--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰতত বলীউড ছুপাৰষ্টাৰ অমিতাভ বচ্চনৰ বহুত অনুৰাগী তথা ফ’ল’ৱাৰ আছে। আনকি ভাৰতৰ বাহিৰৰ মানুহেও তেওঁক বহুত ভাল পায়। আমেৰিকাৰ এটা পৰিয়ালে অমিতাভ বচ্চনক ইমানেই সন্মান কৰে আৰু ইমানেই ভালপায় যে তেওঁলোকৰ ঘৰৰ বাহিৰত তেওঁৰ প্ৰতিমূৰ্তি স্থাপন কৰিছে। অমিতাভ বচ্চনৰ এই প্ৰতিমূৰ্তি চাবলৈ এক বৃহৎ জনসমাগমৰ সৃষ্টি হৈছিল। ইয়াৰ ছবি শেঠ পৰিয়ালে টুইট কৰিছে। এই পৰিয়ালে অমিতাভ বচ্চনৰ নামেৰে এটা ৱেবচাইট তৈয়াৰ কৰিছে। টুইট, নিউজ, পোষ্ট আদি তাত লগাই দিয়া হয়। এই পৰিয়ালটোৰ বাবে বিগ বি এজন অতি পৰম আদৰণীয় ব্যক্তি। 
Image

চৰ্চা চলিছে শেঠ পৰিয়ালৰ

অমিতাভ বচ্চনক বলীউডৰ শ্বাহেনশ্বাহ বুলি কোৱা হয়। তেওঁৰ স্বাস্থ্যৰ সামান্যতম অৱনতি ঘটিলেই হাজাৰ হাজাৰ হাত প্ৰাৰ্থনা-দোৱাৰ দিশে আগবাঢ়ে।  তেওঁৰ আৰোগ্য কামনাৰে মন্দিৰে মন্দিৰে জ্বলে চাকি। দেওবাৰে তেওঁৰ ঘৰৰ বাহিৰত প্ৰায়ে বিশাল জনসমাগম গোট খায়। এতিয়া আমেৰিকাৰ এটা ভাৰতীয় পৰিয়ালক লৈ আলোচনা চলি আছে। এই পৰিয়ালটোৱে অমিতাভ বচ্চনক ভগৱানৰ মৰ্যাদা দিছে। শনিবাৰে তেওঁলোকৰ নতুন ঘৰৰ বাহিৰত অমিতাভ বচ্চনৰ প্ৰতিমূৰ্তি স্থাপন কৰে। গোপী শেঠ ঘৰৰ বাহিৰত অমিতাভ বচ্চনৰ প্ৰতিমূৰ্তি স্থাপন কৰা হয় আৰু প্ৰতিমূৰ্তিটোৰ উদ্বোধনী অনুষ্ঠানত বহু লোকে অংশগ্ৰহণ কৰে। কাঁচৰ বাকচত ৰখা প্ৰিয় তাৰকাগৰাকীৰ মূৰ্তিটো এবাৰ চাবলৈ সকলোৱে উৎসুক হৈ পৰিছিল। আমেৰিকা যুক্তৰাষ্ট্ৰৰ এজন মন্ত্ৰী এলবাৰ্ট জাছানীয়ে আনুষ্ঠানিকভাৱে প্ৰতিমূৰ্তিটো উদ্বোধন কৰে। আতচবাজীৰ শব্দ, অমিতাভৰ চলচ্চিত্ৰ গীতৰ তালে তালে সমবেত সকলোৱে নৃত্য কৰিছিল।


বিগ বিক উচ্চ প্ৰশংসা

ৰিংকু আৰু গোপী শেঠৰ ঘৰত অমিতাভ বচ্চনৰ প্ৰতিমূৰ্তি মুকলি অনুষ্ঠানত ৬০০ৰো অধিক লোক সমবেত হয়। গোপী শেঠে প্ৰকাশ কৰে যে ''তেওঁ আৰু তেওঁৰ পত্নীৰ বাবে অমিতাভ বচ্চন ভগৱানতকৈ কম নহয়। তেওঁ কয়, অমিতাভজীয়ে আমাক কেৱল ৰিল লাইফতে নহয় বাস্তৱ জীৱনতো অনুপ্ৰাণিত কৰে। তেওঁ অতি 'ডাউন টু আৰ্থ' ব্যক্তি। তেওঁ নিজৰ অনুৰাগীসকলক বহুত গুৰুত্ব দিয়ে। তেওঁ আন বহুতো তাৰকাৰ দৰে নহয়।''

উল্লেখ্য যে অমিতাভ বচ্চনৰ প্ৰতিমূৰ্তিটো তৈয়াৰ কৰোতে তেওঁলোকে খৰচ কৰিছে প্ৰায় ৬০ লাখ টকা।


FOLLOW US F
POPULAR
FEATURE
TRENDY
লিডুত ডাম্পাৰ আৰু টাটা বাহনৰ মুখামুখি সংঘৰ্ষ; তিনিজন গুৰুতৰভাৱে আহত
ৰাতি ভালদৰে শোৱাৰ পিছতো পুৱা এলাহ ভাৱ থাকে নেকি? সমাধান জানি লওক
ভাৰতীয় পাইলট স্মিত মাচ্ছৰ সাহসিকতাত ৰক্ষা পৰিল ১৭৪ জীৱন
বিলুপ্তিৰ দিশে অসমৰ আপুৰুগীয়া চৰাই ‘কাঠনি বোৱাৰী’
মহানগৰীত ‘এক দিন, এক ঘণ্টা, এক সাথ’ শীৰ্ষক শ্ৰমদান কাৰ্যসূচী ৰূপায়ণ; মন্ত্ৰী অশ্বিনী ৰায় সৰকাৰৰ অংশগ্ৰহণ
কেঞ্চাৰৰ ঔষধৰ নামত অবাধ লুণ্ঠন; MRP সীমাৱদ্ধ কৰিবলৈ পৰামৰ্শ উচ্চতম ন্যায়ালয়ৰ
স্কোৱাচ অতি উপকাৰী পাচলি; ইয়াৰ আছে নানা স্বাস্থ্য গুণাগুণ
এছিয়ান গেমছৰ ১০,০০০ মিটাৰ দৌৰত ব্ৰঞ্জ পদক অৰ্জন সীমা কুমাৰীৰ
বেবেজীয়াত ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে নিহত এজন, গুৰুতৰভাৱে আহত শিক্ষয়িত্ৰী
নৱেম্বৰত অনুষ্ঠিত হ’ব মিচিং, সোণোৱাল কছাৰী স্বায়ত্ত পৰিষদৰ নিৰ্বাচন; নিৰ্বাচনৰ বেলটত নাথাকিব দলীয় প্রতীক
২৮ ছেপ্টেম্বৰৰ পৰা ৫ দিন নগাঁৱত প্ৰচাৰ চলাব মুখ্যমন্ত্রীয়ে
আমদানি শুল্ক হ্রাস; দাম কমিব খোৱা তেলৰ
চাঞ্চল্যকৰ ঘটনা! এবাৰ, দুবাৰ নহয় ডেৰ মাহত ৮বাৰকৈ সাপে দংশন কৰিছে এগৰাকী কিশোৰীক
নাহৰকটীয়া নামচাঙত হাতীৰ আক্ৰমণত পিতৃ-কন্যাৰ কৰুণ মৃত্যু