--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এই মুহূৰ্তত তেওঁৰ নামৰ কাষতে জিলিকি আছে আন্তঃৰাষ্ট্ৰীয় তাৰকাৰ নাম। প্ৰিয়ংকা চোপ্ৰা এতিয়া হলিউডৰ অন্যতম আগশাৰীৰ তাৰকা। ইতিমধ্যে কিয়ানু ৰিভছ, ড্ৱেইন ‘দ্য ৰক’ জনছন, ৰিচাৰ্ড মেডেনৰ দৰে বিশ্ববিখ্যাত তাৰকাৰ সৈতে কাম কৰিছে। 

বলিউডত প্ৰিয়ংকাৰ ‘ফেশ্বন’, ‘সাত খোন মাফ’ৰ দৰে কেইবাখনো ছবিয়ে দৃষ্টি আকৰ্ষণ কৰিছিৱ। কেৰিয়াৰৰ শিখৰত বলীউড এৰি সুদূৰ আমেৰিকালৈ গুচি যায়। তাত প্ৰায় ১০ বছৰ কটোৱাৰ পিছত এতিয়া হলীউডৰ ‘দেশী গাৰ্ল’ হৈ পৰিছে। কিন্তু শেহতীয়াকৈ বলিউড সন্দৰ্ভত প্ৰিয়ংকাৰ এটা মন্তব্যই নানা প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।

আমেৰিকাত কেৰিয়াৰৰ আৰম্ভণিতে তেওঁক বলীউডক লৈ কোনো বিতৰ্কিত মন্তব্য কৰা দেখা নগ’ল। আৰম্ভণিতে তেওঁ বিভিন্ন চেট শ্ব’ত পশ্চিমীয়া দৰ্শকক ভাৰতীয় চিনেমাৰ বিভিন্ন তথ্য দিছিল। ভাৰতৰ বলীউডৰ তাৰকাসকলৰ ওপৰত দৰ্শকে কিমান মৰম কৰে সেই কথাও তেওঁ বাৰে বাৰে উল্লেখ কৰিছিল।

শেহতীয়াকৈ তেওঁ ভাৰতলৈ আহিছিল ‘চিটাডেল’ৰ প্ৰচাৰৰ বাবে। তেতিয়াও তেওঁ বলীউডক লৈ কোনো নেতিবাচক মন্তব্য কৰা নাছিল। কিন্তু হঠাৎ এটা পুৰণি ভিডিঅ’ ছ’চিয়েল মিডিয়াত বিয়পি পৰিল। সেইটো দেখাৰ পিছত বিভিন্ন মহলে সমালোচনাৰ ধুমুহা সৃষ্টি কৰে।


২০১৬ চনত এমি এৱাৰ্ডৰ ৰেড কাৰ্পেটত থিয় হৈ তেওঁ বলীউডৰ বিষয়ে কি ক’লে, সেই ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। এই অনুষ্ঠানৰ ৰেড কাৰ্পেটত যেতিয়া একাংশ আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমে প্ৰিয়ংকাক ভাৰতীয় চিনেমাৰ বিষয়ে কিবা ক’বলৈ কয়, তেতিয়া অভিনেত্ৰীগৰাকীয়ে কয়, “ভাৰতীয় চিনেমা মানে কেৱল স্তন আৰু নিতম্ব”। ইয়াৰ পিছত প্ৰিয়ংকাই নিজেই নাচি দেখুৱাবলৈ ধৰিলে।

নেটিজেনে অভিনেত্ৰীগৰাকীৰ এনে মন্তব্য একেবাৰেই ভাল নাপালে। এই মুহূৰ্তত নায়িকাক লৈ যথেষ্ট সমালোচনা চসিঠে। কোনোবাই ক’লে, “মই দেখিছোঁ প্ৰিয়ংকাৰ ভাৰতীয় শাস্ত্ৰীয় নৃত্যৰ বিষয়ে কোনো ধাৰণা নাই। শ্ৰীদেৱী, বৈজয়ন্তীমালা, ঐশ্বৰ্যই ভাৰতনাট্যম শিকিলে, মাধুৰীয়ে কথক শিকিলে। আনকি আলিয়াইও কথক শিকিছে।'' আন এজনে লিখিছে, "ভাল কথা তাই দেশ এৰি গুছি গ'ল।''
 
উল্লেখ্য যে প্ৰিয়ংকাই বলীউডত চিত্ৰগ্ৰহণ নকৰা বহু বছৰ পাৰ হৈ গ’ল। শুনা গৈছিল যে অভিনেত্ৰীগৰাকীক ফাৰহান আখতাৰৰ ছবি ‘জী লে জাৰা’ত দেখা যাব। কিছুদিন পূৰ্বে খবৰ আহিছিল যে ডেটৰ সমস্যাৰ বাবে প্ৰিয়ংকা চোপ্ৰা জোনাছে ছবিখনৰ পৰা আঁতৰি গৈছে।










FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু