--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক: মহাৰাষ্ট্ৰৰ ৰাজনৈতিক সংকটত নিবদ্ধ হৈ ৰৈছে দেশবাসীৰ দৃষ্টি৷ প্ৰতি মুহূৰ্তত সলনি হৈছে প্ৰেক্ষাপট৷ উদ্ধৱ থাকৰেৰ বিৰোধিতা কৰি একনাথ সিন্দেৰ নেতৃত্বত গুৱাহাটীৰ ৰেডিশ্বন ব্লুত বাহিৰ পাতিছে বিসম্বাদী বিধায়কে৷ আৰু তাৰ মাজতে প্ৰেক্ষাপটত উদ্ধৱ-পত্নী ৰশ্মি থাকৰে৷

উদ্ধৱ থাকৰেৰ পত্নী ৰশ্মি থাকৰেয়ে যোগ দিছে শিৱসেনাৰ বৈঠকত৷ বৈঠকত অংশ লৈয়ে বিসম্বাদীসকলৰ পত্নীসকলৰ সৈতে যোগাযোগ কৰি তেওঁলোকক ঘূৰি আহিবলৈ সৈমান কৰাবলৈ প্ৰয়াস কৰিব বুলি মন্তব্য কৰে৷

কালি মুখ্যমন্ত্ৰী উদ্ধৱ ঠাকৰেয়ে সেনাৰ নেতাসকলৰ সৈতে এখন ৰাষ্ট্ৰীয় কাৰ্যনিৰ্বাহক বৈঠকৰ আহ্বান কৰিছিল৷ আন যিকোনো ৰাজনৈতিক সংগঠন বা গোটক শিৱসেনা আৰু দলটোৰ প্ৰতিষ্ঠাপক বালাচাহেব থাকৰেৰ নাম ব্যৱহাৰ কৰাত বাধা দিবলৈ নিৰ্বাচন আয়োগক আৱেদন জনাইছিল।

মহাৰাষ্ট্ৰ বিধানসভাৰ মুঠ শক্তি হৈছে ২৮৭ আৰু সংখ্যাগৰিষ্ঠতা, আস্থা ভোটৰ ক্ষেত্ৰত ১৪৪৷  শিৱসেনা, এনচিপি আৰু কংগ্ৰেছৰ শাসকীয় মিত্ৰজোঁটৰ ১৬৯খন আসন আছে। যদি সিন্দেৰ নেতৃত্বত বিধায়কসকলে পদত্যাগ কৰে, তেন্তে মহা বিকাশ আঘাদীয়ে (এমভিএ) সংখ্যাগৰিষ্ঠতা হেৰুৱাব আৰু তেতিয়াই উদ্ধৱ ঠাকৰে নেতৃত্বাধীন চৰকাৰৰ পতন নিশ্চিত হব৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
দুলীয়াজানৰ তৈলখাদত লোহাৰ পাইপ খহি গাত পৰাত শ্ৰমিক কিৰণ গগৈৰ কৰুণ মৃত্যু
মাজবাটত একাংশ মুছলিমৰ কাণ্ডই লাজত পেলাইছে মুছলমান সমাজক! এনে ঘটনাৰ পৰা পৰিত্ৰাণ পাবলৈ অনুষ্ঠিত সজাগতা সভা
ফলমূল,শাক-পাছলি, মাছৰ পৰা মৌলৈকে কি নাই! বোকাখাতত কৃষি বিপ্লৱৰ চমক প্ৰাক্তন নৌ সেনাৰ ডুবাৰু চম্পক ডেকাৰ
শিল্পীকা বৰদলৈৰ ৰাষ্ট্ৰীয় স্বীকৃতিক লৈ উৎফুল্ল যোৰহাটবাসী
ৰাছিয়াৰ কাষত মার্কিন পাৰমাণৱিক ছাবমেৰিন মোতায়েনৰ নিৰ্দেশ
ড° নগেন শইকীয়া, চৈয়দ চাদুল্লাক বাসগৃহতে সাক্ষাৎ সোণোৱালৰ