--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পাকিস্তানৰ বৈদেশিক মন্ত্ৰী বিলাৱাল ভুট্টো জৰ্দাৰীয়ে বৃহস্পতিবাৰে (৪ মে’) ভাৰতত উপস্থিত হয়। ছাংহাই সহযোগিতা সংস্থাৰ বৈদেশিক মন্ত্ৰীসকলৰ বৈঠকত অংশগ্ৰহণ কৰিবলৈ তেওঁ ইয়াত গোৱাত উপস্থিত থাকিব। ১২ বছৰৰ পাছত পাকিস্তানৰ বৈদেশিক মন্ত্ৰীৰ এয়া প্ৰথম ভাৰত ভ্ৰমণ। ইয়াৰ পূৰ্বে ২০১১ চনত পাকিস্তানৰ প্ৰাক্তন বৈদেশিক মন্ত্ৰী  হিনা ৰাব্বানী খাঁ ভাৰতলৈ আহিছিল।

গোৱালৈ উৰাজাহাজৰ পূৰ্বে বিলাৱাল ভুট্টোৱে নিজৰ টুইটাৰ হেণ্ডেলত এটা টুইট কৰিছিল। য’ত তেওঁ ভাৰত ভ্ৰমণৰ বিষয়ে বিশ্ববাসীক অৱগত কৰিছিল। বিলোৱালে লিখিছে, "মই গোৱালৈ গৈ আছো, তাত উপস্থিত হোৱাৰ পিছত এছ চি অ' শীৰ্ষ সন্মিলনত মোৰ দেশক প্ৰতিনিধিত্ব কৰিবলৈ। বৈঠকত অংশগ্ৰহণ কৰাৰ মোৰ সিদ্ধান্তই এছ চি অ'ৰ চনদৰ প্ৰতি পাকিস্তানৰ দায়বদ্ধতাক প্ৰতিফলিত কৰিছে। এই ভ্ৰমণৰ সময়ত যিটো বিশেষভাৱে আনুষ্ঠানিকভাৱে এছ চি অ'ৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছিল।" , য'ত মই বন্ধুত্বপূৰ্ণ জাতিসমূহৰ মোৰ সমকক্ষসকলৰ সৈতে গঠনমূলক আলোচনাৰ বাবে আগ্ৰহী।"

বিলাৱাল ভুট্টো পাকিস্তানৰ অন্যতম কনিষ্ঠ মন্ত্ৰী। তেওঁৰ বয়স ৩৪ বছৰ। তেওঁ পাকিস্তানৰ প্ৰাক্তন ৰাষ্ট্ৰপতি আছিফ আলী জৰ্দাৰীৰ পুত্ৰ। বিলাৱালৰ জন্ম হৈছিল ১৯৮৮ চনৰ ২১ ছেপ্টেম্বৰত পাকিস্তানৰ কৰাচী চহৰত। বহিঃৰাজ্যৰ পৰাই পঢ়া-শুনা সমাপ্ত কৰে। ২০২২ চনৰ ২৭ এপ্ৰিলত বিলোৱালক দেশৰ ৩৭ সংখ্যক বৈদেশিক মন্ত্ৰী হিচাপে নিযুক্তি দিয়া হয়। তেওঁ যি দলত আছে তাৰ নাম ‘পাকিস্তান পিপলছ পাৰ্টি’। বৈদেশিক মন্ত্ৰী হিচাপে বিলোৱালে এতিয়া প্ৰথমবাৰৰ বাবে ভাৰত ভ্ৰমণ কৰিছে। তেওঁ এছ চি অ’ শীৰ্ষ সন্মিলনত অংশগ্ৰহণ কৰিব।

এইবাৰ ভাৰতত অনুষ্ঠিত হৈছে এছ চি অ’ শীৰ্ষ সন্মিলন। এই সংস্থাটো ২০০১ চনৰ জুন মাহত চীন আৰু ৰাছিয়াই প্ৰতিষ্ঠা কৰিছিল। এতিয়া এই সংগঠনত চীন, ৰাছিয়া, ভাৰত, পাকিস্তান, উজবেকিস্তান, কিৰ্গিস্তান আৰু তাজিকিস্তানকে ধৰি বহু দেশ অন্তৰ্ভুক্ত কৰা হৈছে। ভাৰতত SCO ৰ বৈঠক আজি অৰ্থাৎ ৪ মে' আৰু কাইলৈ অৰ্থাৎ ৫ মে'ত অনুষ্ঠিত হ'ব। এছ চি অ’ৰ বৈঠকৰ উপৰিও ভাৰতৰ বৈদেশিক মন্ত্ৰী এছ জয়শংকৰে ৰাছিয়া আৰু চীনৰ বৈদেশিক মন্ত্ৰীৰ সৈতেও দ্বিপাক্ষিক বৈঠকত মিলিত হ’ব।








FOLLOW US F
POPULAR
FEATURE
TRENDY
কোকৰাঝাৰ আৰু চিৰাঙৰ নিৰ্বাচনকেন্দ্ৰিক হিংসাৰ ঘটনাক লৈ প্ৰতিক্ৰিয়া বিপিএফৰ সভাপতি হাগ্ৰামা মহিলাৰীৰ
১২ হাজাৰৰো অধিক শিক্ষক পদত ১০ অক্টোবৰত হ'ব নিযুক্তি
নেপালত জুইৰ মাজত উজলি উঠিছে একমাত্র বলেন শ্বাহ
দলগাঁৱত ভূমিকেন্দ্ৰিক সংঘাত; ভয়ংকৰ মাৰপিট! আহত ৫ জন
চাবুৱাত চাহ খেতিয়কৰ তীব্ৰ প্ৰতিবাদ
ওজন হ্ৰাসৰ লগতে জিলিকি থকা ছাল বিচাৰে নেকি? এই ৩ ধৰণেৰে ডালচেনি সেৱন কৰক
দৈনিক মেথিৰ গুটি সেৱন কৰিলে পাব বহু উপকাৰ
কেৰালাত মগজু খাই পেলোৱা এমিবাৰ সন্ত্রাস! ৪২জন আক্রান্ত, ৩জন ৰোগীৰ মৃত্যু
বিদ্যালয়ত ঐচ্ছিক বিষয় হ'ব ফুটবল: শিক্ষামন্ত্ৰী ৰণোজ পেগু
দহ লাখ ভাৰতীয়ক খেদিবলৈ অষ্ট্ৰেলিয়াত বিশাল আন্দোলন! ভাৰতীয়সকলক ঘৰৰ পৰা নোলাবলৈ পৰামৰ্শ
বিমানৰ জি পি এছ বিকল; কথমপি প্ৰাণ ৰক্ষা ইউৰোপিয়ান ইউনিয়নৰ অধ্যক্ষা উৰচুলা ভনৰ
২৫ বছৰ ভাৰতীয় দলত খেলাৰ পাছত হঠাৎ অৱসৰৰ ঘোষণা এইগৰাকী খেলুৱৈৰ, লিখিলে আৱেগিক পোষ্ট
দেশৰ সৰ্বসাধাৰণক বৃহৎ সকাহ! GST হ্ৰাসৰ ঐতিহাসিক সিদ্ধান্ত
বিক্রী হ'ব প্রথম প্রধানমন্ত্রী নেহৰুৰ চৰকাৰী বাসভৱন