--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ নিজৰ মন্তব্যৰ বাবে অৱশেষত ক্ষমা খুজিলে জীতেন্দ্ৰ আৱহাদে৷ভগৱান ৰামক ‘আমিষভোজী’ বুলি বিতৰ্কৰ সৃষ্টি কৰা ৰাষ্ট্ৰীয়তাবাদী কংগ্ৰেছ পাৰ্টীৰ নেতা তথা মহাৰাষ্ট্ৰৰ প্ৰাক্তন মন্ত্ৰী জীতেন্দ্ৰ আৱহাদে বৃহস্পতিবাৰে এই মন্তব্যৰ বাবে ক্ষমা খোজে।


কিন্তু তেওঁ "গৱেষণা অবিহনে কথা নকয়" বুলি আৱহাদে উল্লেখ কৰি কয় যে হিন্দু মহাকাব্য ৰামায়ণত তেওঁ কোৱা কথাৰ উল্লেখ আছে।বুধবাৰে মহাৰাষ্ট্ৰৰ শিৰডীত এক অনুষ্ঠানত ভাষণ দি এন চি পি-শাৰদ পাৱাৰ ফৈদৰ নেতা আৱহাদে কয়, "ৰাম আমাৰ, তেওঁ বহুজনৰ। কিন্তু ৰামে আগতে চিকাৰ কৰি খাইছিল।”


অযোধ্যাত ৰাম মন্দিৰৰ উদ্বোধন কৰাৰ মাত্ৰ কেইদিনমান পূৰ্বে তেওঁৰ এই মন্তব্যই বিজেপিৰ পৰা চোকা সমালোচনাৰ সন্মুখীন হৈছিল আৰু দলটোৱে ভগৱান ৰামৰ বিৰুদ্ধে "আপত্তিজনক মন্তব্য" কৰাৰ বাবে আৱহাদৰ বিৰুদ্ধে অভিযোগো দাখিল কৰিছিল।"


বুধবাৰৰ ভাষণত এন চি পিৰ নেতাগৰাকীয়ে ভাৰতক নিৰামিষ দেশলৈ ৰূপান্তৰিত কৰাৰ প্ৰয়াস কৰা হৈছে বুলিও অভিহিত কৰে। আৱহাদে দাবী কৰে যে দেশৰ ৮০ শতাংশ জনসংখ্যা এতিয়াও আমিষভোজী আৰু তেওঁলোকো ভগৱান ৰামৰ ভক্ত।

FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে অশোভনীয় মন্তব্য: CJPৰ প্ৰতিবাদকাৰীসকলৰ ওপৰত দিল্লী পুলিচৰ কঠোৰ পদক্ষেপ
সাৱধান! অসমত প্ৰচণ্ড বৰষুণ, বানপানী আৰু ভূমিস্খলনৰ আশংকা
পশ্চিমবংগত প্ৰাক্তন বাছ চালকৰ ঘৰত চলিল অভিযান; উদ্ধাৰ প্ৰায় ২৯ কোটি টকা নগদ ধন আৰু ১৫ কেজি সোণ
শ্রীকোনাত ট্ৰাকৰ খুন্দাত দুজন অট’ যাত্ৰীৰ মৃত্যু, গুৰুতৰভাৱে আহত ৩
হালধি আৰু গুৰ একেলগে খোৱাৰ অদ্ভুত লাভালাভৰ বিষয়ে আপুনি জানেনে?
ৰাইমোনা ৰাষ্ট্ৰীয় উদ্যানত বন বিভাগৰ গুলীত নিহত কাঠ মাফিয়া ফুংখা বসুমতাৰী
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
শোণিতপুৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ কৃষক সজাগতা কৰ্মশালা
সৰ্ব তিৱা ছাত্ৰ সন্থাৰ প্ৰতিনিধি দলৰ মুখ্যমন্ত্ৰীৰে সাক্ষাৎ: জনগোষ্ঠীৰ সমস্যা আলোচনা
ভাৰতৰ বৈদেশিক মুদ্ৰা ভাণ্ডাৰৰ নতুন অভিলেখ: ৬৭৬.২৪ বিলিয়ন ডলাৰলৈ বৃদ্ধি
অসম সাহিত্য সভাৰ গোলাঘাট আৰু যোৰহাটত বান সাহায্য বিতৰণ