--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: চীনৰ পিপলছ লিবাৰেচন আৰ্মী, চমুকৈ পিএলএ-য়ে অৰুণাচল প্ৰদেশৰ উজনি চিয়াং জিলাৰ বিছিং গাঁৱৰ চিয়ুংলা অঞ্চলৰ পৰা এগৰাকী ১৭ বছৰীয়া যুৱকক অপহৰণ কৰাৰ অভিযোগ উত্থাপিত হৈছে। বুধবাৰে অৰুণাচল প্ৰদেশ লোকসভাৰ সাংসদ তাপিৰ গাওৱে এই বিষয়ে অৱগত কৰে৷ তেওঁ কয় যে, যুৱকজনক মঙলবাৰে ভাৰতীয় ভূখণ্ডৰ পৰা পিএলএ-য়ে বন্দী কৰি লৈ গৈছিল। অপহৃত যুৱকজনক উজনি চিয়াং জিলাৰ জিডো গাঁৱৰ বাসিন্দা মিৰাম টাৰন বুলি চিনাক্ত কৰা হৈছে। সংবাদ মাধ্যমৰ সমুখত সাংসদগৰাকীয়ে কয় যে, অপহৃত যুৱকজনৰ বিষয়ে তেওঁৰ বন্ধুৱে সদৰি কৰিছিল৷ যিয়ে পিএলএৰ বেষ্টনীৰ পৰা পলাই গৈ আৰক্ষীক অৱগত কৰিছিল। সাংসদগৰাকীয়ে সদৰি কৰা তথ্য অনুসৰি এই যুৱকজনে তেওঁৰ বন্ধুৰ সৈতে চিকাৰ কৰিবলৈ গৈছিল, তেতিয়াই বিছিং গাঁৱৰ চিয়ুংলা অঞ্চলৰ পৰা তেওঁক বন্দী কৰি নিয়া হৈছিল৷ চীনা পিপলছ পাৰ্টীয়ে এই অপহৰণ কাণ্ড ভাৰতীয় ভূখণ্ডৰ ভিতৰতে সংঘটিত কৰিছিল বুলি সাংসদগৰাকীয়ে মন্তব্য কৰিছে৷ চিয়াং নদীৰ বাঁওপাৰত অৱস্থিত চীন-ভাৰত সীমান্তৰ ওচৰৰ বিছিং হৈছে অন্তিমখন ভাৰতীয় গাঁও। গাঁওখন উজনি চিয়াং জিলাৰ মুখ্য কাৰ্যালয় ইংকিয়ঙৰ পৰা প্ৰায় ২৬০ কিলোমিটাৰ দূৰত। গাওৱে লগতে কয় যে কেন্দ্ৰীয় গৃহ ৰাজ্যমন্ত্ৰী, সংশ্লিষ্ট জিলা উপায়ুক্ত আৰু সংশ্লিষ্ট অন্যান্য বিষয়াসকলক বিষয়টো সম্পৰ্কে অৱগত কৰা হৈছে আৰু যুৱকসকলক ঘূৰাই অনাৰ প্ৰচেষ্টা চলি আছে। লোকসভাত অৰুণাচল পূব সমষ্টিক প্ৰতিনিধিত্ব কৰা গাওৱে ইয়াৰ পূৰ্বে টুইটাৰযোগে এই তথ্য প্ৰকাশ কৰে৷ চীনা সেনাই অৰুণাচলী যুৱকসকলক অপহৰণ কৰাৰ এইয়াই প্ৰথম উদাহৰণ নহয়। ২০২০ চনৰ ছেপ্টেম্বৰ মাহতো চিকাৰ কৰিবলৈ যোৱা পাঁচজন যুৱকক চীনা সেনাই আপাৰ সোৱণশিৰি জিলাৰ নাচোৰ চেৰা-৭ অঞ্চলৰ পৰা অপহৰণ কৰাৰ অভিযোগ উত্থাপিত হৈছিল। নাচো হৈছে মেকমোহন ৰেখাৰ কাষৰ জিলাখনৰ অন্তিম প্ৰশাসনিক চক্ৰ। ঘটনাটোৰ পিছত, ভাৰতীয় সেনাই ইয়াৰ চীনা সমকক্ষলৈ এটা হটলাইন বাৰ্তা প্ৰেৰণ কৰিছে, যাৰ প্ৰতি পিছৰজনে 8 ছেপ্টেম্বৰত সঁহাৰি জনাইছিল আৰু নিশ্চিত কৰিছিল যে সন্ধানহীন যুৱকসকলক তেওঁলোকৰ ফালে পোৱা গৈছে। অৱশ্যে, যুৱকসকলক কেইদিনমান পাছত ভাৰতীয় সেনাক গতাই দিয়া হৈছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ