--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ উত্তৰাখণ্ডৰ  কেদাৰনাথ মন্দিৰলৈ যাত্ৰা কৰা  ঘোঁৰাক ভাং খুৱাই দিয়াৰ ঘটনাই এতিয়া তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।  আৰক্ষীয়ে ঘোঁৰাক বলপূৰ্বক ভাং  সেৱন কৰোৱাৰ ঘটনা সন্দৰ্ভত এখন এজাহাৰ পঞ্জীয়ন কৰিছে। অভিযুক্ত দুজনৰ সন্ধানো চলি আছে বুলি  আৰক্ষীয়ে প্ৰকাশ কৰিছে। কেইদিনমান আগতে কেদাৰনাথৰ এটা ভিডিঅ' পোহৰলৈ আহিছিল।

 ভিডিঅ'টোত দুজন যুৱকে  এটা ঘোঁৰাক বলপূৰ্বক ভাং  খুৱাই থকা দেখা গৈছিল। ঘোঁৰাটোৱে অস্বস্তি অনুভৱ কৰাৰ পিছতো তেওঁলোকে সেই কাম কৰি গৈছিল। ভিডিঅ'টো ভাইৰেল হোৱাৰ লগে লগে  পশুপ্ৰেমীসকলে অভিযুক্ত যুৱক দুজনৰ  বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবীত সৰব হৈ পৰে। 

যুৱক দুজনক গ্ৰেপ্তাৰ কৰাৰ দাবী জোৰদাৰ হৈ উঠাৰ সময়তে উত্তৰাখণ্ড আৰক্ষীয়ে অভিযান আৰম্ভ কৰিছে।   উত্তৰাখণ্ড আৰক্ষীয়ে অৱশেষত এই সন্দৰ্ভত এটা গোচৰ ৰুজু কৰিছে। আৰক্ষীয়ে কৈছে  যে অভিযুক্তক  সোনকালেই গ্ৰেপ্তাৰ কৰা হ'ব। ৰুদ্ৰপ্ৰয়াগ আৰক্ষীৰ সূত্ৰই প্ৰকাশ কৰা মতে  ঘোঁৰাটোৰ গৰাকীৰ বিৰুদ্ধেও এটা গোচৰ ৰুজু কৰা হৈছে। 

ইয়াৰ উপৰি পশুৰ প্ৰতি নিষ্ঠুৰতা আইনৰ অধীনত ১৪  টা পৃথক গোচৰ ৰুজু কৰা হৈছে।বলীউডৰ অভিনেত্ৰী ৰবীনা টণ্ডনেও ঘটনাটোক লৈ  মাত মাতিছে। তেওঁ ভিডিঅ'টো টুইট কৰি আৰু যুৱক দুজনক গ্ৰেপ্তাৰ কৰিবলৈ দাবী জনাইছে। ৰবীনাই ভিডিঅ'টোত উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰীক টেগ কৰি এনেদৰে লিখিছে-"আমি ধৰ্মীয় স্থানত ঘোঁৰাৰ ওপৰত এনে নিষ্ঠুৰতা বন্ধ কৰিব নোৱাৰোঁনে? এই লোকসকলে এনে কাম কৰি কেনে ধৰণৰ আনন্দ পায়?" 

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস