--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ নীট ইউজি ২০২৪ৰ প্ৰশ্ন কাকতেই কেৱল ফাদিল হোৱা নাছিল। গৱেষণাৰ বাবে প্ৰাৰ্থী নিৰ্বাচিত কৰিবলৈ অনুষ্ঠিত কৰা নেটৰো প্ৰশ্নকাকত  পৰীক্ষাৰ দুদিন পূৰ্বে  ফাদিল হৈছিল।   ইউজিচি নেটৰ প্ৰশ্নকাকত ফাদিল হোৱাৰ কিছু সময়ৰ পিছতে ডাৰ্ক ৱেবত ৬ লাখ টকাত বিক্ৰী কৰা হৈছিল সেই প্ৰশ্নকাকত।  চিবিআইৰ সূত্রই এই কথা প্রকাশ কৰিছে৷ অৱশ্যে প্ৰশ্নকাকত  ক’ৰ পৰা ফাদিল হৈছিল সেয়া এতিয়াও স্পষ্ট হোৱা নাই। কেন্দ্ৰীয় তদন্তকাৰী সংস্থাটোৰ সূত্ৰই জনোৱা মতে এই ক্ষেত্ৰত মেটৰ প্ৰস্তুতি চলোৱা কোচিং চেণ্টাৰৰ ভূমিকা সম্পৰ্কে তদন্ত কৰা হৈছে।

যোৱা মঙলবাৰে (১৮ জুন) প্ৰায় ৯ লাখ ছাত্ৰ-ছাত্ৰীয়ে  নেট পৰীক্ষা দিছিল। কিন্তু  প্ৰশ্নকাকত ফাদিলৰ বিষয়টো পোবৰলৈ অহাৰ পিছতে  পৰীক্ষা বাতিলৰ কথা ঘোষণা কৰা হৈছিল। অনুমান কৰা হৈছে যে পৰীক্ষাৰ আগদিনা অৰ্থাৎ সোমবাৰে ডাৰ্ক ৱেবত নেটৰ প্ৰশ্নকাকত ফাদিল হৈছিল। কিন্তু প্ৰাৰম্ভিক তদন্তৰ অন্তত চিবিআইৰ সূত্ৰই জনোৱা মতে সোমবাৰে নহয়, পৰীক্ষাৰ প্ৰশ্নকাকতখন প্ৰকৃততে দেওবাৰে ফাদিল হৈছিল আৰু ডাৰ্ক ৱেবত ৬ লাখ টকাত বিক্ৰী হৈছিল। উল্লেখযোগ্য যে শিক্ষা মন্ত্ৰালয়ৰ অভিযোগৰ ভিত্তিত ইতিমধ্যে চিবিআইয়ে নেট গোচৰত এফআইআৰ দাখিল কৰিছে।

যোৱা মঙলবাৰে ৮৮টা বিষয়ত  নেট পৰীক্ষা অনুষ্ঠিত হৈছিল। কিন্তু গৃহ পৰিক্ৰমা মন্ত্ৰালয়ৰ অধীনস্থ সংস্থা ইণ্ডিয়ান চাইবাৰ ক্ৰাইম ক’অৰ্ডিনেচন চেণ্টাৰৰ নেশ্যনেল চাইবাৰ ক্ৰাইম থ্ৰেট এনালাইটিক্স ইউনিটৰ কিছু তথ্যৰ ভিত্তিত পৰীক্ষাৰ অনিয়মৰ বিষয়টো চৰ্চালৈ আহিছিল। ইয়াৰ পিছতে আয়োজক সংস্থা ‘ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থা’ চমুকৈ এন টি এয়ে বুধবাৰে পৰীক্ষা বাতিল কৰিবলৈ মন্ত্ৰালয়লৈ বাৰ্তা প্ৰেৰণ কৰে। শিক্ষা মন্ত্ৰালয়ে এই অনিয়মৰ তদন্তৰ দায়িত্ব চিবিআইক অৰ্পণ কৰে। ইতিমধ্যে  এই গোচৰৰ তদন্ত আৰম্ভ কৰিছে কেন্দ্ৰীয় তদন্তকাৰী সংস্থাটোৱে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু