--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দক্ষিণ আফ্ৰিকা ছিৰিজৰ বাবে ভাৰতীয় মহিলা ৰাষ্ট্ৰীয় ক্ৰিকেট দলত নিৰ্বাচিত উমা চেত্ৰী।

দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে আগন্তুক শৃংখলাত ভাৰতক প্ৰতিনিধিত্ব কৰিবলৈ নিৰ্বাচিত হোৱা অসমৰ ক্ৰিকেটাৰ উমা চেত্ৰীয়ে অসমৰ পৰা ৰাষ্ট্ৰীয় টেষ্ট দলত অন্তৰ্ভুক্ত হোৱা প্ৰথমগৰাকী খেলুৱৈ হিচাপে পৰিগণিত হোৱাৰ লগে লগে এক উল্লেখযোগ্য মাইলৰ খুঁটি স্বৰূপ হৈ পৰিছে।

মহিলা বাছনি সমিতিয়ে দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে মাল্টি ফৰ্মেট আইডিএফচি ফাৰ্ষ্ট বেংক শৃংখলাৰ বাবে ভাৰতৰ দল ঘোষণা কৰিছে, য’ত তিনিখন ৱান ডে ইণ্টাৰনেশ্যনেল (এডিআই), এখন টেষ্ট মেচ, আৰু তিনিখন টি-২০ ইণ্টাৰনেশ্যনেল (টি-২০ আই) অনুষ্ঠিত হ’ব।

চীনত অনুষ্ঠিত হোৱা এছিয়ান গেমছৰ ভাৰতীয় দলৰ সদস্য উমা চেত্ৰীয়ে এইবাৰ দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে খেলিবলগীয়া দ্বিপাক্ষিক শৃংখলাত দেশক প্ৰতিনিধিত্ব কৰিব।

উল্লেখ্য যে, ১৬ জুনৰ পৰা ভাৰতত দক্ষিণ আফ্ৰিকাৰ মহিলা দলটোৱে অভিযান আৰম্ভ কৰিব। ইয়াৰ বাবে ৩০ মে' বৃহস্পতিবাৰে ভাৰতীয় মহিলা দলটো ঘোষণা কৰিলে বি চি চি আইয়ে। তিনিখন এদিনীয়া, এখন টেষ্ট আৰু তিনিখন টি-২০ ৰ বাবে ঘোষিত মহিলা দলটোত স্থান লাভ কৰিছে অসম কন্যা উমাই।

হৰমনপ্ৰীত কৌৰক অধিনায়ক তথা স্মৃতি মান্ধানাক উপ-অধিনায়ক হিচাপে লৈ এদিনীয়া দলটোত আছে ছাফালী ভাৰ্মা, দীপ্তি শৰ্মা, জেমিমাহ ৰড্ৰিগেছ, উইকেটকীপাৰ ৰিচা ঘোষ আৰু উমা চেত্ৰীৰ দৰে খেলুৱৈ। সম্পূৰ্ণ লাইনআপত দয়ালন হেমলতা, ৰাধা যাদৱ, আশা সোভানা, শ্ৰেয়ংকা পাটিল, ছয়কা ইছক, পূজা বাষ্ট্ৰকাৰ, ৰেনুকা সিং ঠাকুৰ, অৰুন্ধতী ৰেড্ডী আৰু প্ৰিয়া পুনিয়াও আছে।

এককালীন টেষ্ট মেচখনৰ বাবে দলটোত আছে হৰমনপ্ৰীত কৌৰ (অধিনায়ক), স্মৃতি মান্ধনা (উপ-অধিনায়ক), শ্বাফলী ভাৰ্মা, শুভা সতীশ, জেমিমাহ ৰড্ৰিগেছ, ৰিচা ঘোষ(WK), উমা চেত্ৰী(WK), দীপ্তি শৰ্মা, স্নেহ ৰানা, ছাইকা ইছাক, ৰাজেশ্বৰী গয়াকৱাদ, পূজা বষ্ট্ৰকাৰ, অৰুন্ধতী ৰেড্ডী, ৰেনুকা সিং ঠাকুৰ, মেঘনা সিং, আৰু প্ৰিয়া পুনিয়া।

স্মৃতি মান্ধানাক উপ-অধিনায়ক হিচাপে লৈ হৰমনপ্ৰীত কৌৰে নেতৃত্ব দিয়া টি-২০ দলত আছে ছাফলী ভাৰ্মা, দয়ালন হেমলাথা, ৰিচা ঘোষ (ডব্লিউ কে), উমা চেত্ৰী (ডব্লিউ কে), জেমিমাহ ৰড্ৰিগেছ, সজানা সজীৱন, দীপ্তি শৰ্মা,শ্ৰেয়ংকা পাটিল, ৰাধা যাদৱ , অমনজোত কৌৰ, আশা সোভানা, পূজা বস্ত্ৰকাৰ, অৰুন্ধতী ৰেড্ডী, আৰু ৰেনুকা সিং ঠাকুৰ।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ