--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ১৪ বছৰীয়া সম্পৰ্ক শেষ। ভাৰতত বাৰ্চিলোনাৰ চাৰিখন একাডেমী আছিল। লিয়নেল মেছিৰ পূৰ্বৰ ক্লাবটোৱে সকলো একাডেমী বন্ধ কৰাৰ সিদ্ধান্ত লৈছে। ১ জুলাইৰ পৰা বন্ধ থাকিব সকলো একাডেমী।

২০১০ চনত লা মাছিয়াই ভাৰতত চাৰিখন একাডেমী মুকলি কৰে। স্পেনিছ ক্লাব বাৰ্চিলোনাৰ লা মাছিয়া একাডেমীৰ পৰা ওলাই আহিছে মেছি, ইনিয়েষ্টা, জাভিদৰ দৰে তাৰকা ফুটবলাৰ। তাত ফুটবলৰ প্ৰশিক্ষণ অতি কম বয়সৰ পৰাই হৈছিল। ভাৰততো তেওঁলোকে কম বয়সৰ পৰাই ফুটবল খেলুৱৈক ডাঙৰ-দীঘল কৰাৰ কাম আৰম্ভ কৰিছিল। এই চাৰিখন একাডেমী আছিল দিল্লী এন চি আৰ, মুম্বাই, বাংগালুৰু আৰু পুনেত। বন্ধ কৰাৰ সিদ্ধান্ত লোৱা হৈছে।

ক্লাবৰ ৱেবছাইটত কোৱা হৈছে যে, ‘দিল্লী, মুম্বাই, বাংগালুৰু আৰু পুনেৰ একাডেমীসমূহৰ দায়িত্বত থকা বিষয়াসকলক জনোৱা হৈছে যে ১ জুলাইৰ পৰা কাৰ্যকৰী হোৱাকৈ একাডেমীসমূহ বন্ধ কৰা হৈছে। এই চাৰিখন একাডেমী ২০১০ চনৰ পৰা আৰম্ভ হৈছিল। হাজাৰ হাজাৰ ভাৰতীয় শিশুক তাত ভৰ্তি কৰা হৈছিল। ২০১৯ আৰু ২০২০ চনত ভাৰতত বাৰ্চিলোনাৰ একাডেমীসমূহৰ মাজত ফুটবল প্ৰতিযোগিতাৰো আয়োজন কৰা হৈছিল।"

একাডেমী বন্ধ কৰাৰ কাৰণ বার্চিলোনাই প্রকাশ কৰা নাই৷ কিন্তু সূত্ৰ অনুসৰি ইয়াৰ আঁৰত আৰ্থিক কাৰণ আছে। বাৰ্চিলোনাৰ একাডেমীত ফুটবল শিকিবলৈ ব্যয়বহুল। ভাৰতৰ দৰে দেশত ইমান খৰছ কৰাৰ সামৰ্থ্য সকলোৰে নাই। গতিকে লাহে লাহে একাডেমীত ফুটবলাৰৰ সংখ্যা কমি আহিছিল। ফলত খৰচ পৰিচালনা কৰাটো কঠিন হৈ পৰিছিল। সেইবাবেই তেওঁলোকে এই সিদ্ধান্ত লৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ