--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ২২ গজত ভাৰত-পাকিস্তানৰ সমৰ মানেই ক্ৰিকেট অনুৰাগীৰ তীব্ৰ উৎকণ্ঠা। কেৱল দুখন দেশেই নে, বিশ্ব ক্ৰিকেটেও উৎসুকতাৰে অপেক্ষা কৰে এই বিশেষ মেচখনলৈ। বেট-বলৰ যুঁজৰ ৰোমাঞ্চ, দুই দেশৰ খেলুৱৈ, অনুৰাগী তথা সমৰ্থকৰ পাৰস্পৰিক বাকযুদ্ধ, মেচৰ পূৰ্বে পৰস্পৰ দললৈ খেলুৱৈৰ সতৰ্কবাণী, তাৰ সমসাময়িকভাৱে কমেণ্ট বক্সত বাজি উঠা ক্ৰিকেটীয় বিৱৰণৰ শ্বাসৰুদ্ধকৰ পৰিস্থিতিৰ সাক্ষী হ’বলৈ সাজু হৈছে ক্ৰিকেট বিশ্ব।  সাধাৰণতেই ভাৰত-পাকিস্তানৰ ক্ৰিকেট মেচ মানেই এনে এক দৃশ্যই সকলোৰে সমুখত ভাঁহি আহে। গতিকে অষ্ট্ৰেলিয়াত অনুষ্ঠিত হ’বলগীয়া আগন্তুক টি-২০ বিশ্বকাপৰ মেচখনতো এনে পৰিস্থিতিৰেই আশা কৰিছে ক্ৰিকেট অনুৰাগীসকলে।

অহা ২৩ অক্টোবৰত মেলবৰ্ণ ক্ৰিকেট গ্ৰাউণ্ডত অনুষ্ঠিত হ’বলগীয়া টি-২০ বিশ্বকাপৰ গ্ৰুপ মেচত মুখামুখি হ’ব দুই চুবুৰীয়া ক্ৰিকেট শক্তি পাকিস্তান আৰু ভাৰত। মেচখনৰ পূৰ্বে এইবাৰ ভাৰতীয় দললৈ বিশেষ সতৰ্কবাণী প্ৰেৰণ কৰিছে এগৰাকী তাৰকা পেচাৰে। বৰ্তমানৰ পাকিস্তানৰ বলিং আক্ৰমণৰ নেতৃত্ব বহন কৰি থকা দলটোৰ তাৰকা পেচাৰ হেৰিচ ৰ’ফে এই সাৱধানবাণী শুনাইছে ভাৰতৰ বেটিং বিভাগক। 

ধাৰাবাহিকভাৱে ঘণ্টাত ১৪০ কিলোমিটাৰতকৈ অধিক গতিত বল কৰিব পৰা সক্ষমতা থকা ৰ’ফ অষ্ট্ৰেলিয়াৰ ঘৰুৱা ক্ৰিকেট লীগ বিগ বেছৰ দল মেলবৰ্ণ ষ্টাৰ্ছৰ সদস্য। প্ৰতিযোগিতাখনৰ শেহতীয়া ছিজনত ৰ’ফে দলটোৰ হৈ অংশ লৈছিল। এই অভিজ্ঞতাৰ আধাৰতে তাৰকাগৰাকীয়ে ভাৰতক বিশ্বকাপৰ মেচখনৰ পূৰ্বে সতৰ্ক কৰি দিছে। ভাৰত-পাকিস্তানৰ এই মেচখন যিহেতু মেলবৰ্ণ ক্ৰিকেট গ্ৰাউণ্ডত অনুষ্ঠিত হ’ব, সেয়ে ৰ’ফে মেচখনত এডভাণ্টেজ লাভ কৰিব বুলি আশা কৰিছে।

ইংলেণ্ডৰ বিৰুদ্ধে চলি থকা পাকিস্তানৰ টি-২০ শৃংখলাৰ পঞ্চমখন মেচৰ পিছত এক প্ৰশ্নৰ উত্তৰত ৰ’ফে কয়, “মেলবৰ্ণ ষ্টাৰ্ছৰ হৈ খেলি থকাৰ বাবে মেলবৰ্ণ মোৰ ঘৰুৱা খেলপথাৰৰ দৰে। সেয়ে মেলবৰ্ণ ক্ৰিকেট গ্ৰাউণ্ডৰ পৰিস্থিতি সম্পৰ্কে মোৰ ভালদৰে ধাৰণা আছে। মই ইতিমধ্যে ভাৰতৰ বিৰুদ্ধে কেনেদৰে বলিং কৰিম, তাৰ পৰিকল্পনা আৰম্ভ কৰিছো।" 

"যদি মই মোৰ সৰ্বশ্ৰেষ্ঠ প্ৰদৰ্শন আগবঢ়াব পাৰোঁ, ভাৰতীয় দলে মোক সহজে খেলিব নোৱাৰিব। আগন্তুক বিশ্বকাপৰ মেচখন মেলবৰ্ণ ক্ৰিকেট গ্ৰাউণ্ডত থকাৰ বাবে মই যথেষ্ট সুখী।”- ৰ’ফে লগতে কয়। উল্লেখ্য যে সদ্য সমাপ্ত এছিয়া কাপত পাকিস্তান আৰু ভাৰতৰ দুবাৰৰ মুখামুখিত ৰ’ফে আশানুৰূপ প্ৰদৰ্শন আগবঢ়োৱাত ব্যৰ্থ হৈছিল। 

গ্ৰুপৰ মেচত তাৰকাগৰাকীয়ে চাৰি অভাৰত ৩৫ ৰান খৰচ কৰি কোনো উইকেট দখল কৰিব পৰা নাছিল। চুপাৰ ফ’ৰৰ মেচখনতো ৰ’ফে খৰচ কৰিছিল ৩৮ ৰান। অৱশ্যে মেচখনত ৰোহিত শৰ্মাৰ গুৰুত্বপূৰ্ণ উইকেট দখল কৰিবলৈ সক্ষম হৈছিল। বুধবাৰে ইংলেণ্ডৰ বিৰুদ্ধে মেচখনৰ পিছত ৰ’ফে লগতে কয় যে ভাৰত আৰু পাকিস্তানৰ মাজৰ মেচত সদায়ে যথেষ্ট চাপ থাকে। বিগত টি-২০ বিশ্বকাপৰ মেচত এই চাপ অনুভৱ কৰিলেও অৱশ্যে এছিয়া কাপৰ বিগত দুখন মেচত এই অনুভৱ কৰা নাছিল বুলিও ৰ’ফে লগতে কয়।

স্মৰ্তব্য যে, ডুবাইত অনুষ্ঠিত বিগত টি-২০ বিশ্বকাপত পাকিস্তানে ভাৰতক শোচনীয়ভাৱে ১০ উইকেটত পৰাস্ত কৰিছিল। এইবাৰেই বিশ্বকাপ প্ৰতিযোগিতাত ভাৰতৰ বিৰুদ্ধে প্ৰথম জয়ৰ মুখ দেখিছিল পাকিস্তানে। এই পৰাজয়ৰ ফলত ভাৰত বিশ্বকাপৰ পৰা বাহিৰ হোৱাৰ পথ প্ৰশস্ত হৈছিল। মেচখনত ৰ’ফে ৪ অভাৰত ২৫ ৰানৰ বিনিময়ত এটা উইকেট লাভ কৰিছিল।








FOLLOW US F
POPULAR
FEATURE
TRENDY
‘ককৰ’চ’ৰ প্ৰতিবাদ ৰুধিবলৈ বন্ধ কৰিলে দিল্লীৰ ১৬টা মেট্র’ ষ্টেছন
বানৰ কবলত অসম: পৰিস্থিতিৰ ভয়াৱহ অৱনতি, মৃতকৰ সংখ্যা বৃদ্ধি; মুখ্যমন্ত্ৰীৰ ৪ লাখ টকাৰ সাহায্য ঘোষণা
উজনি অসমৰ বান পৰিস্থিতিৰ বুজ ল'লে মুখ্যমন্ত্ৰীয়ে; নাগালেণ্ডৰ সৈতে জলস্তৰ বৃদ্ধি সন্দৰ্ভত আলোচনাৰ ইংগিত
শুক্ৰ গ্ৰহৰ স্থিতি শক্তিশালী কৰিব এই ৪ জোপা উদ্ভিদে; সমৃদ্ধিৰ লগতে লাভ কৰিব দেৱী লক্ষ্মীৰ কৃপা
প্ৰতিবাদৰ সময়ত হাঁপানীত আক্ৰান্ত হৈছিল শাবানা আজমী
৬খন দেশ, ৩খন মহাদেশত ২০৩০ বিশ্বকাপ
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
তিনিচুকীয়াত মানৱতাৰ নিদৰ্শন: হাঁহ ভক্ষণৰ পাছতো অজগৰক সুৰক্ষিতভাৱে উদ্ধাৰ
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
গুৱাহাটীত ২৫০০ কোটি টকাৰ ভূগৰ্ভস্থ বিদ্যুৎ প্ৰকল্পৰ পৰিকল্পনা
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদ: দুগৰাকী চাহ শ্ৰমিকৰ শোকাবহ মৃত্যুক লৈ উত্তাল পৰিস্থিতি
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
Advertisement