--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ উত্তৰাখণ্ডৰ  কেদাৰনাথ মন্দিৰলৈ যাত্ৰা কৰা  ঘোঁৰাক ভাং খুৱাই দিয়াৰ ঘটনাই এতিয়া তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।  আৰক্ষীয়ে ঘোঁৰাক বলপূৰ্বক ভাং  সেৱন কৰোৱাৰ ঘটনা সন্দৰ্ভত এখন এজাহাৰ পঞ্জীয়ন কৰিছে। অভিযুক্ত দুজনৰ সন্ধানো চলি আছে বুলি  আৰক্ষীয়ে প্ৰকাশ কৰিছে। কেইদিনমান আগতে কেদাৰনাথৰ এটা ভিডিঅ' পোহৰলৈ আহিছিল।

 ভিডিঅ'টোত দুজন যুৱকে  এটা ঘোঁৰাক বলপূৰ্বক ভাং  খুৱাই থকা দেখা গৈছিল। ঘোঁৰাটোৱে অস্বস্তি অনুভৱ কৰাৰ পিছতো তেওঁলোকে সেই কাম কৰি গৈছিল। ভিডিঅ'টো ভাইৰেল হোৱাৰ লগে লগে  পশুপ্ৰেমীসকলে অভিযুক্ত যুৱক দুজনৰ  বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবীত সৰব হৈ পৰে। 

যুৱক দুজনক গ্ৰেপ্তাৰ কৰাৰ দাবী জোৰদাৰ হৈ উঠাৰ সময়তে উত্তৰাখণ্ড আৰক্ষীয়ে অভিযান আৰম্ভ কৰিছে।   উত্তৰাখণ্ড আৰক্ষীয়ে অৱশেষত এই সন্দৰ্ভত এটা গোচৰ ৰুজু কৰিছে। আৰক্ষীয়ে কৈছে  যে অভিযুক্তক  সোনকালেই গ্ৰেপ্তাৰ কৰা হ'ব। ৰুদ্ৰপ্ৰয়াগ আৰক্ষীৰ সূত্ৰই প্ৰকাশ কৰা মতে  ঘোঁৰাটোৰ গৰাকীৰ বিৰুদ্ধেও এটা গোচৰ ৰুজু কৰা হৈছে। 

ইয়াৰ উপৰি পশুৰ প্ৰতি নিষ্ঠুৰতা আইনৰ অধীনত ১৪  টা পৃথক গোচৰ ৰুজু কৰা হৈছে।বলীউডৰ অভিনেত্ৰী ৰবীনা টণ্ডনেও ঘটনাটোক লৈ  মাত মাতিছে। তেওঁ ভিডিঅ'টো টুইট কৰি আৰু যুৱক দুজনক গ্ৰেপ্তাৰ কৰিবলৈ দাবী জনাইছে। ৰবীনাই ভিডিঅ'টোত উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰীক টেগ কৰি এনেদৰে লিখিছে-"আমি ধৰ্মীয় স্থানত ঘোঁৰাৰ ওপৰত এনে নিষ্ঠুৰতা বন্ধ কৰিব নোৱাৰোঁনে? এই লোকসকলে এনে কাম কৰি কেনে ধৰণৰ আনন্দ পায়?" 

FOLLOW US F
POPULAR
FEATURE
TRENDY
আজি মহা অষ্টমী, ঢাক–ঢোলৰ শব্দৰে মুখৰিত ৰাজ্যৰ আকাশ–বতাহ
আন্দামানৰ অগভীৰ অফশ্ব'ৰ ব্লকত অইলৰ প্ৰাকৃতিক গেছৰ সন্ধান
বি টি চিত চমক সৃষ্টি কৰি ৰাজ্যপাল, মুখ্যমন্ত্ৰীক সাক্ষাৎ হাগ্ৰামাৰ
শ্যামকানুৰ বিৰুদ্ধে নিজাববীয়া গোচৰ চি আই ডিৰ
শ্ৰী শ্ৰী উগ্ৰতাৰা দেৱালয়ত জুবিনলৈ ৰাজহুৱা শ্ৰদ্ধাঞ্জলি জ্ঞাপন
বেদনাবিহ্বল ৰাজ্যত দুর্গোৎসৱ
সোণাপুৰৰ জুবিনৰ সমাধিথলীত আজিও অব্যাহত আছে জনস্ৰোত
জুবিনৰ ৰহস্যজনক মৃত্যু! গুৱাহাটী উচ্চ ন্যায়ালয়ত ৰাজহুৱা স্বাৰ্থ জড়িত আবেদন দাখিল
ইতিহাস হ'ল জুবিন
শেষকৃত্যথলীত উদ্ভাসিত সমন্বয়ৰ ছবি, জাতীয় বস্ত্ৰৰে জুবিন গাৰ্গক শ্রদ্ধাঞ্জলি
মৰাণৰ পিছত এইবাৰ ৰাজপথ কঁপাব মটকে, জনজাতিকৰণৰ দাবীৰে ২৬ ছেপ্টেম্বৰত ৫০ হাজাৰ মটক ৰাইজে কঁপাব লাহোৱালৰ আকাশ বতাহ
জাঁজীৰ উৰণ সেতুত অংকন জুবিন গাৰ্গৰ প্ৰতিচ্ছবি, পাঁচগৰাকী শিল্পীয়ে ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত দেখুৱালে ব্যতিক্রমী কার্য
কাইলৈৰ পৰা পৰ্যটকৰ বাবে মুকলি হ'ব কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান
জুবিন গাৰ্গৰ ধন আত্মসাতৰ প্ৰমাণ মোৰ হাতত আছেঃ মানস ৰবীন