--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ক্ৰমে জমি উঠিছে ৭৭ সংখ্যক  কান চলচ্চিত্ৰ মহোৎসৱ। মহোৎসৱৰ  দ্বিতীয় দিনা বলীউডৰ বচ্চন পৰিয়ালৰ বোৱাৰী  ঐশ্বৰ্য ৰায় বচ্চনে ৰেড কাৰ্পেটত সম্মোহনী যাদু দেখুৱাবলৈ সক্ষম হয়। তেওঁ ভঙা হাতেৰেই ৰেড কাৰ্পেটত খোজ পেলায় ।   পঞ্চাশ বছৰ বয়স অতিক্ৰম কৰা ঐশ্বৰ্য ৰায় বচ্চনৰ শৰীৰত পিছে নাই বয়সৰ কোনো ছাপ। ঐশ্বৰ্যই ফাল্গুনী শ্বেন পিককে  ডিজাইন কৰা এটা ক'লা গাউন পৰিধান কৰি  কানৰ ৰেড কাৰ্পেটত খোজ পেলায়।  

অৱশ্যে, অভিষেক বচ্চনক  তেওঁৰ পত্নীৰ কাষত দেখা পোৱা নগ’ল। প্ৰতি বছৰে কান চলচ্চিত্ৰ মহোৎসৱত ঐশ্বৰ্য ৰায় বচ্চনে উপস্থিত থাকেই । এইবাৰ তেওঁৰ এখন  হাত ভাঙিছে। তথাপি ভঙা হাতেৰেই তেওঁ কান চলচ্চিত্ৰ মহোৎসৱলৈ গৈছে। ঐশ্বৰ্যই  তেওঁৰ  প্লাষ্টাৰ কৰা  হাত খন আনকি ঢাকিও লোৱা নাছিল।  তেওঁ ২০ বছৰৰো অধিক কাল ধৰি একেৰাহে  কান চলচ্চিত্ৰ মহোৎসৱত অংশগ্ৰহণ কৰি আহিছে।  ঐশ্বৰ্য ৰায় বচ্চনক বুধবাৰে নিশা মুম্বাই বিমানবন্দৰত তেওঁৰ কন্যা আৰাধ্যাৰ সৈতে দেখা গৈছিল। কানলৈ যোৱাৰ বাবেই তেওঁলোক বিমান বন্দৰলৈ আহিছিল। কানৰ ৰেড কাৰ্পেটত  ভঙা হাতেৰে  ঐশ্বৰ্য ৰায় বচ্চনে খো পেলৱা  ছবিবোৰে অনুৰাগীসকলৰমাজত আলোড়ণৰ সৃষ্টি কৰিছে। শেহতীয়াকৈ বচ্চন পৰিয়ালত যথেষ্ট অস্থিৰতাই বিৰাজ কৰাৰ খবৰ বিয়পি পৰিছে।  
  
 
 
 
 
View this post on Instagram
 
 
 
 
 
 
 
 
 
 
 

A post shared by Film fare (@filmfare)




প্ৰায় প্ৰতিদিনেই, অভিষেক-ঐশ্বৰ্যৰ  বিয়া ভঙাৰ সম্ভাৱনাৰ খবৰে বলীউড গৰম কৰি ৰাখিছে।   অৱশ্যে, ঐশ্বৰ্য ৰায় বচ্চনে  এনে খবৰকলৈ একো মন্তব্য কৰা নাই।  ঐশ্বৰ্যই মাথো কৈ আহিছে যে তেওঁ এনে উৰাবাতৰিবোৰক  একেবাৰে গুৰুত্ব নিদিয়ে। কিন্তু কান চলচ্চিত্ৰ মহোৎসৱত ঐশ্বৰ্য ৰায় বচ্চনে কন্যাকলৈ  উৰা মৰাৰ কথাই বহুতকে আচৰিত কৰি তুলিছে।  ভঙা হাতেৰে কানলৈ যোৱা ঐশ্বৰ্য ৰায় বচ্চনৰ কাষত বহুতেই অভিষেকক বিচাৰিছিল। 


FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু