--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ চন্দ্ৰৰ দক্ষিণ মেৰুত বিশ্বৰ প্ৰথম খন দেশ হিচাবে অৱতৰণ কৰিছে ভাৰতৰ  চন্দ্ৰযান -৩ এ।  চন্দ্ৰপৃষ্ঠত যান খনৰ সফল  অৱতৰণৰ দিনটো এতিয়াৰে পৰা ৰাষ্ট্ৰীয় মহাকাশ দিৱস হিচাবে পালন কৰা হ’ব।   প্ৰতি বছৰৰ ২৩ আগষ্টত  ভাৰতত ৰাষ্ট্ৰীয় মহাকাশ দিৱস ধুমধামেৰে পালন কৰাৰ কথা ঘোষণা কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।  শনিবাৰে  প্ৰধানমন্ত্ৰী মোদীয়ে  চন্দ্ৰ অভিযানৰ সফলতাৰ আঁৰত থকা ইছৰোৰ বিজ্ঞানীসকলক  সাক্ষাৎ কৰে। 

২০২৩ চনৰ ২৩ আগষ্টত ভাৰতীয়  মহাকাশ গৱেষণা সংস্থাই চন্দ্ৰযান-৩ সফলতাৰে  অৱতৰণ কৰোৱাৰ দিনটোকে ৰাষ্ট্ৰীয় মহাকাশ দিৱস হিচাবে পালন কৰা হ’ব বুলি মোদীয়ে  ঘোষণা কৰে। চন্দ্ৰযান -৩ৰ সফলতাৰ পিছতে  ভাৰত চন্দ্ৰ স্পৰ্শ কৰা বিশ্বৰ  চতুৰ্থ খন দেশ হৈ পৰিল। একেদৰে  ভাৰত হৈ পৰিছে চন্দ্ৰৰ দক্ষিণ মেৰুত অৱতৰণ কৰা প্ৰথম খন দেশ । শনিবাৰে প্ৰধানমন্ত্ৰী  নৰেন্দ্ৰ মোদীয়ে চন্দ্ৰযান-৩ অভিযানৰ সৈতে জড়িত বিজ্ঞানীসকলৰ লগতে  ইছৰ’ৰ মুৰব্বী এছ সোমনাথৰ সৈতে এক বৈঠকত মিলিত হয়। বাংগালুৰুৰ ইছৰো টেলিমেট্ৰি ট্ৰেকিং এণ্ড কমাণ্ড নেটৱৰ্ক মিছন কণ্ট্ৰোল কমপ্লেক্সত এই বৈঠক অনুষ্ঠিত হয় ।

 এই বৈঠকৰ সময়তে  প্ৰধানমন্ত্ৰী মোদীয়ে ২৩ আগষ্টত চন্দ্ৰপৃষ্ঠত চন্দ্ৰযানক সুৰক্ষিতভাৱে অৱতৰণ কৰোৱাৰ  বাবে ইছৰ’ৰ বিজ্ঞানীসকলৰ লগতে এছ সোমনাথ আৰু সমগ্ৰ দলটোক অভিনন্দন জ্ঞাপন কৰে। ইছৰোৰ মুৰব্বী  হিচাপে এছ সোমনাথে প্ৰধানমন্ত্ৰীক আদৰণি জনায় প্ৰধানমন্ত্ৰীয়ে ইছৰ’ত থকা সময়ছোৱাতে আন এটা গুৰুত্বপূৰ্ণ ঘোষণাও কৰে। 

তেওঁ ঘোষণা কৰে  যে বিক্ৰম লেণ্ডাৰে চন্দ্ৰ যি স্থানত অৱতৰণ কৰিছিল সেই স্থানক  'শিৱশক্তি' বুলি কোৱা হ'ব।  আনহাতে চন্দ্ৰযান ২ য়ে চন্দ্ৰপৃষ্ঠত দুৰ্ভাগ্যজনকভাবে  দুৰ্ঘটনাগ্ৰস্ত হোৱা স্থানক   'তিৰঙ্গা' বুলি জনা যাব। 










FOLLOW US F
POPULAR
FEATURE
TRENDY
এছিয়া কাপ আজিৰ পৰা ৮ দলৰ যুঁজ, ইউ এ ইত ভাৰতৰ উদ্যোগত আয়োজন
RSSৰ ২৭জন কৰ্মীৰ বিৰুদ্ধে গোচৰ, কেৰালাৰ মন্দিৰত পুষ্পসজ্জিত কার্পেটত 'অপাৰেশ্যন সিন্দূৰ'ৰ চিহ্ন
বাংলাদেশত দুর্গা পূজাত অস্থিৰতা সৃষ্টিৰ ষড়যন্ত্র চলিছে
আপোনাৰ WhatsApp তো আহিছে নেকি 'M PARIVAHAN' নামৰ মোবাইল App?  ১ মিনিটতে আপোনাৰ বেংক একাউণ্ট হ'ব পাৰে খালী
শিৱসাগৰত ড্ৰাগছ সৰবৰাহকাৰীক আটক! ৬৬গ্ৰাম ড্ৰাগছ জব্দ
পঞ্জাবত বানত ১৩ হাজাৰ কোটি টকাৰ ক্ষতি
খাদ্য খোৱাৰ পাছত পাণ চোবাই খালে লাভ কৰিব বহুত উপকাৰ
প্ৰেম বিবাহৰ ৭৭ দিনৰ পাছত সুখী নৱবিবাহিত দম্পতীৰ ৰহস্যজনক আত্মহনন! দুয়োটা পৰিয়ালত তীব্ৰ মানসিক আঘাত
নিজ দলৰ নেতাক সমালোচনা কৰাৰ পৰিণতি;  কে কবিতাক BRSৰ পৰা বহিষ্কাৰ
ওমৰ খালিদ, শ্বার্জিল ইমামৰ জামিন নামাঞ্জুৰ
দীপক মিট্টাল ইউ এ ইত ভাৰতৰ পৰৱৰ্তী ৰাষ্ট্ৰদূত
আগষ্টত ২০০০ কোটি UPI লেনদেন
ভয়ংকৰ আৰ্থিক সংকট! লীজত দিব টোকোলাইৰ ঐতিহাসিক ভৱন
৭ ছেপ্টেম্বৰত হ’ব চন্দ্ৰগ্ৰহণ! জ্যোতিষৰ মতে গৰ্ভৱতী মহিলাই কৰিব নালাগে এই ৪টা ভুল