গুৱাহাটী: ভাৰতৰত্ন ডঃ ভূপেন হাজৰিকাৰ সন্দৰ্ভত প্ৰকাশিত ২২টা ভাষাৰ গ্ৰন্থৰ প্ৰকাশন আৰু বিতৰণ প্ৰক্ৰিয়াক লৈ শেহতীয়াকৈ সৃষ্টি হোৱা চৰ্চাৰ মাজতে অসম প্ৰকাশন পৰিষদে এক স্পষ্টীকৰণ প্ৰদান কৰিছে। পৰিষদে জনোৱা মতে, সমগ্ৰ প্ৰকল্পটো নিৰ্ধাৰিত পৰ্যায়ক্ৰমীয় পৰিকল্পনা অনুসৰিহে ৰূপায়ণ কৰা হৈছে আৰু ২০২৭ চনৰ জানুৱাৰী মাহৰ শেষৰ ভিতৰত দেশৰ বিভিন্ন প্ৰান্তৰ পুথিভঁৰাললৈ গ্ৰন্থৰ টোপোলা প্ৰেৰণ সম্পূৰ্ণ কৰা হ’ব।
বুধবাৰে প্ৰকাশিত এক পত্নী যোগে প্ৰকাশন পৰিষদে উল্লেখ কৰা মতে, প্ৰথম পৰ্যায়ত অসম চৰকাৰৰ জৰিয়তে অসমীয়া, বড়ো, বাংলা আৰু ইংৰাজী সংস্কৰণৰ মুঠ ১১.৫ লাখ কপি ছপা কৰি জনসাধাৰণৰ মাজলৈ বিতৰণ কৰা হৈছে। ইয়াৰ পিছতে দ্বিতীয় পৰ্যায়ত আন ভাষালৈ অনুবাদ কৰা সংস্কৰণসমূহ সংশ্লিষ্ট ভাষাভাষী ৰাজ্যসমূহৰ চৰকাৰী, মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়ৰ পুথিভঁৰাললৈ বিনামূলীয়াভাৱে প্ৰেৰণৰ ব্যৱস্থা কৰা হ’ব।
এই বিশেষ কাৰ্যসূচীৰ বাবে দেশজুৰি থকা বিভিন্ন শিক্ষানুষ্ঠান আৰু চৰকাৰী পুথিভঁৰালৰ সঠিক ঠিকনা সংগ্ৰহ কৰা হৈছে বুলি পৰিষদে প্ৰকাশ কৰে। নিৰ্ধাৰিত আঁচনি অনুসৰি ২০২৭ চনৰ জানুৱাৰী মাহৰ অন্তিম ভাগৰ ভিতৰত গ্ৰন্থ বিতৰণৰ কাম সম্পূৰ্ণ হোৱাৰ কথা। বিভিন্ন সংস্কৰণৰ চাহিদা আৰু পুথিভঁৰালৰ প্ৰয়োজনীয়তাৰ ওপৰত ভিত্তিকেই ছপাৰ সংখ্যা নিৰ্ধাৰণ কৰা হৈছে বুলি পৰিষদে স্পষ্ট কৰি দি কয় যে প্ৰথম অৱস্থাত কম সংখ্যাত ছপা কৰাটো অনুমোদিত বিতৰণ পৰিকল্পনাৰে অংশ আছিল আৰু প্ৰয়োজনীয়তা সাপেক্ষে পৰৱৰ্তী সময়ত পুনৰ গ্ৰন্থ ছপা কৰা হ’ব।