--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ইউক্ৰেইনৰ ভূমিত ৰাছিয়াৰ সামৰিক অভিযানে তিনিটা সপ্তাহ অতিক্ৰম কৰিলে। প্ৰচুৰ ক্ষতিৰ সন্মুখীন হৈছে দুয়োখন দেশ। ইউক্ৰেইনত এই ক্ষতি হৈছে ব্যাপক আৰু প্ৰত্যক্ষ। কিন্তু ক্ষতিগ্ৰস্ত হৈছে ৰাছিয়াও। অপ্ৰত্যাশিত দৃঢ়তাৰে ৰুছ সৈন্যক প্ৰতিহত কৰি গৈছে ইউক্ৰেইনে। ২৫ দিন অতিক্ৰম কৰাৰ পাছতো ইউক্ৰেইনৰ ৰাজধানী চহৰ কিয়েভ দখল কৰিব পৰা নাই ৰাছিয়াই। যিটো আছিল তেওঁলোকৰ মূল লক্ষ্য। সীমিত সা-সুবিধাৰেই বিশাল ৰুছ বাহিনীক প্ৰতিহত কৰাৰ এই দৃঢ়তাৰ আঁৰত আছে এগৰাকী ব্যক্তি। তেওঁ হৈছে ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভ’ল’ডিমিৰ জেলেনস্কী।  কোনো পৰিস্থিতিতে নিজ দেশ এৰি নাযাবলৈ দৃঢ় সংকল্প গ্ৰহণ কৰা জেলেনস্কীয়ে যুদ্ধত ব্যাপক ক্ষতিৰ সন্মুখীন হৈছে হয় কিন্তু অতুলনীয় দৃঢ়তা, মনোবল আৰু দেশপ্ৰেমেৰে তেওঁ বিশ্ববাসীৰ অন্তৰ জয় কৰিবলৈ সক্ষম হৈছে। বিশ্বৰ অগনিত লোকৰ মনত তেওঁ হৈ পৰিছে হীৰ’। ইউক্ৰেইনৰ ৰাষ্ট্ৰপতিক শান্তিৰ নবেল বঁটা প্ৰদান কৰা উচিত। ইউৰোপৰ শীৰ্ষ ৰাষ্ট্ৰপ্ৰধানসকলে দৃঢ়ভাৱে এই অনুৰোধ কৰিছে। তেওঁলোকে আনকি ভ’ল’ডিমিৰ জেলেনস্কীক ‘যুদ্ধকালীন নায়ক’ - বুলিও উল্লেখ কৰে। ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভ’ল’ডিমিৰ জেলেনস্কীক ২০২২ চনৰ শান্তিৰ নবেল বঁটাৰ বাবে মনোনীত কৰা হওক। ইয়াৰ বাবে, মনোনয়নৰ ম্যাদও বৃদ্ধি কৰিব লাগে। নবেল বঁটা মনোনয়নৰ সময়সীমা ৩১মাৰ্চলৈ বৃদ্ধি কৰিবলৈ অনুৰোধ কৰা হৈছে। ইউৰোপৰ ৰাজনৈতিক আৰু বৌদ্ধিক চক্ৰৰ হৈ নবেল কমিটীলৈ প্ৰেৰণ কৰা বাৰ্তাত, এই বছৰৰ নবেল বঁটাৰ বাবে মনোনয়নৰ ম্যাদ বৃদ্ধি কৰিবলৈ নবেল কমিটীলৈ অনুৰোধ জনাইছে। এই বছৰৰ শান্তিৰ নবেল বঁটা ৩ৰ পৰা ১০ অক্টোবৰলৈ প্ৰদান কৰা হ’ব। ২০২২ চনৰ শান্তিৰ নবেল বঁটাৰ বাবে মুঠ ২৯১ জন ব্যক্তি আৰু ৯২ টা সংগঠনৰ নাম উল্লেখ কৰা হৈছে। ২০১৯ত, ৪৪ বছৰীয়া জেলেনস্কীয়ে ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি পদৰ বাবে প্ৰতিদ্বন্দ্বিতা কৰিছিল। তেওঁ বিশাল জনসমৰ্থনৰ সৈতে ৰাষ্ট্ৰপতি পদত বহিছিল। কিন্তু তাৰ আগতে, জেলেনস্কী এজন অভিনেতা হিচাপে সমগ্ৰ দেশৰ মাজত জনপ্ৰিয় হৈ পৰিছিল। কাকতালীয়ভাৱে, তেওঁ খ্যাতি অৰ্জন কৰা কমেডী শ্ব’টোত জেলেনস্কীয়ে ৰাষ্ট্ৰপতিৰ চৰিত্ৰত অভিনয় কৰিছিল। এসময়ৰ কমেডী অভিনেতাজন এতিয়া যুদ্ধবিধ্বস্ত দেশৰখনৰ মুখ্য ভূমিকাত আছে। কিন্তু চেলুলইডত তেওঁক কেতিয়াও যুদ্ধৰ সৈনিকৰ ভূমিকাত দেখা পোৱা নাছিল। কিন্তু বাস্তৱত সেয়াও হ’ল, জেলেনস্কীক সামৰিক পোছাক পিন্ধি ৱাৰজোনত উপস্থিত হোৱাও দেখা গৈছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
চৌদিশে দুর্গোৎসৱৰ প্রস্তুতি, ব্যস্ততা বাঢ়িছে খনিকৰৰ
শোণিতপুৰত মৰ্মান্তিক দুৰ্ঘটনা; জিয়াভৰলী নৈৰ চাপৰিত ট্ৰেক্টৰ বাগৰি মৃত্যু পিতা-পুত্ৰৰ
বিশ্বৰ ভিতৰত চতুৰ্থ ভাৰ: AI চালিত কৃত্রিম উপগ্রহ মহাকাশলৈ সফলতাৰে উৎক্ষেপণ
সাহসী পাইলট স্মিত মাচ্চাৰৰ প্ৰশংসাত পঞ্চমুখ ছলমান খান
ৰঙিয়াৰ দশম শ্ৰেণীৰ ছাত্ৰী তানাজ শইকীয়ালৈ ‘লেগেচি অৱ লিটাৰেচাৰ এৱাৰ্ড’
হাইলাকান্দিত পুনৰ জব্দ ৬০ লাখ টকাৰ য়াবা টেবলেট; দুজনক গ্ৰেপ্তাৰ
অৰুণাচলৰ বনভূমিত কাটিব ১.৩৫ লাখ গছ
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
প্রিপেইড ম’বাইল গ্রাহকে পাব মাহিলি ৩০ দিনৰ ৰিচাৰ্জৰ সুবিধা