--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : এক অনন্য কৃতিত্বৰ অধিকাৰী হোৱাৰ দিশে অগ্ৰসৰ হৈছে এগৰাকী ভাৰতীয় লেখিকা। গীতাঞ্জলি শ্ৰীৰ হিন্দী উপন্যাস ‘ট’ম্ব অব ছেণ্ড’ মনোনীত হৈছে আন্তঃৰাষ্ট্ৰীয় বুকাৰ বঁটাৰ বাবে। এই আন্তঃৰাষ্ট্ৰীয় বঁটা লাভৰ দৌৰত চামিল হোৱা এইখনেই প্ৰথম হিন্দী উপন্যাস। শ্ৰীৰ এই উপন্যাসখন ইংৰাজীলৈ অনুবাদ কৰিছে ডেইজী ৰকৱেলে।

বুকাৰৰ বাবে তেওঁৰ উপন্যাসখন শ্বৰ্টলিষ্ট হোৱাৰ পাছতে সংবাদ মাধ্যমৰ আগত অতি উচ্ছ্বসিত মন্তব্য কৰা দেখিবলৈ পোৱা গৈছে গীতাঞ্জলি শ্ৰীক। তেওঁ কয় যে, ‘এক এক অতি বিশেষ স্বীকৃতি। অৱশ্যে মই এনে স্বীকৃতিৰ বাবে অপেক্ষা কৰি থকা নাছিলোঁ, ইয়াৰ আশাও মই কৰি থকা নাছিলোঁ। এয়া মোলৈ অহা এটা অপ্ৰত্যাশিত শুভ সংবাদ। মোৰ হিন্দী উপন্যাসখনৰ নাম আছিল ‘ৰেট সমাধি’ তাকেই ডেইজীয়ে খুব সুন্দৰকৈ অনুবাদ কৰি উলিয়াইছিল।’ ৬৪ বছৰ বয়সীয়া লেখিকাগৰাকীয়ে ২৬ মে’ত লণ্ডনত অনুষ্ঠিত হ’বলগীয়া বঁটা প্ৰদান অনুষ্ঠানত ভাগ লোৱাৰো আশা কৰিছে।

উল্লেখ্য যে, বুকাৰ বঁটাৰ জুৰীয়ে এই উপন্যাসখনক ‘শক্তিশালী আৰু অপ্ৰতিৰোধ্য’ আখ্যা দিছে। বিশ্ব সাহিত্যৰ অন্যতম শ্ৰেষ্ঠ স্বীকৃতি অৰ্জনৰ বাটত এই গ্ৰন্থখনে পাঁচখন গ্ৰন্থৰ সৈতে প্ৰতিদ্বন্দ্বিতাত অৱতীৰ্ণ হ’ব। তেওঁৰ সৈতে চূড়ান্ত স্বীকৃতিৰ বাবে বিবেচিত হোৱা আন পাঁচখন উপন্যাস হৈছে ক্ৰমে, ব’ৰা চুঙৰ ‘কাৰ্ছড বানী’, জন ফ’ছীৰ ‘এ নিউ নেম : ছেপ্ট’লজী ছিক্স-ছেভেন’, মিয়েক’ কাৱাকামীৰ ‘হেভে”, ক্লাউডিয়া পিয়েৰিঅ’ৰ ‘ইলেনা ন’জ’, অ’লগা টোকাৰজুকৰ ‘দ্য বুকছ অব জেকব’।

বিশ্ব সাহিত্যৰ অন্যতম শ্ৰেষ্ঠ বঁটা হিচাপে বিবেচিত বুকাৰৰ অৰ্থমূল্য হৈথছে ৫০ হাজাৰ পাউণ্ড। লেখক আৰু অনুবাদক উভয়ৰ মাজতে এই অৰ্থ সমানে ভগাই দিয়া হয়।

 


FOLLOW US F
POPULAR
FEATURE
TRENDY
৩৯টা গ'লেৰে ৰ'নাল্ডোৰ অভিলেখ, হাংগেৰীক পৰাজিত কৰি অস্তিত্ব ৰক্ষা পৰ্টুগালৰ
'নেপালৰ পৰিৱেশ অতি ভয়াৱহ,এতিয়া নেপাললৈ নাযাব।'- নেপালত অধ্যয়নৰত অসমৰ ছাত্ৰ আনিনুল ইছলামৰ ভাষ্য
১৭ হাজাৰ শিক্ষার্থীয়ে সমস্বৰে 'মানুহে মানুহৰ বাবে' গাই ৰচিলে অভিলেখ
অক্টোবৰত দেশজুৰি নিৰ্বাচন আয়োগে আৰম্ভ কৰিব ভোটাৰ তালিকাৰ বিশেষ সংশোধনী!
নেপালৰ কাৰাগাৰৰ পৰা পলায়ন ১৩,০০০ বন্দীৰ
অলৌকিক ঘটনা! এজন মানুহক তিনি বছৰৰ মূৰে মূৰে সাপে দংশন কৰাৰ পাছতো কৰিব পৰা নাই একো ক্ষতি
গজালি ওলোৱা আলু খায় নেকি? ই কৰে স্বাস্থ্যৰ ক্ষতি
নগাঁৱৰ মেট্ৰ' হাস্পতালত শিশুৰ মৃত্যুক লৈ উত্তপ্ত পৰিস্থিতি
AMCHত ভয়ংকৰ ঘটনা! প্ৰসূতি বিভাগৰ ICUৰ পৰা নৱজাতক সলনিৰ গুৰুতৰ অভিযোগ
পুনৰ বিপদত শিল্পা ছেট্টী আৰ ৰাজ কুন্দ্ৰা ! মুম্বাই আৰক্ষীয়ে জাৰি কৰিব লুক আউট জাননী
বৃক্কৰ বাবে এই ৫ টা ফল অমৃততকৈ কম নহয়; আজিৰে পৰা খাবলৈ আৰম্ভ কৰক
২৪৪০ কোটি ব্যয়েৰে বিদ্যালয়ত প্ৰৱৰ্তন হ'ব দক্ষতা শিক্ষাৰ পাঠ্যক্ৰম
পাঠকৰ অধীৰ আগ্ৰহৰ অন্ত! প্ৰকাশ পালে  ৪০০ পৃষ্ঠাৰে সজ্জিত দৈনিক জনমভূমিৰ শাৰদীয় আলোচনী
পশ্চিম বংগ বিধানসভাত উত্তপ্ত পৰিস্থিতি ; বিজেপিৰ ৫জন বিধায়কক নিলম্বন