--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ গুড় এবিধ প্ৰাকৃতিক মিঠাস্বাদযুক্ত খাদ্য যি কুঁহিয়াৰ আৰু খেজুৰৰ ৰসৰ পৰা প্ৰস্তুত কৰা হয়। ই বিশেষকৈ ভাৰতীয় পৰম্পৰাগত খাদ্য সংস্কৃতিত এক গুৰুত্বপূৰ্ণ স্থান দখল কৰি আছে। গুড় কেৱল মিঠাতেই সীমাবদ্ধ নহয়; ইয়াৰ বহুতো পুষ্টিগুণ আৰু ঔষধি গুণো আছে। ইয়াত আয়ৰণ, কেলচিয়াম, মেগনেচিয়াম, ফছফৰাছ, আৰু বহুতো মিনাৰেল পদাৰ্থ পোৱা যায়, যি শৰীৰৰ বাবে অত্যন্ত উপকাৰী।

গুড় প্ৰাকৃতিকভাৱে মিঠা আৰু চেনিৰ সলনি ব্যৱহাৰ কৰা হয়, যি স্বাস্থ্যৰ বাবে উপকাৰী। গুড়ত প্ৰচুৰ পৰিমাণে পুষ্টিগুণ থাকে, যিয়ে শৰীৰৰ উষ্ণতা নিয়ন্ত্ৰণ কৰে আৰু পাচন প্ৰক্ৰিয়া উন্নত কৰে। শীতকালতো গুড়ৰ ব্যৱহাৰ বিশেষকৈ বেছি হয় আৰু বিভিন্ন খাদ্যত ইয়াক ব্যৱহাৰ কৰা হয়। কিন্তু বৰ্তমান বজাৰত মিশ্ৰিত গুড় বিক্ৰী হোৱা এক সাধাৰণ সমস্যা হৈ পৰিছে। বহু ব্যৱসায়ীয়ে গুড়ৰ ওজন বৃদ্ধি কৰাৰ বাবে তাত বিভিন্ন ধৰণৰ ৰাসায়নিক, ষ্টাৰচ, কৃত্ৰিম ৰং আৰু আন অপকাৰী পদাৰ্থ মিহলাই দিয়ে। এনে ভেজাল গুড় খালে স্বাস্থ্যৰ ওপৰত বিৰূপ প্ৰভাৱ পৰিব পাৰে। খাদ্য সুৰক্ষা আৰু মান নিয়ন্ত্ৰণ সংস্থা (FSSAI) য়ে গুড়ত ভেজাল চিনাক্ত কৰাৰ কিছুমান উপায় দিছে, যি আমাৰ বাবে উপকাৰী হ’ব।

গুড়ত ভেজাল কেনেকৈ চিনাক্ত কৰিব?

ষ্টাৰচ মিশ্ৰণ

বহু সময়ত গুড়ৰ ওজন বৃদ্ধি কৰিবলৈ তাত ষ্টাৰচ মিহলাই দিয়া হয়। সেই গুড়ত ষ্টাৰচ আছে নে নাই চাবলে, আপোনালোকে এটা সহজ পৰীক্ষা কৰিব পাৰে। যিকোনো এটা গ্লাছত অলপ পানীত গুড় লৈ দ্ৰৱীভূত কৰক। যদি গুড়খিনি সম্পূৰ্ণৰূপে পানীত গুল খাই নাযায় আৰু তলত কিবা পদাৰ্থ থাকে তেন্তে বুজিব যে গুড়ত ষ্টাৰচ মিহলি কৰা হৈছে।

তেলৰ মিশ্ৰণ

বজাৰত পোৱা কিছুমান গুড় চকচকীয়া আৰু মিহি texture ৰ থাকে। এনে গুড়ৰ ওজন বৃদ্ধি কৰিবলৈ ইয়াত তেল মিহলাই দিয়া হয়। এই ধৰণৰ গুড় চিনাক্ত কৰিবলৈ গুড়টোক আঙুলিৰ মাজত ঘঁহি চাব লাগে। যদি গুড়টো তেলীয়া অনুভৱ হয় বা আঠাযুক্ত যেন লাগে, তেন্তে তাৰ অৰ্থ গুড়ত তেল মিহলাই বিক্ৰী কৰা হয়।

কৃত্ৰিম ৰঙৰ মিশ্ৰণ

সাধাৰণতে বিশুদ্ধ গুড়ৰ ৰং হালধীয়া-বাদামী বা গাঢ় বাদামী হয়। কিন্তু যদি গুড়টো অতি উজ্জ্বল বাদামী, চিকচিকীয়া বা কিছুমান সময়ত অলপ সেউজীয়া বা বেলেগ ৰঙৰ যেন লাগে, তেন্তে ইয়াত কৃত্ৰিম ৰং মিহলাই বিক্ৰী কৰা হয়। কৃত্ৰিম ৰং থকা গুড় খোৱাটো স্বাস্থ্যৰ বাবে ক্ষতিকাৰক।

গুড়ৰ টেক্সচাৰৰ পৰীক্ষা

বিশুদ্ধ গুড় সাধাৰণতে মচমচীয়া নহয় আৰু অতি কোমল বা অত্যধিক কঠিনো নহয়। কিন্তু যদি গুড়টো একেবাৰে কোমল বা একেবাৰে কঠিন হৈ পৰে, তেন্তে তাৰ অৰ্থ হৈছে ইয়াত জিপচম বা আন ধৰণৰ ভেজাল পদাৰ্থ মিহলাই দিয়া হৈছে।

ৱাশ্বিং পাউদাৰৰ মিশ্ৰণ চিনাক্ত কৰা

FSSAI য়ে জনোৱা মতে, কিছুমান অসৎ ব্যৱসায়ীয়ে গুড়ত ৱাশ্বিং পাউদাৰ (detergent) মিহলাই ইয়াক অধিক উজ্জ্বল আৰু আকৰ্ষণীয় কৰে। এই ধৰণৰ ভেজাল চিনাক্ত কৰিবলৈ, গুড়ত অলপ হাইড্ৰক্লৰিক এচিড (HCl) যোগ কৰি পৰীক্ষা কৰিব পাৰে। যদি গুড়ত উতলা শব্দ হয়, তেন্তে তাৰ অৰ্থ গুড়ত ৱাশ্বিং পাউদাৰ মিহলাই বিক্ৰী কৰা হৈছে।

বিশুদ্ধ গুড় কেনেকৈ চিনিব?

বজাৰৰ পৰা গুড় কিনোতে সাধাৰণ গাঢ় বাদামী ৰঙৰ, অধিক চকচকীয়া নোহোৱা আৰু সুগন্ধি গুড় কিনাটো সুৰক্ষিত। যদি সম্ভৱ হয়, স্থানীয় কৃষক বা বিশ্বাসযোগ্য দোকানৰ পৰা গুড় লোৱাটো ভাল। 

গুড় স্বাস্থ্যৰ বাবে উপকাৰী হ’লেও, যদি তাত ভেজাল মিহলাই দিয়া হয় তেন্তে ইয়াৰ উপকাৰিতা হ্ৰাস হয় আৰু ই স্বাস্থ্যৰ বাবে হানিকাৰক হৈ পৰে। গতিকে গুড় কিনোতে আৰু খাওঁতে সতর্ক থাকিব লাগিব। FSSAI য়ে দিয়া সহজ পৰীক্ষাসমূহ ঘৰেত চেষ্টা কৰি, বিশুদ্ধ গুড় বাচি ল’ব পাৰিব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
লিভাৰ বেয়া হোৱাৰ ১৪টা লক্ষণ; জানি লওক আৰু সাৱধান হওক
বচ্চন পৰিয়ালত আৰ্থিক সমস্যা ! অমিতাভে বিক্ৰী কৰিলে দুটাকৈ বিলাসী ফ্লেট
নিলম্বন কৰা হ'ল হাফলং উপকাৰাগাৰৰ 'Jailer' আৰু 'Warder'ক
আকৌ উন্মোচন মহম্মদ ইউনুছৰ ভাৰত-বিৰোধী ব্লুপ্রিন্ট, অসমসহ উত্তৰ-পূৰ্বাঞ্চলক সামৰি এখন বৃহত্তৰ বাংলাদেশৰ পৰিকল্পনা
কাছাৰত পুনৰ গ্ৰেপ্তাৰ ভুৱা চিকিৎসক
ভাৰতীয় মহিলা ক্ৰিকেট দলৰ খেলুৱৈসকললৈ Tata Sierra উপহাৰ টাটা মটৰ্ছৰ
'হেছটেগ জাষ্টিচ ফৰ জুবিন গাৰ্গ'এ স্পর্শ কৰিলে ৪.১ মিলিয়ন, অসমীয়াৰ ডিজিটেল আন্দোলনৰ অভিলেখ
প্রধানমন্ত্রী মোদী দেখিবলৈও সুন্দৰ, তেওঁ মহান ব্যক্তি; মোদীৰ প্ৰশংসাত পঞ্চমুখ মাৰ্কিন ৰাষ্ট্ৰপতি ট্রাম্প
ৰৈ ৰৈ বিনালে চাবলৈ নোপোৱা দুখে দহিছে মাজুলীবাসীক ; মাজুলীত ছবিগৃহ নিৰ্মাণ কৰাৰ কথা মঞ্চত ঘোষণা কৰিছিল জুবিন গাৰ্গে
বাংলাদেশৰ জাতীয় সংগীত গোৱা কংগ্ৰেছীৰ বিৰুদ্ধে ৰাষ্ট্ৰদ্ৰোহৰ গোচৰ তৰিব অসম চৰকাৰে
জুবিনৰ শক্তি! ‘ৰৈ ৰৈ বিনালে’ৰ বাবে অসমত এটাও দৰ্শনী পোৱা নাই আজি মুক্তি পোৱা ‘বাহুবলী ৩’য়ে
৩৩ বছৰৰ পাছত পাৰমাণৱিক অস্ত্ৰ পৰীক্ষা কৰিব আমেৰিকাই, ৰাছিয়া-চীনক লক্ষ্য কৰি ট্ৰাম্পৰ ঘোষণা
বল্লভভাই পেটেলক স্মৰণ কৰি বিশাল পেৰেডেৰে আজি একতা দিৱস উদযাপন; অনুষ্ঠানত উপস্থিত প্ৰধানমন্ত্ৰী মোদী
শিৱসাগৰত ভয়াৱহ পথ দুৰ্ঘটনা!  দুজনৰ অৱস্থা সংকটজনক