--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ১৬ ডিচেম্বৰ দিনটো বাংলাদেশৰ লগতে ভাৰতৰ বাবেও এক ঐতিহ্য পূৰ্ণ দিন। ১৯৭১ চনৰ আজিৰ দিনটোতে ভাৰতীয় সেনাই পাকিস্তানক পৰাস্ত কৰি  বাংলাদেশ স্বাধীনতাৰ পথ প্ৰশস্ত কৰিছিল। ভাৰতীয় সেনা বাহিনীৰ ত্যাগৰ প্ৰতি সন্মান জনাই ১৬ ডিচেম্বৰ দিনটো বিজয় দিৱস হিচাপে পালন কৰি অহা হৈছে। 

বিজয় দিৱস উপলক্ষে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু, উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখৰ, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং, গৃহমন্ত্ৰী অমিত শ্বাহকে ধৰি অন্যান্য বিশিষ্ট ব্যক্তিসকলে এই যুদ্ধত শ্বহীদ হোৱা জোৱানসকলক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।

বীৰ শ্বহীদ সকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুয়ে দেশৰ জোৱান সকলৰ ত্যাগ আৰু বীৰত্বৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰে। ইফালে প্ৰধানমন্ত্ৰী মোদীয়ে বিজয় দিৱস উপলক্ষে দেশৰ জোৱানসকলক স্মৰণ কৰি ১৯৭১ চনত পাকিস্তানৰ সৈতে ভাৰতৰ ঐতিহাসিক বিজয়ত অৰিহণা যোগোৱা বীৰ জোৱানসকলৰ সাহস আৰু ত্যাগক শ্ৰদ্ধা নিবেদন কৰে। এই দিৱসত বীৰ জোৱানসকলৰ অসাধাৰণ বীৰত্ব আৰু অটল মনোভাৱৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।

১৯৭১ চনত পাকিস্তানৰ বিৰুদ্ধে ভাৰতৰ বিজয়ৰ স্মৃতিত সমগ্ৰ দেশতে ১৬ ডিচেম্বৰত  বিজয় দিৱস পালন কৰা হয়। এই ১৩ দিনীয়া যুদ্ধৰ অন্তত পাকিস্তানে ঢাকাত আত্মসমৰ্পণৰ নথিপত্ৰত স্বাক্ষৰ কৰাৰ পিছত বাংলাদেশে স্বাধীনতা লাভ কৰে।যি পূৰ্বতে ইয়াক পূব পাকিস্তান নামেৰে খ্যাত আছিল। 

প্ৰসংগ ক্ৰমে বাংলাদেশৰ বিজয় দিৱস উপলক্ষে বাংলাদেশৰ নাগৰিক সকলক উদ্দেশ্যি দিয়া এক বিবৃতিত প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাই বাংলাদেশৰ মুক্তি যুদ্ধৰ আদৰ্শৰ প্ৰতি মহম্মদ ইউনুছ চৰকাৰৰ কোনো সংবেদনশীলতা নাই বুলি অভিযোগ উত্থপন কৰিছে। তেওঁ লগতে কয় যদি তেওঁলোকে এটা বেলেগ আখ্যান দাঙি ধৰিব পৰা হ’লে তেওঁলোকে জাতীয় জীৱনৰ সকলো ক্ষেত্ৰৰ পৰা মহান মুক্তিযুদ্ধৰ লেখ-জোখ মচি পেলালেহেঁতেন। আৱামী লীগৰ সভাপতি হাছিনাই ইউনুছ চৰকাৰক "ফেচিষ্ট" বুলি অভিহিত কৰে শ্বেখ হাছিনাই।

বাংলাদেশৰ নাগৰিক সকলক উদ্দেশ্যি দিয়া বিবৃতিৰ শেষত শ্বেখ হাছিনাই কয় যে বাঙালীসকলে বাৰে বাৰে স্বাধীনতাৰ বিৰোধীতা কৰা সকলক পৰাস্ত কৰি আহিছে। এই পৰিস্থিতিৰ মাজতো যুঁজ আৰম্ভ হৈছে। মুক্তিযুদ্ধৰ মনোভাৱৰ শিখা প্ৰজন্মৰ পৰা প্ৰজন্মলৈ কঢ়িয়াই নিয়া হ’ব বুলি মত প্ৰকাশ কৰে। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু