--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : শৰীৰৰ বাবে ভিটামিন-চি অতি গুৰুত্বপূৰ্ণ। এই পুষ্টিকৰ পদাৰ্থই ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰাৰ লগতে ছাল আৰু চুলি সুস্থ কৰি ৰখাত সহায় কৰে। কিন্তু এই ভিটামিনৰ উপকাৰিতা হ’লেও অত্যধিক ভিটামিন-চি শৰীৰৰ বাবে বিপজ্জনক হ’ব পাৰে। ইয়াৰ ফলত বৃক্ক আৰু হাড়ৰ সমস্যা হ’ব পাৰে। ভিটামিন-চি কিমান পৰিমাণে গ্ৰহণ কৰিব লাগে জানো আহক।

 অত্যধিক ভিটামিন-চি গ্ৰহণ কৰাৰ সমস্যা-

Vitamin-C অতিমাত্ৰা সেৱন কৰিলে শৰীৰত কিছুমান পাৰ্শ্বক্ৰিয়া দেখা দিবলৈ আৰম্ভ কৰে। যদি আপোনাৰ শৰীৰত তলত দিয়া লক্ষণসমূহ দেখা দিবলৈ আৰম্ভ কৰে, তেন্তে ভিটামিন-চিসমৃদ্ধ ফলমূল আৰু খাদ্যৰ পৰা খোৱাৰ পৰা বিৰত থকা উচিত

 ১. বৃক্কত পাথৰৰ সমস্যাঃ-অত্যধিক ভিটামিন-চি খাদ্য বা পৰিপূৰক গ্ৰহণ কৰিলে বৃক্কত পাথৰ হোৱাৰ সমস্যা হ’ব পাৰে। কাৰণ শৰীৰে অক্সালেটৰ ৰূপত প্ৰস্ৰাৱৰ জৰিয়তে অতিৰিক্ত ভিটামিন-চি বাহিৰ কৰে। কিন্তু কেতিয়াবা ই আন খনিজ পদাৰ্থৰ লগতে সৰু সৰু স্ফটিকৰ ৰূপ লৈ বৃক্কৰ পাথৰ হৈ পৰে।

২. হাড়ৰ অস্বাভাৱিক বিকাশঃ-শৰীৰত ভিটামিন-চিৰ মাত্ৰা অত্যধিক হ’লে হাড়ৰ অস্বাভাৱিক বিকাশ হ’ব পাৰে। হাড়ৰ স্পাৰ প্ৰায়ে গাঁঠিত দেখা দিয়ে, য’ত অস্বাভাৱিক বৃদ্ধিৰ বাবে হাড় ওলাই আহিবলৈ আৰম্ভ কৰে। ইয়াৰ বাবে বিষ, দুৰ্বলতা আদি লক্ষণ দেখা দিবলৈ আৰম্ভ কৰে।

৩. হজম শক্তিৰ সমস্যাঃ-ভিটামিন-চি বেছিকৈ গ্ৰহণ কৰাৰ আটাইতকৈ সাধাৰণ লক্ষণ হ’ল পাচনতন্ত্ৰৰ অসুবিধা। ইয়াৰ বাবেই আপোনাৰ বদহজম, বমি, পেটৰ বিষ, জ্বলন আদি সমস্যা হ’বলৈ আৰম্ভ কৰে। কিন্তু ভিটামিন-চি পৰিপূৰক বন্ধ কৰি এই সমস্যাবোৰৰ পৰা সকাহ পাব পাৰে।

৪. শৰীৰত অসন্তুলিত পুষ্টিঃ-অত্যধিক পৰিমাণে ভিটামিন-চি সেৱন কৰিলে শৰীৰত পুষ্টিকৰ উপাদানৰ মাত্ৰা অসন্তুলিত হৈ পৰে। ইয়াৰ ফলত শৰীৰত ভিটামিন-বি১২ আৰু কপাৰৰ পৰিমাণ কমি যাব পাৰে। একে সময়তে ভিটামিন-চিৰ বাবে শৰীৰত আইৰণৰ ব্যৱহাৰ বৃদ্ধি পায়, যিটো স্বাস্থ্যৰ বাবে ক্ষতিকাৰক।

৫. ভিটামিন-চিৰ সঠিক পৰিমাণঃ-শৰীৰে নিজাববীয়াকৈ ভিটামিন-চি উৎপাদন কৰিব নোৱাৰে। গতিকে এই পুষ্টিকৰ উপাদানৰ অভাৱ ৰোধ কৰিবলৈ ভিটামিন-চি খাদ্য বা পৰিপূৰক গ্ৰহণ কৰিবলগা হয়। সাধাৰণতে খাদ্য খালে ভিটামিন-চিৰ মাত্ৰা বেছি নহয়, পৰিপূৰক ইয়াৰ আঁৰৰ মূল কাৰণ। তলত দিয়া তালিকাখনৰ পৰা অনুমান কৰিব পাৰি যে বয়স অনুসৰি দৈনিক কিমান পৰিমাণৰ ভিটামিন-চি খাব পাৰি। একে সময়তে ধূমপান কৰা লোক আৰু গৰ্ভৱতী মহিলাক স্বাভাৱিকতকৈ অধিক ভিটামিন-চিৰ প্ৰয়োজন হয়।







FOLLOW US F
POPULAR
FEATURE
TRENDY
আজি ব্ৰহ্মপুত্ৰৰ ওপৰত উৰিব ৰাফেল-তেজস, 'মায়াবিনী...'ৰ সুৰত ভাৰতীয় সেনাৰ বৃহৎ এয়াৰ শ্ব' 'সূৰ্যকিৰণ'
নিশা ধিঙত সংঘটিত হ'ল এক ভয়ংকৰ পথ দুৰ্ঘটনা ; তীব্ৰবেগত মৰা খুন্দাত জ্বলিল এলট্ৰ’জ বাহন
অহা বছৰ ভাৰতলৈ আহিব ড'নাল্ড ট্রাম্প, সাংবাদিকৰ আগত আমেৰিকাৰ ৰাষ্ট্ৰপতি
প্রতীকালৈ বিশ্ব কাপৰ পদক, শেষৰ দুখন মেচ খেলিবলৈ নোপোৱা ক্রিকেটাৰৰ স্বপ্ন পূৰণ
প্রত্যর্পণ নহ'লে বহিষ্কাৰ কৰক বাংলাদেশীক, বহিঃৰাষ্ট্ৰৰ পৰা হোৱা আগ্রাসনক লৈ উদ্বিগ্ন গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অভিমত
চীনে বৃদ্ধি কৰিলে সামৰিক শক্তি! তৃতীয়খন বিমানবাহী জাহাজ ‘ফুজিয়ান’ সাজু, আমেৰিকাৰ উদ্বেগ বৃদ্ধি
আজি শ্বাহৰূখ খানৰ জন্মদিন; 'মন্নত'ৰ বাহিৰত সমবেত অনুৰাগীলৈ কিং খানৰ উপহাৰ
'হাৰমনিয়াম আৰু কি বৰ্ডত সুৰৰ মূৰ্চ্ছনা তুলিবলৈ গল্ডিৰ হাত কেইখন আৰু নাই' - মনোজ বৰঠাকুৰ
ওদালগুৰিত পুনৰ মৃত্যু বন্যহস্তীৰ ; এসপ্তাহত তিনিটাকৈ বন্যহস্তীৰ মৃত্যু
বিশ্বৰ 'সৃষ্টিশীল মহানগৰী' হিচাপে ইউনেস্ক'ৰ তালিকাত লক্ষ্ণৌ
বিশ্বৰ যিকোনো দেশৰ সংকটৰ সময়ত কাষত থিয় দিয়ে ভাৰতে, ছট্টিশগড় ৰাজ্যৰ প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচীত প্রধানমন্ত্রী মোদী
শিক্ষাৰ্থীৰ বাবে কৃত্রিম বুদ্ধিমত্তাৰ পাঠ্যক্ৰম, দেশৰ বিদ্যালয়সমূহত তৃতীয় শ্ৰেণীৰ পৰা আৰম্ভ হ'ব 'এ আই', 'চি টি'ৰ শিক্ষা
জুবিন গাৰ্গৰ পিছে পিছে বিশিষ্ট বাঁহীবাদক দীপক শৰ্মাও গুচি গ'ল উভতি নহাৰ বাটেৰে
কচু শাকৰ চমৎকাৰী উপকাৰিতাৰ কথা জানিলে আচৰিত হ'ব আপুনি