--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক:বিভিন্ন লেনদেনৰ বাবে হয়তো আপুনি প্ৰায়েই বেংকৰ কাষ চাপে৷ চৰকাৰী- বেচৰকাৰী নানা বেংকৰ গ্ৰাহকো হোৱাৰো হয়তো আপোনাৰ অভিজ্ঞতা আছে। কিন্তু আজি আপোনালোকক ক’বলৈ ওলাইছোঁ এটা বিশেষ বেংকৰ কথা। এই বেংকটো এইবাবেই বিশেষ কাৰণ কিছু সংখ্যক বিশেষ লোক এই বেংকটোৰ সৈতে জড়িত হৈ আছে৷ 

গোলকীয় অৰ্থনীতিৰ যুগত বেংক ব্যৱস্থা আমাৰ বাবে অপৰিহাৰ্য হৈ পৰিছে৷ দৈনন্দিন বিভিন্ন লেনদেনৰ বাবে আমি বেংকৰ ওপৰত বহু পৰিমাণে নিৰ্ভৰশীল৷ অৱশেষত বেংক ব্যৱস্থাটোৰ প্ৰয়োজনীয়তা নুই কৰিব নোৱাৰি বিহাৰৰ মুজফৰ নগৰৰ কেইজনমান ভিক্ষা বৃত্তিত জড়িত লোকে। ভিক্ষা কৰি অৰ্জন কৰা ধন এই বেংকত জমা কৰা হয়৷প্ৰয়োজন অনুসৰি ভিক্ষাৰী সকলক ঋণ প্ৰদান কৰে এই বেংকে৷অৱশ্যে ভিক্ষাৰীৰ উপৰিও অৰ্থনৈতিকভাৱে দুৰ্বল লোক সকলো এই বেংকৰ গ্ৰাহক হ’ব পাৰে৷ ঠেলা- ৰিক্সা চলোৱা বহু লোক এই বেংকৰ গ্ৰাহক৷

১৭৫ জন ভিক্ষাৰীয়ে পাঁচটা আত্মসহায়ক গোটৰ জৰিয়তে এই বেংক পৰিচালনা কৰে৷প্ৰত্যেক ৰবিবাৰে নিৰ্ধাৰিত ঠাইত এই গোট সমূহৰ বৈঠক বহে৷বৈঠকসমূহত বেংকৰ ভৱিষ্যত পৰিকল্পনাসমূহ আলোচনা কৰা হয়৷

স্থানীয় মহিলা ললিতা দেৱীয়ে সংবাদ মাধ্যমক জানিবলৈ দিয়ে যে , ধনৰ অভাৱত তেওঁ কন্যাৰ বিবাহ সম্পন্ন কৰিব পৰা নাছিল৷ সেয়ে এই বেংকৰ পৰা তেওঁ বিশ হাজাৰ টকা ঋণ হিচাপে লয় আৰু এই ধনৰেতেওঁৰ কন্যাৰ বিবাহ সুকলমে সম্পন্ন হৈছিল ৷ বহু পৰিয়ালে এই বেংকৰ ঋণ লৈয়েই সন্তানৰ চিকিৎসা কৰিছিল৷

এক অৰ্থত এই বেংক নতুন চিন্তাৰ ফচল। এই বেংকে ভিক্ষা কৰি অৰ্জন কৰা ধনৰ সদ্ব্যৱহাৰৰ সুযোগ দিয়াৰ লগতে অৰ্থনৈতিকভাৱে দুৰ্বল লোকসকলৰ বিপদৰ সময়ত যথেষ্ট সহায় কৰিব৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ