--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: আকৌ এক লজ্জাজনক ঘটনা। উক্ত ঘটনা সংঘটিত হৈছে চেন্নাইত‌। চেন্নাইৰ এগৰাকী উবেৰৰ অটোৰিক্সা চালকে নিশা এগৰাকী কলেজীয়া ছাত্ৰীক যৌন নিৰ্যাতন চলাই বাহনখন এৰি পলাই যোৱাৰ অভিযোগ উত্থাপন হৈছে। দেওবাৰে নিশা ইশিতা সিং নামৰ মহিলাগৰাকী বন্ধুৰ সৈতে মহানগৰীৰ এখন হোটেললৈ উভতি অহাৰ সময়তে উক্ত ঘটনাটো সংঘটিত হয়।

টুইটাৰত এই ঘটনা বৰ্ণনা কৰি মহিলাগৰাকীয়ে কয় যে তেওঁ চেমানচেৰীৰ এখন ৰেষ্টুৰেণ্টৰ পৰা এখন হোটেললৈ উবেৰৰ অটোৰিক্সা ৰাইড বুকিং কৰিছিল। গন্তব্যস্থানত উপস্থিত হোৱাৰ পাছতেই যুৱতীগৰাকী আৰু তেওঁৰ বন্ধুৱে অটোৰ পৰা নামি অহাৰ লগে লগে ড্ৰাইভাৰে তাইক অনুপযুক্তভাৱে স্পৰ্শ কৰে বুলি অভিযোগ উত্থাপন কৰে।

পৰবৰ্তী সময়ত টুইটাৰ যোগে তামিলনাডু আৰক্ষীক টেগ কৰি যুৱতীগৰাকীয়ে লিখি জনাইছে যে আইবিছ অ'এমআৰ হোটেলৰ ওচৰত, যেতিয়া  তেওঁ আৰু তেওঁৰ বন্ধু ইষ্ট ক'ষ্ট মাদ্ৰাজৰ পৰা হোটেললৈ উভতি আহিছিলো তেতিয়াই সেলভাম নামৰ এজন উবেৰৰ অটো ড্ৰাইভাৰে তেওঁৰ ওপৰত যৌন নিৰ্যাতন চলাইছিল।
পৰৱৰ্তী টুইটত তেওঁ কয় যে তেওঁৰ এলাৰ্ম বজোৱাৰ পাছতেই চালকজন সেই স্থানৰ পৰা পলায়ন কৰে। ইফালে মহিলাগৰাকীয়ে দাবী কৰে যে তেওঁ আৰক্ষীক ফোন কৰিছিল যদিও কোনো সঁহাৰি পোৱা নাছিল।
৩০ মিনিটৰ পাছত এজন আৰক্ষীয়ে আন এজন লোকৰ সৈতে হোটেলখনত উপস্থিত হয় বুলি তেওঁ উল্লেখ কৰে, কিন্তু তাত কোনো মহিলা আৰক্ষী নাছিল। চৰকাৰী আদেশ অনুসৰি পুলিচ ষ্টেচনত মহিলা বিষয়া নথকাৰ বাবে তেওঁলোকে আমাক এফআইআৰ পঞ্জীয়ন কৰিবলৈ ৰাতিপুৱালৈকে অপেক্ষা কৰিবলৈ কয়। 
তেওঁ কয়, ‘তেওঁ আমাক অফলাইনত এফ আই আৰ দাখিল কৰিবলৈ থানালৈ যাবলৈ দিয়া নাছিল,’ তেওঁ লগতে কয় যে যেতিয়া তেওঁ যেতিয়া পুলিচ ষ্টেচনত উপস্থিত হৈছিল তেতিয়া তেওঁক থানাৰ ভিতৰত সোমাবলৈও দিয়া হোৱা নাছিল, কাৰণ “নিশা মহিলাক মহিলা আৰক্ষীৰ অনুপস্থিতিত থানাত সোমাবলৈ অনুমতি দিয়া নহয় "

মহিলাগৰাকীয়ে উবেৰ ভ্ৰমণৰ স্ক্ৰীণগ্ৰেব লৈ তেওঁ আৰু তেওঁৰ বন্ধুৱে যাত্ৰা কৰা অটোৰিক্সাৰ ছবিও পোষ্ট কৰে। তেওঁ নিজৰ ৰাইড লেনদেনৰ সবিশেষ আৰু ড্ৰাইভাৰৰ নামো শ্বেয়াৰ কৰিছে।

টুইটাৰ থ্ৰেডৰ প্ৰতি সঁহাৰি জনাই তাম্বাৰাম আৰক্ষী আয়ুক্তই কয় যে গোচৰ ৰুজু কৰা হৈছে আৰু অভিযুক্তৰ সন্ধান চলি আছে।

ইফালে উবেৰ ইণ্ডিয়াই এই ঘটনা সন্দৰ্ভত জ্ঞাত হৈ মহিলাগৰাকীক তেওঁৰ ৰাইডৰ সবিশেষ শ্বেয়াৰ কৰিবলৈ আহ্বান জনায়।








FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু