--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক: মহাৰাষ্ট্ৰৰ ৰাজনৈতিক সংকটত নিবদ্ধ হৈ ৰৈছে দেশবাসীৰ দৃষ্টি৷ প্ৰতি মুহূৰ্তত সলনি হৈছে প্ৰেক্ষাপট৷ উদ্ধৱ থাকৰেৰ বিৰোধিতা কৰি একনাথ সিন্দেৰ নেতৃত্বত গুৱাহাটীৰ ৰেডিশ্বন ব্লুত বাহিৰ পাতিছে বিসম্বাদী বিধায়কে৷ আৰু তাৰ মাজতে প্ৰেক্ষাপটত উদ্ধৱ-পত্নী ৰশ্মি থাকৰে৷

উদ্ধৱ থাকৰেৰ পত্নী ৰশ্মি থাকৰেয়ে যোগ দিছে শিৱসেনাৰ বৈঠকত৷ বৈঠকত অংশ লৈয়ে বিসম্বাদীসকলৰ পত্নীসকলৰ সৈতে যোগাযোগ কৰি তেওঁলোকক ঘূৰি আহিবলৈ সৈমান কৰাবলৈ প্ৰয়াস কৰিব বুলি মন্তব্য কৰে৷

কালি মুখ্যমন্ত্ৰী উদ্ধৱ ঠাকৰেয়ে সেনাৰ নেতাসকলৰ সৈতে এখন ৰাষ্ট্ৰীয় কাৰ্যনিৰ্বাহক বৈঠকৰ আহ্বান কৰিছিল৷ আন যিকোনো ৰাজনৈতিক সংগঠন বা গোটক শিৱসেনা আৰু দলটোৰ প্ৰতিষ্ঠাপক বালাচাহেব থাকৰেৰ নাম ব্যৱহাৰ কৰাত বাধা দিবলৈ নিৰ্বাচন আয়োগক আৱেদন জনাইছিল।

মহাৰাষ্ট্ৰ বিধানসভাৰ মুঠ শক্তি হৈছে ২৮৭ আৰু সংখ্যাগৰিষ্ঠতা, আস্থা ভোটৰ ক্ষেত্ৰত ১৪৪৷  শিৱসেনা, এনচিপি আৰু কংগ্ৰেছৰ শাসকীয় মিত্ৰজোঁটৰ ১৬৯খন আসন আছে। যদি সিন্দেৰ নেতৃত্বত বিধায়কসকলে পদত্যাগ কৰে, তেন্তে মহা বিকাশ আঘাদীয়ে (এমভিএ) সংখ্যাগৰিষ্ঠতা হেৰুৱাব আৰু তেতিয়াই উদ্ধৱ ঠাকৰে নেতৃত্বাধীন চৰকাৰৰ পতন নিশ্চিত হব৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস
দক্ষিণ শালমাৰাৰ এখন ঘৰ বজ্ৰপাতত সম্পূৰ্ণৰূপে ভস্মীভূত
লিডুত ডেৰ কোটি টকাৰ ড্ৰাগছ জব্দ; দুজনক গ্ৰেপ্তাৰ