--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীকলৈ বিবিচিয়ে  নিৰ্মাণ কৰা তথ্য চিত্ৰ খন ইতিমধ্যে ভাৰত চৰকাৰে নিষিদ্ধ কৰিছে। ছ’চিয়েল মিডিয়াৰ সকলো প্লেটফৰ্মৰ পৰা তথ্যচিত্ৰ খন ইতিমধ্যে আঁতৰাই পেলোৱা হৈছে। এনে সময়তে  দিল্লী উচ্চ ন্যায়ালয়ে ব্ৰিটিছ সংবাদ সংস্থা বিবিচিলৈ এই বিষয়ত জাননী জাৰি কৰিছে। 

গুজৰাটৰ এটা বেচৰকাৰী সংগঠনে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিৰুদ্ধে বিতৰ্কিত তথ্যচিত্ৰ ইণ্ডিয়াঃ দ্য মোডী কুৱেশ্বছনক লৈ এটাী গোচৰ ৰুজু কৰিছিল। সংগঠনটোৱে দাবী কৰিছিল যে তথ্যচিত্ৰখনে ভাৰত আৰু ভাৰতীয় ন্যায়পালিকাক অপমান কৰিছে। সেই অভিযোগৰ ভিত্তিত মানহানিৰ গোচৰত বিবিচিলৈ এখন জাননী প্ৰেৰণ কৰা হৈছে। উল্লেখ্য কেন্দ্ৰীয় চৰকাৰে সমগ্ৰ দেশতে তথ্যচিত্ৰখনৰ প্ৰদৰ্শন নিষিদ্ধ কৰিছিল।  

গুজৰাটৰ তদানীন্তন মুখ্যমন্ত্ৰী মোদীক ২০০২ চনৰ গুজৰাট সংঘৰ্ষৰ  মূল অভিযুক্ত হিচাপে বিবিচিৰ এখন তথ্যচিত্ৰত দেখুওৱা হৈছিল। অৱশ্যে উচ্চতম ন্যায়ালয়ে মোদীৰ বিৰুদ্ধে উত্থাপিত  সকলো অভিযোগ খাৰিজ কৰিছিল। বিতৰ্কিত তথ্যচিত্ৰখনে মুক্তি লাভ কৰাৰ লগে লগে গুজৰাটস্থিত এনজিঅ'টোৱে দিল্লী উচ্চ ন্যায়ালয়ত এটা গোচৰ ৰুজু কৰিছিল। জাষ্টিচ অন ট্ৰায়েল নামৰ সংগঠনটোৱে  দাবী কৰিছে যে বিবিচিৰ তথ্যচিত্ৰখন প্ৰকৃততে ভাৰতক বিশ্বত হেয় কৰি দেখুৱাবলৈ নিৰ্মাণ কৰা হৈছিল। 

শুনানিৰ পিছত দিল্লী উচ্চ ন্যায়ালয়ে কয়, "ভাৰতৰ ভাবমূৰ্তি কলুষিত কৰি তথ্যচিত্ৰখনে ভাৰতৰ ন্যায়িক ব্যৱস্থাক অপমান কৰিছে। তদুপৰি তথ্যচিত্ৰ খনত ভাৰতৰ প্ৰধানমন্ত্ৰীক অপমান কৰা হৈছে। সেইকাৰণে সংশ্লিষ্ট পক্ষক এখন জাননী জাৰি কৰা হৈছে। ’’জানুৱাৰী মাহত বিবিচিয়ে 'ইণ্ডিয়া: দ্য মোডী কুৱেশ্বন' নামৰ এখন তথ্যচিত্ৰ সম্প্ৰচাৰ কৰিছিল। 

যদিও ছবিখন ভাৰতত প্ৰদৰ্শন হোৱা নাছিল, তথাপি তথ্যচিত্ৰ খনে  ৰাজনৈতিক মহলত ধুমুহাৰ সৃষ্টি কৰিছিল। ছবিখনৰ বিষয় আছিল ২০০২ চনৰ গুজৰাট সংঘৰ্ষ । তথ্যচিত্ৰ খনত সংঘৰ্ষৰ  সময়ত এগৰাকী মুখ্যমন্ত্ৰী হিচাপে মোদীৰ ভূমিকাকলৈ  প্ৰশ্ন উত্থাপন কৰা হৈছিল। ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে তথ্যচিত্ৰখনক ভাৰতৰ বিৰুদ্ধে "ষড়যন্ত্ৰ" বুলি অভিহিত কৰি কৈছিল যে তথ্যচিত্ৰ খনে ঔপনিৱেশিক মানসিকতাক প্ৰতিফলিত কৰিছে। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস