--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এক মৰ্মান্তিক ঘটনা সংঘটিত হৈছে উত্তৰাখণ্ডত। আহাৰ গ্ৰহণৰ সময়তে এজন যুৱকৰ জিভা কামোৰ খাই কাটি গ’ল। সেয়াই যেন তেওঁৰ বাবে কাল হ’ল। মৃতকৰ পৰিয়ালৰ সদস্যসকলে যুৱকজনৰ  মৃত্যুৰ বাবে সংশ্লিষ্ট চিকিৎসককে দোষাৰোপ কৰিছে। অভিযোগ কৰা হৈছে যে চিকিৎসকক মানা কৰাৰ পিছতো যুৱক জনৰ কাটি যোৱা জিভা খনত চিলাই দিছিল। ফলত অত্যধিক ৰক্তক্ষৰণৰ হৈ যুৱক জন মৃত্যু মুখত পৰে।  

প্ৰাপ্ত তথ্য অনুসৰি এই শোকাৱহ ঘটনাটো ঘটিছে উত্তৰাখণ্ডৰ  উধম সিং নগৰ জিলাৰ চিতাৰগঞ্জৰ।  গণেশ মন্দিৰৰ সমীপৰ  বাসিন্দা নৌ কুশৱাহাৰ মতে  নিশাৰ আহাৰ গ্ৰহণ কৰাৰ সময়তে তেওঁৰ পুত্ৰ নিতিন কুশৱাহাৰ জিভা কাটি গৈছিল।
তেওঁক লগে লগে তেওঁক কিছা ৰোডৰ এখন ব্যক্তিগত চিকিৎসালয়লৈ লৈ যোৱা হৈছিল। তাতেই  এজন চিকিৎসকে নিতিনৰ জিভাত চিলাই  কৰি দিয়ে।  পৰিয়ালৰ লোকে চিলাই দিবলৈ মানা কৰিছিল।কিন্তু চিকিৎসকে জিভাৰ কটা অংশটো জঠৰ কৰি চিলাই কৰি দিছিল। যেতিয়া ঔষধৰ প্ৰভাৱ শেষ হৈছিল  যুৱকজনৰ জিভা বিষাবলৈ লোৱাৰ লগতে ৰক্তক্ষৰণো আৰম্ভ হৈছিল।

যুৱক জনৰ পিতৃয়ে  কয় যে ইয়াৰ পিছত তেওঁ পুনৰ তেওঁৰ পুত্ৰ নিতিনক চিকিৎসালয়লৈ লৈ গৈছিল, কিন্তু সংশ্লিষ্ট চিকিৎসকজনক বিচাৰি পোৱা নগ'ল। কেইবাবাৰো চেষ্টা কৰা স্বত্বেও চিকিৎসকজনৰ সৈতে যোগাযোগ কৰিব পৰা নগ'ল। তাৰ  পিছত তেওঁ তেওঁৰ পুত্ৰক বৰেলীৰ এখন ব্যক্তিগত চিকিৎসালয়লৈ লৈ যায়। তাতেই চিকিৎসাৰ সময়ত তেওঁৰ পুত্ৰৰ মৃত্যু হয়। 

মৃত যুৱক জনৰ পিতৃয়ে আৰক্ষীৰ ওচৰত এই বিশয়ত অভিযোগ দাখিল কৰিছে আৰু চিকিৎসকজনৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক