--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক:বিভিন্ন লেনদেনৰ বাবে হয়তো আপুনি প্ৰায়েই বেংকৰ কাষ চাপে৷ চৰকাৰী- বেচৰকাৰী নানা বেংকৰ গ্ৰাহকো হোৱাৰো হয়তো আপোনাৰ অভিজ্ঞতা আছে। কিন্তু আজি আপোনালোকক ক’বলৈ ওলাইছোঁ এটা বিশেষ বেংকৰ কথা। এই বেংকটো এইবাবেই বিশেষ কাৰণ কিছু সংখ্যক বিশেষ লোক এই বেংকটোৰ সৈতে জড়িত হৈ আছে৷ 

গোলকীয় অৰ্থনীতিৰ যুগত বেংক ব্যৱস্থা আমাৰ বাবে অপৰিহাৰ্য হৈ পৰিছে৷ দৈনন্দিন বিভিন্ন লেনদেনৰ বাবে আমি বেংকৰ ওপৰত বহু পৰিমাণে নিৰ্ভৰশীল৷ অৱশেষত বেংক ব্যৱস্থাটোৰ প্ৰয়োজনীয়তা নুই কৰিব নোৱাৰি বিহাৰৰ মুজফৰ নগৰৰ কেইজনমান ভিক্ষা বৃত্তিত জড়িত লোকে। ভিক্ষা কৰি অৰ্জন কৰা ধন এই বেংকত জমা কৰা হয়৷প্ৰয়োজন অনুসৰি ভিক্ষাৰী সকলক ঋণ প্ৰদান কৰে এই বেংকে৷অৱশ্যে ভিক্ষাৰীৰ উপৰিও অৰ্থনৈতিকভাৱে দুৰ্বল লোক সকলো এই বেংকৰ গ্ৰাহক হ’ব পাৰে৷ ঠেলা- ৰিক্সা চলোৱা বহু লোক এই বেংকৰ গ্ৰাহক৷

১৭৫ জন ভিক্ষাৰীয়ে পাঁচটা আত্মসহায়ক গোটৰ জৰিয়তে এই বেংক পৰিচালনা কৰে৷প্ৰত্যেক ৰবিবাৰে নিৰ্ধাৰিত ঠাইত এই গোট সমূহৰ বৈঠক বহে৷বৈঠকসমূহত বেংকৰ ভৱিষ্যত পৰিকল্পনাসমূহ আলোচনা কৰা হয়৷

স্থানীয় মহিলা ললিতা দেৱীয়ে সংবাদ মাধ্যমক জানিবলৈ দিয়ে যে , ধনৰ অভাৱত তেওঁ কন্যাৰ বিবাহ সম্পন্ন কৰিব পৰা নাছিল৷ সেয়ে এই বেংকৰ পৰা তেওঁ বিশ হাজাৰ টকা ঋণ হিচাপে লয় আৰু এই ধনৰেতেওঁৰ কন্যাৰ বিবাহ সুকলমে সম্পন্ন হৈছিল ৷ বহু পৰিয়ালে এই বেংকৰ ঋণ লৈয়েই সন্তানৰ চিকিৎসা কৰিছিল৷

এক অৰ্থত এই বেংক নতুন চিন্তাৰ ফচল। এই বেংকে ভিক্ষা কৰি অৰ্জন কৰা ধনৰ সদ্ব্যৱহাৰৰ সুযোগ দিয়াৰ লগতে অৰ্থনৈতিকভাৱে দুৰ্বল লোকসকলৰ বিপদৰ সময়ত যথেষ্ট সহায় কৰিব৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু