--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ যোৱা কেইবছৰমানত ভাৰতত তৈয়াৰ কৰা কফ ছিৰাপ খাই  বিদেশত কেইবাটিও শিশুৰ  মৃত্যু ঘটিছে।ইয়াৰ মাজতে কেন্দ্ৰই শনিবাৰে ঔষধৰ মান উন্নত কৰিবলৈ কঠোৰ নিৰ্দেশনা জাৰি কৰিছে। চৰকাৰৰ বিশেষজ্ঞ সমিতিয়ে নতুন বছৰত ফাৰ্মাচিউটিকেল কোম্পানীসমূহৰ বাবে নতুন উৎপাদন মানৰ বাবে এখন জাননী জাৰি কৰিছে। সেই নিৰ্দেশনা মতে  কোম্পানীবোৰে ঔষধ প্ৰস্তুত কৰিব লাগিব।

২০২২ চনৰ পৰা  ভাৰতীয় ফাৰ্মাচিউটিকেল কোম্পানীবোৰৰ বিৰুদ্ধে   একাধিক অভিযোগ উত্থাপিত হৈছে। ফলস্বৰূপে, আন্তৰ্জাতিক বজাৰত ভাৰতৰ নাম অৱনমিত হৈছে। মোদী চৰকাৰে ৫০ বিলিয়ন ডলাৰৰ বজাৰ খন ধৰি ৰখাৰ বাবে  সেয়ে কেতবোৰ কঠোৰ সিদ্ধান্ত লৈছে। কেন্দ্ৰৰ নিৰ্দেশনা অনুসৰি, নিৰ্মাতাই সামগ্ৰীৰ মানৰ  দায়িত্ব ল'ব লাগিব। সুৰক্ষা আৰু কাৰ্যক্ষমতাৰ  বিষয়ত গুৰুত্ব দিব লাগিব।

কেন্দ্ৰই কৈছে  যে গুণগত মান পৰীক্ষাত "সন্তোষজনক ফলাফল" লাভ  কৰাৰ পিছতহে সামগ্ৰীবোৰ ব্যৱহাৰৰ বাবে উলিয়াই দিব লাগিব।  প্ৰয়োজন হ'লে সামগ্ৰী এটা বাৰে বাৰে পৰীক্ষা কৰিব লাগিব। আগষ্টত স্বাস্থ্য মন্ত্ৰালয়ে কৈছিল যে ডিচেম্বৰ ২০২২-ৰ পৰা ১৬২  খন ফাৰ্মাচীৰ পৰিদৰ্শনে দেখুৱাইছে যে ঔষধ প্ৰস্তুত কৰাৰ আগতে  কেঁচা সামগ্ৰী পৰীক্ষা কৰা হোৱা নাই।ভাৰতৰ ৮,৫০০ টা সৰু ফাৰ্মা কাৰখানাৰ এক চতুৰ্থাংশতকৈও কম কাৰখানাইহে  বিশ্ব স্বাস্থ্য সংস্থাৰ নিয়ম অনুসৰি ঔষধ উৎপাদন কৰে। যিটো অতি উদ্বেগজনক।

শনিবাৰৰ জাননী অনুসৰিডাঙৰ ফাৰ্মা কোম্পানীবোৰে অহা ছমাহত কেন্দ্ৰৰ নিৰ্দেশনা অনুসৰি মান উন্নত কৰাৰ বাবে পদক্ষেপ ল'ব। আনহাতে, সৰু কোম্পানীবোৰে ১২  মাহৰ ভিতৰত এনে কৰিব লাগিব। বিশ্ব স্বাস্থ্য সংস্থাই দাবী কৰিছে যে জাম্বিয়া, উজবেকিস্তান আৰু কেমেৰুনত কমেও ১৪১  টা শিশুৰ ভাৰতত তৈয়াৰ কৰা কফ ছিৰাপৰ খোৱাৰ ফলত মৃত্যু হৈছে। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক