--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ভয়ংকৰ খবৰ৷ অবৈধভাৱে পৰিচালিত শিশু আশ্ৰয়গৃহৰ পৰা সন্ধানহীন হৈছে ২৬গৰাকী ছোৱালী৷ গুজৰাট, ঝাৰখণ্ড, ৰাজস্থান আৰু মধ্য প্ৰদেশকে ধৰি বিভিন্ন ৰাজ্যৰ কমেও ২৬গৰাকী ছোৱালী ভূপালৰ এটা অবৈধভাৱে পৰিচালিত শিশু আশ্ৰয় গৃহৰ পৰা সন্ধানহীন হৈছে। 

ঘটনাটো পোহৰলৈ আহিছিল যেতিয়া ৰাষ্ট্ৰীয় শিশু অধিকাৰ সুৰক্ষা আয়োগৰ অধ্যক্ষ প্ৰিয়ংক কানুনগোৱে ভূপালৰ উপকণ্ঠৰ পাৰৱালিয়া অঞ্চলৰ শিশু আশ্ৰয় গৃহ আকস্মিক ভ্ৰমণ কৰিছিল। আশ্ৰয় গৃহৰ পঞ্জীয়ন পৰীক্ষা কৰাৰ পাছত কানুনগোৱে দেখিলে যে তাত ৬৮গৰাকী ছোৱালীৰ পঞ্জীয়ন তালিকা আছে, কিন্তু তেওঁলোকৰ ২৬গৰাকী সন্ধানহীন হৈ আছে।

যেতিয়া আশ্ৰয় গৃহৰ সঞ্চালক অনিল মেথিউক সন্ধানহীন ছোৱালীবোৰৰ বিষয়ে প্ৰশ্ন কৰা হৈছিল, তেওঁ সন্তোষজনক উত্তৰ দিয়া নাছিল। ঘটনাটো সন্দৰ্ভত আৰক্ষীৰ দ্বাৰা এখন এজাহাৰ দাখিল কৰা হৈছে।

ছোৱালীবোৰ গুজৰাট, ঝাৰখণ্ড আৰু ৰাজস্থানৰ আছিল, আনহাতে তেওঁলোকৰ কিছুমান মধ্য প্ৰদেশৰ চেহোৰ, ৰাইচেন, ছিন্দৱাৰা আৰু বালাঘাটৰ বাসিন্দা আছিল।

এজাহাৰৰ তথ্য অনুসৰি, শিশু গৃহটোত বহুতো অনিয়ম পোৱা গৈছে, যিটো অবৈধভাৱে চলাই থকা হৈছিল। এক টুইটযোগে কানুনগোৱে কয় যে শিশু গৃহটো পৰিচালনা কৰি থকা এজন মিছনাৰীয়ে কিছুমান শিশুক ৰাস্তাৰ পৰা উদ্ধাৰ কৰিছিল আৰু কোনো অনুজ্ঞাপত্ৰ অবিহনে আশ্ৰয় গৃহটো চলাই আছিল। এনচিপিচিআৰৰ অধ্যক্ষই লগতে অভিযোগ কৰিছিল যে উদ্ধাৰ কৰাসকলক শিশু গৃহত গোপনে ৰখা হৈছিল আৰু তেওঁলোকক খ্ৰীষ্টান ধৰ্ম পালন কৰিবলৈ বাধ্য কৰা হৈছিল।

কানুনগোৱে কয়, ৬ৰ পৰা ১৮ বছৰ বয়সৰ বেছিভাগ ছোৱালী হিন্দু। বহু অসুবিধাৰ পাছত আৰক্ষীয়ে এখন এজাহাৰ পঞ্জীয়ন কৰিছে৷ দুৰ্ভাগ্যবশতঃ মধ্য প্ৰদেশৰ মহিলা আৰু শিশু বিকাশ বিভাগৰ বিষয়াসকলে এনে বেচৰকাৰী সংগঠনৰ পৰা চুক্তিবদ্ধ হৈ শিশু হেল্পলাইন চলাব বিচাৰে বুলি তেওঁ লগতে কয়। 

নিৰুদ্দেশ হোৱা সকলো ছোৱালী শিশু কল্যাণ সমিতিৰ নিৰ্দেশ অবিহনে বাস কৰি আছিল। অৱশ্যে, শিশু গৃহৰ বিষয়াসকলে দাবী কৰিছিল যে শিশুসকলক উদ্ধাৰ কৰা হৈছিল আৰু পাছত শিশু কল্যাণ সমিতিৰ সন্মুখত উপস্থাপন কৰা হৈছিল।

এজাহাৰ অনুসৰি শিশুগৃহটো বন্ধ কৰা হোৱা নাই আৰু পাকঘৰত মাংস আৰু মাছৰ সামগ্ৰী পোৱা গৈছে। এজাহাৰখনত এইটোও কোৱা হৈছিল যে শিশু গৃহত বিভিন্ন ধৰ্মৰ ছোৱালী আছিল, কিন্তু বিষয়াসকলে কৈছিল, তেওঁলোকক কেৱল এটা ধৰ্ম (খ্ৰীষ্টান ধৰ্ম)ৰ উপাসনা কৰিবলৈ বাধ্য কৰা হৈছিল।

লক্ষ্যণীয়ভাৱে, শিশু গৃহত কোনো চিচিটিভি কেমেৰা নাছিল। দুজন মহিলা সুৰক্ষা কৰ্মীৰ উপৰিও, নিশা দুজন পুৰুষ ৰক্ষী থাকে, যি নিয়মৰ উলংঘন। ছোৱালীৰ আশ্ৰয় গৃহত কেৱল মহিলাৰক্ষী থকাটো বাধ্যতামূলক৷ ইতিমধ্যে এই ঘটনা সন্দৰ্ভত এখন জাননী ৰাজ্যৰ মুখ্য সচিবলৈ প্ৰেৰণ কৰা হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু