অপব্যৱহাৰৰ বাবে দোষী সাব্যস্ত হোৱা এজন প্ৰাক্তন আইন প্ৰণেতাৰ ওপৰত মন্তব্য কৰে৷ মঙলবাৰে ছিংগাপুৰৰ সংসদত এক বিতৰ্কত অংশগ্ৰহণ কৰাৰ সময়ত ছিংগাপুৰৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰু আৰু লোকসভাৰ সদস্য দুয়োৰে কথা উল্লেখ কৰে। স্বাধীনতাৰ বাবে যুঁজ দিয়া নেতাসকল আছিল প্ৰায়ে মহান সাহস, অপৰিসীম সংস্কৃতি আৰু অসামান্য সামৰ্থ্যৰ ব্যতিক্ৰমী ব্যক্তি। তেওঁলোক সন্ধিক্ষণৰ মাজেৰে আহিছিল৷ আৰু ৰাষ্ট্ৰৰ নেতা হিচাপে আত্মপ্ৰকাশ কৰিছিল। তেওঁলোক হৈছে ডেভিদ বেনগুৰিয়ন, জৱাহৰলাল নেহৰু আদি৷ লীয়ে কয়, যদিও নেহৰুৰ ভাৰত এনে এখন ভাৰত হৈ পৰিছে য’ত সংবাদ মাধ্যমৰ প্ৰতিবেদন অনুসৰি, লোকসভাৰ প্ৰায় আধা সাংসদৰ বিৰুদ্ধে ধৰ্ষণ আৰু হত্যাৰ অভিযোগকে ধৰি অপৰাধমূলক অভিযোগ বিচাৰাধীন হৈ আছে। যদিও এইটোও কোৱা হয় যে ইয়াৰে বহুতো অভিযোগ ৰাজনৈতিকভাৱে উদ্দেশ্যপ্ৰণোদিত৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
পাকিস্তান বিশ্ব নিৰাপত্তাৰ প্ৰতি ভাবুকি
চৰাইদেউ নামচাইত উদ্ধাৰ দুষ্প্ৰাপ্য প্ৰজাতিৰ বৰটোকোলা
আজি বিশ্ব হস্তী দিৱস, আপুনি জানেনে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বৰ্তমান হাতীৰ সংখ্যা কিমান?
সাৱধান! ফুটপাথৰ হোটেল নহয় এইবাৰ বিলাসী ৰেষ্টুৰেণ্টত অস্বাস্থ্যকৰ খাদ্য
ইতিহাসৰ পৃষ্ঠাত ৫০ বছৰ পূৰ্বে মুক্তি পোৱা এই ছবিখন , বক্স অফিচত '৩০০০ কোটি' উপাৰ্জন
টীয়ক চাহ বাগিচাত যুৱতী নিৰুদ্দেশৰ ঘটনাক লাভ জেহাদ আখ্যা ৰাইজৰ!
উৰিয়ামঘাটৰ উচ্ছেদ ১৪ আগষ্টলৈ স্থগিত ৰখাৰ নিৰ্দেশ উচ্চ ন্যায়ালয়ৰ
গীনিজ বুক'ত স্থান পালে মোদীৰ 'পৰীক্ষা পে চর্চা'ই
বেংগালুৰুত অনুষ্ঠিত ৰাষ্ট্ৰীয় ছাব জুনিয়ৰ সাঁতোৰ প্ৰতিযোগিতাত অসমৰ কস্তুৰী গগৈৰ স্বর্ণপদক অর্জন
এই ৬ টা কথাই মানুহক ধ্বংস কৰে! প্ৰেমানন্দ মহাৰাজে কি ক’লে জানো আহক
ওড়িশা চৰকাৰৰ ডাঙৰ সিদ্ধান্ত!  এতিয়াৰে পৰা মহিলাক নিশা কাম কৰিবলৈ বাধ্য কৰাব নোৱাৰিব কোনো কোম্পানীয়ে
ভাৰতৰ বিৰুদ্ধে অধিক শুল্ক আৰোপৰ ভাবুকি ট্রাম্পৰ
পানী খোৱাৰ সময়ত এই ৩টা ভুল নকৰিব, নহ'লে স্বাস্থ্যৰ অৱনতি ঘটিব
'দুই নম্বৰী ধান্দাৰ সদাগৰ' বাপ্তি হাজৰিকা! কেৱল নাৰী দেহ ব্যৱসায়েই নহয় আৰু কি কি যে অপকৰ্ম কৰা নাই বাপ্তিয়ে