--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অনুৰাগ ঠাকুৰে মঙলবাৰে ঘোষণা কৰে যে বলীউডৰ প্ৰবীণ অভিনেত্ৰী আশা পাৰেখক ২০২২ বৰ্ষৰ দাদাচাহেব ফালকে বঁটাৰে সন্মানিত কৰা হ’ব। ভাৰতীয় চিনেমাৰ ক্ষেত্ৰত দাদাচাহেব ফাল্কে বঁটাক সৰ্বোচ্চ সন্মান হিচাপে গণ্য কৰা হয়। ভাৰতীয় চিনেমাক আগুৱাই লৈ যোৱাত আশা পাৰেখৰ যথেষ্ট অৱদান আছে। 

এই সন্মানীয় বঁটা লাভ কৰা ৫২ সংখ্যক ব্যক্তি হ’ব আশা পাৰেখ। অনুৰাগ ঠাকুৰে কয় যে, “আশা ভোশলে, হেমা মালিনী, উদিত নাৰায়ণ, পুনম ধিল্লন আৰু টি এছ নাগভৰণক লৈ গঠিত দাদাচাহেব ফাল্কে কমিটিয়ে ৬৮ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাত আশা পাৰেখক এই বঁটা প্ৰদান কৰাৰ সিদ্ধান্ত লৈছে।”

আশা পাৰেখ নিজৰ যুগৰ সৰ্বাধিক মাননি পোৱা অভিনেত্ৰীসকলৰ ভিতৰত অন্যতম। অৱশ্যে আশা পাৰেখে বৰ্তমানে অভিনয়ৰ পৰা অব্যাহতি লৈছে। ৬০ আৰু ৭০ ৰ দশকত আশা পাৰেখে ভাৰতীয় চলচ্চিত্ৰৰ জগতত শীৰ্ষ অভিনেত্ৰীৰ আসনত বহিবলৈ সক্ষম হৈছিল। পঞ্জাবী, গুজৰাটী আৰু কানাড়া ছবিতো তেওঁ অভিনয় কৰিছিল। তদুপৰি তেওঁ নিজাকৈ প্ৰডাকচন কোম্পানী আৰম্ভ কৰি টিভি শ্ব’ প্ৰযোজনা কৰিছিল। ১৯৯২ চনত তেওঁ পদ্মশ্ৰী বঁটা লাভ কৰিছিল। অনুৰাগ ঠাকুৰে আশাৰ বিষয়ে কয় যে, “তেওঁ ৯৫ খনতকৈও অধিক ছবিত অভিনয় কৰিছিল আৰু ১৯৯৮ চনৰ পৰা ২০০১ চনলৈকে কেন্দ্ৰীয় চলচ্চিত্ৰ প্ৰমাণীকৰণ ব’ৰ্ডৰ (চিবিএফচি) অধ্যক্ষ আছিল।”

চিনেমাৰ ক্ষেত্ৰত এই সৰ্বোচ্চ দাদা চাহেব ফালকে বঁটা প্ৰতি বছৰে ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাত প্ৰদান কৰা হয়। এইবাৰ ৩০ ছেপ্টেম্বৰত অনুষ্ঠিত হ’ব এই অনুষ্ঠান য’ত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে অভিনেত্ৰী আশা পাৰেখক বঁটা প্ৰদান কৰিব। যোৱা বছৰ ছুপাৰষ্টাৰ ৰজনীকান্তক এই বঁটাৰে সন্মানিত কৰা হৈছিল।

আশা পাৰেখৰ কেইখনমান আইকনিক চিনেমা

৭৯ বছৰীয়া আশা পাৰেখে ‘দিল দেকে দেখো’, ‘কাটি পতংগ’, ‘তিছৰী মঞ্জিল’, ‘কাৰৱা’ আদি হিট ছবিত কাম কৰি কৰিছে। তেওঁক হিন্দী চিনেমাৰ আইকনিক অভিনেত্ৰী হিচাপে গণ্য কৰা হয়। নব্বৈৰ দশকৰ শেষৰ ফালে পাৰেখে পৰিচালনা কৰিছিল প্ৰশংসিত টিভি ধাৰাবাহিক ‘কোৰা কাগজ’। প্ৰযোজক আৰু পৰিচালক হিচাপেও তেওঁৰ কাম অসাধাৰণ আছিল।










FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু