--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ১৬ ডিচেম্বৰ দিনটো বাংলাদেশৰ লগতে ভাৰতৰ বাবেও এক ঐতিহ্য পূৰ্ণ দিন। ১৯৭১ চনৰ আজিৰ দিনটোতে ভাৰতীয় সেনাই পাকিস্তানক পৰাস্ত কৰি  বাংলাদেশ স্বাধীনতাৰ পথ প্ৰশস্ত কৰিছিল। ভাৰতীয় সেনা বাহিনীৰ ত্যাগৰ প্ৰতি সন্মান জনাই ১৬ ডিচেম্বৰ দিনটো বিজয় দিৱস হিচাপে পালন কৰি অহা হৈছে। 

বিজয় দিৱস উপলক্ষে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু, উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখৰ, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং, গৃহমন্ত্ৰী অমিত শ্বাহকে ধৰি অন্যান্য বিশিষ্ট ব্যক্তিসকলে এই যুদ্ধত শ্বহীদ হোৱা জোৱানসকলক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।

বীৰ শ্বহীদ সকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুয়ে দেশৰ জোৱান সকলৰ ত্যাগ আৰু বীৰত্বৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰে। ইফালে প্ৰধানমন্ত্ৰী মোদীয়ে বিজয় দিৱস উপলক্ষে দেশৰ জোৱানসকলক স্মৰণ কৰি ১৯৭১ চনত পাকিস্তানৰ সৈতে ভাৰতৰ ঐতিহাসিক বিজয়ত অৰিহণা যোগোৱা বীৰ জোৱানসকলৰ সাহস আৰু ত্যাগক শ্ৰদ্ধা নিবেদন কৰে। এই দিৱসত বীৰ জোৱানসকলৰ অসাধাৰণ বীৰত্ব আৰু অটল মনোভাৱৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।

১৯৭১ চনত পাকিস্তানৰ বিৰুদ্ধে ভাৰতৰ বিজয়ৰ স্মৃতিত সমগ্ৰ দেশতে ১৬ ডিচেম্বৰত  বিজয় দিৱস পালন কৰা হয়। এই ১৩ দিনীয়া যুদ্ধৰ অন্তত পাকিস্তানে ঢাকাত আত্মসমৰ্পণৰ নথিপত্ৰত স্বাক্ষৰ কৰাৰ পিছত বাংলাদেশে স্বাধীনতা লাভ কৰে।যি পূৰ্বতে ইয়াক পূব পাকিস্তান নামেৰে খ্যাত আছিল। 

প্ৰসংগ ক্ৰমে বাংলাদেশৰ বিজয় দিৱস উপলক্ষে বাংলাদেশৰ নাগৰিক সকলক উদ্দেশ্যি দিয়া এক বিবৃতিত প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাই বাংলাদেশৰ মুক্তি যুদ্ধৰ আদৰ্শৰ প্ৰতি মহম্মদ ইউনুছ চৰকাৰৰ কোনো সংবেদনশীলতা নাই বুলি অভিযোগ উত্থপন কৰিছে। তেওঁ লগতে কয় যদি তেওঁলোকে এটা বেলেগ আখ্যান দাঙি ধৰিব পৰা হ’লে তেওঁলোকে জাতীয় জীৱনৰ সকলো ক্ষেত্ৰৰ পৰা মহান মুক্তিযুদ্ধৰ লেখ-জোখ মচি পেলালেহেঁতেন। আৱামী লীগৰ সভাপতি হাছিনাই ইউনুছ চৰকাৰক "ফেচিষ্ট" বুলি অভিহিত কৰে শ্বেখ হাছিনাই।

বাংলাদেশৰ নাগৰিক সকলক উদ্দেশ্যি দিয়া বিবৃতিৰ শেষত শ্বেখ হাছিনাই কয় যে বাঙালীসকলে বাৰে বাৰে স্বাধীনতাৰ বিৰোধীতা কৰা সকলক পৰাস্ত কৰি আহিছে। এই পৰিস্থিতিৰ মাজতো যুঁজ আৰম্ভ হৈছে। মুক্তিযুদ্ধৰ মনোভাৱৰ শিখা প্ৰজন্মৰ পৰা প্ৰজন্মলৈ কঢ়িয়াই নিয়া হ’ব বুলি মত প্ৰকাশ কৰে। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ