--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক:  ভাৰতীয় ক্ৰিকেটৰ ইতিহাসত শ্ৰেষ্ঠ বেগী বলাৰ হিচাপে প্ৰাক্তন তাৰকা জাহিৰ খানৰ নাম সদায়ে শীৰ্ষত থাকিব। নিখুঁত লাইন-লেংথ, চুইং আৰু গতিৰে বিপক্ষৰ বেটাৰক শলঠেকত পেলোৱা জাহিৰ খানক ভাৰতীয় ক্ৰিকেটৰ বাবে এক অমূল্য সম্পদ হিচাপে গণ্য কৰা হয়। কোনে পাহৰিব ২০১১ চনৰ ক্ৰিকেট বিশ্বকাপত বাওঁহতীয়া এই পেচাৰগৰাকীৰ দুৰন্ত প্ৰদৰ্শনৰ কথা! প্ৰায় ডেৰ দশক ধৰি ভাৰতৰ বলিং আক্ৰমণৰ নেতৃত্ব বহন কৰা জাহিৰ খানে ২০১৫ চনত আন্ত:ৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ গ্ৰহণ কৰিছিল। ভাৰতীয় ক্ৰিকেটৰ এই কিংবদন্তী পেচাৰগৰাকীৰ অৱসৰৰ পিছত আন এগৰাকী দক্ষ বাওঁহতীয়া বেগী বলাৰৰ সন্ধানত নামি পৰিছিল ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ড; পৰীক্ষামূলকভাৱে কেইবাগৰাকীও যুৱ পেচাৰক বিচিচিআই- এ ভাৰতীয় দলত স্থান দিয়া হৈছিল যদিও স্থান নিগাজী কৰাত ব্যৰ্থ হৈছিল আটাইকেইগৰাকী বলাৰ। শেহতীয়াকৈ এই তালিকাত নতুনকৈ অন্তৰ্ভুক্ত হৈছে যুৱ তাৰকা অৰ্শদ্বীপ সিং।

২০১৯ চনত ইণ্ডিয়ান প্ৰিমিয়াৰ লীগত আত্মপ্ৰকাশ কৰাৰ পিছৰে পৰা এই যুৱ বলাৰগৰাকীয়ে ধাৰাবাহিকতা অক্ষুণ্ণ ৰাখি চমকপ্ৰদ প্ৰদৰ্শন আগবঢ়াই আহিছে। বিশেষকৈ আই পি এলৰ বিগত সংস্কৰণত অৰ্শদ্বীপে দুৰ্দ্দান্ত প্ৰদৰ্শনেৰে জিলিকি উঠে। আৰু ইয়াৰ সুবাদতে ইংলেণ্ড ভ্ৰমণৰ বাবে ভাৰতীয় দলত আত্মপ্ৰকাশৰ সুযোগ লাভ কৰে। এই সুযোগৰ সদব্যৱহাৰ কৰি প্ৰথম মেচতে উজলি উঠে অৰ্শদ্বীপ আৰু নিজৰ ৩.৩ অভাৰৰ স্পেলত এক অভাৰ মেইডেনসহ ১৮ ৰান খৰচ কৰি দুটা উইকেট দখল কৰে। ইয়াৰ পিছতে যুৱ তাৰকাগৰাকীয়ে ৱেষ্ট ইণ্ডিজ ভ্ৰমণত সাতটা উইকেট লাভ কৰে। 

অৱশ্যে যোৱা মাহত অনুষ্ঠিত হোৱা এছিয়া কাপত অৰ্শদ্বীপে আশানুৰূপ প্ৰদৰ্শন দাঙি ধৰাত বিফল হয়। লগতে পাকিস্তানৰ বিৰুদ্ধে মেচত এটা গুৰুত্বপূৰ্ণ কেচ মিছ কৰাৰ বাবে একাংশ লোকৰ ৰোষৰো বলি হয় যুৱ খেলুৱৈগৰাকী। কিন্তু অধিনায়ক ৰোহিত শৰ্মা, প্ৰশিক্ষক ৰাহুল দ্ৰাবিড়, দলৰ আন সদস্য তথা মেনেজমেণ্টৰ সমৰ্থনত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে চলিত টি-২০ শৃংখলাত দলত সুযোগ পায় আৰু প্ৰথমখন টি-২০ ত সমালোচকৰ মুখ বন্ধ কৰি যোগ্য প্ৰত্যুত্তৰ দি দুৰন্ত প্ৰত্যাৱৰ্তন কৰে। মেচখনত নিজৰ প্ৰথমটো অভাৰতে তিনিটাকৈ উইকেট দখল কৰি ইংলেণ্ডৰ বেটিং লাইন-আপত খহনীয়াৰ সৃষ্টি কৰে অৰ্শদ্বীপে। ইতিমধ্যে আগন্তুক টি-২০ বিশ্বকাপৰ বাবেও যুৱ খেলুৱৈগৰাকীক দলত অন্তৰ্ভুক্ত কৰিছে বিচিচিআই- এ। 

এগৰাকী বেগী বলাৰ হিচাপে নিজৰ নিখুঁত টেকনিক, লাইন-লেংথৰ ওপৰত নিয়ন্ত্ৰণ, চুইং, বেগৰ লগতে ডেথ অভাৰ স্পেচিয়েলিষ্ট ৰুপত নিজৰ দক্ষতাৰ প্ৰমাণ দিয়া অৰ্শদ্বীপে ক্ৰিকেট বিশেষজ্ঞ তথা প্ৰাক্তন তাৰকাসকলৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে। যুৱ বলাৰগৰাকীক ভাৰতীয় বলিং বিভাগৰ এক নৱ সম্ভাৱনা হিচাপে স্বীকৃতি দিছে বহু কেইগৰাকীয়ে। ইয়াৰ মাজতে অৰ্শদ্বীপৰ প্ৰশংসাত পঞ্চমুখ হৈ তাৰকাগৰাকীৰ সন্দৰ্ভত এক বিশেষ মন্তব্য কৰিছে পাকিস্তানৰ এগৰাকী প্ৰাক্তন ক্ৰিকেট তাৰকাই। 

পাকিস্তানৰ প্ৰাক্তন উইকেটকিপাৰ বেটাৰ কামৰান আকমলে অৰ্শদ্বীপক ভাৰতৰ কিংবদন্তী পেচাৰ জাহিৰ খানৰ সৈতে তুলনা কৰিছে। নিজৰ ইউটিউব চেনেলত আপলোড কৰা এক ভিডিঅ’ত অৰ্শদ্বীপক প্ৰশংসা কৰি আকমলে কয়, "অৰ্শদ্বীপ সিং এগৰাকী অবিশ্বাস্য বলাৰ। মই ভাবো ভাৰতে তেওঁলোকৰ নতুন জাহিৰ খান বিচাৰি পাইছে। অৰ্শদ্বীপৰ গতি আৰু চুইং দুয়োটা আছে। লগতে বলিঙৰ ক্ষেত্ৰত তেওঁৰ প্ৰয়োজনীয় বুদ্ধিমত্তা আছে। অৰ্শদ্বীপ মানসিকভাৱেও যথেষ্ট শক্তিশালী। তেওঁ নিজৰ সামৰ্থ্যৰ বিষয়ে জ্ঞাত আৰু পৰিস্থিতি অনুসৰি সেই সামৰ্থ্য ব্যৱহাৰ কৰে।"

আকমলে লগতে কয় যে বয়সত সৰু হ’লেও অৰ্শদ্বীপ যথেষ্ট বুদ্ধিদীপ্ত আৰু পৰিপক্ক। এইয়া ভাৰতীয় দলৰ বাবে এক শুভ লক্ষণ বুলি অভিহিত কৰে প্ৰাক্তন তাৰকাগৰাকীয়ে। দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে প্ৰথমখন টি-২০ ত অৰ্শদ্বীপৰ প্ৰদৰ্শনৰ ওপৰত আলোকপাত কৰি আকমলে অৰ্শদ্বীপে ডেভিদ মিলাৰক পেভিলিয়নৰ পথ দেখুওৱা বলটোৰ উচ্চ প্ৰশংসা কৰে। ভাৰতীয় দলত জাহিৰ খানৰ পিছত এগৰাকী বাওঁহতীয়া পেচাৰৰ প্ৰয়োজন আছিল আৰু অৰ্শদ্বীপৰ বলিং দক্ষতাক এই ক্ষেত্ৰত ভাৰতৰ বাবে শুভ লক্ষণ হিচাপে আঙুলিয়াই যুৱ তাৰকাগৰাকীয়ে এই প্ৰয়োজনীয়তা পূৰণ কৰিব পাৰিব বুলি সম্ভাৱনা ব্যক্ত কৰে।

উল্লেখ্য যে অৰ্শদ্বীপৰ ওপৰত আস্থা ৰাখি বিচিচিআই- এ অষ্ট্ৰেলিয়াত অনুষ্ঠিত হ'বলগীয়া আগন্তুক টি-২০ বিশ্বকাপৰ বাবে ১৫ জনীয়া দলত অৰ্শদ্বীপক নিৰ্বাচিত কৰিছে। একমাত্ৰ বাওঁহতীয়া বেচাৰ হিচাপে এই ১৫ জনীয়া দলটোত আছে অৰ্শদ্বীপ। বৰ্তমান মাত্ৰ ২৩ বছৰ বয়সীয়া যুৱক তাৰকাগৰাকীয়ে এই সুযোগৰ সদব্যৱহাৰ কৰি বিশ্বকাপত দেশৰ হৈ উন্নত প্ৰদৰ্শন দাঙি ধৰিবলৈ সক্ষম হ’ব বুলি আশা ৰাখিছে অনুৰাগীয়ে।








FOLLOW US F
POPULAR
FEATURE
TRENDY
‘ককৰ’চ’ৰ প্ৰতিবাদ ৰুধিবলৈ বন্ধ কৰিলে দিল্লীৰ ১৬টা মেট্র’ ষ্টেছন
বানৰ কবলত অসম: পৰিস্থিতিৰ ভয়াৱহ অৱনতি, মৃতকৰ সংখ্যা বৃদ্ধি; মুখ্যমন্ত্ৰীৰ ৪ লাখ টকাৰ সাহায্য ঘোষণা
উজনি অসমৰ বান পৰিস্থিতিৰ বুজ ল'লে মুখ্যমন্ত্ৰীয়ে; নাগালেণ্ডৰ সৈতে জলস্তৰ বৃদ্ধি সন্দৰ্ভত আলোচনাৰ ইংগিত
শুক্ৰ গ্ৰহৰ স্থিতি শক্তিশালী কৰিব এই ৪ জোপা উদ্ভিদে; সমৃদ্ধিৰ লগতে লাভ কৰিব দেৱী লক্ষ্মীৰ কৃপা
প্ৰতিবাদৰ সময়ত হাঁপানীত আক্ৰান্ত হৈছিল শাবানা আজমী
৬খন দেশ, ৩খন মহাদেশত ২০৩০ বিশ্বকাপ
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
তিনিচুকীয়াত মানৱতাৰ নিদৰ্শন: হাঁহ ভক্ষণৰ পাছতো অজগৰক সুৰক্ষিতভাৱে উদ্ধাৰ
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
গুৱাহাটীত ২৫০০ কোটি টকাৰ ভূগৰ্ভস্থ বিদ্যুৎ প্ৰকল্পৰ পৰিকল্পনা
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদ: দুগৰাকী চাহ শ্ৰমিকৰ শোকাবহ মৃত্যুক লৈ উত্তাল পৰিস্থিতি
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
Advertisement