--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কোটি কোটি টকাৰ কেলেংকাৰীত দোষী সাব্যস্ত হৈছে আমেৰিকাত ভাৰতীয় মূলৰ দুজন ব্যক্তি। তেওঁলোকৰ নাম ঋষি শ্বাহ আৰু শ্ৰদ্ধা আগৰৱালা। ঋষি আৰু শ্ৰদ্ধা স্বাস্থ্য প্ৰযুক্তি ষ্টাৰ্ট আপ কোম্পানী ‘আউটকাম হেল্থ’ৰ সহ-প্ৰতিষ্ঠাপক হিচাপে কাম কৰি আহিছে। ঋষি শ্বাহ কোম্পানীটোৰ প্ৰাক্তন মুখ্য কাৰ্যবাহী বিষয়া হিচাপে কাৰ্যনিৰ্বাহ কৰি আহিছে। শ্ৰদ্ধা আগৰৱাল কোম্পানীটোৰ প্ৰাক্তন সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰি আহিছে।

এই গোচৰত কোম্পানীটোৰ প্ৰাক্তন মুখ্য পৰিচালন বিষয়া তথা মুখ্য বিত্তীয় বিষয়া ব্ৰেড পাৰ্ডিকো দোষী সাব্যস্ত কৰা হৈছে। আমেৰিকাৰ ন্যায় বিভাগে জাৰি কৰা প্ৰেছ বিজ্ঞপ্তি অনুসৰি প্ৰায় ১ বিলিয়ন ডলাৰ (প্ৰায় ৮২ বিলিয়ন টকা) আত্মসাৎ কৰাৰ গোচৰত ঋষি, শ্ৰদ্ধা আৰু ব্ৰেডক দোষী সাব্যস্ত কৰা হৈছে।

আউটকাম হেল্থে আমেৰিকাৰ চিকিৎসকৰ কাৰ্যালয়ত টেলিভিছনৰ পৰ্দা আৰু টেবলেট স্থাপন কৰিছিল। তাৰ পিছত সেই ডিভাইচবোৰত বিজ্ঞাপনৰ স্থান ক্লায়েণ্টক বিক্ৰী কৰিছিল, যাৰ বেছিভাগেই আছিল ফাৰ্মা কোম্পানী। এই পৰ্দাবোৰত আগতে নামী-দামী ঔষধ কোম্পানীবোৰৰ বিজ্ঞাপন বজাইছিল। ‘আউটকাম হেল্থ’ই এই ঔষধ কোম্পানীসমূহক তেওঁলোকৰ বিজ্ঞাপন চলোৱাৰ বাবে বিল প্ৰেৰণ কৰিব। এই কোম্পানীটোৱে নিজৰ ক্লায়েণ্টসকলক (ঔষধ কোম্পানী) দেখুৱাইছিল যে চুক্তি অনুসৰি পৰ্দাত বিজ্ঞাপন দেখুওৱা হৈছে, আনহাতে ইয়াক খেলিমেলি কৰা হৈছে। বিলিঙৰ ক্ষেত্ৰতো হেতালি খেলা হৈছিল।

ঋষি শ্বাহক মেইল জালিয়াতিৰ ৫টা, তাঁৰ জালিয়াতিৰ ১০টা (টেলিকমিউনিকেচন বা তথ্য প্ৰযুক্তি ব্যৱহাৰ কৰি সংঘটিত বিত্তীয় জালিয়াতি), বেংক জালিয়াতিৰ ২টা আৰু ধন সৰবৰাহৰ ২টা গোচৰত দোষী সাব্যস্ত কৰা হৈছে। একে সময়তে শ্ৰদ্ধা আগৰৱালাক মেইল জালিয়াতিৰ ৫টা, তাঁৰ জালিয়াতিৰ ৮টা আৰু বেংক জালিয়াতিৰ ২টা গোচৰত দোষী সাব্যস্ত কৰা হৈছে।

দুয়োকে মাত্ৰ দোষী সাব্যস্ত কৰা হৈছে। তেওঁলোকৰ শাস্তিৰ শুনানি এতিয়াও হোৱা নাই।ঋষি শ্বাহ আৰু শ্ৰদ্ধা আগৰৱালে ২০০৬ চনত ‘আউটকাম হেল্থ’ ষ্টাৰ্ট-আপ কোম্পানী আৰম্ভ কৰিছিল। ২০১৭ চনলৈকে ‘আউটকাম হেল্থ’ক কনটেক্সট মিডিয়া বুলি জনা গৈছিল।

তেতিয়া আউটকাম হেল্থৰ চিইঅ’ ঋষি শ্বাহক এজন সফল মিডিয়া আৰু টেকন’লজি উদ্যোগী হিচাপে গণ্য কৰা হৈছিল। ঋষিয়ে কেইবাটাও নাগৰিক সংস্থাৰ পৰিচালনা সমিতিৰ সদস্য হিচাপে কাম কৰি আহিছে - যেনে চিকাগোলেণ্ড চেম্বাৰ অৱ কমাৰ্চ আৰু নৰ্থৱেষ্টাৰ্ণ বিশ্ববিদ্যালয়ৰ ইনষ্টিটিউট ফৰ ষ্টুডেণ্ট বিজনেছ এডুকেচন।
আউটকাম হেল্থৰ সহ-প্ৰতিষ্ঠাপক শ্ৰদ্ধা আগৰৱালা কনফাৰেন্সৰ বক্তা আৰু ষ্টাৰ্ট আপ উপদেষ্টা। ঋষি শ্বাহ আৰু শ্ৰদ্ধা আগৰৱালাকো শীৰ্ষ ১০০ যুৱ উদ্যোগীৰ তালিকাত অন্তৰ্ভুক্ত হোৱাৰ বাবে হোৱাইট হাউছত ইতিমধ্যে সন্মানিত হৈছে।









FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস