--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এই মুহূৰ্তত তেওঁৰ নামৰ কাষতে জিলিকি আছে আন্তঃৰাষ্ট্ৰীয় তাৰকাৰ নাম। প্ৰিয়ংকা চোপ্ৰা এতিয়া হলিউডৰ অন্যতম আগশাৰীৰ তাৰকা। ইতিমধ্যে কিয়ানু ৰিভছ, ড্ৱেইন ‘দ্য ৰক’ জনছন, ৰিচাৰ্ড মেডেনৰ দৰে বিশ্ববিখ্যাত তাৰকাৰ সৈতে কাম কৰিছে। 

বলিউডত প্ৰিয়ংকাৰ ‘ফেশ্বন’, ‘সাত খোন মাফ’ৰ দৰে কেইবাখনো ছবিয়ে দৃষ্টি আকৰ্ষণ কৰিছিৱ। কেৰিয়াৰৰ শিখৰত বলীউড এৰি সুদূৰ আমেৰিকালৈ গুচি যায়। তাত প্ৰায় ১০ বছৰ কটোৱাৰ পিছত এতিয়া হলীউডৰ ‘দেশী গাৰ্ল’ হৈ পৰিছে। কিন্তু শেহতীয়াকৈ বলিউড সন্দৰ্ভত প্ৰিয়ংকাৰ এটা মন্তব্যই নানা প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।

আমেৰিকাত কেৰিয়াৰৰ আৰম্ভণিতে তেওঁক বলীউডক লৈ কোনো বিতৰ্কিত মন্তব্য কৰা দেখা নগ’ল। আৰম্ভণিতে তেওঁ বিভিন্ন চেট শ্ব’ত পশ্চিমীয়া দৰ্শকক ভাৰতীয় চিনেমাৰ বিভিন্ন তথ্য দিছিল। ভাৰতৰ বলীউডৰ তাৰকাসকলৰ ওপৰত দৰ্শকে কিমান মৰম কৰে সেই কথাও তেওঁ বাৰে বাৰে উল্লেখ কৰিছিল।

শেহতীয়াকৈ তেওঁ ভাৰতলৈ আহিছিল ‘চিটাডেল’ৰ প্ৰচাৰৰ বাবে। তেতিয়াও তেওঁ বলীউডক লৈ কোনো নেতিবাচক মন্তব্য কৰা নাছিল। কিন্তু হঠাৎ এটা পুৰণি ভিডিঅ’ ছ’চিয়েল মিডিয়াত বিয়পি পৰিল। সেইটো দেখাৰ পিছত বিভিন্ন মহলে সমালোচনাৰ ধুমুহা সৃষ্টি কৰে।


২০১৬ চনত এমি এৱাৰ্ডৰ ৰেড কাৰ্পেটত থিয় হৈ তেওঁ বলীউডৰ বিষয়ে কি ক’লে, সেই ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। এই অনুষ্ঠানৰ ৰেড কাৰ্পেটত যেতিয়া একাংশ আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমে প্ৰিয়ংকাক ভাৰতীয় চিনেমাৰ বিষয়ে কিবা ক’বলৈ কয়, তেতিয়া অভিনেত্ৰীগৰাকীয়ে কয়, “ভাৰতীয় চিনেমা মানে কেৱল স্তন আৰু নিতম্ব”। ইয়াৰ পিছত প্ৰিয়ংকাই নিজেই নাচি দেখুৱাবলৈ ধৰিলে।

নেটিজেনে অভিনেত্ৰীগৰাকীৰ এনে মন্তব্য একেবাৰেই ভাল নাপালে। এই মুহূৰ্তত নায়িকাক লৈ যথেষ্ট সমালোচনা চসিঠে। কোনোবাই ক’লে, “মই দেখিছোঁ প্ৰিয়ংকাৰ ভাৰতীয় শাস্ত্ৰীয় নৃত্যৰ বিষয়ে কোনো ধাৰণা নাই। শ্ৰীদেৱী, বৈজয়ন্তীমালা, ঐশ্বৰ্যই ভাৰতনাট্যম শিকিলে, মাধুৰীয়ে কথক শিকিলে। আনকি আলিয়াইও কথক শিকিছে।'' আন এজনে লিখিছে, "ভাল কথা তাই দেশ এৰি গুছি গ'ল।''
 
উল্লেখ্য যে প্ৰিয়ংকাই বলীউডত চিত্ৰগ্ৰহণ নকৰা বহু বছৰ পাৰ হৈ গ’ল। শুনা গৈছিল যে অভিনেত্ৰীগৰাকীক ফাৰহান আখতাৰৰ ছবি ‘জী লে জাৰা’ত দেখা যাব। কিছুদিন পূৰ্বে খবৰ আহিছিল যে ডেটৰ সমস্যাৰ বাবে প্ৰিয়ংকা চোপ্ৰা জোনাছে ছবিখনৰ পৰা আঁতৰি গৈছে।










FOLLOW US F
POPULAR
FEATURE
TRENDY
দুৰ্যোগৰ সময়ত মানুহক বিভ্ৰান্ত একাংশৰ; AI ভিডিঅ’ৰ জৰিয়তে অসমৰ বানপীড়িতৰ ভুৱা উদ্ধাৰ অভিযানৰ প্ৰচাৰ
প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে অশোভনীয় মন্তব্য: CJPৰ প্ৰতিবাদকাৰীসকলৰ ওপৰত দিল্লী পুলিচৰ কঠোৰ পদক্ষেপ
সাৱধান! অসমত প্ৰচণ্ড বৰষুণ, বানপানী আৰু ভূমিস্খলনৰ আশংকা
পশ্চিমবংগত প্ৰাক্তন বাছ চালকৰ ঘৰত চলিল অভিযান; উদ্ধাৰ প্ৰায় ২৯ কোটি টকা নগদ ধন আৰু ১৫ কেজি সোণ
শ্রীকোনাত ট্ৰাকৰ খুন্দাত দুজন অট’ যাত্ৰীৰ মৃত্যু, গুৰুতৰভাৱে আহত ৩
হালধি আৰু গুৰ একেলগে খোৱাৰ অদ্ভুত লাভালাভৰ বিষয়ে আপুনি জানেনে?
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
শোণিতপুৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ কৃষক সজাগতা কৰ্মশালা
সৰ্ব তিৱা ছাত্ৰ সন্থাৰ প্ৰতিনিধি দলৰ মুখ্যমন্ত্ৰীৰে সাক্ষাৎ: জনগোষ্ঠীৰ সমস্যা আলোচনা
ভাৰতৰ বৈদেশিক মুদ্ৰা ভাণ্ডাৰৰ নতুন অভিলেখ: ৬৭৬.২৪ বিলিয়ন ডলাৰলৈ বৃদ্ধি
অসম সাহিত্য সভাৰ গোলাঘাট আৰু যোৰহাটত বান সাহায্য বিতৰণ