--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ভাৰত আৰু ৰাছিয়াৰ মাজত আৰম্ভণিৰ পৰাই সম্পৰ্ক সৌহাদ্য পূৰ্ণ৷ শেহতীয়কৈ ৰাছিয়াই সদৰি কৰা অনুসৰি ভাৰতীয়সকলে অতি সোনকালে ৰাছিয়াত ভিছামুক্ত প্ৰৱেশ লাভ কৰিব পাৰে। ২০২৫ চনত এই ঘোষণা ৰাজহুৱা হোৱাৰ সম্ভাৱনা আছে৷ ইয়াৰ পূৰ্বে জুন মাহত ৰাছিয়া আৰু ভাৰতে ভিছামুক্ত গোট পৰ্যটন বিনিময় কাৰ্যকৰী কৰিবলৈ ভিছাৰ নিষেধাজ্ঞা লাঘৱ কৰাৰ বাবে দ্বিপাক্ষিক চুক্তিৰ বিষয়ে আলোচনা কৰা বুলি বাতৰি প্ৰকাশ পাইছিল। 

থাইলেণ্ডৰ পাছতে এইবাৰ ভাৰতীয়ক ভিছামুক্ত প্ৰৱেশ প্ৰদান কৰিব ৰাছিয়াই৷ উল্লেখযযোগ্য যে ২০২৩ চনৰ আগষ্ট মাহৰ পৰা ভাৰতীয়সকলে ৰাছিয়ালৈ যাবলৈ ই-ভিছাৰ লাভ কৰিছিল, যিটো প্ৰক্ৰিয়াত প্ৰায় চাৰিদিন সময় লাগিছিল।

বৰ্তমান ভাৰতীয় নাগৰিকে ৰাছিয়াৰ দূতাবাসে প্ৰদান কৰা ভিছা লাভ কৰিলেহে ৰাছিয়াত প্ৰৱেশ বা থকা আৰু প্ৰস্থান কৰিব পাৰে। আৰু ভিছা লাভ কৰা প্ৰক্ৰিয়াটো আছিল যথেষ্ট দীঘলীয়া। বেছিভাগ ভাৰতীয় পৰ্যটকে ব্যৱসায়িক বা চৰকাৰী উদ্দেশ্যত ৰাছিয়া ভ্ৰমণ কৰে। আৰু ২০২৩ চনত অভিলেখ সৃষ্টিকাৰী ৬০ হাজাৰ ভাৰতীয়ই মস্কো ভ্ৰমণ কৰিছিল, যিটো ২০২২ চনৰ তুলনাত ২৬ শতাংশলৈ বৃদ্ধি পাইছে।

সম্প্ৰতি ভাৰতে ৬২খন দেশলৈ ভিছাবিহীন ভ্ৰমণৰ সুবিধা লাভ কৰি আছে। ২০২৪ চনত হেনলি পাছপ’ৰ্ট সূচকাংকত ৮২ নম্বৰ স্থানত আছে ভাৰত৷ ভাৰতীয় পাছপ’ৰ্টধাৰীয়ে বৰ্তমান ইণ্ডোনেছিয়া, মালদ্বীপ আৰু থাইলেণ্ডৰ দৰে জনপ্ৰিয় পৰ্যটনস্থলীলৈ ভিছা অবিহনে যাত্ৰা কৰাৰ সুবিধা লাভ কৰিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ