--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ লোকসভাৰ এতিয়াও কোনো স্থায়ী অধ্যক্ষ নিৰ্বাচন কৰা হোৱা নাই। মোদী মন্ত্ৰীসভাৰ তৃতীয়টো  কাৰ্যকালৰ প্ৰথম সংসদীয় অধিৱেশনতে লোকসভাৰ অধ্যক্ষ নিৰ্বাচন কৰা হ’ব। লোকসভাৰ এগৰাকী নতুন অধ্যক্ষ নিযুক্তি নিদিয়ালৈকে কটকৰ সাতটা কাৰ্যকালৰ সাংসদ ভৰত্ৰুহাৰী মাহতাবক লোকসভাৰ প্ৰ’ টেম  অধ্যক্ষ  হিচাবে নিযুক্তি দিছে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে । সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেণ ৰিজিজুৱে এই কথা প্ৰকাশ কৰে। কিন্তু লোকসভাৰ প্ৰ’ টেম  অধ্যক্ষ নিযুক্তিকলৈ অসন্তুষ্টি ব্যক্ত কৰিছে বিৰোধী কংগ্ৰেছে। কংগ্ৰেছে অভিযোগ কৰে যে নৰেন্দ্ৰ মোদী চৰকাৰে কংগ্ৰেছৰ জ্যেষ্ঠ সদস্য তথা আঠটা কাৰ্যকালৰ সাংসদ কোডিকুন্নিল সুৰেশক সন্মান প্ৰদান কৰিব লাগিছিল। কাৰণ লোকসভাৰ প্ৰ’টেম অধ্যক্ষ সাধাৰণতে লোকসভাৰ সৰ্বাধিক কালৰ সাংসদগৰাকীক প্ৰদান কৰাটো এক পৰম্পৰা ।

 ইপিনে লোকসভাৰ প্ৰ’ টেম  অধ্যক্ষ নিযুক্তি সন্দৰ্ভত ৰিজিজুৱে কয় “অধ্যক্ষৰ দায়িত্ব পালন কৰিবলৈ সংবিধানৰ ৯৫(১) অনুচ্ছেদৰ অধীনত লোকসভাৰ সদস্য  ভাৰত্ৰুহৰী মাহতাবক  প্ৰ’টেম অধ্যক্ষ হিচাপে নিযুক্তি দি ৰাষ্ট্ৰপতি আনন্দিত হৈছে ।লোকসভাৰ নৱনিৰ্বাচিত সদস্যসকলে প্ৰ’টেম  অধ্যক্ষৰ সন্মুখত শপত  গ্ৰহণ কৰিব।’’ ৰিজিজুৱে লগতে কয় যে মাহতাবক সহায় কৰিব ডি এম কে নেতা সুৰেশ, টি.আৰ. বালু, তৃণমূল কংগ্ৰেছ নেতা সুদীপ বন্দ্যোপাধ্যায় আৰু বিজেপি নেতা ৰাধা মোহন সিং তথা  ফাগন সিং কুলাষ্টে। কটক লোকসভাৰ আসনৰ পৰা বিজেপিয়ে ভাৰত্ৰুহৰী মাহতাবক প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰিছিল।এক্সৰ এটা পোষ্টত কংগ্ৰেছ নেতা জয়ৰাম ৰমেশে কয় যে নিয়ম  অনুসৰি সৰ্বাধিক কাৰ্যকাল সম্পন্ন  কৰা সাংসদগৰাকীক সাংসদসকলে শপত গ্ৰহণ কৰাৰ পূৰ্বে  প্ৰথম দুদিনৰ বাবে প্ৰ’ টেম অধ্যক্ষ হিচাপে নিযুক্তি দিয়া হয়। ১৮ সংখ্যক  লোকসভাৰ জ্যেষ্ঠ  সাংসদ হৈছে কোডিকুন্নিল সুৰেশ (কংগ্ৰেছ) আৰু বীৰেন্দ্ৰ কুমাৰ (বিজেপি), দুয়োগৰাকীয়ে এতিয়া তেওঁলোকৰ অষ্টম কাৰ্যকালৰ বাবে লোকসভালৈ নিৰ্বাচিত হৈছে। পিছৰগৰাকী  এতিয়া কেন্দ্ৰীয় মন্ত্ৰী,  সেয়েহে আশা কৰা হৈছিল যে কোডিকুন্নিল সুৰেশক প্ৰ’টেম  অধ্যক্ষ হিচাবে নিযুক্তি দিয়া  হ’ব।

 ইয়াৰ পৰিৱৰ্তে ৭টা কাৰ্যকালৰ সাংসদ ভাৰত্ৰুহৰী মাহতাবক  প্ৰ’টেম অধ্যক্ষ  হিচাপে নিযুক্তি দিয়া হৈছে। ৬টা কাৰ্যকাল বিজু জনতা দলৰ সাংসদ আছিল আৰু এতিয়া বিজেপিৰ সাংসদ।’ ৰমেশ ডাঙৰীয়াই কয়।কংগ্ৰেছৰ সাধাৰণ সম্পাদক (সংগঠন) কে.চি. ভেনুগোপালেও চৰকাৰৰ এে সিদ্ধান্তত প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে।  উল্লেখ্য ২৪ জুনত ১৮ সংখ্যক লোকসভাৰ প্ৰথম অধিৱেশন আৰম্ভ হ’ব, ২৫ জুনলৈকে নৱনিৰ্বাচিত সদস্যসকলে শপত গ্ৰহণ/দৃঢ়তা গ্ৰহণ কৰিব।২৬ জুনত অধ্যক্ষৰ নিৰ্বাচন অনুষ্ঠিত হোৱাৰ কথা।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ