--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ  মুছলমানসকলে নিজৰ ধৰ্মীয়  ৰীতি-নীতি পালন কৰাৰ বাবে ভাৰত হৈছে আটাইতকৈ সুৰক্ষিত স্থান। এই মন্তব্য আৰ এছ এছ ৰ মুৰব্বী মোহন ভাগৱতৰ।

যিটো সময়ত  সংঘক বাৰে বাৰে হিন্দুত্বৰ প্ৰতিনিধি হিচাবে চিহ্নিত কৰি  ইছলামৰ বিৰুদ্ধে  ঘৃণা বিয়পোৱাৰ অভিযোগ উত্থাপিত হৈছে সেই সময়তে আৰএছএছৰ মুৰব্বী ভাগৱতে কয়, "ভাৰতত আৰু বিদ্বেষ সৃষ্টি কৰা বিধৰ্মী লোক নাই। যিসকল আছিল তেওঁলোক বাহিৰৰ পৰা আহিছিল, তেওঁলোক গুচি গৈছে। যিসকল এতিয়া ইয়াত আছে , তেওঁলোক সকলোৱেই  আমাৰ।’’ ভাগৱতৰ মতে, "কিছুমান লোক এতিয়াও এই বাহিৰৰ লোকসকলৰ দৃষ্টিভংগীৰ দ্বাৰা প্ৰভাৱান্বিত হৈ আছে। তেওঁলোকক সেই মতবাদৰ পৰা মুক্ত কৰাটো আমাৰ দায়িত্ব। "

ভাগৱতে দাবী কৰে যে ইছলাম এটা সময়ত সমগ্ৰ বিশ্বতে বিয়পি পৰিছিল। ইছলামিক আক্ৰমণৰ ফলস্বৰূপে স্পেইন আৰু মঙ্গোলিয়াৰ দৰে দেশতো ধৰ্মৰ সংকট  হৈছিল। পিছলৈ সেই দেশসমূহৰ স্থানীয় বাসিন্দাসকলে সতৰ্ক হৈ পৰিছিল আৰু ইয়াক প্ৰতিৰোধ কৰিছিল। ইছলাম এতিয়া সেই দেশবোৰৰ পৰা বিলুপ্ত হৈ গৈছে। বিদেশীসকলে সেই দেশবোৰ এৰি যোৱাৰ পিছত ইছলাম আৰু তাত সুৰক্ষিত নহয়। ইছলাম কেৱল ভাৰতত সুৰক্ষিত। "

ভাগৱতে লগতে কয় "আজি সকলোৱে একেলগে দেশৰ অখণ্ডতাৰ বাবে মাত মাতিব লাগিব। আজি আমি দেশৰ সীমাত শক্তি প্ৰদৰ্শন কৰা নাই, নিজৰ মাজতহে যুঁজ দি আছো। এয়া বন্ধ হ'ব লাগিব। "দৰাচলতে, আৰ এছ এছে বিশ্বাস কৰে যে ভাৰতত বাস কৰা সকলো লোক হিন্দু। পিছলৈ বিদেশী শাসকসকলে আহি বহুতো হিন্দুক ধৰ্মান্তৰিত কৰিছিল। আৰএছএছৰ  মুৰব্বীগৰাকীয়ে  ঘূৰি পকি  একেটা কথাকে যেন ক'বলৈ বিচাৰিছিল। একে সময়তে, তেওঁ কয়  যে বিদেশী আৰু বিপথগামী সকলক ঘৰলৈ ঘূৰাই অনাৰ দায়িত্ব সকলোৱে ল'ব লাগে।








FOLLOW US F
POPULAR
FEATURE
TRENDY
জৰ্জিনা ৰ’ড্ৰিগেজৰ সৈতে বিবাহপাশত আবদ্ধ ‘CR7’
ৰাম মন্দিৰৰ দান চুৰি প্ৰসংগ; ১৭ আগষ্টত শুনানি গ্ৰহণ কৰিব উচ্চতম ন্যায়ালয়ে
চুলিৰ সমস্যা দূৰ কৰে এল’ভেৰাই; কেনেদৰে কৰিব ব্যৱহাৰ?
নগাঁৱত দুই চিলনী চোৰে পইচাৰ বেগ টানি নিবলৈ খোজোতেই দুৰ্ঘটনাত পতিত পিতা-পুত্ৰী
আজি গুৱাহাটীত নৰ্থ ইষ্ট ইউনাইটেডৰ অন্তিম গ্রুপ মেচ
কাকপথৰাত চুৰি কাঁহী-বাতি বিক্ৰী কৰি ধৰা পৰিল দুই চোৰ; ব্যৱসায়ীৰ সন্ধানত আৰক্ষী
নতুন হাৰাংগাজাওত ৰে'লপথৰ অস্থিৰতা: লুমডিং-বদৰপুৰ খণ্ডত ৰে'ল সেৱাত ব্যাপক ব্যাঘাত
জালুকবাৰীত তিনিটা নতুন আদৰ্শ অংগনৱাদী কেন্দ্ৰৰ শুভ উদ্বোধন
নলবাৰী জিলা আয়ুক্তৰ অধ্যক্ষতাত স্বাস্থ্য বিভাগৰ কাৰ্যসূচীৰ ব্যাপক পৰ্যালোচনা
ডিব্ৰুগড়ৰ গণেশ মন্দিৰৰ ভূমিত উচ্ছেদ অভিযানক লৈ বিতৰ্ক, স্থগিতাদেশ উলংঘাৰ অভিযোগ
ৰাষ্ট্ৰীয় হস্ততাঁত বঁটাত উজ্বলিল উত্তৰ-পূবৰ শিপিনী, অসমলৈ শীৰ্ষ সন্মান
ভুৱা তথ্যৰ প্ৰাদুৰ্ভাৱ: অসমৰ বানপানী, ঝাৰখণ্ডৰ প্ৰতিবাদক লৈ AI-নিৰ্মিত দৃশ্য ভাইৰেল
দক্ষতাভিত্তিক শিক্ষাত গুৰুত্ব দিবলৈ ছাত্ৰ-ছাত্ৰীক মুখ্যমন্ত্ৰীৰ আহ্বান: ভৱিষ্যত নিৰ্ভৰ কৰিব বিশেষ দক্ষতাৰ ওপৰত
ডিব্ৰুগড়ৰ ডিএইচএছকে মহাবিদ্যালয়ত ছাত্ৰ-ছাত্ৰীসকলক প্ৰাথমিক চিকিৎসাৰ প্ৰশিক্ষণ