--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দেওবাৰে (১৭ ছেপ্টেম্বৰ) এছিয়া কাপৰ অন্তিমখন খেলত ভাৰতীয় ক্ৰিকেট দলে শ্ৰীলংকাৰ বিৰুদ্ধে জয় সাব্যস্ত কৰে। ভাৰতৰ এই বিজয়ক লৈ দেশত উদ্দীপনাৰ পৰিবেশ। প্ৰবীণ নেতাসকলেও এই মহান বিজয়ৰ বাবে অভিনন্দন জ্ঞাপন কৰে। অৱশ্যে ইফালে অভিনন্দন বাৰ্তাটোত ৰাজনীতি কৰা দেখা গ’ল।

ভাৰতীয় দলটোক অভিনন্দন জনোৱাৰ সময়ত শাসকীয় দলৰ অধিকাংশ নেতাই দেশৰ বাবে ‘ভাৰত’ নাম ব্যৱহাৰ কৰাৰ বিপৰীতে বিৰোধী নেতাই ‘ইণ্ডিয়া’ নাম ব্যৱহাৰ কৰে। এছিয়া কাপ জয় কৰাৰ পাছত কোনজন নেতাই কি ক’লে কওঁ।

উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে টুইটাৰত পোষ্ট কৰি কয় যে, "২০২৩ চনৰ এছিয়া কাপ জয় কৰাৰ বাবে ভাৰতীয় ক্ৰিকেট দলক অভিনন্দন। এই জয় ঐতিহাসিক। আমি আপোনালোক সকলোৰে বাবে গৌৰৱান্বিত। জয় হিন্দ।"

জি-২০ৰ কথা উল্লেখ কৰি বিজেপিয়ে নিজৰ অফিচিয়েল এক্স হেণ্ডেলত পোষ্ট কৰিছিল, "ভাৰতৰ জয় অব্যাহত আছে।" বিজেপিয়ে প্ৰধানমন্ত্ৰী মোদীৰ ফটোও শ্বেয়াৰ কৰিছে। য'ত তেওঁক ক্ৰিকেটাৰ হিচাপে দেখুওৱা হৈছে আৰু এই ফটোখনত জি-২০ৰ সৈতে "Captaincy innings" লিখা আছে।

অসমৰ মুখ্যমন্ত্ৰী তথা বিজেপি নেতা হিমন্ত বিশ্ব শৰ্মাই লিখিছে, "মেন ইন ব্লুৰ অবিশ্বাস্য  প্ৰদৰ্শন। আমি আকৌ এবাৰ এছিয়ান চেম্পিয়ন। শ্ৰীলংকাৰ বিৰুদ্ধে ১০ উইকেটৰ দৰ্শনীয় জয়ৰে ৮ম বাৰৰ বাবে এছিয়া কাপ তুলি লোৱাৰ বাবে ভাৰতলৈ অভিনন্দন। মহম্মদ ছিৰাজৰ উজ্জ্বল বলিং আছিল আকৰ্ষণৰ কেন্দ্ৰবিন্দু।"

আনহাতে, বিৰোধী নেতাসকলৰ মাজত উত্তৰ প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী অখিলেশ যাদৱে এক্সত পোষ্ট কৰি লিখিছে, "এছিয়া কাপত ইণ্ডিয়াৰ বিলাসী জয় আৰু ভাৰতীয় বলাৰ মহম্মদ ছিৰাজলৈ বিশেষ অভিনন্দন"৷

আপৰ ৰাষ্ট্ৰীয় আহ্বায়ক তথা দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে অভিনন্দন জনাই লিখিছে, "ইণ্ডিয়া এছিয়া কাপৰ চেম্পিয়ন। টিম ইণ্ডিয়াই শ্ৰীলংকাৰ বিৰুদ্ধে দহ উইকেটৰ দৰ্শনীয় জয়ৰে খিতাপ দখল কৰিবলৈ অবিস্মৰণীয় প্ৰদৰ্শন আগবঢ়াইছিল। চাঞ্চল্যকৰ মহম্মদ ছিৰাজক তেওঁৰ প্ৰদৰ্শনৰ বাবে বিশেষ অভিনন্দন৷"

FOLLOW US F
POPULAR
FEATURE
TRENDY
এছিয়া কাপ আজিৰ পৰা ৮ দলৰ যুঁজ, ইউ এ ইত ভাৰতৰ উদ্যোগত আয়োজন
RSSৰ ২৭জন কৰ্মীৰ বিৰুদ্ধে গোচৰ, কেৰালাৰ মন্দিৰত পুষ্পসজ্জিত কার্পেটত 'অপাৰেশ্যন সিন্দূৰ'ৰ চিহ্ন
বাংলাদেশত দুর্গা পূজাত অস্থিৰতা সৃষ্টিৰ ষড়যন্ত্র চলিছে
আপোনাৰ WhatsApp তো আহিছে নেকি 'M PARIVAHAN' নামৰ মোবাইল App?  ১ মিনিটতে আপোনাৰ বেংক একাউণ্ট হ'ব পাৰে খালী
শিৱসাগৰত ড্ৰাগছ সৰবৰাহকাৰীক আটক! ৬৬গ্ৰাম ড্ৰাগছ জব্দ
পঞ্জাবত বানত ১৩ হাজাৰ কোটি টকাৰ ক্ষতি
খাদ্য খোৱাৰ পাছত পাণ চোবাই খালে লাভ কৰিব বহুত উপকাৰ
প্ৰেম বিবাহৰ ৭৭ দিনৰ পাছত সুখী নৱবিবাহিত দম্পতীৰ ৰহস্যজনক আত্মহনন! দুয়োটা পৰিয়ালত তীব্ৰ মানসিক আঘাত
নিজ দলৰ নেতাক সমালোচনা কৰাৰ পৰিণতি;  কে কবিতাক BRSৰ পৰা বহিষ্কাৰ
ওমৰ খালিদ, শ্বার্জিল ইমামৰ জামিন নামাঞ্জুৰ
দীপক মিট্টাল ইউ এ ইত ভাৰতৰ পৰৱৰ্তী ৰাষ্ট্ৰদূত
আগষ্টত ২০০০ কোটি UPI লেনদেন
ভয়ংকৰ আৰ্থিক সংকট! লীজত দিব টোকোলাইৰ ঐতিহাসিক ভৱন
৭ ছেপ্টেম্বৰত হ’ব চন্দ্ৰগ্ৰহণ! জ্যোতিষৰ মতে গৰ্ভৱতী মহিলাই কৰিব নালাগে এই ৪টা ভুল