--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অশান্ত কাশ্মীৰত বিগত ৩২ বছৰ ধৰি চিনেমা হল কেতিয়াও   'হাউচফুল '  হৈ পোৱা নাছিল৷ কিন্তু এইবাৰ যেন তাৰ ব্যতিক্ৰম ঘটিল৷ পাঠানৰ যাদুৱে যেন কাশ্মীৰত পুনৰ নতুন এক অভিলেখ গঢ়িবলৈ সক্ষম হ’ল৷ 

বহুতে সেয়ে ধাৰণা কৰিছে যে কোভিডৰ পিছত বলীউডৰ ভাল দিনবোৰ হয়তো পুনৰ ঘূৰি আহিছে। প্ৰতিদিনে পাঠান ছবি খনে  এটাৰ পিছত এটা উদাহৰণ স্থাপন কৰিছে। কাশ্মীৰত চিনেমা হলত দৰ্শকৰ ভিৰ বঢ়া কথাটোও পাঠান যাদুৰে অংশ হিচাবে পৰিগণিত হৈছে। 

কাশ্মীৰৰ প্ৰথম মাল্টিপ্লেক্স শ্ৰীনগৰৰ সোনৱাৰ অঞ্চলত উদ্বোধন কৰা হৈছিল। ৩২  বছৰৰ পিছত মুকলি কৰা কাশ্মীৰ ইতিহাসৰ সাক্ষী চিনেমা হলটোত এতিয়া  'হাউচফুল ' হৈছে। 

ইনোক্সৰ মালিক বিজয় ধৰে প্ৰদান কৰা তথ্য  অনুসৰি ছবিখনৰ মুক্তিৰ দিনাৰে পৰা চিনেমা হলটোত   'হাউচফুল ' হৈ আছে।তেওঁ কয়  "প্ৰথমবাৰৰ বাবে কাশ্মীৰত শ্বাহৰুখ খানৰ ছবিখনে এক অভূতপূৰ্ব সফলতা লাভ কৰিছে। "প্ৰথম দিনাই ছবিখনে দেশ-বিদেশত ১০৬ কোটি টকাৰ ব্যৱসায় কৰিছে। দ্বিতীয় দিনা ছবিখনৰ ব্যৱসায় আছিল ১১৩.৬০ কোটি টকা।

 অৰ্থাৎ প্ৰথম দুদিনত 'পাঠান' ছবি খনে  সমগ্ৰ বিশ্বতে ২১৯ কোটি ৬০ লাখ টকাৰ ব্যৱসায় কৰিছে। এতিয়া এইবুলি আলোচনা হৈছে যে হিন্দুত্ববাদী সংগঠনে প্ৰতিবাদৰ নামত ছবি খনৰ প্ৰচাৰহে চলালে,   গোৰ মাৰি   'পাঠান 'ক   গংগাতহে পেলালে। 








FOLLOW US F
POPULAR
FEATURE
TRENDY
''ট্ৰিবিউট টু জুবিন গাৰ্গ: দ্য গ'ল্ডেন ভইচ''- প্ৰাণৰ শিল্পী জুবিন গাৰ্গক  TSeries-এ জনালে শ্ৰদ্ধাঞ্জলি
ব্ৰাহ্ম’ছ মিছাইলেৰে ভাৰতৰ টাৰ্গেটত সমগ্ৰ পাকিস্তান ; পাকিস্তানক হুংকাৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ
আফগানিস্তান ক্ৰিকেট ব'ৰ্ডৰ কঠোৰ পদক্ষেপ ; আগন্তুক ত্ৰিদেশীয় টি-২০ শৃংখলা বাতিল
গৰৈমাৰীত কলেজীয়া ছাত্ৰী হত্যাকাৰীৰ ফাঁচিৰ দাবীত পুৰুষ মহিলাৰ উত্তাল প্ৰতিবাদ
কাতি বিহুৰ দিনাই ৰঙাপৰাত গো মাংস উদ্ধাৰ ; দহজনীয়া দলৰ পলায়ন
'আপুনি এইটো কাম কৰা উচিত নহয় ...ইমানখিনি টকা আপোনালৈ যথেষ্ঠ নহয় নে ?' ধ্ৰুৱ ৰাথীৰ টাৰ্গেটত এইবাৰ শ্বাহৰূখ খান
চন্দ্ৰপুৰত বন্যহস্তীৰ সন্ত্ৰাস ;আমচাং অভয়াৰণ্যৰ পৰা নামি অহা হাতীয়ে ভাঙিলে দুখনকৈ ৰিজৰ্ট
ৰাজ্যত ৩৮%লৈ বৃদ্ধি পাব মিঞা, পৰৱৰ্তী লোকপিয়ল সন্দৰ্ভত ডিব্ৰুগড়ত মুখ্যমন্ত্ৰীৰ বিস্ফোৰক মন্তব্য
জুবিন গাৰ্গৰ নামত উছর্গিত হ'ব মাজুলীৰ আগন্তুক ৰাসোৎসৱ, দীপাৱলীত ফটকাৰ পৰিৱৰ্তে চাকিৰে উজলিব নদীদ্বীপ
ফিল্মফেয়াৰ এৱাৰ্ডছ ২০২৫ ; সৰ্বাধিক বঁটাৰে বিজয়ী শিখৰত 'লাপাতা লেডিজ'
কৃষকসকল দেশৰ বিকাশৰ যাত্ৰাৰ গুৰুত্বপূৰ্ণ অংশ: প্রধানমন্ত্রী, ৩৫,৪৪০ কোটি টকা ব্যয়সাপেক্ষে কৃষিখণ্ডৰ দুখন নতুন আঁচনি মুকলি
চাবুৱাত জনতাৰ শিল্পী গাৰ্গৰ আবক্ষমূৰ্তিৰ আধাৰশিলা স্থাপন
বেংগালুৰু-গুৱাহাটী এক্সপ্ৰেছৰ পৰা বনৰৌৰ ছাল আৰু অংগ-প্ৰত্যংগ উদ্ধাৰ! আন্তৰ্জাতিক বজাৰ মূল্য কেইবা কোটি টকাৰ
শুই থকা স্বামীৰ দেহত গৰম তেল ঢালিলে পত্নীয়ে, তাৰপাছত ঢালিলে জলকীয়া গুড়ি! পত্নীৰ বৰ্বৰতাই স্তম্ভিত কৰিছে সকলোকে