--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দক্ষিণ আফ্ৰিকা ছিৰিজৰ বাবে ভাৰতীয় মহিলা ৰাষ্ট্ৰীয় ক্ৰিকেট দলত নিৰ্বাচিত উমা চেত্ৰী।

দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে আগন্তুক শৃংখলাত ভাৰতক প্ৰতিনিধিত্ব কৰিবলৈ নিৰ্বাচিত হোৱা অসমৰ ক্ৰিকেটাৰ উমা চেত্ৰীয়ে অসমৰ পৰা ৰাষ্ট্ৰীয় টেষ্ট দলত অন্তৰ্ভুক্ত হোৱা প্ৰথমগৰাকী খেলুৱৈ হিচাপে পৰিগণিত হোৱাৰ লগে লগে এক উল্লেখযোগ্য মাইলৰ খুঁটি স্বৰূপ হৈ পৰিছে।

মহিলা বাছনি সমিতিয়ে দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে মাল্টি ফৰ্মেট আইডিএফচি ফাৰ্ষ্ট বেংক শৃংখলাৰ বাবে ভাৰতৰ দল ঘোষণা কৰিছে, য’ত তিনিখন ৱান ডে ইণ্টাৰনেশ্যনেল (এডিআই), এখন টেষ্ট মেচ, আৰু তিনিখন টি-২০ ইণ্টাৰনেশ্যনেল (টি-২০ আই) অনুষ্ঠিত হ’ব।

চীনত অনুষ্ঠিত হোৱা এছিয়ান গেমছৰ ভাৰতীয় দলৰ সদস্য উমা চেত্ৰীয়ে এইবাৰ দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে খেলিবলগীয়া দ্বিপাক্ষিক শৃংখলাত দেশক প্ৰতিনিধিত্ব কৰিব।

উল্লেখ্য যে, ১৬ জুনৰ পৰা ভাৰতত দক্ষিণ আফ্ৰিকাৰ মহিলা দলটোৱে অভিযান আৰম্ভ কৰিব। ইয়াৰ বাবে ৩০ মে' বৃহস্পতিবাৰে ভাৰতীয় মহিলা দলটো ঘোষণা কৰিলে বি চি চি আইয়ে। তিনিখন এদিনীয়া, এখন টেষ্ট আৰু তিনিখন টি-২০ ৰ বাবে ঘোষিত মহিলা দলটোত স্থান লাভ কৰিছে অসম কন্যা উমাই।

হৰমনপ্ৰীত কৌৰক অধিনায়ক তথা স্মৃতি মান্ধানাক উপ-অধিনায়ক হিচাপে লৈ এদিনীয়া দলটোত আছে ছাফালী ভাৰ্মা, দীপ্তি শৰ্মা, জেমিমাহ ৰড্ৰিগেছ, উইকেটকীপাৰ ৰিচা ঘোষ আৰু উমা চেত্ৰীৰ দৰে খেলুৱৈ। সম্পূৰ্ণ লাইনআপত দয়ালন হেমলতা, ৰাধা যাদৱ, আশা সোভানা, শ্ৰেয়ংকা পাটিল, ছয়কা ইছক, পূজা বাষ্ট্ৰকাৰ, ৰেনুকা সিং ঠাকুৰ, অৰুন্ধতী ৰেড্ডী আৰু প্ৰিয়া পুনিয়াও আছে।

এককালীন টেষ্ট মেচখনৰ বাবে দলটোত আছে হৰমনপ্ৰীত কৌৰ (অধিনায়ক), স্মৃতি মান্ধনা (উপ-অধিনায়ক), শ্বাফলী ভাৰ্মা, শুভা সতীশ, জেমিমাহ ৰড্ৰিগেছ, ৰিচা ঘোষ(WK), উমা চেত্ৰী(WK), দীপ্তি শৰ্মা, স্নেহ ৰানা, ছাইকা ইছাক, ৰাজেশ্বৰী গয়াকৱাদ, পূজা বষ্ট্ৰকাৰ, অৰুন্ধতী ৰেড্ডী, ৰেনুকা সিং ঠাকুৰ, মেঘনা সিং, আৰু প্ৰিয়া পুনিয়া।

স্মৃতি মান্ধানাক উপ-অধিনায়ক হিচাপে লৈ হৰমনপ্ৰীত কৌৰে নেতৃত্ব দিয়া টি-২০ দলত আছে ছাফলী ভাৰ্মা, দয়ালন হেমলাথা, ৰিচা ঘোষ (ডব্লিউ কে), উমা চেত্ৰী (ডব্লিউ কে), জেমিমাহ ৰড্ৰিগেছ, সজানা সজীৱন, দীপ্তি শৰ্মা,শ্ৰেয়ংকা পাটিল, ৰাধা যাদৱ , অমনজোত কৌৰ, আশা সোভানা, পূজা বস্ত্ৰকাৰ, অৰুন্ধতী ৰেড্ডী, আৰু ৰেনুকা সিং ঠাকুৰ।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু