--°C
Loading...
Listen to Article
2 min read
80%
বলীউড ষ্টাৰসকলৰ কৰ্মৰাজিক লৈ সদায়ে তেওঁলোকৰ অনুৰাগীসকল ব্যস্ত হৈ থাকে। তেওঁলোকৰ হাজাৰ হাজাৰ অনুৰাগীয়ে তেওঁলোকৰ প্ৰিয় শিল্পীসকলক অনুসৰণ কৰাৰ সমান্তৰালকৈ তেওঁলোকৰ ভাল-বেয়া দুয়োটা দিশেই আঙুলিয়াই দিয়ে। আজিকালি সামাজিক মাধ্যমৰ সহায়ত অনুৰাগী আৰু অভিনেতা-অভিনেত্ৰীসকলৰ মাজত যোগসূত্ৰ স্থাপন কৰাতো সহজ হ’ল। বলীউড ষ্টাৰসকলেও বিভিন্ন সময়ত বিভিন্ন কথা প্ৰসংগৰে সংবাদ মাধ্যমত শিৰোনাম দখল কৰে। 

শেহতীয়াকৈ অভিনেতা আৰ মাধৱনে পুনৰ এবাৰ সংবাদ মাধ্যমৰ শিৰোনাম দখল কৰাৰ সমান্তৰালকৈ অনুৰাগীৰো আক্ৰমণ-প্ৰত্যাক্ৰমণৰ সন্মুখীন হৈছে। থ্ৰি ইডঅটৰ জৰিয়তে অনুৰাগীৰ মাজত ঠাই দখল কৰিছিল আৰ মাধৱনে। কিন্তু এইবাৰ অভিনেতা  নহয় এইবাৰ পৰিচালক হিচাপে কাম কৰিবলৈ ওলাইছে আৰ মাধৱনে। ইছৰোৰ বিজ্ঞানী তথা এৰোস্পেছ অভিযন্তা নম্বী নাৰায়ণৰ জীৱনৰ সংগ্ৰাম-সফলতাৰ আধাৰত জীৱনীমূলক ছবি নিৰ্মাণ কৰা বুলি জানিবলৈ পোৱা গৈছে। ছবিখনৰ নাম ‘ৰকেট্ৰী: দ্য নাম্বি ইফেক্ট’। ১ জুলাইত মুক্তি পাব ছবিখন। পিছে ছবিখনৰ মুক্তিৰ পূৰ্বে এটা ধৰ্মীয় মন্তব্যক কেন্দ্ৰ কৰি বিতৰ্কত লিপ্ত হৈ পৰিছে মাধৱনে।

আচলতে কি কৈছিল মাধৱনে? শেহতীয়াকৈ মাধৱনে ‘ৰকেট্ৰী: দ্য নাম্বি ইফেক্ট’ক লৈ সাংবাদিকৰ মুখামুখি হৈছিল। সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত মাধৱনে কয়, ‘ইছৰোই হিন্দু কেলেণ্ডাৰ পাঞ্চাঙৰ সহায়ত মংগল গ্ৰহলৈ মহাকাশযান পঠাইছিল।’ মাধৱনৰ এইষাৰ বাক্যক লৈয়ে আৰম্ভ হ’ল তুমুল বিতৰ্কৰ। পলকতে মাধৱনৰ এই মন্তব্য ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰে। লগে লগে মাধৱনক উদ্দেশ্যি ট্ৰ’ল কৰিবলৈ লয় নেটিজেনে।

মাধৱনৰ এই মন্তব্য সন্দৰ্ভত এজন নেটিজেনে লিখিছে, ‘বিজ্ঞানৰ কথা কোৱাটো সহজ নহয়। আপুনি হয়তো নাজানে, কিন্তু আপুনি নজনা কথাবোৰ নোকোৱাই ভাল।’ কোনোবাই আকৌ লিখিছে,  ‘ইছৰোৰ মংগল অভিযানৰ বিষয়ে মাধৱনে কেইমিনিটমান যি কথা ক’লে, তাক অপ্ৰাসংগিক বুলি কোৱাটো ভুল নহ’ব৷ বিজ্ঞানীসকলৰ বিষয়ে এইবোৰ কথা নক’লেই ভাল।’ একাংশই আকৌ, ‘মাধৱনক তেতিঞয়ালৈকেহে ভাল লাগে যেতিয়ালৈকে তেওঁ মুখ নোখোলে।’ স্বাভাৱিকতে, সম্প্ৰতি ছ’চিয়েল মিডিয়াত ভাহি আহিছে  এনে কেতবোৰ মন্তব্য।

ইফালে, উল্লেখ্য যে, ‘ৰকেট্ৰী: দ্য নাম্বি ইফেক্ট’ত বিজ্ঞানী নম্বী নাৰায়ণৰ চৰিত্ৰত অভিনয় কৰিছে আৰ মাধৱনে । ১ জুলাইত তামিল, তেলেগু, মালয়ালম, কানাড়া আৰু ইংৰাজী ভাষাত মুক্তি পাব ছবিখন। কিন্তু মুক্তিৰ পূৰ্বে ছবিখনক লৈ সৃষ্টি হোৱা বিতৰ্কই ছবিখনৰ মান নিৰূপণৰ ক্ষেত্ৰত কিদৰে ভূমিকা গ্ৰহণ কৰে সেয়াহে হ’ব লক্ষ্যণীয়!




FOLLOW US F
POPULAR
FEATURE
TRENDY
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস
দক্ষিণ শালমাৰাৰ এখন ঘৰ বজ্ৰপাতত সম্পূৰ্ণৰূপে ভস্মীভূত
লিডুত ডেৰ কোটি টকাৰ ড্ৰাগছ জব্দ; দুজনক গ্ৰেপ্তাৰ