--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ গুড় এবিধ প্ৰাকৃতিক মিঠাস্বাদযুক্ত খাদ্য যি কুঁহিয়াৰ আৰু খেজুৰৰ ৰসৰ পৰা প্ৰস্তুত কৰা হয়। ই বিশেষকৈ ভাৰতীয় পৰম্পৰাগত খাদ্য সংস্কৃতিত এক গুৰুত্বপূৰ্ণ স্থান দখল কৰি আছে। গুড় কেৱল মিঠাতেই সীমাবদ্ধ নহয়; ইয়াৰ বহুতো পুষ্টিগুণ আৰু ঔষধি গুণো আছে। ইয়াত আয়ৰণ, কেলচিয়াম, মেগনেচিয়াম, ফছফৰাছ, আৰু বহুতো মিনাৰেল পদাৰ্থ পোৱা যায়, যি শৰীৰৰ বাবে অত্যন্ত উপকাৰী।

গুড় প্ৰাকৃতিকভাৱে মিঠা আৰু চেনিৰ সলনি ব্যৱহাৰ কৰা হয়, যি স্বাস্থ্যৰ বাবে উপকাৰী। গুড়ত প্ৰচুৰ পৰিমাণে পুষ্টিগুণ থাকে, যিয়ে শৰীৰৰ উষ্ণতা নিয়ন্ত্ৰণ কৰে আৰু পাচন প্ৰক্ৰিয়া উন্নত কৰে। শীতকালতো গুড়ৰ ব্যৱহাৰ বিশেষকৈ বেছি হয় আৰু বিভিন্ন খাদ্যত ইয়াক ব্যৱহাৰ কৰা হয়। কিন্তু বৰ্তমান বজাৰত মিশ্ৰিত গুড় বিক্ৰী হোৱা এক সাধাৰণ সমস্যা হৈ পৰিছে। বহু ব্যৱসায়ীয়ে গুড়ৰ ওজন বৃদ্ধি কৰাৰ বাবে তাত বিভিন্ন ধৰণৰ ৰাসায়নিক, ষ্টাৰচ, কৃত্ৰিম ৰং আৰু আন অপকাৰী পদাৰ্থ মিহলাই দিয়ে। এনে ভেজাল গুড় খালে স্বাস্থ্যৰ ওপৰত বিৰূপ প্ৰভাৱ পৰিব পাৰে। খাদ্য সুৰক্ষা আৰু মান নিয়ন্ত্ৰণ সংস্থা (FSSAI) য়ে গুড়ত ভেজাল চিনাক্ত কৰাৰ কিছুমান উপায় দিছে, যি আমাৰ বাবে উপকাৰী হ’ব।

গুড়ত ভেজাল কেনেকৈ চিনাক্ত কৰিব?

ষ্টাৰচ মিশ্ৰণ

বহু সময়ত গুড়ৰ ওজন বৃদ্ধি কৰিবলৈ তাত ষ্টাৰচ মিহলাই দিয়া হয়। সেই গুড়ত ষ্টাৰচ আছে নে নাই চাবলে, আপোনালোকে এটা সহজ পৰীক্ষা কৰিব পাৰে। যিকোনো এটা গ্লাছত অলপ পানীত গুড় লৈ দ্ৰৱীভূত কৰক। যদি গুড়খিনি সম্পূৰ্ণৰূপে পানীত গুল খাই নাযায় আৰু তলত কিবা পদাৰ্থ থাকে তেন্তে বুজিব যে গুড়ত ষ্টাৰচ মিহলি কৰা হৈছে।

তেলৰ মিশ্ৰণ

বজাৰত পোৱা কিছুমান গুড় চকচকীয়া আৰু মিহি texture ৰ থাকে। এনে গুড়ৰ ওজন বৃদ্ধি কৰিবলৈ ইয়াত তেল মিহলাই দিয়া হয়। এই ধৰণৰ গুড় চিনাক্ত কৰিবলৈ গুড়টোক আঙুলিৰ মাজত ঘঁহি চাব লাগে। যদি গুড়টো তেলীয়া অনুভৱ হয় বা আঠাযুক্ত যেন লাগে, তেন্তে তাৰ অৰ্থ গুড়ত তেল মিহলাই বিক্ৰী কৰা হয়।

কৃত্ৰিম ৰঙৰ মিশ্ৰণ

সাধাৰণতে বিশুদ্ধ গুড়ৰ ৰং হালধীয়া-বাদামী বা গাঢ় বাদামী হয়। কিন্তু যদি গুড়টো অতি উজ্জ্বল বাদামী, চিকচিকীয়া বা কিছুমান সময়ত অলপ সেউজীয়া বা বেলেগ ৰঙৰ যেন লাগে, তেন্তে ইয়াত কৃত্ৰিম ৰং মিহলাই বিক্ৰী কৰা হয়। কৃত্ৰিম ৰং থকা গুড় খোৱাটো স্বাস্থ্যৰ বাবে ক্ষতিকাৰক।

গুড়ৰ টেক্সচাৰৰ পৰীক্ষা

বিশুদ্ধ গুড় সাধাৰণতে মচমচীয়া নহয় আৰু অতি কোমল বা অত্যধিক কঠিনো নহয়। কিন্তু যদি গুড়টো একেবাৰে কোমল বা একেবাৰে কঠিন হৈ পৰে, তেন্তে তাৰ অৰ্থ হৈছে ইয়াত জিপচম বা আন ধৰণৰ ভেজাল পদাৰ্থ মিহলাই দিয়া হৈছে।

ৱাশ্বিং পাউদাৰৰ মিশ্ৰণ চিনাক্ত কৰা

FSSAI য়ে জনোৱা মতে, কিছুমান অসৎ ব্যৱসায়ীয়ে গুড়ত ৱাশ্বিং পাউদাৰ (detergent) মিহলাই ইয়াক অধিক উজ্জ্বল আৰু আকৰ্ষণীয় কৰে। এই ধৰণৰ ভেজাল চিনাক্ত কৰিবলৈ, গুড়ত অলপ হাইড্ৰক্লৰিক এচিড (HCl) যোগ কৰি পৰীক্ষা কৰিব পাৰে। যদি গুড়ত উতলা শব্দ হয়, তেন্তে তাৰ অৰ্থ গুড়ত ৱাশ্বিং পাউদাৰ মিহলাই বিক্ৰী কৰা হৈছে।

বিশুদ্ধ গুড় কেনেকৈ চিনিব?

বজাৰৰ পৰা গুড় কিনোতে সাধাৰণ গাঢ় বাদামী ৰঙৰ, অধিক চকচকীয়া নোহোৱা আৰু সুগন্ধি গুড় কিনাটো সুৰক্ষিত। যদি সম্ভৱ হয়, স্থানীয় কৃষক বা বিশ্বাসযোগ্য দোকানৰ পৰা গুড় লোৱাটো ভাল। 

গুড় স্বাস্থ্যৰ বাবে উপকাৰী হ’লেও, যদি তাত ভেজাল মিহলাই দিয়া হয় তেন্তে ইয়াৰ উপকাৰিতা হ্ৰাস হয় আৰু ই স্বাস্থ্যৰ বাবে হানিকাৰক হৈ পৰে। গতিকে গুড় কিনোতে আৰু খাওঁতে সতর্ক থাকিব লাগিব। FSSAI য়ে দিয়া সহজ পৰীক্ষাসমূহ ঘৰেত চেষ্টা কৰি, বিশুদ্ধ গুড় বাচি ল’ব পাৰিব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
আহি আছে ঘূর্ণী বতাহ ‘অৰ্ণৱ’
দেশৰ ২২১ বিধ ঔষধ নিম্নমানৰ! CDSCOৰ তথ্যত প্ৰকাশ
ভাৰতৰ ধনীৰ তালিকাৰ শীৰ্ষত গৌতম আদানী; ধনী মহিলা হিচাপে শীৰ্ষত ৰোশনী নাদৰ
নগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা; অগ্নিদগ্ধ হৈ মৃত্যু দুজনৰ, গুৰুতৰভাৱে আহত দুজন
৬৭ দেশত নাটনি হ’ব চিকিৎসকৰ; WHOৰ প্রতিবেদনত উদ্বেগজনক তথ্য প্রকাশ
পোষ্টপেইড প্লেনত এপল আইক্লাউড+, এপল টিভি আৰু এপল আর্কেড সংযোজন কৰাৰ কথা ঘোষণা এয়াৰটেলৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ