--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ  মুছলমানসকলে নিজৰ ধৰ্মীয়  ৰীতি-নীতি পালন কৰাৰ বাবে ভাৰত হৈছে আটাইতকৈ সুৰক্ষিত স্থান। এই মন্তব্য আৰ এছ এছ ৰ মুৰব্বী মোহন ভাগৱতৰ।

যিটো সময়ত  সংঘক বাৰে বাৰে হিন্দুত্বৰ প্ৰতিনিধি হিচাবে চিহ্নিত কৰি  ইছলামৰ বিৰুদ্ধে  ঘৃণা বিয়পোৱাৰ অভিযোগ উত্থাপিত হৈছে সেই সময়তে আৰএছএছৰ মুৰব্বী ভাগৱতে কয়, "ভাৰতত আৰু বিদ্বেষ সৃষ্টি কৰা বিধৰ্মী লোক নাই। যিসকল আছিল তেওঁলোক বাহিৰৰ পৰা আহিছিল, তেওঁলোক গুচি গৈছে। যিসকল এতিয়া ইয়াত আছে , তেওঁলোক সকলোৱেই  আমাৰ।’’ ভাগৱতৰ মতে, "কিছুমান লোক এতিয়াও এই বাহিৰৰ লোকসকলৰ দৃষ্টিভংগীৰ দ্বাৰা প্ৰভাৱান্বিত হৈ আছে। তেওঁলোকক সেই মতবাদৰ পৰা মুক্ত কৰাটো আমাৰ দায়িত্ব। "

ভাগৱতে দাবী কৰে যে ইছলাম এটা সময়ত সমগ্ৰ বিশ্বতে বিয়পি পৰিছিল। ইছলামিক আক্ৰমণৰ ফলস্বৰূপে স্পেইন আৰু মঙ্গোলিয়াৰ দৰে দেশতো ধৰ্মৰ সংকট  হৈছিল। পিছলৈ সেই দেশসমূহৰ স্থানীয় বাসিন্দাসকলে সতৰ্ক হৈ পৰিছিল আৰু ইয়াক প্ৰতিৰোধ কৰিছিল। ইছলাম এতিয়া সেই দেশবোৰৰ পৰা বিলুপ্ত হৈ গৈছে। বিদেশীসকলে সেই দেশবোৰ এৰি যোৱাৰ পিছত ইছলাম আৰু তাত সুৰক্ষিত নহয়। ইছলাম কেৱল ভাৰতত সুৰক্ষিত। "

ভাগৱতে লগতে কয় "আজি সকলোৱে একেলগে দেশৰ অখণ্ডতাৰ বাবে মাত মাতিব লাগিব। আজি আমি দেশৰ সীমাত শক্তি প্ৰদৰ্শন কৰা নাই, নিজৰ মাজতহে যুঁজ দি আছো। এয়া বন্ধ হ'ব লাগিব। "দৰাচলতে, আৰ এছ এছে বিশ্বাস কৰে যে ভাৰতত বাস কৰা সকলো লোক হিন্দু। পিছলৈ বিদেশী শাসকসকলে আহি বহুতো হিন্দুক ধৰ্মান্তৰিত কৰিছিল। আৰএছএছৰ  মুৰব্বীগৰাকীয়ে  ঘূৰি পকি  একেটা কথাকে যেন ক'বলৈ বিচাৰিছিল। একে সময়তে, তেওঁ কয়  যে বিদেশী আৰু বিপথগামী সকলক ঘৰলৈ ঘূৰাই অনাৰ দায়িত্ব সকলোৱে ল'ব লাগে।







FOLLOW US F
POPULAR
FEATURE
TRENDY
মাটি খান্দোতে মুছলমানৰ ঘৰত ওলাল শিৱলিংগ! মন্দিৰৰ বাবে মাটি দান কৰিলে মুছলমান পৰিয়ালটোৱে
ৰে’লৰ পৰা কম্বল, আঠুৱা, টাৱেল চুৰি কৰিলে ৫ বছৰ পৰ্যন্ত জে'ল! নিয়ম জানি লওক
কৃত্ৰিম বুদ্ধিমত্তাৰ উত্থানত সংকটত চাকৰি; জটিল সমাজ ব্যৱস্থাত নতুন চিন্তা
অপাৰেচন মহাদেৱৰ সাফল্য ; ভাৰতীয় সেনাৰ আক্ৰমণত নিহত পেহেলগাম কাণ্ডত জড়িত ৩ সন্ত্রাসবাদী
নিমিষা প্ৰিয়াৰ মৃত্যুদণ্ড বাতিলৰ দাবী গ্ৰেণ্ড মুফতি কাৰ্যালয়ৰ
ফিডে মহিলা দবা বিশ্বকাপৰ খিতাপ দখল দিব্যা দেশমুখৰ