--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভক্ত বিভিন্ন প্ৰকাৰৰ আছে। কোনোৱাই কিবা স্বাৰ্থ পূৰণৰ বাবে কোনো বিশেষ ব্যক্তি অথবা ৰাজনৈতিক দলৰ অন্ধ ভক্ত হৈ পৰে, কোনোৱাই বা সঁচা অন্তৰৰে স্বাৰ্থহীন ভাবে কাৰোৱাক ভালপোৱাৰ বাবে তেনে ব্যক্তিৰ ভক্ত হৈ পৰে।ইয়াত যিগৰাকী ভক্তৰ কথা ক’বলৈ বিচৰা হৈছে তেওঁ কোনো ৰাজনৈতিক নেতা বা দলৰ ভক্ত নহয়, তেওঁ হৈছে বিগ বি অমিতাভ বচ্চনৰ ভক্ত। নিঃস্বাৰ্থভাবে লোকজনে বিগ বিক ভালপায়। 

সেয়ে আমেৰিকাত বাস কৰা ৰিংকু আৰু গোপী শেঠে তেওঁলোকৰ আমেৰিকাৰ  এডিছনত থকা ঘৰৰ বাহিৰত অমিতাভ ব্চ্চনৰ এটা প্ৰতিমূৰ্তি স্থাপন কৰিছে।  অমিতাভ বচ্চন তেওঁলোকৰ বাবে ভগৱান, সেয়েহে দম্পতীহালে বিগ বিৰ প্ৰতিমূৰ্তি ঘৰতৰ বাহিৰত স্থাপন কৰি বিগ বিৰ প্ৰতি মৰমৰ চানেকি দাঙি ধৰিছে। অমিতাভ বচ্চনৰ প্ৰতিমূৰ্তিটো তৈয়াৰ কৰোতে তেওঁলোকে খৰচ কৰিছে প্ৰায় ৬০ লাখ টকা।

উল্লেখ্য কেৱল ভাৰততে নহয়, বলীউডৰ শ্বাহেনশ্বাহ অমিতাভ বচ্চনৰ অনুৰাগী বিশ্বৰ বিভিন্ন প্ৰান্তত আছে। বিদেশৰ মাটিত অমিতাভৰ বিষয়ে নজনা মানুহ কমেইহে পোৱা যাব।সেয়ে  ভাৰতীয়-আমেৰিকান পৰিয়াটোৱে নিউ জাৰ্চীৰ এডিছনত থকা তেওঁলোকৰ ঘৰত অমিতাভ বচ্চনৰ  প্ৰতিমূৰ্তি স্থাপন কৰিছে।

এডিছনত ভাৰতীয়সকলৰ জনসংখ্যা ইমান বেছি যে চহৰখনক ভাৰতৰ এটা টুকুৰা বুলি ক’লেও  ভুল কোৱা  নহ'ব।বিগ বিৰ প্ৰতিমূৰ্তি স্থাপনৰ সময়ত  এডিছনত ৰিংকু আৰু গোপী শেঠৰ ঘৰৰ বাহিৰত প্ৰায় ৬০০ ভাৰতীয় সমবেত হৈছিল। কাঁচৰ বাকচত ৰখা প্ৰিয় তাৰকাগৰাকীৰ  মূৰ্তিটো এবাৰ চাবলৈ সকলোৱে উৎসুক হৈ পৰিছিল। আমেৰিকা যুক্তৰাষ্ট্ৰৰ এজন মন্ত্ৰী এলবাৰ্ট জাছানীয়ে আনুষ্ঠানিকভাৱে প্ৰতিমূৰ্তিটো উদ্বোধন কৰে। আতচবাজীৰ শব্দ, অমিতাভৰ চলচ্চিত্ৰ গীতৰ তালে তালে সমবেত সকলোৱে নৃত্য - কৰাৰ দৃশ্য আছিল অভূতপূৰ্ব। 

ইণ্টাৰনেট সুৰক্ষা অভিযন্তা গোপী শেঠে কয়, "অমিতাভ বচ্চন মোৰ বাবে ঈশ্বৰৰ দৰে। কেৱল ডাঙৰ পৰ্দাত তেওঁৰ চৰিত্ৰই নহয়, তেওঁৰ বাস্তৱ জীৱনেও মোক অনুপ্ৰাণিত কৰে। মই তেওঁৰ জনসম্পৰ্কৰ ধৰণ, অনুৰাগীসকলৰ প্ৰতি তেওঁৰ মৰম সকলো কথাই  ভালপাওঁ। তেওঁ বলীউডৰ আন তাৰকাসকলৰ দৰে বহু পৃথক। গতিকে মই তেওঁৰ মূৰ্তিটো মোৰ ঘৰত স্থাপন কৰাৰ সিদ্ধান্ত লৈছো। ''
গোপী শেঠে  ১৯৯০ চনত গুজৰাটৰ পৰা আমেৰিকালৈ আহিছিল। তেওঁ তিনি দশক ধৰি তেওঁ অমিতাভৰ নামত এটা ৱেবছাইটো চলাই আহিছে। 

গোপীয়ে কয় যে বিগ বিয়ে জানে যে তেওঁৰ  মূৰ্তি তেওঁলোকৰ  ঘৰত স্থাপন কৰা হৈছে। শেঠে লগতে কয় যে অমিতাভে তেওঁক কৈছিল যে তেওঁ ইমান সন্মানৰ যোগ্য নহয়, কিন্তু বিগ বিয়ে প্ৰতিমূৰ্তিটো স্থাপন কৰাত আপত্তি কৰা নাছিল।










FOLLOW US F
POPULAR
FEATURE
TRENDY
লিডুত ডাম্পাৰ আৰু টাটা বাহনৰ মুখামুখি সংঘৰ্ষ; তিনিজন গুৰুতৰভাৱে আহত
ৰাতি ভালদৰে শোৱাৰ পিছতো পুৱা এলাহ ভাৱ থাকে নেকি? সমাধান জানি লওক
ভাৰতীয় পাইলট স্মিত মাচ্ছৰ সাহসিকতাত ৰক্ষা পৰিল ১৭৪ জীৱন
বিলুপ্তিৰ দিশে অসমৰ আপুৰুগীয়া চৰাই ‘কাঠনি বোৱাৰী’
মহানগৰীত ‘এক দিন, এক ঘণ্টা, এক সাথ’ শীৰ্ষক শ্ৰমদান কাৰ্যসূচী ৰূপায়ণ; মন্ত্ৰী অশ্বিনী ৰায় সৰকাৰৰ অংশগ্ৰহণ
কেঞ্চাৰৰ ঔষধৰ নামত অবাধ লুণ্ঠন; MRP সীমাৱদ্ধ কৰিবলৈ পৰামৰ্শ উচ্চতম ন্যায়ালয়ৰ
স্কোৱাচ অতি উপকাৰী পাচলি; ইয়াৰ আছে নানা স্বাস্থ্য গুণাগুণ
এছিয়ান গেমছৰ ১০,০০০ মিটাৰ দৌৰত ব্ৰঞ্জ পদক অৰ্জন সীমা কুমাৰীৰ
বেবেজীয়াত ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে নিহত এজন, গুৰুতৰভাৱে আহত শিক্ষয়িত্ৰী
নৱেম্বৰত অনুষ্ঠিত হ’ব মিচিং, সোণোৱাল কছাৰী স্বায়ত্ত পৰিষদৰ নিৰ্বাচন; নিৰ্বাচনৰ বেলটত নাথাকিব দলীয় প্রতীক
২৮ ছেপ্টেম্বৰৰ পৰা ৫ দিন নগাঁৱত প্ৰচাৰ চলাব মুখ্যমন্ত্রীয়ে
আমদানি শুল্ক হ্রাস; দাম কমিব খোৱা তেলৰ
চাঞ্চল্যকৰ ঘটনা! এবাৰ, দুবাৰ নহয় ডেৰ মাহত ৮বাৰকৈ সাপে দংশন কৰিছে এগৰাকী কিশোৰীক
নাহৰকটীয়া নামচাঙত হাতীৰ আক্ৰমণত পিতৃ-কন্যাৰ কৰুণ মৃত্যু