--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : ভাৰতৰ সাংসদৰ বিৰুদ্ধে মন্তব্য কৰি শলঠেকত পৰিছে এগৰাকী প্ৰধানমন্ত্ৰী৷ ভাৰতৰ লোকসভাৰ সাংসদ ধৰ্ষণকাৰী, হত্যাৰ গোচৰত অভিযুক্ত বুলি মন্তব্য কৰাৰ পাছতেই দেশখনৰ প্ৰধানমন্ত্ৰীৰ মন্তব্যত আপত্তি দৰ্শাইছে ভাৰতে৷ ছিংগাপুৰৰ প্ৰধানমন্ত্ৰীয়ে ভাৰতৰ সাংসদ সম্পৰ্কত কৰিছিল বিৰূপ মন্তব্য৷ ভাৰতীয় আইন প্ৰণেতাসকলৰ বিষয়ে ছিংগাপুৰৰ প্ৰধানমন্ত্ৰী লী ছিয়েন লুঙে কৰা মন্তব্যত এতিয়া জাঙুৰ খাই উঠিছে ভাৰত৷ গণতন্ত্ৰ সন্দৰ্ভত মন্তব্য কৰি লুঙে কৈছিল, ভাৰতৰ লোকসভাৰ প্ৰায় আধা আইন প্ৰণেতাৰ বিৰুদ্ধে অপৰাধমূলক অভিযোগ বিচাৰাধীন হৈ আছে আৰু নেহৰুৰ ভাৰতৰ পৰা দেশৰ গণতান্ত্ৰিক ৰাজনীতি ক্ৰমশ: নিম্নমুখী হৈ পৰিছে৷ ছিংগাপুৰৰ প্ৰধানমন্ত্ৰীয়ে কৰা মন্তব্যক লৈ বৃহস্পতিবাৰে বৈদেশিক পৰিক্ৰমা মন্ত্ৰণালয়ে ভাৰতৰ ছিংগাপুৰৰ উচ্চায়ুক্ত চাইমন ৱাঙক চমন জাৰি কৰে৷ তেওঁলোকে কয়, ছিংগাপুৰৰ প্ৰধানমন্ত্ৰীয়ে কৰা মন্তব্য অপ্ৰয়োজনীয় আছিল। আমি বিষয়টো ছিংগাপুৰৰ পক্ষৰ সৈতে আলোচনা কৰি আছোঁ৷ ছিংগাপুৰৰ প্ৰধানমন্ত্ৰীয়ে তেওঁৰ ভাষণত গণতান্ত্ৰিক ব্যৱস্থাত সততাৰে আইন প্ৰণেতাসকলৰ প্ৰয়োজনীয়তাৰ কথা উল্লেখ কৰি লীয়ে বিগত বৰ্ষত দুবাৰকৈ সদনত মিছা কোৱাৰ বাবে বিশেষাধিকাৰৰ অপব্যৱহাৰৰ বাবে দোষী সাব্যস্ত হোৱা এজন প্ৰাক্তন আইন প্ৰণেতাৰ ওপৰত মন্তব্য কৰে৷ মঙলবাৰে ছিংগাপুৰৰ সংসদত এক বিতৰ্কত অংশগ্ৰহণ কৰাৰ সময়ত ছিংগাপুৰৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰু আৰু লোকসভাৰ সদস্য দুয়োৰে কথা উল্লেখ কৰে। স্বাধীনতাৰ বাবে যুঁজ দিয়া নেতাসকল আছিল প্ৰায়ে মহান সাহস, অপৰিসীম সংস্কৃতি আৰু অসামান্য সামৰ্থ্যৰ ব্যতিক্ৰমী ব্যক্তি। তেওঁলোক সন্ধিক্ষণৰ মাজেৰে আহিছিল৷ আৰু ৰাষ্ট্ৰৰ নেতা হিচাপে আত্মপ্ৰকাশ কৰিছিল। তেওঁলোক হৈছে ডেভিদ বেনগুৰিয়ন, জৱাহৰলাল নেহৰু আদি৷ লীয়ে কয়, যদিও নেহৰুৰ ভাৰত এনে এখন ভাৰত হৈ পৰিছে য’ত সংবাদ মাধ্যমৰ প্ৰতিবেদন অনুসৰি, লোকসভাৰ প্ৰায় আধা সাংসদৰ বিৰুদ্ধে ধৰ্ষণ আৰু হত্যাৰ অভিযোগকে ধৰি অপৰাধমূলক অভিযোগ বিচাৰাধীন হৈ আছে। যদিও এইটোও কোৱা হয় যে ইয়াৰে বহুতো অভিযোগ ৰাজনৈতিকভাৱে উদ্দেশ্যপ্ৰণোদিত৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক