--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ চাইবাৰ অপৰাধীৰে ভৰি পৰিছে দেশ। কঠোৰ পৰিশ্ৰম অবিহনে উচ্চ দৰমহাৰ প্ৰলোভন দি এতিয়া প্ৰতাৰক চক্ৰই বহুতকে ঠগি আহিছে। অলপ অসতৰ্ক হ’লেই এতিয়া যিকোনো লোকেই পৰিব পাৰে এই চক্ৰটোৰ জালত। 

শেহতীয়াকৈ  নয়ডাৰ এগৰাকী মহিলা এনে চাইবাৰ অপৰাধাৰ ফান্দত পৰিছে।  তেওঁক কোৱা হৈছিল যে কেইটামান ইউটিউব ভিডিঅ' লাইক কৰিলেই তেওঁ  যথেষ্ট ধন উপাৰ্জন কৰিব পাৰিব। এনে কৰাৰ  পিছতে মহিলাগৰাকীয়ে বৃহৎ পৰিমাণৰ ধন হেৰুৱাই  হতাশ হৈ পৰে।  প্ৰতাৰিত হৈছে বুলি অনুভৱ কৰি তেওঁ আৰক্ষীৰ ওচৰ চাপিছে আৰু এই বিষয়ত  অভিযোগ দাখিল কৰিছে।  আৰক্ষীয়ে ইতিমধ্যে ঘটনাটোৰ তদন্ত আৰম্ভ কৰিছে। উল্লেখ্য  ছ'চিয়েল মিডিয়া প্লেটফৰ্ম হোৱাটছএপ প্ৰৱঞ্চকসকলৰ অন্যতম মাধ্যম হৈ পৰিছে। নয়ডাৰ চেক্টৰ ৬১ ৰ মহিলাগৰাকীক চক্ৰটোৱে  প্ৰথমে হোৱাটছএপত যোগাযোগ কৰিছিল।

 অধিক ধন আহৰণৰ  লোভ দেখুৱাই চক্ৰটোৱে মহিলাগৰাকীক   প্ৰৱঞ্চনা কৰে।  তেওঁক   ই-কমাৰ্চ ৱেবছাইটত ইউটিউব ভিডিঅ'বোৰ লাইক, শ্বেয়াৰ আৰু চাবস্ক্ৰাইব কৰি ঘৰত লাখ লাখ টকা উপাৰ্জন কৰিব পাৰি বুলি কোৱা হৈছিল। মহিলাগৰাকীয়ে তেনে কৰাৰ পিছত তেওঁক এটা টেলিগ্ৰাম গোটত অন্তৰ্ভুক্ত কৰা হয়  আৰু কেইটামান ইউটিউব ভিডিঅ'ত লাইক, মন্তব্য আৰু শ্বেয়াৰ কৰিবলৈ কোৱা হয়। মহিলাগৰাকীৰ বিশ্বাস অৰ্জন কৰিবলৈ তেওঁৰ একাউণ্টত  কিছু টকাও জমা কৰা হৈছিল।

মহিলাগৰাকীলৈ কেইবাটাও নতুন ইউটিউব ভিডিঅ' প্ৰেৰণ কৰা হৈছিল। সেইবোৰত লাইক কৰাৰ পিছতে  মহিলাগৰাকীৰ একাউণ্টৰ পৰা ৪ লাখ ৩৮ হাজাৰ টকা চক্ৰটোৱে প্ৰযুক্তিৰ জাল পেলাই সৰকাই নিয়ে। মহিলাগৰাকীৰ পৰা ভিডিঅ’ লাইক কৰাৰ সময়তে বিভিন্ন কৌশলেৰে চক্ৰটোৱে তেওঁৰ বেংক একাউণ্টৰ বহু তথ্য সৰকাই লৈছিল।  যিকোনো ভিডিঅ’টোৱে লাইক, কমেণ্ট কৰা কিমান বিপজ্জনক হ’ব পাৰে সেয়া পুনৰবাৰ প্ৰমাণ হ’ল এই ঘটনাটোৰ পৰাই।  

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস