--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ যদি কোনো ছাত্ৰ-ছাত্ৰীয়ে  কোনো  কাৰণ অবিহনে ২০  দিন  পৰ্যন্ত বিদ্যালয়ত অনুপস্থিত থাকে তেন্তে তেনে ছাত্ৰ-ছাত্ৰীৰ পিতৃ-মাতৃক কাৰাগাৰলৈ প্ৰেৰণ কৰিব  বিদ্যালয় কৰ্তৃপক্ষই। অৱশ্যে ভাৰতত এই নিয়ম কৰা হোৱা নাই। এই নিয়ম প্ৰযোজ্য হ’ব  চৌদি আৰৱত। 

দেশ খনত যদি কোৱে  শিশুৱে ২০ দিনলৈ বিদ্যালয়লৈ নাযায় তেন্তে  অভিভাৱকসকলৰ বাবে সমস্যাৰ সৃষ্টি হ’ব পাৰে। চৌডি আৰৱৰ  শিক্ষা মন্ত্ৰালয়ে শেহতীয়াকৈ কৈছে যে যদি শিক্ষাৰ্থীসকল কোনো নিৰ্দিষ্ট  অজুহাত বা কাৰণ অবিহনে ২০  দিন বিদ্যালয়ত অনুপস্থিত থাকে তেন্তে তেওঁলোকৰ অভিভাৱকসকলক কাৰাগাৰলৈ প্ৰেৰণ কৰা হ’ব পাৰে। 

শিক্ষা বিভাগে লগতে কৈছে  যদি এজন শিক্ষাৰ্থীয়ে ২০ দিনৰ বাবে বিদ্যালয়ত উপস্থিত নাথাকে, তেন্তে তেনে শিক্ষাৰ্থীৰ  অভিভাৱকক  শিশু সুৰক্ষা আইন অনুসৰি  ৰাজহুৱা অভিযোজন কাৰ্যালয়   প্ৰেৰণ কৰাটো বিদ্যালয়ৰ দায়িত্ব । 
প্ৰতিবেদন অনুসৰিপাব্লিক প্ৰচিকিউচন অফিচে শিশুটোৱে বিদ্যালয়লৈ নোযোৱাৰ কাৰণবোৰ অনুসন্ধান কৰিব আৰু তাৰ পিছত গোচৰটো ফৌজদাৰী আদালতলৈ প্ৰেৰণ কৰিব।

এনে পৰিস্থিতিত যদি প্ৰমাণিত হয় যে বিদ্যালয়ত শিক্ষাথীৰ অনুপস্থিতি অভিভাৱকৰ অৱহেলাৰ বাবে হৈছিল, তেনেহ'লে ন্যায়াধীশে অভিভাৱকক নিৰ্ধাৰিত সময়ৰ বাবে কাৰাগাৰলৈ যাবলৈ নিৰ্দেশ দিব পাৰে। প্ৰতিবেদন অনুসৰি এনে ক্ষেত্ৰত বিদ্যালয়ৰ অধ্যক্ষই বিষয়টো  শিক্ষা মন্ত্ৰালয়ক অৱগত কৰিব লাগিব। 

যদি এজন শিক্ষাৰ্থীয়ে ৩ দিন বিদ্যালয়ত অনুপস্থিত থাকে তেন্তে আগতীয়া সতৰ্কবাণী জাৰি কৰা হ'ব। ইয়াৰ পিছত শিক্ষাৰ্থীয়ে ৫ দিন বিদ্যালয়লৈ নগ’লে দ্বিতীয় সতৰ্কবাণী জাৰি কৰা হ'ব আৰু অভিভাৱকক বিষয়টো কঠোৰভাবে অৱগত কৰা হ'ব। ১০দিনৰ অনুপস্থিতিৰ পিছত তৃতীয় সতৰ্কবাণী জাৰী কৰা হ'ব আৰু অভিভাৱকক মাতি অনা হ'ব। ১৫ দিনৰ অনুপস্থিতিৰ পিছত শিক্ষা বিভাগৰ জৰিয়তে শিক্ষাৰ্থীজনক আন এখন বিদ্যালয়লৈ স্থানান্তৰ কৰা হ'ব। ২০  দিনৰ পিছত শিক্ষা বিভাগে শিশু সুৰক্ষা আইনৰ ব্যৱস্থাবোৰ কাৰ্যকৰী কৰিব।







FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস