--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অশান্ত কাশ্মীৰত বিগত ৩২ বছৰ ধৰি চিনেমা হল কেতিয়াও   'হাউচফুল '  হৈ পোৱা নাছিল৷ কিন্তু এইবাৰ যেন তাৰ ব্যতিক্ৰম ঘটিল৷ পাঠানৰ যাদুৱে যেন কাশ্মীৰত পুনৰ নতুন এক অভিলেখ গঢ়িবলৈ সক্ষম হ’ল৷ 

বহুতে সেয়ে ধাৰণা কৰিছে যে কোভিডৰ পিছত বলীউডৰ ভাল দিনবোৰ হয়তো পুনৰ ঘূৰি আহিছে। প্ৰতিদিনে পাঠান ছবি খনে  এটাৰ পিছত এটা উদাহৰণ স্থাপন কৰিছে। কাশ্মীৰত চিনেমা হলত দৰ্শকৰ ভিৰ বঢ়া কথাটোও পাঠান যাদুৰে অংশ হিচাবে পৰিগণিত হৈছে। 

কাশ্মীৰৰ প্ৰথম মাল্টিপ্লেক্স শ্ৰীনগৰৰ সোনৱাৰ অঞ্চলত উদ্বোধন কৰা হৈছিল। ৩২  বছৰৰ পিছত মুকলি কৰা কাশ্মীৰ ইতিহাসৰ সাক্ষী চিনেমা হলটোত এতিয়া  'হাউচফুল ' হৈছে। 

ইনোক্সৰ মালিক বিজয় ধৰে প্ৰদান কৰা তথ্য  অনুসৰি ছবিখনৰ মুক্তিৰ দিনাৰে পৰা চিনেমা হলটোত   'হাউচফুল ' হৈ আছে।তেওঁ কয়  "প্ৰথমবাৰৰ বাবে কাশ্মীৰত শ্বাহৰুখ খানৰ ছবিখনে এক অভূতপূৰ্ব সফলতা লাভ কৰিছে। "প্ৰথম দিনাই ছবিখনে দেশ-বিদেশত ১০৬ কোটি টকাৰ ব্যৱসায় কৰিছে। দ্বিতীয় দিনা ছবিখনৰ ব্যৱসায় আছিল ১১৩.৬০ কোটি টকা।

 অৰ্থাৎ প্ৰথম দুদিনত 'পাঠান' ছবি খনে  সমগ্ৰ বিশ্বতে ২১৯ কোটি ৬০ লাখ টকাৰ ব্যৱসায় কৰিছে। এতিয়া এইবুলি আলোচনা হৈছে যে হিন্দুত্ববাদী সংগঠনে প্ৰতিবাদৰ নামত ছবি খনৰ প্ৰচাৰহে চলালে,   গোৰ মাৰি   'পাঠান 'ক   গংগাতহে পেলালে। 








FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক