--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ইণ্ডিয়ান আইডলত ৰণবীৰ কাপুৰৰ শহুৰেক মহেশ ভাটে  অভিনেতাজনক  "বিশ্বৰ শ্ৰেষ্ঠ পিতৃ" বুলি প্ৰশংসা কৰাৰ পিছতে আবেগিক হৈ পৰিছে ৰণবীৰ। ৰণবীৰ কাপুৰে অলপতে তেওঁৰ আহিবলগীয়া ছবি এনিমেলৰ প্ৰচাৰৰ বাবে ইণ্ডিয়ান আইডল চিজন ১৪-ত উপস্থিত আছিল। অনুষ্ঠানত  সহ-অভিনেত্ৰী  ৰশ্মিকা মান্দন্নাও উপস্থিত আছিল ।

 অনুষ্ঠানটোত ৰণবীৰৰ শহুৰেক মহেশ ভাটে  অভিনেতাজনৰ বাবে এটা বিশেষ ভিডিঅ' বাৰ্তা শ্বেয়াৰ কৰে। বাৰ্তাটোত ৰণবীৰক ভাটে  "বিশ্বৰ শ্ৰেষ্ঠ পিতৃ" বুলি প্ৰশংসা কৰে।উল্লেখ্য  ৰণবীৰে অভিনেতা আলিয়া ভাটৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছিল।  তেওঁলোকৰ  ৰাহা নামৰ এটি কন্যা সন্তানো আছে। বিশেষ ভিডিঅ'টোত মহেশ ভাটে  কয়, "আলিয়াক  মই বিশ্বাস কৰোঁ, ৰণবীৰ আমাৰ দেশৰ অন্যতম শ্ৰেষ্ঠ অভিনেতা।মই বিশ্বাস কৰোঁ যে ৰণবীৰ পৃথিৱীৰ শ্ৰেষ্ঠ পিতৃ। 

ভাটে লগতে কয় ' মই গৌৰৱান্বিত যে মোৰ ৰণবীৰৰ দৰে এজন জোৱাই  আছে," ৰণবীৰে তেওঁৰ শহুৰেকৰ কথা শুনি আবেগিক হৈ পৰে। তেওঁ কয়, "তেওঁ (মহেশ ভাটে ) মোক কেতিয়াও ব্যক্তিগতভাৱে এনে কথা কোৱা নাছিল। কিন্তু এইবাৰ কৈছে।  ইয়াৰ বাবে ইণ্ডিয়ান আইডলক ধন্যবাদ। উল্লেখ্য  ৰণবীৰৰ আহিবলগীয়া ছবি এনিমেলে যথেষ্ট  চৰ্চা লাভ কৰিছে।  ছবিখনে মাত্ৰ এদিন আগতে আৰম্ভ হোৱা আগতীয়া বুকিঙত ৩.৪ কোটি টকা উপাৰ্জন কৰিছে। ১ ডিচেম্বৰত ছবি খনে ছবিগৃহত মুক্তি পাব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
কৃষকসকল দেশৰ বিকাশৰ যাত্ৰাৰ গুৰুত্বপূৰ্ণ অংশ: প্রধানমন্ত্রী, ৩৫,৪৪০ কোটি টকা ব্যয়সাপেক্ষে কৃষিখণ্ডৰ দুখন নতুন আঁচনি মুকলি
ফিল্মফেয়াৰ এৱাৰ্ডছ ২০২৫ ; সৰ্বাধিক বঁটাৰে বিজয়ী শিখৰত 'লাপাতা লেডিজ'
জুবিন গাৰ্গৰ নামত উছর্গিত হ'ব মাজুলীৰ আগন্তুক ৰাসোৎসৱ, দীপাৱলীত ফটকাৰ পৰিৱৰ্তে চাকিৰে উজলিব নদীদ্বীপ
ৰাজ্যত ৩৮%লৈ বৃদ্ধি পাব মিঞা, পৰৱৰ্তী লোকপিয়ল সন্দৰ্ভত ডিব্ৰুগড়ত মুখ্যমন্ত্ৰীৰ বিস্ফোৰক মন্তব্য
চন্দ্ৰপুৰত বন্যহস্তীৰ সন্ত্ৰাস ;আমচাং অভয়াৰণ্যৰ পৰা নামি অহা হাতীয়ে ভাঙিলে দুখনকৈ ৰিজৰ্ট
বাঁহীবাদক দীপক শর্মালৈ জুবিন গাৰ্গ স্মাৰক বঁটা
৮ অক্টোবৰত ভাৰতলৈ আহিব ব্রিটিছ প্রধানমন্ত্রী ষ্টাৰ্মাৰ
আজি ধনৰ অধিষ্ঠাত্ৰী দেৱী শ্ৰী শ্ৰী লক্ষ্মী পূজা
ডুমডুমাত চোৰৰ উপদ্ৰৱ; আৰক্ষীৰ তৎপৰতাত চুৰি সামগ্ৰীসহ গ্ৰেপ্তাৰ চোৰ
ৰাজ্যজুৰি জুবিন গাৰ্গৰ ৰাজহুৱা আদ্যশ্রাদ্ধ
প্রলয়ংকৰী বান, ভূমিস্খলন, দার্জিলিঙত ২০, নেপালত ৫১জনৰ মৃত্যু
এন জি অ'ৰ নামত বিদেশী পুঁজি সংগ্রহ সন্ত্রাসবাদীৰ, ভাৰতীয় চোৰাংচোৱাৰ প্ৰতিবেদনত পোহৰলৈ আহিছে উদ্বেগজনক তথ্য
ইণ্ডিয়ান বুক অব্ ৰেকৰ্ডছত নাম সন্নিৱিষ্ট নলবাৰীৰ আইনুলৰ, নিজৰ ১১টা কবিতা গামোচাত লিখি লাভ কৰিছে সমাদৰ
সৌৰজগতত নতুন গ্ৰহৰ সন্ধান