--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃমৃত্যুৰ দুৱাৰদলিৰ পৰা উভতি আহিবলৈ সক্ষম  হৈছে ইৰাকৰ এজন নাগৰিক। ইৰাকত কৰ্কট ৰোগত আক্ৰান্ত এজন ব্যক্তি (চতুৰ্থ পৰ্যায়)য়ে  ভাৰতলৈ  চিকিৎসা কৰোৱাবলৈ আহিছিল। তেওঁৰ জীয়াই থকাৰ আশা তেনেই ক্ষীণ আছিল। কিন্তু ভাৰতীয় চিকিৎসকৰ প্ৰচেষ্টাত তেওঁ নতুন জীৱন লাভ কৰিছে।    দ্বাৰকাৰ মণিপাল চিকিৎসালয়ৰ চিকিৎসকসকলে এক জটিল অস্ত্ৰোপচাৰৰ জৰিয়তে ৪৭ বছৰীয়া ইৰাকী ব্যক্তিজনৰ  জীৱন ৰক্ষা কৰিছে। এই ঘটনাটোৱে আকৌ এবাৰ এটা বাৰ্তা প্ৰেৰণ কৰিছে  যে কৰ্কট ৰোগৰ অৰ্থ মৃত্যু নহয়। সঠিক চিকিৎসাই অসম্ভৱকো সম্ভৱ কৰি তুলিব পাৰে।

চিকিৎসকসকলৰ মতে  লোকজনে   প্ৰথমতে ইৰাকত চিকিৎসাধীন  হৈ আছিল। তেওঁ মলাশয়ৰ কৰ্কট ৰোগত আক্ৰান্ত হৈছিল। পিছত তেওঁ ভাৰতলৈ আহিছিল আৰু দ্বাৰকাৰ মণিপাল চিকিৎসালয়ত চিকিৎসা আৰম্ভ কৰিছিল। তেওঁক কেমো থেৰাপী আৰু ৰে  দিয়া হৈছিল। 

মণিপাল চিকিৎসালয়ৰ অস্ত্ৰোপচাৰ অংক'লজী বিভাগৰ মুৰব্বী ডাঃ সঞ্জীৱ কুমাৰে কয়, "ৰোগীগৰাকীয়ে  কৰ্কট ৰোগত আক্ৰান্ত বুলি শুনি জীৱনৰ আশা প্ৰায় ত্যাগ কৰিছিল। তেওঁৰ আত্মবিশ্বাস নাছিল যে তেওঁ জীয়াই থাকিব পাৰিব। এয়া  আমাৰ বাবেও এটা অতি কঠিন যুঁজ আছিল। প্ৰথমতে, ৰোগীজনত  ভুল চিকিৎসা কৰা হৈছিল। তদুপৰি, তেওঁৰ ওজন আছিল ১২২  কিলোগ্ৰাম। কৰ্কট ৰোগৰ উপৰি তেওঁৰ শৰীৰত আন বহু ৰোগ  আছিল। '
 চিকিৎসকসকলে দাবী কৰে যে সাধাৰণতে কৰ্কট ৰোগৰ চতুৰ্থ পৰ্যায়টো মৃত্যুৰ সমান। তথাপিও  চিকিৎসাৰ কিছু সুযোগ আছিল। চিকিৎসাৰ জটিলতাৰ কথা মনত ৰাখি, চিকিৎসকসকলে এক বিশেষ উপায়েৰে চিকিৎসা কৰাৰ সিদ্ধান্ত লৈছিল । সেই অনুসৰি   অস্ত্ৰোপচাৰৰ জৰিয়তে কৰ্কট ৰোগৰ টিউমাৰ আঁতৰ কৰাৰ সিদ্ধান্ত লোৱা হৈছিল। ইয়াৰ উপৰি  কেমোথেৰাপীৰ প্ৰক্ৰিয়া অব্যাহত ৰখা হৈছিল । সফল অস্ত্ৰোপচাৰৰ পিছত ব্যক্তিজন এতিয়া সম্পূৰ্ণভাবে সুস্থ। এই ঘটনাই প্ৰমাণ কৰিছে  যে উন্নত চিকিৎসাৰ দ্বাৰা কৰ্কট ৰোগৰ দৰে জটিল ৰোগ আৰোগ্য কৰিব পাৰি।

FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু