--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰতত বলীউড ছুপাৰষ্টাৰ অমিতাভ বচ্চনৰ বহুত অনুৰাগী তথা ফ’ল’ৱাৰ আছে। আনকি ভাৰতৰ বাহিৰৰ মানুহেও তেওঁক বহুত ভাল পায়। আমেৰিকাৰ এটা পৰিয়ালে অমিতাভ বচ্চনক ইমানেই সন্মান কৰে আৰু ইমানেই ভালপায় যে তেওঁলোকৰ ঘৰৰ বাহিৰত তেওঁৰ প্ৰতিমূৰ্তি স্থাপন কৰিছে। অমিতাভ বচ্চনৰ এই প্ৰতিমূৰ্তি চাবলৈ এক বৃহৎ জনসমাগমৰ সৃষ্টি হৈছিল। ইয়াৰ ছবি শেঠ পৰিয়ালে টুইট কৰিছে। এই পৰিয়ালে অমিতাভ বচ্চনৰ নামেৰে এটা ৱেবচাইট তৈয়াৰ কৰিছে। টুইট, নিউজ, পোষ্ট আদি তাত লগাই দিয়া হয়। এই পৰিয়ালটোৰ বাবে বিগ বি এজন অতি পৰম আদৰণীয় ব্যক্তি। 
Image

চৰ্চা চলিছে শেঠ পৰিয়ালৰ

অমিতাভ বচ্চনক বলীউডৰ শ্বাহেনশ্বাহ বুলি কোৱা হয়। তেওঁৰ স্বাস্থ্যৰ সামান্যতম অৱনতি ঘটিলেই হাজাৰ হাজাৰ হাত প্ৰাৰ্থনা-দোৱাৰ দিশে আগবাঢ়ে।  তেওঁৰ আৰোগ্য কামনাৰে মন্দিৰে মন্দিৰে জ্বলে চাকি। দেওবাৰে তেওঁৰ ঘৰৰ বাহিৰত প্ৰায়ে বিশাল জনসমাগম গোট খায়। এতিয়া আমেৰিকাৰ এটা ভাৰতীয় পৰিয়ালক লৈ আলোচনা চলি আছে। এই পৰিয়ালটোৱে অমিতাভ বচ্চনক ভগৱানৰ মৰ্যাদা দিছে। শনিবাৰে তেওঁলোকৰ নতুন ঘৰৰ বাহিৰত অমিতাভ বচ্চনৰ প্ৰতিমূৰ্তি স্থাপন কৰে। গোপী শেঠ ঘৰৰ বাহিৰত অমিতাভ বচ্চনৰ প্ৰতিমূৰ্তি স্থাপন কৰা হয় আৰু প্ৰতিমূৰ্তিটোৰ উদ্বোধনী অনুষ্ঠানত বহু লোকে অংশগ্ৰহণ কৰে। কাঁচৰ বাকচত ৰখা প্ৰিয় তাৰকাগৰাকীৰ মূৰ্তিটো এবাৰ চাবলৈ সকলোৱে উৎসুক হৈ পৰিছিল। আমেৰিকা যুক্তৰাষ্ট্ৰৰ এজন মন্ত্ৰী এলবাৰ্ট জাছানীয়ে আনুষ্ঠানিকভাৱে প্ৰতিমূৰ্তিটো উদ্বোধন কৰে। আতচবাজীৰ শব্দ, অমিতাভৰ চলচ্চিত্ৰ গীতৰ তালে তালে সমবেত সকলোৱে নৃত্য কৰিছিল।


বিগ বিক উচ্চ প্ৰশংসা

ৰিংকু আৰু গোপী শেঠৰ ঘৰত অমিতাভ বচ্চনৰ প্ৰতিমূৰ্তি মুকলি অনুষ্ঠানত ৬০০ৰো অধিক লোক সমবেত হয়। গোপী শেঠে প্ৰকাশ কৰে যে ''তেওঁ আৰু তেওঁৰ পত্নীৰ বাবে অমিতাভ বচ্চন ভগৱানতকৈ কম নহয়। তেওঁ কয়, অমিতাভজীয়ে আমাক কেৱল ৰিল লাইফতে নহয় বাস্তৱ জীৱনতো অনুপ্ৰাণিত কৰে। তেওঁ অতি 'ডাউন টু আৰ্থ' ব্যক্তি। তেওঁ নিজৰ অনুৰাগীসকলক বহুত গুৰুত্ব দিয়ে। তেওঁ আন বহুতো তাৰকাৰ দৰে নহয়।''

উল্লেখ্য যে অমিতাভ বচ্চনৰ প্ৰতিমূৰ্তিটো তৈয়াৰ কৰোতে তেওঁলোকে খৰচ কৰিছে প্ৰায় ৬০ লাখ টকা।


FOLLOW US F
POPULAR
FEATURE
TRENDY
বিদ্যুৎ বিভাগৰ কাৰ্যালয়ত চোৰৰ সন্ত্ৰাস ! লুটি নিলে ইনভাৰ্টাৰ,বেটাৰী,পানী উঠোৱা মটৰ আৰু বৈদ্যুতিক তাঁৰ
অনিশ দয়াল সিঙক ভাৰতৰ উপ-ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা নিযুক্তি
পাক-ভাৰত সীমান্তৰ পৰা ১৫ পাকিস্তানী মাছমৰীয়াক আটক
'বিশ্ব অর্থনীতিৰ প্ৰৱাহ সলনি কৰিব পৰা শক্তিৰ অধিকাৰী হৈছে ভাৰত', 'ইক 'নমিক টাইম'ৰ ৱৰ্ল্ড লীডাৰ্ছ ফ'ৰামত প্ৰধানমন্ত্ৰীৰ দাবী
পণবন্দীৰ মুক্তিৰ দাবীত ৰাজপথ উত্তাল কৰিলে সহস্রাধিক ইজৰাইলীয়ে
বৰপেটাৰোডত অবৈধ ৬ টকীয়া লটাৰী টিকট বিক্ৰেতাক আটক
অধিনায়কত্ব হেৰুৱাব পাৰে সূৰ্যকুমাৰ যাদৱে
ভাৰতত আৰম্ভ হ'ল iphone 17 ৰ উৎপাদন! ভাৰতৰ কোনবোৰ ৰাজ্যত আইফোন তৈয়াৰ কৰা হয় জানেনে?
সলনি হ'ব পাৰে GMCHৰ অধ্যক্ষ ; ডাঃ অচ্যুত বৈশ্যক শাস্তিমুলক বদলিৰ সম্ভাৱনা
৬ হাজাৰ ছাত্ৰৰ ভিছা বাতিল আমেৰিকাৰ বিদেশ মন্ত্ৰালয়ৰ
ৰাজ্যৰ বনাঞ্চলত উচ্ছেদক লৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ঐতিহাসিক ৰায়
আলমণ্ডৰ পৰা তৈয়াৰ কৰা গাখীৰ খোৱাটো কিমান উপকাৰী? জানি লওক সবিশেষ
নাম-কীৰ্তনেৰে মুখৰ ৰাজ্যৰ সত্ৰ-নামঘৰ, আৰম্ভ হ'ল পৱিত্ৰ ভাদ মাহ
২০ আগষ্টত 'চতিয়া দিৱস'ৰ প্ৰস্তুতি, ৰাজ্যিক স্বীকৃতিৰ পাছত প্ৰথমবাৰৰ বাবে চৰকাৰীভাৱে হ'ব উদযাপন