--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ২০২১ চনৰ ৯ ডিচেম্বৰত ৰাজস্থানৰ ছাৱাই মাধোপুৰৰ ছয় চেন্সেছ ফ’ৰ্ট বৰৱাৰাত বিয়াত বহে বিকি কৌশল-কেটৰিনা কাইফে। তাৰ আগতে অৱশ্যে তেওঁলোকৰ সম্পৰ্কক লৈ দীৰ্ঘদিন ধৰি জল্পনা-কল্পনা চলিছিল। দুয়োজনে কেতিয়াও ৰাজহুৱাভাৱে তেওঁলোকৰ সম্পৰ্কৰ কথা কোৱা নাছিল। ৰাজহুৱা স্থানত দুয়োকে একেলগে দেখা পোৱা নাছিল খুব কমেইহে। অৱশেষত ৰাজস্থানত ৰাজকীয় বিয়া পাতিলে। কিন্তু জানেনে, বিয়াৰ দুদিন আগতে কেটৰিনাই নিজৰ মন সলনি কৰিছিল। তেওঁ বিকিক কৈছিল যে বিয়া হোৱাৰ কোনো প্ৰয়োজন নাই।

কেট আৰু ভিকিৰ বয়সৰ পাৰ্থক্য পাঁচ বছৰ। বলীউডৰ পেছাদাৰী অভিনেতা হিচাপে ভিকিতকৈ বহু বেছি অভিজ্ঞ কেটৰিনা। কেৱল সেয়াই নহয়, বলীউডৰ ছুপাৰষ্টাৰৰ তালিকাত অভিনেত্ৰীগৰাকীৰ নামো প্ৰথম স্থানত আছে। গোটেই বছৰটো তেওঁ ব্যস্ত হৈ থাকে। চিনেমাৰ উপৰিও বিজ্ঞাপনৰ কামো আছে। বিয়াৰ পিছত কোনো বিৰতি নোলোৱাকৈয়ে ‘টাইগাৰ ৩’ৰ শ্বুটিং আৰম্ভ কৰে।

কিন্তু বিয়াৰ দুদিনমান আগতে যেতিয়া ‘জাৰা হটকে জাৰা বাচাকে’ৰ নিৰ্মাতাসকলে ভিকিক শ্বুটিঙলৈ আহিবলৈ হেঁচা দিবলৈ ধৰিলে, তেতিয়া কেটৰিনা জ্বকি উঠে। তেওঁ ভিকিক কৈছিল- "বিয়াৰ দুদিন আগতে যদি শ্বুটিঙলৈ যোৱা, তেন্তে এতিয়া বিয়াখন কৰাৰ প্ৰয়োজন নাই।" কেটৰিনাৰ এই অভিমান দেখি শ্বুটিং বাতিল কৰিছিল ভিকীয়ে। সেয়ে বিয়াৰ ঠিক পিছতেই ভিকীয়ে ছাৰা আলী খানৰ সৈতে এই ছবিখনৰ বাকী থকা শ্বুটিং সম্পূৰ্ণ কৰিলে।

১ ডিচেম্বৰত মুক্তি পাব বিকিৰ নতুন ছবি ‘ছেম বাহাদুৰ’। এই ছবিখনত বিকি কৌশলে প্ৰয়াত সেনা প্ৰধান, ফিল্ড মাৰ্শ্বাল ছেম মানেক্ষৰৰ চৰিত্ৰত অভিনয় কৰিছে। ছেমে চাৰি দশক ধৰি বিভিন্ন যুদ্ধৰ নেতৃত্ব দিছিল। ভাৰতৰ ইতিহাসত ফিল্ড মাৰ্শ্বাল পদবীৰে সন্মানিত হোৱা একমাত্ৰ সেনা প্ৰধান। ১৯৭১ চনত তেওঁৰ নেতৃত্বত ভাৰত-পাকিস্তানৰ যুদ্ধ সফল হয়। বাংলাদেশ সৃষ্টিৰ আঁৰৰ অন্যতম গুৰুত্বপূৰ্ণ পদক্ষেপ কোন আছিল। ২০০৮ চনত ছেমৰ মৃত্যু হয়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক