--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীকলৈ বিবিচিয়ে  নিৰ্মাণ কৰা তথ্য চিত্ৰ খন ইতিমধ্যে ভাৰত চৰকাৰে নিষিদ্ধ কৰিছে। ছ’চিয়েল মিডিয়াৰ সকলো প্লেটফৰ্মৰ পৰা তথ্যচিত্ৰ খন ইতিমধ্যে আঁতৰাই পেলোৱা হৈছে। এনে সময়তে  দিল্লী উচ্চ ন্যায়ালয়ে ব্ৰিটিছ সংবাদ সংস্থা বিবিচিলৈ এই বিষয়ত জাননী জাৰি কৰিছে। 

গুজৰাটৰ এটা বেচৰকাৰী সংগঠনে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিৰুদ্ধে বিতৰ্কিত তথ্যচিত্ৰ ইণ্ডিয়াঃ দ্য মোডী কুৱেশ্বছনক লৈ এটাী গোচৰ ৰুজু কৰিছিল। সংগঠনটোৱে দাবী কৰিছিল যে তথ্যচিত্ৰখনে ভাৰত আৰু ভাৰতীয় ন্যায়পালিকাক অপমান কৰিছে। সেই অভিযোগৰ ভিত্তিত মানহানিৰ গোচৰত বিবিচিলৈ এখন জাননী প্ৰেৰণ কৰা হৈছে। উল্লেখ্য কেন্দ্ৰীয় চৰকাৰে সমগ্ৰ দেশতে তথ্যচিত্ৰখনৰ প্ৰদৰ্শন নিষিদ্ধ কৰিছিল।  

গুজৰাটৰ তদানীন্তন মুখ্যমন্ত্ৰী মোদীক ২০০২ চনৰ গুজৰাট সংঘৰ্ষৰ  মূল অভিযুক্ত হিচাপে বিবিচিৰ এখন তথ্যচিত্ৰত দেখুওৱা হৈছিল। অৱশ্যে উচ্চতম ন্যায়ালয়ে মোদীৰ বিৰুদ্ধে উত্থাপিত  সকলো অভিযোগ খাৰিজ কৰিছিল। বিতৰ্কিত তথ্যচিত্ৰখনে মুক্তি লাভ কৰাৰ লগে লগে গুজৰাটস্থিত এনজিঅ'টোৱে দিল্লী উচ্চ ন্যায়ালয়ত এটা গোচৰ ৰুজু কৰিছিল। জাষ্টিচ অন ট্ৰায়েল নামৰ সংগঠনটোৱে  দাবী কৰিছে যে বিবিচিৰ তথ্যচিত্ৰখন প্ৰকৃততে ভাৰতক বিশ্বত হেয় কৰি দেখুৱাবলৈ নিৰ্মাণ কৰা হৈছিল। 

শুনানিৰ পিছত দিল্লী উচ্চ ন্যায়ালয়ে কয়, "ভাৰতৰ ভাবমূৰ্তি কলুষিত কৰি তথ্যচিত্ৰখনে ভাৰতৰ ন্যায়িক ব্যৱস্থাক অপমান কৰিছে। তদুপৰি তথ্যচিত্ৰ খনত ভাৰতৰ প্ৰধানমন্ত্ৰীক অপমান কৰা হৈছে। সেইকাৰণে সংশ্লিষ্ট পক্ষক এখন জাননী জাৰি কৰা হৈছে। ’’জানুৱাৰী মাহত বিবিচিয়ে 'ইণ্ডিয়া: দ্য মোডী কুৱেশ্বন' নামৰ এখন তথ্যচিত্ৰ সম্প্ৰচাৰ কৰিছিল। 

যদিও ছবিখন ভাৰতত প্ৰদৰ্শন হোৱা নাছিল, তথাপি তথ্যচিত্ৰ খনে  ৰাজনৈতিক মহলত ধুমুহাৰ সৃষ্টি কৰিছিল। ছবিখনৰ বিষয় আছিল ২০০২ চনৰ গুজৰাট সংঘৰ্ষ । তথ্যচিত্ৰ খনত সংঘৰ্ষৰ  সময়ত এগৰাকী মুখ্যমন্ত্ৰী হিচাপে মোদীৰ ভূমিকাকলৈ  প্ৰশ্ন উত্থাপন কৰা হৈছিল। ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে তথ্যচিত্ৰখনক ভাৰতৰ বিৰুদ্ধে "ষড়যন্ত্ৰ" বুলি অভিহিত কৰি কৈছিল যে তথ্যচিত্ৰ খনে ঔপনিৱেশিক মানসিকতাক প্ৰতিফলিত কৰিছে। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
ভাৰতীয় মহাকাশ, প্ৰতিৰক্ষা বিজ্ঞানীৰ দুটা গুৰুত্বপূৰ্ণ সম্পৰীক্ষা
বিদ্যুৎ বিভাগৰ কাৰ্যালয়ত চোৰৰ সন্ত্ৰাস ! লুটি নিলে ইনভাৰ্টাৰ,বেটাৰী,পানী উঠোৱা মটৰ আৰু বৈদ্যুতিক তাঁৰ
অনিশ দয়াল সিঙক ভাৰতৰ উপ-ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা নিযুক্তি
পাক-ভাৰত সীমান্তৰ পৰা ১৫ পাকিস্তানী মাছমৰীয়াক আটক
'বিশ্ব অর্থনীতিৰ প্ৰৱাহ সলনি কৰিব পৰা শক্তিৰ অধিকাৰী হৈছে ভাৰত', 'ইক 'নমিক টাইম'ৰ ৱৰ্ল্ড লীডাৰ্ছ ফ'ৰামত প্ৰধানমন্ত্ৰীৰ দাবী
পণবন্দীৰ মুক্তিৰ দাবীত ৰাজপথ উত্তাল কৰিলে সহস্রাধিক ইজৰাইলীয়ে
ভাৰতত আৰম্ভ হ'ল iphone 17 ৰ উৎপাদন! ভাৰতৰ কোনবোৰ ৰাজ্যত আইফোন তৈয়াৰ কৰা হয় জানেনে?
সলনি হ'ব পাৰে GMCHৰ অধ্যক্ষ ; ডাঃ অচ্যুত বৈশ্যক শাস্তিমুলক বদলিৰ সম্ভাৱনা
৬ হাজাৰ ছাত্ৰৰ ভিছা বাতিল আমেৰিকাৰ বিদেশ মন্ত্ৰালয়ৰ
ৰাজ্যৰ বনাঞ্চলত উচ্ছেদক লৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ঐতিহাসিক ৰায়
আলমণ্ডৰ পৰা তৈয়াৰ কৰা গাখীৰ খোৱাটো কিমান উপকাৰী? জানি লওক সবিশেষ
নাম-কীৰ্তনেৰে মুখৰ ৰাজ্যৰ সত্ৰ-নামঘৰ, আৰম্ভ হ'ল পৱিত্ৰ ভাদ মাহ
২০ আগষ্টত 'চতিয়া দিৱস'ৰ প্ৰস্তুতি, ৰাজ্যিক স্বীকৃতিৰ পাছত প্ৰথমবাৰৰ বাবে চৰকাৰীভাৱে হ'ব উদযাপন
ডিব্ৰুগড়ত ব্ৰহ্মপুত্ৰৰ ভয়াৱহ খহনীয়া! মাইজানৰ বৃহৎ অংশ নিলে উটুৱায়