--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ২০২১ চনৰ ৯ ডিচেম্বৰত ৰাজস্থানৰ ছাৱাই মাধোপুৰৰ ছয় চেন্সেছ ফ’ৰ্ট বৰৱাৰাত বিয়াত বহে বিকি কৌশল-কেটৰিনা কাইফে। তাৰ আগতে অৱশ্যে তেওঁলোকৰ সম্পৰ্কক লৈ দীৰ্ঘদিন ধৰি জল্পনা-কল্পনা চলিছিল। দুয়োজনে কেতিয়াও ৰাজহুৱাভাৱে তেওঁলোকৰ সম্পৰ্কৰ কথা কোৱা নাছিল। ৰাজহুৱা স্থানত দুয়োকে একেলগে দেখা পোৱা নাছিল খুব কমেইহে। অৱশেষত ৰাজস্থানত ৰাজকীয় বিয়া পাতিলে। কিন্তু জানেনে, বিয়াৰ দুদিন আগতে কেটৰিনাই নিজৰ মন সলনি কৰিছিল। তেওঁ বিকিক কৈছিল যে বিয়া হোৱাৰ কোনো প্ৰয়োজন নাই।

কেট আৰু ভিকিৰ বয়সৰ পাৰ্থক্য পাঁচ বছৰ। বলীউডৰ পেছাদাৰী অভিনেতা হিচাপে ভিকিতকৈ বহু বেছি অভিজ্ঞ কেটৰিনা। কেৱল সেয়াই নহয়, বলীউডৰ ছুপাৰষ্টাৰৰ তালিকাত অভিনেত্ৰীগৰাকীৰ নামো প্ৰথম স্থানত আছে। গোটেই বছৰটো তেওঁ ব্যস্ত হৈ থাকে। চিনেমাৰ উপৰিও বিজ্ঞাপনৰ কামো আছে। বিয়াৰ পিছত কোনো বিৰতি নোলোৱাকৈয়ে ‘টাইগাৰ ৩’ৰ শ্বুটিং আৰম্ভ কৰে।

কিন্তু বিয়াৰ দুদিনমান আগতে যেতিয়া ‘জাৰা হটকে জাৰা বাচাকে’ৰ নিৰ্মাতাসকলে ভিকিক শ্বুটিঙলৈ আহিবলৈ হেঁচা দিবলৈ ধৰিলে, তেতিয়া কেটৰিনা জ্বকি উঠে। তেওঁ ভিকিক কৈছিল- "বিয়াৰ দুদিন আগতে যদি শ্বুটিঙলৈ যোৱা, তেন্তে এতিয়া বিয়াখন কৰাৰ প্ৰয়োজন নাই।" কেটৰিনাৰ এই অভিমান দেখি শ্বুটিং বাতিল কৰিছিল ভিকীয়ে। সেয়ে বিয়াৰ ঠিক পিছতেই ভিকীয়ে ছাৰা আলী খানৰ সৈতে এই ছবিখনৰ বাকী থকা শ্বুটিং সম্পূৰ্ণ কৰিলে।

১ ডিচেম্বৰত মুক্তি পাব বিকিৰ নতুন ছবি ‘ছেম বাহাদুৰ’। এই ছবিখনত বিকি কৌশলে প্ৰয়াত সেনা প্ৰধান, ফিল্ড মাৰ্শ্বাল ছেম মানেক্ষৰৰ চৰিত্ৰত অভিনয় কৰিছে। ছেমে চাৰি দশক ধৰি বিভিন্ন যুদ্ধৰ নেতৃত্ব দিছিল। ভাৰতৰ ইতিহাসত ফিল্ড মাৰ্শ্বাল পদবীৰে সন্মানিত হোৱা একমাত্ৰ সেনা প্ৰধান। ১৯৭১ চনত তেওঁৰ নেতৃত্বত ভাৰত-পাকিস্তানৰ যুদ্ধ সফল হয়। বাংলাদেশ সৃষ্টিৰ আঁৰৰ অন্যতম গুৰুত্বপূৰ্ণ পদক্ষেপ কোন আছিল। ২০০৮ চনত ছেমৰ মৃত্যু হয়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
কৃষকসকল দেশৰ বিকাশৰ যাত্ৰাৰ গুৰুত্বপূৰ্ণ অংশ: প্রধানমন্ত্রী, ৩৫,৪৪০ কোটি টকা ব্যয়সাপেক্ষে কৃষিখণ্ডৰ দুখন নতুন আঁচনি মুকলি
ফিল্মফেয়াৰ এৱাৰ্ডছ ২০২৫ ; সৰ্বাধিক বঁটাৰে বিজয়ী শিখৰত 'লাপাতা লেডিজ'
জুবিন গাৰ্গৰ নামত উছর্গিত হ'ব মাজুলীৰ আগন্তুক ৰাসোৎসৱ, দীপাৱলীত ফটকাৰ পৰিৱৰ্তে চাকিৰে উজলিব নদীদ্বীপ
ৰাজ্যত ৩৮%লৈ বৃদ্ধি পাব মিঞা, পৰৱৰ্তী লোকপিয়ল সন্দৰ্ভত ডিব্ৰুগড়ত মুখ্যমন্ত্ৰীৰ বিস্ফোৰক মন্তব্য
চন্দ্ৰপুৰত বন্যহস্তীৰ সন্ত্ৰাস ;আমচাং অভয়াৰণ্যৰ পৰা নামি অহা হাতীয়ে ভাঙিলে দুখনকৈ ৰিজৰ্ট
বাঁহীবাদক দীপক শর্মালৈ জুবিন গাৰ্গ স্মাৰক বঁটা
৮ অক্টোবৰত ভাৰতলৈ আহিব ব্রিটিছ প্রধানমন্ত্রী ষ্টাৰ্মাৰ
আজি ধনৰ অধিষ্ঠাত্ৰী দেৱী শ্ৰী শ্ৰী লক্ষ্মী পূজা
ডুমডুমাত চোৰৰ উপদ্ৰৱ; আৰক্ষীৰ তৎপৰতাত চুৰি সামগ্ৰীসহ গ্ৰেপ্তাৰ চোৰ
ৰাজ্যজুৰি জুবিন গাৰ্গৰ ৰাজহুৱা আদ্যশ্রাদ্ধ
প্রলয়ংকৰী বান, ভূমিস্খলন, দার্জিলিঙত ২০, নেপালত ৫১জনৰ মৃত্যু
এন জি অ'ৰ নামত বিদেশী পুঁজি সংগ্রহ সন্ত্রাসবাদীৰ, ভাৰতীয় চোৰাংচোৱাৰ প্ৰতিবেদনত পোহৰলৈ আহিছে উদ্বেগজনক তথ্য
ইণ্ডিয়ান বুক অব্ ৰেকৰ্ডছত নাম সন্নিৱিষ্ট নলবাৰীৰ আইনুলৰ, নিজৰ ১১টা কবিতা গামোচাত লিখি লাভ কৰিছে সমাদৰ
সৌৰজগতত নতুন গ্ৰহৰ সন্ধান