--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ধনৰ বিনিময়ত সংসদত প্রস্ন সোধাৰ অভিযোগত সাংসদ পদ বাতিল হোৱা টিএমচিৰ সাংসদ মহুৱা মৈত্ৰৰ সন্মুখত এতিয়া কিবা পথ খোলা আছে নে? মহুৱাৰ কেৱল সাংসদ পদ বাতিলেই নহয়, তেওঁৰ বিৰুদ্ধে চিবিআইৰো গোচৰ চলাটো নিশ্চিত হৈ পৰিছে।   লোকসভাৰ এথিক্স সমিতিয়েও তেওঁৰ বিৰুদ্ধে তদন্তৰ পৰামৰ্শ দিছে। প্ৰশ্ন  হ'ল এনে পৰিস্থিতিত মহুয়া মৈত্ৰই পৰৱৰ্তী সময়ত কি কৰিব? তেওঁৰ বাবে কোনো আইনী পথ মুকলি আছে নে?

দোষী সাব্যস্ত হৈ সাংসদ পদ হেৰুওৱাৰ পিছতো  মহুৱা মৈত্ৰই বাৰে বাৰে দাবী কৰিছে যে তেওঁ নিৰ্দোষী আৰু তেওঁৰ বিৰুদ্ধে বিত্তীয় লেনদেনৰ কোনো প্ৰমাণ নাই।  মৈত্ৰই দাবী কৰিছে  যে নৈতিক সমিতিয়ে তেওঁক আত্মপক্ষ সমৰ্থনৰ সুযোগ দিয়া নাছিল। তেওঁক কেৱল দুজন নাগৰিকৰ ভাষ্যৰ ভিত্তিত শাস্তি বিহা হৈছে। তেওঁক আনকি সংসদত কথা ক'বলৈও অনুমতি দিয়া হোৱা নাছিল।

এতিয়া মহুৱাই এই অভিযোগবোৰৰ ভিত্তিত  কোনো আইনী ব্যৱস্থা ল'ব পাৰিবনে? বিশেষজ্ঞসকলে বিশ্বাস কৰে যে যদি মহুৱাই বিচাৰে  আইনী পথ তেওঁৰ বাবে খোলা আছে।   লোকসভাৰ প্ৰাক্তন সচিব পিডিটি আচাৰীয়ে কৈছিল যে মৈত্ৰই এথিক্স  সমিতিৰ তদন্ত প্ৰক্ৰিয়াক লৈ প্ৰশ্ন কৰিব পাৰে। এয়া  এথিক্স  সমিতিৰ বিষয় নাছিল,  বিশেষাধিকাৰ সমিতিৰহে বিষয় আছিল। উচ্চ ন্যায়ালয় বা উচ্চতম ন্যায়ালয়লৈ যোৱাৰ পথো তৃণমূল সাংসদগৰাকীৰ  সন্মুখত মুকলি হৈ আছে। তেওঁ  অধিকাৰ লাভৰ বাবে গোচৰ ৰুজু কৰিব পাৰে। তদুপৰি এথিক্স  সমিতিৰ অধিকাৰকো প্ৰত্যাহ্বান জনাব পৰা যাব। টিএমচিয়ে সদায় কৈ আহিছে যে এথিক্স সমিতিয়ে এজন সাংসদক অযোগ্য ঘোষণা কৰাৰ কোনো অধিকাৰ নাই। কেৱল বিশেষাধিকাৰ সমিতিয়েহে সেয়া  কৰিব পাৰে।

ইয়াৰ উপৰি  লোকসভা নিৰ্বাচন কেইমাহমানৰ ভিতৰতে অনুষ্ঠিত  হ'ব। মহুৱাই সেই নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিব পাৰিব। নিয়ম অনুসৰি এজন সাংসদে তেওঁৰ কাৰ্যালয়ত অযোগ্য হ'লে নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰাৰ অধিকাৰ হেৰুৱাই নেপেলায়। কেৱল অপৰাধমূলক গোচৰত দুবছৰতকৈ অধিক কাৰাদণ্ড বিহা লোকসকলকহে সাংসদ হিচাপে অযোগ্য ঘোষণা কৰিব পাৰি আৰু ছবছৰৰ বাবে নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰাত বাধা দিব পাৰি। অৰ্থাৎ, মহুৱাৰ বাবে নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰাত  কোনো বাধা নাই।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদৰ সিদ্ধান্ত; শৈক্ষিক দিনপঞ্জীৰ ‘থীম’ হ’ব জুবিন গাৰ্গ
বিশ্ব কাপত ইৰানৰ সলনি ইটালি!
তামুলপুৰত ভয়ংকৰ পথ দুৰ্ঘটনাত পতিত বিহু হুঁচৰি দল; থিতাতে নিহত নাচনী নিশামণি হালৈ; ৫জনৰ অৱস্থা সংকটজনক
EDৰ তালাচীত হস্তক্ষেপ কৰা মমতা বেনার্জীক ভর্ৎসনা উচ্চতম ন্যায়ালয়ৰ
গুৱাহাটীত অঘটন! উবেৰত গৈ থকা অৱস্থাত নিৰুদ্দিষ্ট শিক্ষয়িত্ৰী
পুনৰ মহানগৰীৰ স্মাৰ্ট আৰক্ষীক চেলেঞ্জ চোৰৰ
পথত কনভয় ৰখাই ঝালমুড়ীৰ সোৱাদ ল'লে প্রধানমন্ত্রীয়ে
দুলীয়াজানত ১৫,৯৯৯ মহিলাই বিয়ানামেৰে গঢ়িলে বিশ্ব অভিলেখ
এশ ট্রাক ৰঙালাও কলকাতালৈ! ৰঙালাওৱে বোকাখাতৰ কৃষকৰ মুখত বিৰিঙাইছে হাঁহি
মায়ঙৰ কমাৰপুৰ গাঁৱত অঘটন; গৰু এৰাল দিবলৈ গৈ পুখুৰীত পৰি সলিল সমাধি যুৱকৰ
পুৱা সাৰ পোৱাৰ লগে লগে গোৰোহাৰ বিষ হয় নেকি? ই কি ৰোগৰ ইংগিত?
জম্মু-কাশ্মীৰৰ লাডাখত শ্বহীদ অসমৰ বীৰ জোৱান ৰমেন বৰুৱা
ডিউক বিশ্ববিদ্যালয়ৰ বিজ্ঞানীৰ নতুন তথ্য; ম'বাইল এৰি দুঘণ্টা শান্তিত কটালে বৃদ্ধি হয় স্মৃতিশক্তি
প্ৰাক্তন ফুটবলাৰ গৌতম দত্তৰ দেহাৱসান