--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ নীট ইউজি ২০২৪ৰ প্ৰশ্ন কাকতেই কেৱল ফাদিল হোৱা নাছিল। গৱেষণাৰ বাবে প্ৰাৰ্থী নিৰ্বাচিত কৰিবলৈ অনুষ্ঠিত কৰা নেটৰো প্ৰশ্নকাকত  পৰীক্ষাৰ দুদিন পূৰ্বে  ফাদিল হৈছিল।   ইউজিচি নেটৰ প্ৰশ্নকাকত ফাদিল হোৱাৰ কিছু সময়ৰ পিছতে ডাৰ্ক ৱেবত ৬ লাখ টকাত বিক্ৰী কৰা হৈছিল সেই প্ৰশ্নকাকত।  চিবিআইৰ সূত্রই এই কথা প্রকাশ কৰিছে৷ অৱশ্যে প্ৰশ্নকাকত  ক’ৰ পৰা ফাদিল হৈছিল সেয়া এতিয়াও স্পষ্ট হোৱা নাই। কেন্দ্ৰীয় তদন্তকাৰী সংস্থাটোৰ সূত্ৰই জনোৱা মতে এই ক্ষেত্ৰত মেটৰ প্ৰস্তুতি চলোৱা কোচিং চেণ্টাৰৰ ভূমিকা সম্পৰ্কে তদন্ত কৰা হৈছে।

যোৱা মঙলবাৰে (১৮ জুন) প্ৰায় ৯ লাখ ছাত্ৰ-ছাত্ৰীয়ে  নেট পৰীক্ষা দিছিল। কিন্তু  প্ৰশ্নকাকত ফাদিলৰ বিষয়টো পোবৰলৈ অহাৰ পিছতে  পৰীক্ষা বাতিলৰ কথা ঘোষণা কৰা হৈছিল। অনুমান কৰা হৈছে যে পৰীক্ষাৰ আগদিনা অৰ্থাৎ সোমবাৰে ডাৰ্ক ৱেবত নেটৰ প্ৰশ্নকাকত ফাদিল হৈছিল। কিন্তু প্ৰাৰম্ভিক তদন্তৰ অন্তত চিবিআইৰ সূত্ৰই জনোৱা মতে সোমবাৰে নহয়, পৰীক্ষাৰ প্ৰশ্নকাকতখন প্ৰকৃততে দেওবাৰে ফাদিল হৈছিল আৰু ডাৰ্ক ৱেবত ৬ লাখ টকাত বিক্ৰী হৈছিল। উল্লেখযোগ্য যে শিক্ষা মন্ত্ৰালয়ৰ অভিযোগৰ ভিত্তিত ইতিমধ্যে চিবিআইয়ে নেট গোচৰত এফআইআৰ দাখিল কৰিছে।

যোৱা মঙলবাৰে ৮৮টা বিষয়ত  নেট পৰীক্ষা অনুষ্ঠিত হৈছিল। কিন্তু গৃহ পৰিক্ৰমা মন্ত্ৰালয়ৰ অধীনস্থ সংস্থা ইণ্ডিয়ান চাইবাৰ ক্ৰাইম ক’অৰ্ডিনেচন চেণ্টাৰৰ নেশ্যনেল চাইবাৰ ক্ৰাইম থ্ৰেট এনালাইটিক্স ইউনিটৰ কিছু তথ্যৰ ভিত্তিত পৰীক্ষাৰ অনিয়মৰ বিষয়টো চৰ্চালৈ আহিছিল। ইয়াৰ পিছতে আয়োজক সংস্থা ‘ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থা’ চমুকৈ এন টি এয়ে বুধবাৰে পৰীক্ষা বাতিল কৰিবলৈ মন্ত্ৰালয়লৈ বাৰ্তা প্ৰেৰণ কৰে। শিক্ষা মন্ত্ৰালয়ে এই অনিয়মৰ তদন্তৰ দায়িত্ব চিবিআইক অৰ্পণ কৰে। ইতিমধ্যে  এই গোচৰৰ তদন্ত আৰম্ভ কৰিছে কেন্দ্ৰীয় তদন্তকাৰী সংস্থাটোৱে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ