--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ চাইবাৰ অপৰাধীৰে ভৰি পৰিছে দেশ। কঠোৰ পৰিশ্ৰম অবিহনে উচ্চ দৰমহাৰ প্ৰলোভন দি এতিয়া প্ৰতাৰক চক্ৰই বহুতকে ঠগি আহিছে। অলপ অসতৰ্ক হ’লেই এতিয়া যিকোনো লোকেই পৰিব পাৰে এই চক্ৰটোৰ জালত। 

শেহতীয়াকৈ  নয়ডাৰ এগৰাকী মহিলা এনে চাইবাৰ অপৰাধাৰ ফান্দত পৰিছে।  তেওঁক কোৱা হৈছিল যে কেইটামান ইউটিউব ভিডিঅ' লাইক কৰিলেই তেওঁ  যথেষ্ট ধন উপাৰ্জন কৰিব পাৰিব। এনে কৰাৰ  পিছতে মহিলাগৰাকীয়ে বৃহৎ পৰিমাণৰ ধন হেৰুৱাই  হতাশ হৈ পৰে।  প্ৰতাৰিত হৈছে বুলি অনুভৱ কৰি তেওঁ আৰক্ষীৰ ওচৰ চাপিছে আৰু এই বিষয়ত  অভিযোগ দাখিল কৰিছে।  আৰক্ষীয়ে ইতিমধ্যে ঘটনাটোৰ তদন্ত আৰম্ভ কৰিছে। উল্লেখ্য  ছ'চিয়েল মিডিয়া প্লেটফৰ্ম হোৱাটছএপ প্ৰৱঞ্চকসকলৰ অন্যতম মাধ্যম হৈ পৰিছে। নয়ডাৰ চেক্টৰ ৬১ ৰ মহিলাগৰাকীক চক্ৰটোৱে  প্ৰথমে হোৱাটছএপত যোগাযোগ কৰিছিল।

 অধিক ধন আহৰণৰ  লোভ দেখুৱাই চক্ৰটোৱে মহিলাগৰাকীক   প্ৰৱঞ্চনা কৰে।  তেওঁক   ই-কমাৰ্চ ৱেবছাইটত ইউটিউব ভিডিঅ'বোৰ লাইক, শ্বেয়াৰ আৰু চাবস্ক্ৰাইব কৰি ঘৰত লাখ লাখ টকা উপাৰ্জন কৰিব পাৰি বুলি কোৱা হৈছিল। মহিলাগৰাকীয়ে তেনে কৰাৰ পিছত তেওঁক এটা টেলিগ্ৰাম গোটত অন্তৰ্ভুক্ত কৰা হয়  আৰু কেইটামান ইউটিউব ভিডিঅ'ত লাইক, মন্তব্য আৰু শ্বেয়াৰ কৰিবলৈ কোৱা হয়। মহিলাগৰাকীৰ বিশ্বাস অৰ্জন কৰিবলৈ তেওঁৰ একাউণ্টত  কিছু টকাও জমা কৰা হৈছিল।

মহিলাগৰাকীলৈ কেইবাটাও নতুন ইউটিউব ভিডিঅ' প্ৰেৰণ কৰা হৈছিল। সেইবোৰত লাইক কৰাৰ পিছতে  মহিলাগৰাকীৰ একাউণ্টৰ পৰা ৪ লাখ ৩৮ হাজাৰ টকা চক্ৰটোৱে প্ৰযুক্তিৰ জাল পেলাই সৰকাই নিয়ে। মহিলাগৰাকীৰ পৰা ভিডিঅ’ লাইক কৰাৰ সময়তে বিভিন্ন কৌশলেৰে চক্ৰটোৱে তেওঁৰ বেংক একাউণ্টৰ বহু তথ্য সৰকাই লৈছিল।  যিকোনো ভিডিঅ’টোৱে লাইক, কমেণ্ট কৰা কিমান বিপজ্জনক হ’ব পাৰে সেয়া পুনৰবাৰ প্ৰমাণ হ’ল এই ঘটনাটোৰ পৰাই।  

FOLLOW US F
POPULAR
FEATURE
TRENDY
ভাৰতীয় মহাকাশ, প্ৰতিৰক্ষা বিজ্ঞানীৰ দুটা গুৰুত্বপূৰ্ণ সম্পৰীক্ষা
বিদ্যুৎ বিভাগৰ কাৰ্যালয়ত চোৰৰ সন্ত্ৰাস ! লুটি নিলে ইনভাৰ্টাৰ,বেটাৰী,পানী উঠোৱা মটৰ আৰু বৈদ্যুতিক তাঁৰ
অনিশ দয়াল সিঙক ভাৰতৰ উপ-ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা নিযুক্তি
পাক-ভাৰত সীমান্তৰ পৰা ১৫ পাকিস্তানী মাছমৰীয়াক আটক
'বিশ্ব অর্থনীতিৰ প্ৰৱাহ সলনি কৰিব পৰা শক্তিৰ অধিকাৰী হৈছে ভাৰত', 'ইক 'নমিক টাইম'ৰ ৱৰ্ল্ড লীডাৰ্ছ ফ'ৰামত প্ৰধানমন্ত্ৰীৰ দাবী
পণবন্দীৰ মুক্তিৰ দাবীত ৰাজপথ উত্তাল কৰিলে সহস্রাধিক ইজৰাইলীয়ে
ভাৰতত আৰম্ভ হ'ল iphone 17 ৰ উৎপাদন! ভাৰতৰ কোনবোৰ ৰাজ্যত আইফোন তৈয়াৰ কৰা হয় জানেনে?
সলনি হ'ব পাৰে GMCHৰ অধ্যক্ষ ; ডাঃ অচ্যুত বৈশ্যক শাস্তিমুলক বদলিৰ সম্ভাৱনা
৬ হাজাৰ ছাত্ৰৰ ভিছা বাতিল আমেৰিকাৰ বিদেশ মন্ত্ৰালয়ৰ
ৰাজ্যৰ বনাঞ্চলত উচ্ছেদক লৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ঐতিহাসিক ৰায়
আলমণ্ডৰ পৰা তৈয়াৰ কৰা গাখীৰ খোৱাটো কিমান উপকাৰী? জানি লওক সবিশেষ
নাম-কীৰ্তনেৰে মুখৰ ৰাজ্যৰ সত্ৰ-নামঘৰ, আৰম্ভ হ'ল পৱিত্ৰ ভাদ মাহ
২০ আগষ্টত 'চতিয়া দিৱস'ৰ প্ৰস্তুতি, ৰাজ্যিক স্বীকৃতিৰ পাছত প্ৰথমবাৰৰ বাবে চৰকাৰীভাৱে হ'ব উদযাপন
ডিব্ৰুগড়ত ব্ৰহ্মপুত্ৰৰ ভয়াৱহ খহনীয়া! মাইজানৰ বৃহৎ অংশ নিলে উটুৱায়