--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : এক অনন্য কৃতিত্বৰ অধিকাৰী হোৱাৰ দিশে অগ্ৰসৰ হৈছে এগৰাকী ভাৰতীয় লেখিকা। গীতাঞ্জলি শ্ৰীৰ হিন্দী উপন্যাস ‘ট’ম্ব অব ছেণ্ড’ মনোনীত হৈছে আন্তঃৰাষ্ট্ৰীয় বুকাৰ বঁটাৰ বাবে। এই আন্তঃৰাষ্ট্ৰীয় বঁটা লাভৰ দৌৰত চামিল হোৱা এইখনেই প্ৰথম হিন্দী উপন্যাস। শ্ৰীৰ এই উপন্যাসখন ইংৰাজীলৈ অনুবাদ কৰিছে ডেইজী ৰকৱেলে।

বুকাৰৰ বাবে তেওঁৰ উপন্যাসখন শ্বৰ্টলিষ্ট হোৱাৰ পাছতে সংবাদ মাধ্যমৰ আগত অতি উচ্ছ্বসিত মন্তব্য কৰা দেখিবলৈ পোৱা গৈছে গীতাঞ্জলি শ্ৰীক। তেওঁ কয় যে, ‘এক এক অতি বিশেষ স্বীকৃতি। অৱশ্যে মই এনে স্বীকৃতিৰ বাবে অপেক্ষা কৰি থকা নাছিলোঁ, ইয়াৰ আশাও মই কৰি থকা নাছিলোঁ। এয়া মোলৈ অহা এটা অপ্ৰত্যাশিত শুভ সংবাদ। মোৰ হিন্দী উপন্যাসখনৰ নাম আছিল ‘ৰেট সমাধি’ তাকেই ডেইজীয়ে খুব সুন্দৰকৈ অনুবাদ কৰি উলিয়াইছিল।’ ৬৪ বছৰ বয়সীয়া লেখিকাগৰাকীয়ে ২৬ মে’ত লণ্ডনত অনুষ্ঠিত হ’বলগীয়া বঁটা প্ৰদান অনুষ্ঠানত ভাগ লোৱাৰো আশা কৰিছে।

উল্লেখ্য যে, বুকাৰ বঁটাৰ জুৰীয়ে এই উপন্যাসখনক ‘শক্তিশালী আৰু অপ্ৰতিৰোধ্য’ আখ্যা দিছে। বিশ্ব সাহিত্যৰ অন্যতম শ্ৰেষ্ঠ স্বীকৃতি অৰ্জনৰ বাটত এই গ্ৰন্থখনে পাঁচখন গ্ৰন্থৰ সৈতে প্ৰতিদ্বন্দ্বিতাত অৱতীৰ্ণ হ’ব। তেওঁৰ সৈতে চূড়ান্ত স্বীকৃতিৰ বাবে বিবেচিত হোৱা আন পাঁচখন উপন্যাস হৈছে ক্ৰমে, ব’ৰা চুঙৰ ‘কাৰ্ছড বানী’, জন ফ’ছীৰ ‘এ নিউ নেম : ছেপ্ট’লজী ছিক্স-ছেভেন’, মিয়েক’ কাৱাকামীৰ ‘হেভে”, ক্লাউডিয়া পিয়েৰিঅ’ৰ ‘ইলেনা ন’জ’, অ’লগা টোকাৰজুকৰ ‘দ্য বুকছ অব জেকব’।

বিশ্ব সাহিত্যৰ অন্যতম শ্ৰেষ্ঠ বঁটা হিচাপে বিবেচিত বুকাৰৰ অৰ্থমূল্য হৈথছে ৫০ হাজাৰ পাউণ্ড। লেখক আৰু অনুবাদক উভয়ৰ মাজতে এই অৰ্থ সমানে ভগাই দিয়া হয়।

 


FOLLOW US F
POPULAR
FEATURE
TRENDY
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ