--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: আকৌ এক লজ্জাজনক ঘটনা। উক্ত ঘটনা সংঘটিত হৈছে চেন্নাইত‌। চেন্নাইৰ এগৰাকী উবেৰৰ অটোৰিক্সা চালকে নিশা এগৰাকী কলেজীয়া ছাত্ৰীক যৌন নিৰ্যাতন চলাই বাহনখন এৰি পলাই যোৱাৰ অভিযোগ উত্থাপন হৈছে। দেওবাৰে নিশা ইশিতা সিং নামৰ মহিলাগৰাকী বন্ধুৰ সৈতে মহানগৰীৰ এখন হোটেললৈ উভতি অহাৰ সময়তে উক্ত ঘটনাটো সংঘটিত হয়।

টুইটাৰত এই ঘটনা বৰ্ণনা কৰি মহিলাগৰাকীয়ে কয় যে তেওঁ চেমানচেৰীৰ এখন ৰেষ্টুৰেণ্টৰ পৰা এখন হোটেললৈ উবেৰৰ অটোৰিক্সা ৰাইড বুকিং কৰিছিল। গন্তব্যস্থানত উপস্থিত হোৱাৰ পাছতেই যুৱতীগৰাকী আৰু তেওঁৰ বন্ধুৱে অটোৰ পৰা নামি অহাৰ লগে লগে ড্ৰাইভাৰে তাইক অনুপযুক্তভাৱে স্পৰ্শ কৰে বুলি অভিযোগ উত্থাপন কৰে।

পৰবৰ্তী সময়ত টুইটাৰ যোগে তামিলনাডু আৰক্ষীক টেগ কৰি যুৱতীগৰাকীয়ে লিখি জনাইছে যে আইবিছ অ'এমআৰ হোটেলৰ ওচৰত, যেতিয়া  তেওঁ আৰু তেওঁৰ বন্ধু ইষ্ট ক'ষ্ট মাদ্ৰাজৰ পৰা হোটেললৈ উভতি আহিছিলো তেতিয়াই সেলভাম নামৰ এজন উবেৰৰ অটো ড্ৰাইভাৰে তেওঁৰ ওপৰত যৌন নিৰ্যাতন চলাইছিল।
পৰৱৰ্তী টুইটত তেওঁ কয় যে তেওঁৰ এলাৰ্ম বজোৱাৰ পাছতেই চালকজন সেই স্থানৰ পৰা পলায়ন কৰে। ইফালে মহিলাগৰাকীয়ে দাবী কৰে যে তেওঁ আৰক্ষীক ফোন কৰিছিল যদিও কোনো সঁহাৰি পোৱা নাছিল।
৩০ মিনিটৰ পাছত এজন আৰক্ষীয়ে আন এজন লোকৰ সৈতে হোটেলখনত উপস্থিত হয় বুলি তেওঁ উল্লেখ কৰে, কিন্তু তাত কোনো মহিলা আৰক্ষী নাছিল। চৰকাৰী আদেশ অনুসৰি পুলিচ ষ্টেচনত মহিলা বিষয়া নথকাৰ বাবে তেওঁলোকে আমাক এফআইআৰ পঞ্জীয়ন কৰিবলৈ ৰাতিপুৱালৈকে অপেক্ষা কৰিবলৈ কয়। 
তেওঁ কয়, ‘তেওঁ আমাক অফলাইনত এফ আই আৰ দাখিল কৰিবলৈ থানালৈ যাবলৈ দিয়া নাছিল,’ তেওঁ লগতে কয় যে যেতিয়া তেওঁ যেতিয়া পুলিচ ষ্টেচনত উপস্থিত হৈছিল তেতিয়া তেওঁক থানাৰ ভিতৰত সোমাবলৈও দিয়া হোৱা নাছিল, কাৰণ “নিশা মহিলাক মহিলা আৰক্ষীৰ অনুপস্থিতিত থানাত সোমাবলৈ অনুমতি দিয়া নহয় "

মহিলাগৰাকীয়ে উবেৰ ভ্ৰমণৰ স্ক্ৰীণগ্ৰেব লৈ তেওঁ আৰু তেওঁৰ বন্ধুৱে যাত্ৰা কৰা অটোৰিক্সাৰ ছবিও পোষ্ট কৰে। তেওঁ নিজৰ ৰাইড লেনদেনৰ সবিশেষ আৰু ড্ৰাইভাৰৰ নামো শ্বেয়াৰ কৰিছে।

টুইটাৰ থ্ৰেডৰ প্ৰতি সঁহাৰি জনাই তাম্বাৰাম আৰক্ষী আয়ুক্তই কয় যে গোচৰ ৰুজু কৰা হৈছে আৰু অভিযুক্তৰ সন্ধান চলি আছে।

ইফালে উবেৰ ইণ্ডিয়াই এই ঘটনা সন্দৰ্ভত জ্ঞাত হৈ মহিলাগৰাকীক তেওঁৰ ৰাইডৰ সবিশেষ শ্বেয়াৰ কৰিবলৈ আহ্বান জনায়।








FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰতিবাদৰ সময়ত হাঁপানীত আক্ৰান্ত হৈছিল শাবানা আজমী
৬খন দেশ, ৩খন মহাদেশত ২০৩০ বিশ্বকাপ
শিৱসাগৰৰ ঐতিহাসিক গোলাঘৰত এবুকু পানী; ৰংঘৰ-তলাতল ঘৰলৈ ভাবুকি
প্ৰতিকূল বতৰৰ বাবে চাৰিধাম যাত্ৰা সাময়িকভাৱে স্থগিত
মেলবৰ্নৰ ভাৰতীয় চলচ্চিত্র মহোৎসৱলৈ নিৰ্বাচিত মিচিং ভাষাৰ ছবি ‘য়াকাচিক অমীদী’
উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ জাননী; উজনিমুৱা ৰে’লৰ চলাচলৰ পথ সলনি, ঠাই বিশেষে বন্ধ
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
তিনিচুকীয়াত মানৱতাৰ নিদৰ্শন: হাঁহ ভক্ষণৰ পাছতো অজগৰক সুৰক্ষিতভাৱে উদ্ধাৰ
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
গুৱাহাটীত ২৫০০ কোটি টকাৰ ভূগৰ্ভস্থ বিদ্যুৎ প্ৰকল্পৰ পৰিকল্পনা
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদ: দুগৰাকী চাহ শ্ৰমিকৰ শোকাবহ মৃত্যুক লৈ উত্তাল পৰিস্থিতি
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
Advertisement