--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দেওবাৰে (১৭ ছেপ্টেম্বৰ) এছিয়া কাপৰ অন্তিমখন খেলত ভাৰতীয় ক্ৰিকেট দলে শ্ৰীলংকাৰ বিৰুদ্ধে জয় সাব্যস্ত কৰে। ভাৰতৰ এই বিজয়ক লৈ দেশত উদ্দীপনাৰ পৰিবেশ। প্ৰবীণ নেতাসকলেও এই মহান বিজয়ৰ বাবে অভিনন্দন জ্ঞাপন কৰে। অৱশ্যে ইফালে অভিনন্দন বাৰ্তাটোত ৰাজনীতি কৰা দেখা গ’ল।

ভাৰতীয় দলটোক অভিনন্দন জনোৱাৰ সময়ত শাসকীয় দলৰ অধিকাংশ নেতাই দেশৰ বাবে ‘ভাৰত’ নাম ব্যৱহাৰ কৰাৰ বিপৰীতে বিৰোধী নেতাই ‘ইণ্ডিয়া’ নাম ব্যৱহাৰ কৰে। এছিয়া কাপ জয় কৰাৰ পাছত কোনজন নেতাই কি ক’লে কওঁ।

উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে টুইটাৰত পোষ্ট কৰি কয় যে, "২০২৩ চনৰ এছিয়া কাপ জয় কৰাৰ বাবে ভাৰতীয় ক্ৰিকেট দলক অভিনন্দন। এই জয় ঐতিহাসিক। আমি আপোনালোক সকলোৰে বাবে গৌৰৱান্বিত। জয় হিন্দ।"

জি-২০ৰ কথা উল্লেখ কৰি বিজেপিয়ে নিজৰ অফিচিয়েল এক্স হেণ্ডেলত পোষ্ট কৰিছিল, "ভাৰতৰ জয় অব্যাহত আছে।" বিজেপিয়ে প্ৰধানমন্ত্ৰী মোদীৰ ফটোও শ্বেয়াৰ কৰিছে। য'ত তেওঁক ক্ৰিকেটাৰ হিচাপে দেখুওৱা হৈছে আৰু এই ফটোখনত জি-২০ৰ সৈতে "Captaincy innings" লিখা আছে।

অসমৰ মুখ্যমন্ত্ৰী তথা বিজেপি নেতা হিমন্ত বিশ্ব শৰ্মাই লিখিছে, "মেন ইন ব্লুৰ অবিশ্বাস্য  প্ৰদৰ্শন। আমি আকৌ এবাৰ এছিয়ান চেম্পিয়ন। শ্ৰীলংকাৰ বিৰুদ্ধে ১০ উইকেটৰ দৰ্শনীয় জয়ৰে ৮ম বাৰৰ বাবে এছিয়া কাপ তুলি লোৱাৰ বাবে ভাৰতলৈ অভিনন্দন। মহম্মদ ছিৰাজৰ উজ্জ্বল বলিং আছিল আকৰ্ষণৰ কেন্দ্ৰবিন্দু।"

আনহাতে, বিৰোধী নেতাসকলৰ মাজত উত্তৰ প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী অখিলেশ যাদৱে এক্সত পোষ্ট কৰি লিখিছে, "এছিয়া কাপত ইণ্ডিয়াৰ বিলাসী জয় আৰু ভাৰতীয় বলাৰ মহম্মদ ছিৰাজলৈ বিশেষ অভিনন্দন"৷

আপৰ ৰাষ্ট্ৰীয় আহ্বায়ক তথা দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে অভিনন্দন জনাই লিখিছে, "ইণ্ডিয়া এছিয়া কাপৰ চেম্পিয়ন। টিম ইণ্ডিয়াই শ্ৰীলংকাৰ বিৰুদ্ধে দহ উইকেটৰ দৰ্শনীয় জয়ৰে খিতাপ দখল কৰিবলৈ অবিস্মৰণীয় প্ৰদৰ্শন আগবঢ়াইছিল। চাঞ্চল্যকৰ মহম্মদ ছিৰাজক তেওঁৰ প্ৰদৰ্শনৰ বাবে বিশেষ অভিনন্দন৷"

FOLLOW US F
POPULAR
FEATURE
TRENDY
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
অৰুণাচলৰ বনভূমিত কাটিব ১.৩৫ লাখ গছ
ডুমডুমাত ছুইফ্ট বাহনত সন্দেহযুক্ত হেৰ’ইনসহ তিনিজনক আটক
AIক নিয়ন্ত্ৰণ নকৰিলে বিপদত পৰিব মানৱ জাতি
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা