--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ চন্দ্ৰৰ দক্ষিণ মেৰুত বিশ্বৰ প্ৰথম খন দেশ হিচাবে অৱতৰণ কৰিছে ভাৰতৰ  চন্দ্ৰযান -৩ এ।  চন্দ্ৰপৃষ্ঠত যান খনৰ সফল  অৱতৰণৰ দিনটো এতিয়াৰে পৰা ৰাষ্ট্ৰীয় মহাকাশ দিৱস হিচাবে পালন কৰা হ’ব।   প্ৰতি বছৰৰ ২৩ আগষ্টত  ভাৰতত ৰাষ্ট্ৰীয় মহাকাশ দিৱস ধুমধামেৰে পালন কৰাৰ কথা ঘোষণা কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।  শনিবাৰে  প্ৰধানমন্ত্ৰী মোদীয়ে  চন্দ্ৰ অভিযানৰ সফলতাৰ আঁৰত থকা ইছৰোৰ বিজ্ঞানীসকলক  সাক্ষাৎ কৰে। 

২০২৩ চনৰ ২৩ আগষ্টত ভাৰতীয়  মহাকাশ গৱেষণা সংস্থাই চন্দ্ৰযান-৩ সফলতাৰে  অৱতৰণ কৰোৱাৰ দিনটোকে ৰাষ্ট্ৰীয় মহাকাশ দিৱস হিচাবে পালন কৰা হ’ব বুলি মোদীয়ে  ঘোষণা কৰে। চন্দ্ৰযান -৩ৰ সফলতাৰ পিছতে  ভাৰত চন্দ্ৰ স্পৰ্শ কৰা বিশ্বৰ  চতুৰ্থ খন দেশ হৈ পৰিল। একেদৰে  ভাৰত হৈ পৰিছে চন্দ্ৰৰ দক্ষিণ মেৰুত অৱতৰণ কৰা প্ৰথম খন দেশ । শনিবাৰে প্ৰধানমন্ত্ৰী  নৰেন্দ্ৰ মোদীয়ে চন্দ্ৰযান-৩ অভিযানৰ সৈতে জড়িত বিজ্ঞানীসকলৰ লগতে  ইছৰ’ৰ মুৰব্বী এছ সোমনাথৰ সৈতে এক বৈঠকত মিলিত হয়। বাংগালুৰুৰ ইছৰো টেলিমেট্ৰি ট্ৰেকিং এণ্ড কমাণ্ড নেটৱৰ্ক মিছন কণ্ট্ৰোল কমপ্লেক্সত এই বৈঠক অনুষ্ঠিত হয় ।

 এই বৈঠকৰ সময়তে  প্ৰধানমন্ত্ৰী মোদীয়ে ২৩ আগষ্টত চন্দ্ৰপৃষ্ঠত চন্দ্ৰযানক সুৰক্ষিতভাৱে অৱতৰণ কৰোৱাৰ  বাবে ইছৰ’ৰ বিজ্ঞানীসকলৰ লগতে এছ সোমনাথ আৰু সমগ্ৰ দলটোক অভিনন্দন জ্ঞাপন কৰে। ইছৰোৰ মুৰব্বী  হিচাপে এছ সোমনাথে প্ৰধানমন্ত্ৰীক আদৰণি জনায় প্ৰধানমন্ত্ৰীয়ে ইছৰ’ত থকা সময়ছোৱাতে আন এটা গুৰুত্বপূৰ্ণ ঘোষণাও কৰে। 

তেওঁ ঘোষণা কৰে  যে বিক্ৰম লেণ্ডাৰে চন্দ্ৰ যি স্থানত অৱতৰণ কৰিছিল সেই স্থানক  'শিৱশক্তি' বুলি কোৱা হ'ব।  আনহাতে চন্দ্ৰযান ২ য়ে চন্দ্ৰপৃষ্ঠত দুৰ্ভাগ্যজনকভাবে  দুৰ্ঘটনাগ্ৰস্ত হোৱা স্থানক   'তিৰঙ্গা' বুলি জনা যাব। 










FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস