--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভক্ত বিভিন্ন প্ৰকাৰৰ আছে। কোনোৱাই কিবা স্বাৰ্থ পূৰণৰ বাবে কোনো বিশেষ ব্যক্তি অথবা ৰাজনৈতিক দলৰ অন্ধ ভক্ত হৈ পৰে, কোনোৱাই বা সঁচা অন্তৰৰে স্বাৰ্থহীন ভাবে কাৰোৱাক ভালপোৱাৰ বাবে তেনে ব্যক্তিৰ ভক্ত হৈ পৰে।ইয়াত যিগৰাকী ভক্তৰ কথা ক’বলৈ বিচৰা হৈছে তেওঁ কোনো ৰাজনৈতিক নেতা বা দলৰ ভক্ত নহয়, তেওঁ হৈছে বিগ বি অমিতাভ বচ্চনৰ ভক্ত। নিঃস্বাৰ্থভাবে লোকজনে বিগ বিক ভালপায়। 

সেয়ে আমেৰিকাত বাস কৰা ৰিংকু আৰু গোপী শেঠে তেওঁলোকৰ আমেৰিকাৰ  এডিছনত থকা ঘৰৰ বাহিৰত অমিতাভ ব্চ্চনৰ এটা প্ৰতিমূৰ্তি স্থাপন কৰিছে।  অমিতাভ বচ্চন তেওঁলোকৰ বাবে ভগৱান, সেয়েহে দম্পতীহালে বিগ বিৰ প্ৰতিমূৰ্তি ঘৰতৰ বাহিৰত স্থাপন কৰি বিগ বিৰ প্ৰতি মৰমৰ চানেকি দাঙি ধৰিছে। অমিতাভ বচ্চনৰ প্ৰতিমূৰ্তিটো তৈয়াৰ কৰোতে তেওঁলোকে খৰচ কৰিছে প্ৰায় ৬০ লাখ টকা।

উল্লেখ্য কেৱল ভাৰততে নহয়, বলীউডৰ শ্বাহেনশ্বাহ অমিতাভ বচ্চনৰ অনুৰাগী বিশ্বৰ বিভিন্ন প্ৰান্তত আছে। বিদেশৰ মাটিত অমিতাভৰ বিষয়ে নজনা মানুহ কমেইহে পোৱা যাব।সেয়ে  ভাৰতীয়-আমেৰিকান পৰিয়াটোৱে নিউ জাৰ্চীৰ এডিছনত থকা তেওঁলোকৰ ঘৰত অমিতাভ বচ্চনৰ  প্ৰতিমূৰ্তি স্থাপন কৰিছে।

এডিছনত ভাৰতীয়সকলৰ জনসংখ্যা ইমান বেছি যে চহৰখনক ভাৰতৰ এটা টুকুৰা বুলি ক’লেও  ভুল কোৱা  নহ'ব।বিগ বিৰ প্ৰতিমূৰ্তি স্থাপনৰ সময়ত  এডিছনত ৰিংকু আৰু গোপী শেঠৰ ঘৰৰ বাহিৰত প্ৰায় ৬০০ ভাৰতীয় সমবেত হৈছিল। কাঁচৰ বাকচত ৰখা প্ৰিয় তাৰকাগৰাকীৰ  মূৰ্তিটো এবাৰ চাবলৈ সকলোৱে উৎসুক হৈ পৰিছিল। আমেৰিকা যুক্তৰাষ্ট্ৰৰ এজন মন্ত্ৰী এলবাৰ্ট জাছানীয়ে আনুষ্ঠানিকভাৱে প্ৰতিমূৰ্তিটো উদ্বোধন কৰে। আতচবাজীৰ শব্দ, অমিতাভৰ চলচ্চিত্ৰ গীতৰ তালে তালে সমবেত সকলোৱে নৃত্য - কৰাৰ দৃশ্য আছিল অভূতপূৰ্ব। 

ইণ্টাৰনেট সুৰক্ষা অভিযন্তা গোপী শেঠে কয়, "অমিতাভ বচ্চন মোৰ বাবে ঈশ্বৰৰ দৰে। কেৱল ডাঙৰ পৰ্দাত তেওঁৰ চৰিত্ৰই নহয়, তেওঁৰ বাস্তৱ জীৱনেও মোক অনুপ্ৰাণিত কৰে। মই তেওঁৰ জনসম্পৰ্কৰ ধৰণ, অনুৰাগীসকলৰ প্ৰতি তেওঁৰ মৰম সকলো কথাই  ভালপাওঁ। তেওঁ বলীউডৰ আন তাৰকাসকলৰ দৰে বহু পৃথক। গতিকে মই তেওঁৰ মূৰ্তিটো মোৰ ঘৰত স্থাপন কৰাৰ সিদ্ধান্ত লৈছো। ''
গোপী শেঠে  ১৯৯০ চনত গুজৰাটৰ পৰা আমেৰিকালৈ আহিছিল। তেওঁ তিনি দশক ধৰি তেওঁ অমিতাভৰ নামত এটা ৱেবছাইটো চলাই আহিছে। 

গোপীয়ে কয় যে বিগ বিয়ে জানে যে তেওঁৰ  মূৰ্তি তেওঁলোকৰ  ঘৰত স্থাপন কৰা হৈছে। শেঠে লগতে কয় যে অমিতাভে তেওঁক কৈছিল যে তেওঁ ইমান সন্মানৰ যোগ্য নহয়, কিন্তু বিগ বিয়ে প্ৰতিমূৰ্তিটো স্থাপন কৰাত আপত্তি কৰা নাছিল।









FOLLOW US F
POPULAR
FEATURE
TRENDY
প্রবীণ অভিনেতা-প্রযোজক ধীৰাজ কুমাৰৰ মৃত্যু
ক্ৰিকেটেৰে আৰম্ভ হ'ব অলিম্পিক
শ্বাহৰূখৰ সৈতে বিবাহ, উদিতৰ সৈতে প্ৰেম...৬ বছৰীয়া কন্যা সন্তানক হত্যা কৰি প্ৰেমিকৰ সৈতে কৰিলে পাৰ্টী
ডিমা হাছাওত প্ৰচণ্ড ভূমিস্খলনত দুই জন লোকৰ মৃত্যু
পিতৃ-মাতৃ হ’ল সিদ্ধাৰ্থ-কিয়াৰা, অনুৰাগীৰ মাজত আনন্দৰ লহৰ
মণিপুৰত আৰক্ষী বৃহৎ তালাচীত ৮৬টা অস্ত্র, ৯৭৪টা গ্ৰেনেড-গোলা উদ্ধাৰ
ইংলেণ্ডত শুভমন গিলৰ অভিলেখৰ জোৱাৰ; এইবাৰ ভংগ কৰিলে কোহলীৰ ৰেকৰ্ড
অমৰনাথ গুহাত পাৰযোৰৰ ৰহস্য আঁৰৰ বিষয়ে জানো আহক..
আলফা(স্বাঃ)ৰ শিবিৰত ভাৰতীয় সেনাৰ আক্ৰমণ ; নয়ন অসমৰ মৃত্যু, ১৯গৰাকী কেডাৰ আহত
স্বদেশলৈ উভতিল পেৰাচাইক্লিষ্ট ৰাকেশ বণিক
শিৱাজীয়ে নিৰ্মাণ কৰা ১২টা দুর্গই লাভ কৰিলে 'বিশ্ব ঐতিহ্য'ৰ স্বীকৃতি
হেমপ্রভা চুতীয়াৰ হাতত পুনৰ প্ৰাণ পাই উঠিব ষষ্ঠখন ধর্মগ্রন্থই
কেন্দ্ৰৰ বঞ্চনাত বন্ধ হ'ল টোকোলাই চাহ গৱেষণা কেন্দ্ৰৰ দুটাকৈ গুৰুত্বপূৰ্ণ বিভাগ
নাছাৰ দুই সহস্রাধিক কৰ্মচাৰীক চাটাই কৰিব ট্রাম্পে