--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এক মৰ্মান্তিক ঘটনা সংঘটিত হৈছে উত্তৰাখণ্ডত। আহাৰ গ্ৰহণৰ সময়তে এজন যুৱকৰ জিভা কামোৰ খাই কাটি গ’ল। সেয়াই যেন তেওঁৰ বাবে কাল হ’ল। মৃতকৰ পৰিয়ালৰ সদস্যসকলে যুৱকজনৰ  মৃত্যুৰ বাবে সংশ্লিষ্ট চিকিৎসককে দোষাৰোপ কৰিছে। অভিযোগ কৰা হৈছে যে চিকিৎসকক মানা কৰাৰ পিছতো যুৱক জনৰ কাটি যোৱা জিভা খনত চিলাই দিছিল। ফলত অত্যধিক ৰক্তক্ষৰণৰ হৈ যুৱক জন মৃত্যু মুখত পৰে।  

প্ৰাপ্ত তথ্য অনুসৰি এই শোকাৱহ ঘটনাটো ঘটিছে উত্তৰাখণ্ডৰ  উধম সিং নগৰ জিলাৰ চিতাৰগঞ্জৰ।  গণেশ মন্দিৰৰ সমীপৰ  বাসিন্দা নৌ কুশৱাহাৰ মতে  নিশাৰ আহাৰ গ্ৰহণ কৰাৰ সময়তে তেওঁৰ পুত্ৰ নিতিন কুশৱাহাৰ জিভা কাটি গৈছিল।
তেওঁক লগে লগে তেওঁক কিছা ৰোডৰ এখন ব্যক্তিগত চিকিৎসালয়লৈ লৈ যোৱা হৈছিল। তাতেই  এজন চিকিৎসকে নিতিনৰ জিভাত চিলাই  কৰি দিয়ে।  পৰিয়ালৰ লোকে চিলাই দিবলৈ মানা কৰিছিল।কিন্তু চিকিৎসকে জিভাৰ কটা অংশটো জঠৰ কৰি চিলাই কৰি দিছিল। যেতিয়া ঔষধৰ প্ৰভাৱ শেষ হৈছিল  যুৱকজনৰ জিভা বিষাবলৈ লোৱাৰ লগতে ৰক্তক্ষৰণো আৰম্ভ হৈছিল।

যুৱক জনৰ পিতৃয়ে  কয় যে ইয়াৰ পিছত তেওঁ পুনৰ তেওঁৰ পুত্ৰ নিতিনক চিকিৎসালয়লৈ লৈ গৈছিল, কিন্তু সংশ্লিষ্ট চিকিৎসকজনক বিচাৰি পোৱা নগ'ল। কেইবাবাৰো চেষ্টা কৰা স্বত্বেও চিকিৎসকজনৰ সৈতে যোগাযোগ কৰিব পৰা নগ'ল। তাৰ  পিছত তেওঁ তেওঁৰ পুত্ৰক বৰেলীৰ এখন ব্যক্তিগত চিকিৎসালয়লৈ লৈ যায়। তাতেই চিকিৎসাৰ সময়ত তেওঁৰ পুত্ৰৰ মৃত্যু হয়। 

মৃত যুৱক জনৰ পিতৃয়ে আৰক্ষীৰ ওচৰত এই বিশয়ত অভিযোগ দাখিল কৰিছে আৰু চিকিৎসকজনৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
১ ছেপ্টেম্বৰৰ পৰা বন্ধ দিল্লী-ৱাশ্বিংটন বিমান সেৱা; এয়াৰ ইণ্ডিয়াই কিয় ল'লে এই সিদ্ধান্ত  জানো আহক...
তিনিচুকীয়াৰ লোহাৰী কছাৰী গাঁৱত গোপনে নিৰ্মাণ কৰা মাদ্ৰাছাক লৈ উত্তপ্ত পৰিস্থিতি
বিশ্ব কাপত নাথাকিব ২ তাৰকা, আশা ভংগ হ'ব বিৰাট-ৰোহিতৰ!
কপিল শৰ্মাৰ নিৰাপত্তা বৃদ্ধি! বিষ্ণোই গেঙৰ ভাবুকিৰ পিছত এক্সন মোডত মুম্বাই আৰক্ষী
অস্তিত্বৰ সংকটৰ সন্মুখীন হ'লে পাকিস্তানে সূচনা কৰিব পাৰমাণৱিক যুদ্ধৰ
আমেৰিকাৰ সামগ্ৰীত ভাৰতৰো ৫০% শুল্ক!
শৰীৰত এই বস্তুটোৰ অভাৱৰ বাবে চুলি সৰি পৰে! পুষ্টিবিদে দিলে এই পৰামৰ্শ
কলিয়াবৰ-চামগুৰিত গৰু চিণ্ডিকেটৰ বৃহৎ গেং উৎখাত আৰক্ষীৰ! একেলগে আটক ২০ টাকৈ গৰুচোৰ
ৰোগীলৈ সকাহ চৰকাৰৰ! অত্যাৱশ্যকীয় ৩৫ বিধ ঔষধৰ দাম হ্রাস
অসমৰ ভোট জলকীয়াৰ বিশ্বমুখী যাত্ৰা! বহিঃৰাষ্ট্ৰলৈ ১ কোটি টকাৰ ৰপ্তানি
আঙুৰলতা ডেকাক অসম ৰাজ্যিক মহিলা আয়োগৰ অধ্যক্ষ পদত নিযুক্তি; ৰাজ্যত কিয় প্রতিক্ৰিয়াৰ সৃষ্টি?
উৰিয়ামঘাটৰ উচ্ছেদ ১৪ আগষ্টলৈ স্থগিত ৰখাৰ নিৰ্দেশ উচ্চ ন্যায়ালয়ৰ
গীনিজ বুক'ত স্থান পালে মোদীৰ 'পৰীক্ষা পে চর্চা'ই
বেংগালুৰুত অনুষ্ঠিত ৰাষ্ট্ৰীয় ছাব জুনিয়ৰ সাঁতোৰ প্ৰতিযোগিতাত অসমৰ কস্তুৰী গগৈৰ স্বর্ণপদক অর্জন