--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ৰাজস্থানৰ উদয়পুৰত অনুষ্ঠিত ভাৰতীয় জাতীয় কংগ্ৰেছৰ নৱ সংকল্প শিবিৰত অংশ লৈ পুনৰ সংবাদ শিৰোনাম দখল কৰিছে  জ্যেষ্ঠ কংগ্ৰেছ নেতা তথা লোকসভাৰ সাংসদ শশী থাৰুৰ৷ কংগ্ৰেছ নেতা শশী থাৰুৰে আজি কয় যে চিন্তন শিবিৰত দল আৰু দেশে সন্মুখীন হোৱা গুৰুত্বপূৰ্ণ প্ৰত্যাহ্বানসমূহৰ বাবে গঠন কৰা ৰাজনৈতিক সমিতিৰ আলোচনাত সৌহাৰ্দ্যপূৰ্ণ সমাধান পোৱা গৈছে৷ 

থাৰুৰে লগতে কয় যে নৱ সংকল্প চিন্তান শিবিৰ হৈছে এম পল্লম ৰাজু আৰু মণি শংকৰ আয়াৰকে ধৰি সমগ্ৰ দেশৰ দলীয় সহকৰ্মীসকলৰ সৈতে যোগাযোগ কৰাৰ এক উৎকৃষ্ট সুযোগ। দলৰ মুৰব্বী ছোনিয়া গান্ধীয়ে এই বিষয়ত আলোচনাৰ নেতৃত্ব দিবলৈ গঠন কৰা ৰাজনৈতিক সমিতিৰ কিছু সদস্যৰ সৈতে এখন আলোকচিত্ৰ পোষ্ট কৰি থাৰুৰে লগতে কয় যে শনিবাৰে নিশা স্থগিত কৰা আলোচনাৰ পিছত তেওঁলোকে এটা গ্ৰুপফটোৰ বাবে একত্ৰিত হৈছিল। ২০২০ত গান্ধীলৈ বৃহৎ সংস্কাৰ বিচাৰি লিখা জি-২৩ গোটৰ অন্যতম নেতা, তিৰুৱন্তপুৰমৰ সাংসদগৰাকীয়ে কয়, আলোচনাবোৰ কাৰ্যত: আভ্যন্তৰীণ দলীয় গণতন্ত্ৰৰ এক শক্তিশালী উদাহৰণ আছিল৷ ইয়াত আৱেগিকভাৱে বিতৰ্কিত আৰু সৌহাৰ্দ্যপূৰ্ণ সমাধান পোৱা গৈছে৷ 


তেওঁ মহিলা কংগ্ৰেছৰ কেইগৰাকীমান সদস্যৰ সৈতে এখন ফটো টুইট কৰি লিখিছে, নৱ সংকল্প শিবিৰত মহিলা কংগ্ৰেছৰ প্ৰতিনিধিসকলৰ এটা গ্ৰুপ চেলফিত যোগদান কৰিবলৈ আমন্ত্ৰণ জনোৱা হৈছিল। থাৰুৰ ৰাজনীতি সমিতিৰ এজন সদস্য যাৰ আহ্বায়ক ৰাজ্যসভাৰ বিৰোধী দলৰ নেতা মল্লিকাৰ্জুন খাৰ্গে। শুকুৰবাৰে আৰম্ভ হোৱা ‘চিন্তন শিবিৰ’ আজি সামৰণি পৰিব৷ আজি অনুষ্ঠিত হ’বলগীয়া কংগ্ৰেছ ৱৰ্কিং কমিটিৰ বৈঠকত ঘোষণাপত্ৰৰ এখন খচৰা আলোচনা কৰা হ’ব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?