--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অনুৰাগ ঠাকুৰে মঙলবাৰে ঘোষণা কৰে যে বলীউডৰ প্ৰবীণ অভিনেত্ৰী আশা পাৰেখক ২০২২ বৰ্ষৰ দাদাচাহেব ফালকে বঁটাৰে সন্মানিত কৰা হ’ব। ভাৰতীয় চিনেমাৰ ক্ষেত্ৰত দাদাচাহেব ফাল্কে বঁটাক সৰ্বোচ্চ সন্মান হিচাপে গণ্য কৰা হয়। ভাৰতীয় চিনেমাক আগুৱাই লৈ যোৱাত আশা পাৰেখৰ যথেষ্ট অৱদান আছে। 

এই সন্মানীয় বঁটা লাভ কৰা ৫২ সংখ্যক ব্যক্তি হ’ব আশা পাৰেখ। অনুৰাগ ঠাকুৰে কয় যে, “আশা ভোশলে, হেমা মালিনী, উদিত নাৰায়ণ, পুনম ধিল্লন আৰু টি এছ নাগভৰণক লৈ গঠিত দাদাচাহেব ফাল্কে কমিটিয়ে ৬৮ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাত আশা পাৰেখক এই বঁটা প্ৰদান কৰাৰ সিদ্ধান্ত লৈছে।”

আশা পাৰেখ নিজৰ যুগৰ সৰ্বাধিক মাননি পোৱা অভিনেত্ৰীসকলৰ ভিতৰত অন্যতম। অৱশ্যে আশা পাৰেখে বৰ্তমানে অভিনয়ৰ পৰা অব্যাহতি লৈছে। ৬০ আৰু ৭০ ৰ দশকত আশা পাৰেখে ভাৰতীয় চলচ্চিত্ৰৰ জগতত শীৰ্ষ অভিনেত্ৰীৰ আসনত বহিবলৈ সক্ষম হৈছিল। পঞ্জাবী, গুজৰাটী আৰু কানাড়া ছবিতো তেওঁ অভিনয় কৰিছিল। তদুপৰি তেওঁ নিজাকৈ প্ৰডাকচন কোম্পানী আৰম্ভ কৰি টিভি শ্ব’ প্ৰযোজনা কৰিছিল। ১৯৯২ চনত তেওঁ পদ্মশ্ৰী বঁটা লাভ কৰিছিল। অনুৰাগ ঠাকুৰে আশাৰ বিষয়ে কয় যে, “তেওঁ ৯৫ খনতকৈও অধিক ছবিত অভিনয় কৰিছিল আৰু ১৯৯৮ চনৰ পৰা ২০০১ চনলৈকে কেন্দ্ৰীয় চলচ্চিত্ৰ প্ৰমাণীকৰণ ব’ৰ্ডৰ (চিবিএফচি) অধ্যক্ষ আছিল।”

চিনেমাৰ ক্ষেত্ৰত এই সৰ্বোচ্চ দাদা চাহেব ফালকে বঁটা প্ৰতি বছৰে ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাত প্ৰদান কৰা হয়। এইবাৰ ৩০ ছেপ্টেম্বৰত অনুষ্ঠিত হ’ব এই অনুষ্ঠান য’ত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে অভিনেত্ৰী আশা পাৰেখক বঁটা প্ৰদান কৰিব। যোৱা বছৰ ছুপাৰষ্টাৰ ৰজনীকান্তক এই বঁটাৰে সন্মানিত কৰা হৈছিল।

আশা পাৰেখৰ কেইখনমান আইকনিক চিনেমা

৭৯ বছৰীয়া আশা পাৰেখে ‘দিল দেকে দেখো’, ‘কাটি পতংগ’, ‘তিছৰী মঞ্জিল’, ‘কাৰৱা’ আদি হিট ছবিত কাম কৰি কৰিছে। তেওঁক হিন্দী চিনেমাৰ আইকনিক অভিনেত্ৰী হিচাপে গণ্য কৰা হয়। নব্বৈৰ দশকৰ শেষৰ ফালে পাৰেখে পৰিচালনা কৰিছিল প্ৰশংসিত টিভি ধাৰাবাহিক ‘কোৰা কাগজ’। প্ৰযোজক আৰু পৰিচালক হিচাপেও তেওঁৰ কাম অসাধাৰণ আছিল।










FOLLOW US F
POPULAR
FEATURE
TRENDY
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ