--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ইণ্ডিয়ান আইডলত ৰণবীৰ কাপুৰৰ শহুৰেক মহেশ ভাটে  অভিনেতাজনক  "বিশ্বৰ শ্ৰেষ্ঠ পিতৃ" বুলি প্ৰশংসা কৰাৰ পিছতে আবেগিক হৈ পৰিছে ৰণবীৰ। ৰণবীৰ কাপুৰে অলপতে তেওঁৰ আহিবলগীয়া ছবি এনিমেলৰ প্ৰচাৰৰ বাবে ইণ্ডিয়ান আইডল চিজন ১৪-ত উপস্থিত আছিল। অনুষ্ঠানত  সহ-অভিনেত্ৰী  ৰশ্মিকা মান্দন্নাও উপস্থিত আছিল ।

 অনুষ্ঠানটোত ৰণবীৰৰ শহুৰেক মহেশ ভাটে  অভিনেতাজনৰ বাবে এটা বিশেষ ভিডিঅ' বাৰ্তা শ্বেয়াৰ কৰে। বাৰ্তাটোত ৰণবীৰক ভাটে  "বিশ্বৰ শ্ৰেষ্ঠ পিতৃ" বুলি প্ৰশংসা কৰে।উল্লেখ্য  ৰণবীৰে অভিনেতা আলিয়া ভাটৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছিল।  তেওঁলোকৰ  ৰাহা নামৰ এটি কন্যা সন্তানো আছে। বিশেষ ভিডিঅ'টোত মহেশ ভাটে  কয়, "আলিয়াক  মই বিশ্বাস কৰোঁ, ৰণবীৰ আমাৰ দেশৰ অন্যতম শ্ৰেষ্ঠ অভিনেতা।মই বিশ্বাস কৰোঁ যে ৰণবীৰ পৃথিৱীৰ শ্ৰেষ্ঠ পিতৃ। 

ভাটে লগতে কয় ' মই গৌৰৱান্বিত যে মোৰ ৰণবীৰৰ দৰে এজন জোৱাই  আছে," ৰণবীৰে তেওঁৰ শহুৰেকৰ কথা শুনি আবেগিক হৈ পৰে। তেওঁ কয়, "তেওঁ (মহেশ ভাটে ) মোক কেতিয়াও ব্যক্তিগতভাৱে এনে কথা কোৱা নাছিল। কিন্তু এইবাৰ কৈছে।  ইয়াৰ বাবে ইণ্ডিয়ান আইডলক ধন্যবাদ। উল্লেখ্য  ৰণবীৰৰ আহিবলগীয়া ছবি এনিমেলে যথেষ্ট  চৰ্চা লাভ কৰিছে।  ছবিখনে মাত্ৰ এদিন আগতে আৰম্ভ হোৱা আগতীয়া বুকিঙত ৩.৪ কোটি টকা উপাৰ্জন কৰিছে। ১ ডিচেম্বৰত ছবি খনে ছবিগৃহত মুক্তি পাব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক