--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ যোৱা কেইবছৰমানত ভাৰতত তৈয়াৰ কৰা কফ ছিৰাপ খাই  বিদেশত কেইবাটিও শিশুৰ  মৃত্যু ঘটিছে।ইয়াৰ মাজতে কেন্দ্ৰই শনিবাৰে ঔষধৰ মান উন্নত কৰিবলৈ কঠোৰ নিৰ্দেশনা জাৰি কৰিছে। চৰকাৰৰ বিশেষজ্ঞ সমিতিয়ে নতুন বছৰত ফাৰ্মাচিউটিকেল কোম্পানীসমূহৰ বাবে নতুন উৎপাদন মানৰ বাবে এখন জাননী জাৰি কৰিছে। সেই নিৰ্দেশনা মতে  কোম্পানীবোৰে ঔষধ প্ৰস্তুত কৰিব লাগিব।

২০২২ চনৰ পৰা  ভাৰতীয় ফাৰ্মাচিউটিকেল কোম্পানীবোৰৰ বিৰুদ্ধে   একাধিক অভিযোগ উত্থাপিত হৈছে। ফলস্বৰূপে, আন্তৰ্জাতিক বজাৰত ভাৰতৰ নাম অৱনমিত হৈছে। মোদী চৰকাৰে ৫০ বিলিয়ন ডলাৰৰ বজাৰ খন ধৰি ৰখাৰ বাবে  সেয়ে কেতবোৰ কঠোৰ সিদ্ধান্ত লৈছে। কেন্দ্ৰৰ নিৰ্দেশনা অনুসৰি, নিৰ্মাতাই সামগ্ৰীৰ মানৰ  দায়িত্ব ল'ব লাগিব। সুৰক্ষা আৰু কাৰ্যক্ষমতাৰ  বিষয়ত গুৰুত্ব দিব লাগিব।

কেন্দ্ৰই কৈছে  যে গুণগত মান পৰীক্ষাত "সন্তোষজনক ফলাফল" লাভ  কৰাৰ পিছতহে সামগ্ৰীবোৰ ব্যৱহাৰৰ বাবে উলিয়াই দিব লাগিব।  প্ৰয়োজন হ'লে সামগ্ৰী এটা বাৰে বাৰে পৰীক্ষা কৰিব লাগিব। আগষ্টত স্বাস্থ্য মন্ত্ৰালয়ে কৈছিল যে ডিচেম্বৰ ২০২২-ৰ পৰা ১৬২  খন ফাৰ্মাচীৰ পৰিদৰ্শনে দেখুৱাইছে যে ঔষধ প্ৰস্তুত কৰাৰ আগতে  কেঁচা সামগ্ৰী পৰীক্ষা কৰা হোৱা নাই।ভাৰতৰ ৮,৫০০ টা সৰু ফাৰ্মা কাৰখানাৰ এক চতুৰ্থাংশতকৈও কম কাৰখানাইহে  বিশ্ব স্বাস্থ্য সংস্থাৰ নিয়ম অনুসৰি ঔষধ উৎপাদন কৰে। যিটো অতি উদ্বেগজনক।

শনিবাৰৰ জাননী অনুসৰিডাঙৰ ফাৰ্মা কোম্পানীবোৰে অহা ছমাহত কেন্দ্ৰৰ নিৰ্দেশনা অনুসৰি মান উন্নত কৰাৰ বাবে পদক্ষেপ ল'ব। আনহাতে, সৰু কোম্পানীবোৰে ১২  মাহৰ ভিতৰত এনে কৰিব লাগিব। বিশ্ব স্বাস্থ্য সংস্থাই দাবী কৰিছে যে জাম্বিয়া, উজবেকিস্তান আৰু কেমেৰুনত কমেও ১৪১  টা শিশুৰ ভাৰতত তৈয়াৰ কৰা কফ ছিৰাপৰ খোৱাৰ ফলত মৃত্যু হৈছে। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু