--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ উত্তৰ প্ৰদেশ শিক্ষা সংসদত চলোৱা হৈছে ব্যাপক সালসলনি৷ উত্তৰ প্ৰদেশৰ ব’ৰ্ডে ঘোষণা কৰিছে যে জুলাই মাহৰ নতুন অধিবেশনৰ পৰা আৰম্ভ কৰি নৱম-দ্বাদশ শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীয়ে ভাৰতৰ ৫০ গৰাকী মহান ব্যক্তিৰ জীৱন আৰু কৃতিত্বৰ বিষয়ে জানিব পাৰিব। ব’ৰ্ডে নিজৰ পাঠ্যক্ৰমত বিনায়ক দামোদৰ সাৱাৰকাৰ আৰু পণ্ডিত দীন দয়াল উপাধ্যায়কে ধৰি বিশিষ্ট ব্যক্তিৰ জীৱনী সন্নিবিষ্ট কৰিছে। কিন্তু ভাৰতৰ ৫০ জন মহান ব্যক্তিৰ তালিকাৰ পৰা পণ্ডিত জৱাহৰলাল নেহৰুৰ জীৱনী বাদ পৰা বুলি হিন্দুস্তান টাইমছৰ এক প্ৰতিবেদনত উল্লেখ কৰা হৈছে।

নেহৰুৰ জীৱনীখন বাদ দিয়াৰ পক্ষ লওঁতে মাধ্যমিক শিক্ষামন্ত্ৰী গুলাব দেৱীয়ে কয় যে, "নেহৰুৱে দেশৰ বাবে সৰ্বোচ্চ ত্যাগ কৰা নাছিল।সেয়েহে তেওঁক মহান ব্যক্তিৰ ৫০ খন জীৱনীৰ তালিকাত অন্তৰ্ভুক্ত কৰা হোৱা নাছিল।"

সাৱৰকাৰক অন্তৰ্ভুক্ত কৰাৰ বিষয়ে কোৱাৰ সময়ত মন্ত্ৰীগৰাকীয়ে কয় যে আমি আমাৰ ল’ৰা-ছোৱালীক ভাৰতৰ মহান ব্যক্তিত্বৰ জীৱন আৰু সময়ৰ বিষয়ে সজাগ কৰাৰ পৰিৱৰ্তে সন্ত্ৰাসবাদীৰ বিষয়ে কোৱাৰ কথা নেকি?ইয়াৰ উপৰিও পাঠ্যক্ৰমত মহাবীৰ জৈন, ভাৰত ৰত্ন মদন মোহন মালব্য, ৰাজা ৰাম মোহন ৰায়, সৰোজিনী নাইডু, নানা চাহেব আদিৰ জীৱনীও সন্নিবিষ্ট হ’ব।

মহাপুৰুষ আৰু স্বাধীনতা সংগ্ৰামীসকলৰ জীৱন কাহিনীক পাঠ্যক্ৰমত অন্তৰ্ভুক্ত কৰাৰ সিদ্ধান্ত ২০২২ চনৰ বিধানসভা নিৰ্বাচনৰ বাবে মুকলি কৰা ভাৰতীয় জনতা পাৰ্টিৰ লোক কল্যাণ সংকল্প পাত্ৰৰ অংশ আছিল।ইউ পি ব’ৰ্ডৰ ভিতৰত দীৰ্ঘদিনীয়া প্ৰক্ৰিয়াৰ অন্তত মহান ব্যক্তিসকলৰ নাম চূড়ান্ত কৰা হৈছিল বুলি এজন বিষয়াই কয়।

নৱম শ্ৰেণীত ছাত্ৰ-ছাত্ৰীসকলে চন্দ্ৰশেখৰ আজাদ, বীৰছা মুণ্ডা, বেগম হজৰত মহল, বীৰ কুঁৱৰ সিং, ঈশ্বৰচন্দ্ৰ বিদ্যাসাগৰ, গৌতম বুদ্ধ, জ্যোতিবাঈ ফুলে, ছাত্ৰপতি শিৱাজী, বিনায়ক দামোদৰ সাৱাৰকাৰ, বিনোবা ভাৱে, শ্ৰীনিবাস ৰামানুজন আৰু জগদীশ চন্দ্ৰ বসুৰ জীৱনী অধ্যয়ন কৰিব।দশম মানত ছাত্ৰ-ছাত্ৰীসকলে মংগল পাণ্ডে, ৰোছন সিং, সুখদেৱ, লোকমান্য তিলক, গোপাল কৃষ্ণ গোখলে, মহাত্মা গান্ধী, খুদি ৰাম বসু আৰু স্বামী বিবেকানন্দৰ বিষয়ে জানিব পাৰিব।

ইউ পি ব’ৰ্ডত ৰাম প্ৰসাদ বিছমল, ভগত সিং, ভীমৰাও আম্বেদকাৰ, চৰ্দাৰ বল্লভভাই পেটেল, পণ্ডিত. দীন দয়াল উপাধ্যায়, মহাবীৰ জৈন, মদন মোহন মালব্য, অৰবিন্দ ঘোষ, ৰাজা ৰামমোহন ৰায়, সৰোজিনী নাইডু, নানা চাহেব, মহৰ্ষি পতঞ্জলি, অস্ত্ৰোপচাৰ বিশেষজ্ঞ সুশ্ৰুত আৰু হোমী জেহাংগীৰ ভাবাই একাদশ শ্ৰেণীত অধ্যয়ন কৰিব ।

তদুপৰি দ্বাদশ শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলে ৰামকৃষ্ণ পৰমহংস, গণেশ শংকৰ বিদ্যাৰ্থী, ৰাজগুৰু, ৰবীন্দ্ৰনাথ ঠাকুৰ, লাল বাহাদুৰ শাস্ত্ৰী, ৰাণী লক্ষ্মীবাঈ, মহাৰাণা প্ৰতাপ, বংকিম চন্দ্ৰ চেটাৰ্জী, আদি শংকৰাচাৰ্য, গুৰু নানক দেৱ, এ পি জে আব্দুল কালাম, ৰামানুজাচাৰ্য্য, পানীনি, আৰ্যভট্ট আৰু চি ভি ৰমনৰ বিষয়ে অধ্যয়ন কৰিব ৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস