--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ধনৰ বিনিময়ত সংসদত প্রস্ন সোধাৰ অভিযোগত সাংসদ পদ বাতিল হোৱা টিএমচিৰ সাংসদ মহুৱা মৈত্ৰৰ সন্মুখত এতিয়া কিবা পথ খোলা আছে নে? মহুৱাৰ কেৱল সাংসদ পদ বাতিলেই নহয়, তেওঁৰ বিৰুদ্ধে চিবিআইৰো গোচৰ চলাটো নিশ্চিত হৈ পৰিছে।   লোকসভাৰ এথিক্স সমিতিয়েও তেওঁৰ বিৰুদ্ধে তদন্তৰ পৰামৰ্শ দিছে। প্ৰশ্ন  হ'ল এনে পৰিস্থিতিত মহুয়া মৈত্ৰই পৰৱৰ্তী সময়ত কি কৰিব? তেওঁৰ বাবে কোনো আইনী পথ মুকলি আছে নে?

দোষী সাব্যস্ত হৈ সাংসদ পদ হেৰুওৱাৰ পিছতো  মহুৱা মৈত্ৰই বাৰে বাৰে দাবী কৰিছে যে তেওঁ নিৰ্দোষী আৰু তেওঁৰ বিৰুদ্ধে বিত্তীয় লেনদেনৰ কোনো প্ৰমাণ নাই।  মৈত্ৰই দাবী কৰিছে  যে নৈতিক সমিতিয়ে তেওঁক আত্মপক্ষ সমৰ্থনৰ সুযোগ দিয়া নাছিল। তেওঁক কেৱল দুজন নাগৰিকৰ ভাষ্যৰ ভিত্তিত শাস্তি বিহা হৈছে। তেওঁক আনকি সংসদত কথা ক'বলৈও অনুমতি দিয়া হোৱা নাছিল।

এতিয়া মহুৱাই এই অভিযোগবোৰৰ ভিত্তিত  কোনো আইনী ব্যৱস্থা ল'ব পাৰিবনে? বিশেষজ্ঞসকলে বিশ্বাস কৰে যে যদি মহুৱাই বিচাৰে  আইনী পথ তেওঁৰ বাবে খোলা আছে।   লোকসভাৰ প্ৰাক্তন সচিব পিডিটি আচাৰীয়ে কৈছিল যে মৈত্ৰই এথিক্স  সমিতিৰ তদন্ত প্ৰক্ৰিয়াক লৈ প্ৰশ্ন কৰিব পাৰে। এয়া  এথিক্স  সমিতিৰ বিষয় নাছিল,  বিশেষাধিকাৰ সমিতিৰহে বিষয় আছিল। উচ্চ ন্যায়ালয় বা উচ্চতম ন্যায়ালয়লৈ যোৱাৰ পথো তৃণমূল সাংসদগৰাকীৰ  সন্মুখত মুকলি হৈ আছে। তেওঁ  অধিকাৰ লাভৰ বাবে গোচৰ ৰুজু কৰিব পাৰে। তদুপৰি এথিক্স  সমিতিৰ অধিকাৰকো প্ৰত্যাহ্বান জনাব পৰা যাব। টিএমচিয়ে সদায় কৈ আহিছে যে এথিক্স সমিতিয়ে এজন সাংসদক অযোগ্য ঘোষণা কৰাৰ কোনো অধিকাৰ নাই। কেৱল বিশেষাধিকাৰ সমিতিয়েহে সেয়া  কৰিব পাৰে।

ইয়াৰ উপৰি  লোকসভা নিৰ্বাচন কেইমাহমানৰ ভিতৰতে অনুষ্ঠিত  হ'ব। মহুৱাই সেই নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিব পাৰিব। নিয়ম অনুসৰি এজন সাংসদে তেওঁৰ কাৰ্যালয়ত অযোগ্য হ'লে নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰাৰ অধিকাৰ হেৰুৱাই নেপেলায়। কেৱল অপৰাধমূলক গোচৰত দুবছৰতকৈ অধিক কাৰাদণ্ড বিহা লোকসকলকহে সাংসদ হিচাপে অযোগ্য ঘোষণা কৰিব পাৰি আৰু ছবছৰৰ বাবে নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰাত বাধা দিব পাৰি। অৰ্থাৎ, মহুৱাৰ বাবে নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰাত  কোনো বাধা নাই।


FOLLOW US F
POPULAR
FEATURE
TRENDY
চৰাইদেউ নামচাইত উদ্ধাৰ দুষ্প্ৰাপ্য প্ৰজাতিৰ বৰটোকোলা
আজি বিশ্ব হস্তী দিৱস, আপুনি জানেনে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বৰ্তমান হাতীৰ সংখ্যা কিমান?
সাৱধান! ফুটপাথৰ হোটেল নহয় এইবাৰ বিলাসী ৰেষ্টুৰেণ্টত অস্বাস্থ্যকৰ খাদ্য
ইতিহাসৰ পৃষ্ঠাত ৫০ বছৰ পূৰ্বে মুক্তি পোৱা এই ছবিখন , বক্স অফিচত '৩০০০ কোটি' উপাৰ্জন
টীয়ক চাহ বাগিচাত যুৱতী নিৰুদ্দেশৰ ঘটনাক লাভ জেহাদ আখ্যা ৰাইজৰ!
১ ছেপ্টেম্বৰৰ পৰা বন্ধ দিল্লী-ৱাশ্বিংটন বিমান সেৱা; এয়াৰ ইণ্ডিয়াই কিয় ল'লে এই সিদ্ধান্ত  জানো আহক...
ৰোগীলৈ সকাহ চৰকাৰৰ! অত্যাৱশ্যকীয় ৩৫ বিধ ঔষধৰ দাম হ্রাস
অসমৰ ভোট জলকীয়াৰ বিশ্বমুখী যাত্ৰা! বহিঃৰাষ্ট্ৰলৈ ১ কোটি টকাৰ ৰপ্তানি
আঙুৰলতা ডেকাক অসম ৰাজ্যিক মহিলা আয়োগৰ অধ্যক্ষ পদত নিযুক্তি; ৰাজ্যত কিয় প্রতিক্ৰিয়াৰ সৃষ্টি?
উৰিয়ামঘাটৰ উচ্ছেদ ১৪ আগষ্টলৈ স্থগিত ৰখাৰ নিৰ্দেশ উচ্চ ন্যায়ালয়ৰ
গীনিজ বুক'ত স্থান পালে মোদীৰ 'পৰীক্ষা পে চর্চা'ই
বেংগালুৰুত অনুষ্ঠিত ৰাষ্ট্ৰীয় ছাব জুনিয়ৰ সাঁতোৰ প্ৰতিযোগিতাত অসমৰ কস্তুৰী গগৈৰ স্বর্ণপদক অর্জন
এই ৬ টা কথাই মানুহক ধ্বংস কৰে! প্ৰেমানন্দ মহাৰাজে কি ক’লে জানো আহক
ওড়িশা চৰকাৰৰ ডাঙৰ সিদ্ধান্ত!  এতিয়াৰে পৰা মহিলাক নিশা কাম কৰিবলৈ বাধ্য কৰাব নোৱাৰিব কোনো কোম্পানীয়ে