--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃভাৰত এখন হিন্দু ৰাষ্ট্ৰ হ'ব!  ভাৰতক হিন্দু ৰাষ্ট্ৰ হিচাবে ঘোষণা কৰাৰ বাবে এখন নতুন সংবিধানো প্ৰস্তুত কৰা হৈছে। হিন্দু ৰাষ্ট্ৰৰ সমৰ্থকসকলে এই কথা বিশ্বাস কৰে যে ভাৰত হিন্দু ৰাষ্ট্ৰ  হোৱাৰ পিছতেই  দেশত পুনৰ ত্ৰেতা  আৰু দ্বাপৰ যুগ ঘূৰি আহিব। কিন্তু ভাৰতক হিন্দু ৰাষ্ট্ৰ হিচাবে ঘোষণা কৰিবলৈ কোনে সংবিধান প্ৰস্তুত কৰিছে? 

ভাৰতৰ হিন্দু পণ্ডিতসকলৰ এটা অংশই হিন্দু ৰাষ্ট্ৰ হিচাপে ভাৰতক ঘোষণা কৰিব পৰাকৈ এখন নতুন  সংবিধানৰ এখন খচৰা প্ৰস্তুত কৰি আছে। জানিব পৰা মতে এই সংবিধান খন  মাঘ মাহত মাঘ মেলা ২০২৩ৰ -ৰ সময়ত অনুষ্ঠিত হ'বলগীয়া 'ধৰ্ম সংসদ'ত উত্থাপন কৰা হ’ব। চলিত বছৰৰ ফেব্ৰুৱাৰী মাহত  অনুষ্ঠিত মাঘ মেলাত ভাৰতক এখন নতুন  "সংবিধান"ৰ সৈতে 'হিন্দু ৰাষ্ট্ৰ ' হিচাপে গঢ়ি তুলিবলৈ 'ধৰ্ম সংসদ'ত এটা প্ৰস্তাৱ গৃহীত কৰা হৈছিল। এতিয়া শম্ভৱী পিঠাধিশ্বৰৰ পৃষ্ঠপোষকতাত ৩০ জনীয়া এটা দলে এই ভাৰতক হিন্দু ৰাষ্ট্ৰ হিচাবে 'সংবিধান'ৰ এখন খচৰা প্ৰস্তুত কৰি আছে। বাৰাণসীস্থিত শংকৰাচাৰ্য পৰিষদৰ সভাপতি স্বামী আনন্দ স্বৰূপে এই কথা নিশ্চিত কৰিছে।

স্বামী আনন্দ স্বৰূপে কয় "সংবিধানখন ৭৫০ পৃষ্ঠাৰ হ'ব আৰু ইয়াৰ বিন্যাস এতিয়া ব্যাপকভাৱে চলি আছে। বিভিন্ন ক্ষেত্ৰৰ ধৰ্মীয় পণ্ডিত আৰু বিশেষজ্ঞসকলৰ মাজত বিষয়টোকলৈ আলোচনা আৰু বিতৰ্ক অনুষ্ঠিত হ'ব। তেনে বিতৰ্কৰ বিষয়ত  গুৰুত্ব আৰোপ  কৰি প্ৰয়াগৰাজত অনুষ্ঠিত হ'বলগীয়া মাঘ মেলা-২০২৩ত  সংবিধানখনৰ আধা অংশ  (প্ৰায় ৩০০ পৃষ্ঠা) প্ৰকাশ কৰা হ'ব। এই বিষয়ত আলোচনা কৰিবলৈ এখন 'ধৰ্ম সংসদ' অনুষ্ঠিত কৰা হ'ব"। 

তেওঁ লগতে কয় যে শিক্ষা, প্ৰতিৰক্ষা, আইন-শৃংখলা, ভোটদান ব্যৱস্থা আৰু অন্যান্য বিষয়ত এতিয়ালৈকে ৩২ পৃষ্ঠা প্ৰস্তুত কৰা হৈছে। "এই হিন্দু ৰাষ্ট্ৰৰ সংবিধান অনুসৰি, বাৰাণসী দিল্লীৰ পৰিৱৰ্তে দেশৰ ৰাজধানী হ'ব। কাশী (বাৰাণসী)ত 'ধৰ্ম সংসদ' স্থাপনৰ প্ৰস্তাৱো ৰখা হৈছে"। 

হিন্দু ৰাষ্ট্ৰৰ সংবিধানৰ খচৰা প্ৰস্তুকাৰী দলটোত আছে  হিন্দু ৰাষ্ট্ৰ নিৰ্মাণ সমিতিৰ মুৰব্বী কমলেশ্বৰ উপাধ্যায়; উচ্চতম ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা বি এন ৰেড্ডী; প্ৰতিৰক্ষা বিশেষজ্ঞ আনন্দ বৰ্ধন; ধৰ্মীয় পণ্ডিত চন্দ্ৰমণি মিশ্ৰ আৰু বিশ্ব হিন্দু ফেডাৰেচনৰ সভাপতি অজয় সিঙৰ লগতে বহু লোক।

সংবিধানখনৰ বেটুপাতত  'অখণ্ড ভাৰত'ৰ মানচিত্ৰ আছে। স্বৰূপে কয়, "বাংলাদেশ, পাকিস্তান, আফগানিস্তান, শ্ৰীলংকা আৰু ম্যানমাৰৰ দৰে ভাৰতৰ পৰা পৃথক হোৱা দেশসমূহ এদিন একত্ৰিত কৰাৰ চেষ্টা চলোৱা হ’ব। ।  স্বৰূপে লগতে কয় যে প্ৰতিটো জাতিৰ লোকৰ হিন্দু ৰাষ্ট্ৰ ভাৰতত বাস কৰাৰ সুবিধা আৰু নিৰাপত্তা থাকিব কিন্তু  আন ধৰ্মৰ  লোকসকলক ভোট দিবলৈ অনুমতি দিয়া নহ'ব। তেওঁ কয় "হিন্দু ৰাজ্যৰ খচৰা সংবিধান অনুসৰি, মুছলমান আৰু খ্ৰীষ্টানসকলে ভোটদানৰ অধিকাৰৰ বাহিৰে সাধাৰণ নাগৰিকৰ সকলো অধিকাৰ উপভোগ কৰিব। তেওঁলোকক ব্যৱসায় কৰিব পাৰিব , চাকৰি লাভ কৰিব, শিক্ষা গ্ৰহণ কৰিব পাৰিব আৰু যিকোনো সাধাৰণ নাগৰিকে উপভোগ কৰা সকলো সুবিধা তেওঁলোকক প্ৰদান কৰা হ'ব, কিন্তু তেওঁলোকক তেওঁলোকৰ ভোটাধিকাৰ প্ৰয়োগ কৰিবলৈ অনুমতি দিয়া নহ'ব। '

স্বৰূপৰ মতে হিন্দু নাগৰিকসকলে ১৬ বছৰ সম্পূৰ্ণ কৰাৰ পিছতে ভোটদানৰ অধিকাৰ লাভ কৰিব। নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰাৰ বয়স ২৫ বছৰ নিৰ্ধাৰণ কৰা হৈছে। 'ধৰ্ম সংসদ'লৈ মুঠ ৫৪৩ জন সদস্য নিৰ্বাচিত হ'ব। স্বৰূপে কয় যে নতুন ব্যৱস্থাই ব্ৰিটিছ যুগৰ নিয়ম-কানুন বাতিল কৰিব আৰু সকলোবোৰ 'জাতি' ব্যৱস্থাৰ আধাৰত নিয়ন্ত্ৰিত হ'ব।

তেওঁ কয় যে শাস্তিৰ বিধান ত্ৰেতা আৰু দ্বাপৰ যুগৰ ভিত্তিত  দিয়া হ'ব। তেওঁ লগতে কয়, "গুৰুকুল ব্যৱস্থা পুনৰুজ্জীৱিত কৰা হ'ব আৰু আয়ুৰ্বেদ, গণিত, নক্ষত্ৰ, জ্যোতিষ আদি শিকোৱা হ'ব। ইয়াৰ উপৰি প্ৰতিজন নাগৰিকক বাধ্যতামূলক সামৰিক প্ৰশিক্ষণ দিয়া হ'ব আৰু কৃষি সম্পূৰ্ণৰূপে কৰমুক্ত কৰা হ'ব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু