--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ১৪ বছৰীয়া সম্পৰ্ক শেষ। ভাৰতত বাৰ্চিলোনাৰ চাৰিখন একাডেমী আছিল। লিয়নেল মেছিৰ পূৰ্বৰ ক্লাবটোৱে সকলো একাডেমী বন্ধ কৰাৰ সিদ্ধান্ত লৈছে। ১ জুলাইৰ পৰা বন্ধ থাকিব সকলো একাডেমী।

২০১০ চনত লা মাছিয়াই ভাৰতত চাৰিখন একাডেমী মুকলি কৰে। স্পেনিছ ক্লাব বাৰ্চিলোনাৰ লা মাছিয়া একাডেমীৰ পৰা ওলাই আহিছে মেছি, ইনিয়েষ্টা, জাভিদৰ দৰে তাৰকা ফুটবলাৰ। তাত ফুটবলৰ প্ৰশিক্ষণ অতি কম বয়সৰ পৰাই হৈছিল। ভাৰততো তেওঁলোকে কম বয়সৰ পৰাই ফুটবল খেলুৱৈক ডাঙৰ-দীঘল কৰাৰ কাম আৰম্ভ কৰিছিল। এই চাৰিখন একাডেমী আছিল দিল্লী এন চি আৰ, মুম্বাই, বাংগালুৰু আৰু পুনেত। বন্ধ কৰাৰ সিদ্ধান্ত লোৱা হৈছে।

ক্লাবৰ ৱেবছাইটত কোৱা হৈছে যে, ‘দিল্লী, মুম্বাই, বাংগালুৰু আৰু পুনেৰ একাডেমীসমূহৰ দায়িত্বত থকা বিষয়াসকলক জনোৱা হৈছে যে ১ জুলাইৰ পৰা কাৰ্যকৰী হোৱাকৈ একাডেমীসমূহ বন্ধ কৰা হৈছে। এই চাৰিখন একাডেমী ২০১০ চনৰ পৰা আৰম্ভ হৈছিল। হাজাৰ হাজাৰ ভাৰতীয় শিশুক তাত ভৰ্তি কৰা হৈছিল। ২০১৯ আৰু ২০২০ চনত ভাৰতত বাৰ্চিলোনাৰ একাডেমীসমূহৰ মাজত ফুটবল প্ৰতিযোগিতাৰো আয়োজন কৰা হৈছিল।"

একাডেমী বন্ধ কৰাৰ কাৰণ বার্চিলোনাই প্রকাশ কৰা নাই৷ কিন্তু সূত্ৰ অনুসৰি ইয়াৰ আঁৰত আৰ্থিক কাৰণ আছে। বাৰ্চিলোনাৰ একাডেমীত ফুটবল শিকিবলৈ ব্যয়বহুল। ভাৰতৰ দৰে দেশত ইমান খৰছ কৰাৰ সামৰ্থ্য সকলোৰে নাই। গতিকে লাহে লাহে একাডেমীত ফুটবলাৰৰ সংখ্যা কমি আহিছিল। ফলত খৰচ পৰিচালনা কৰাটো কঠিন হৈ পৰিছিল। সেইবাবেই তেওঁলোকে এই সিদ্ধান্ত লৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু